PM Modi to inaugurate the Dr. Ambedkar National Memorial at 26, Alipur Road in Delhi on 13 April

ড০ বাবাচাহেব আম্বেদকাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে নতুন দিল্লীৰ ২৬, আলিপুৰ ৰোডত কাইলৈ অৰ্থাৎ ১৩ এপ্ৰিলত ড০ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধৰ উদ্বোধন কৰিব প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।

এই বিশেষ স্থানতে ড০ আম্বেদকাৰে ১৯৫৬ চনৰ ৬ ডিচেম্বৰত মহাপৰিনির্বাণ লাভ কৰিছিল।

২০০৩ৰ ডিচেম্বৰত তদানীন্তন প্রধানমন্ত্রী শ্রী অটল বিহাৰী বাজপেয়ীয়ে ২৬, আলিপুৰ ৰোডৰ ড০ আম্বেদকাৰ মহাপৰিনির্বাণ স্থানটি দেশবাসীৰ উদ্দেশ্যে উচর্গা কৰিছিল। পাছত, ২০১৬ৰ ২১ মার্চত প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীয়ে সেই স্থানত ড০ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধ নির্মাণৰ আধাৰশিলা স্থাপন কৰে।

ভাৰতীয় সংবিধানৰ প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ এই স্মৃতিসৌধক এখন গ্রন্থৰ আকাৰত নির্মাণ কৰা হৈছে। ইয়াত আছে এক বিশেষ সংগ্রহালয় য’ত স্থিৰচিত্র, চলচ্চিত্র, দৃশ্য-শ্ৰাব্য মাধ্যম আৰু মাল্টি-মিডিয়া প্রযুক্তিৰ সহায়ত ড০ আম্বেদকাৰৰ জীৱন আৰু তেওঁৰ অৱদানক সুন্দৰভাৱে প্ৰতিফলিত কৰি তোলা হৈছে।

স্মৃতিসৌধৰ মাজভাগত এটি ধ্যানকক্ষও আছে। তদুপৰি, অন্যান্য উপাদান তথা আকর্ষণীয় স্থানসমূহৰ ভিতৰত তোৰণ দ্বাৰ, এজোপা বোদ্ধি বৃক্ষ, এটি সাঙ্গীতিক ফোঁৱৰা, আলোকসজ্জা ইত্যাদি উল্লেখ্যযোগ্য।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India