ডোহাত সংঘটিত আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কাটাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব উলংঘাক গৰিহণা দিয়ে
আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো সমস্যাৰ সমাধানৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে , লগতে উত্তেজনা প্ৰশমনৰো আহ্বান
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতিৰ বিষয়ত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে
দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ নিহিত হৈ থকা সকলো ক্ষেত্ৰতে ভাৰত-কাটাৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ ব্যক্ত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমিৰ মহামহিম শ্বেখ তামিম বিন হামাদ আল-থানীৰ সৈতে এক  টেলিফোনিক বাৰ্তালাপ কৰে।

 

ডোহাত সংঘটিত হোৱা আক্ৰমণক লৈ প্ৰধানমন্ত্ৰীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে  কাটাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব উলংঘাক গৰিহণা দিয়ে। গাজাত যুদ্ধবিৰতি তথা  সকলো পণবন্দীক মুক্তিৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণকে ধৰি আঞ্চলিক শান্তি আৰু স্থিতিশীলতাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত কাটাৰে গ্ৰহণ কৰা ভূমিকাৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়।

 

প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো সমস্যাৰ সমাধানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু  উত্তেজনা বৃদ্ধিৰ পৰা আঁতৰি থকাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে ভাৰতে অঞ্চলটোত শান্তি তথা  স্থিতিশীলতাৰ সমৰ্থনত দৃঢ়তাৰে থিয় দিয়াৰ লগতে সন্ত্ৰাসবাদৰ সকলো ৰূপ তথা প্ৰকাশৰ বিৰুদ্ধে একে স্থিতি গ্ৰহণ কৰিছে।

কটাৰৰ জনসাধাৰণ আৰু কাটাৰ ৰাষ্ট্ৰৰ সৈতে সহমৰ্মিতা  প্ৰকাশ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে শ্বেখ তামিমে।

 

ভাৰত-কাটাৰ কৌশলগত অংশীদাৰিত্বৰ ধাৰাবাহিক অগ্ৰগতিৰ বিষয়ত  সন্তুষ্টি প্ৰকাশ কৰি দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ নিহিত  সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰবাৰ প্ৰকাশ কৰে।

 

দুয়োগৰাকী নেতাই পৰৱৰ্তী সময়ত ঘনিষ্ঠ যোগাযোগত থাকিবলৈ সন্মত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength