প্ৰধানমন্ত্ৰীলে কাইলৈ অৰ্থাৎ ১২ নৱেম্বৰ ২০১৮ তাৰিখে বাৰাণসীত ৩৪ কিলোমিটাৰ দৈৰ্ঘৰ আৰু সৰ্বমুঠ ১৫৭১.৯৫ কোটি টকা ব্যয়ৰ দুটা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব৷ তেওঁক সংগ প্ৰদান কৰিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, জাহাজ পৰিবহণ, জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ এই কাৰ্যসূচী উত্তৰ প্ৰদেশৰ বাৰাণসীৰ হাৰডুৱাৰ ৰিং পথ তিৰাহাত সন্ধিয়া সময়ত অনুষ্ঠিত হ’ব৷

১৬.৫৫ কিলোমিটাৰৰ ৰিং পথৰ প্ৰথম পৰ্যায় ৭৫৯.৩৭ কোটি টকাত সম্পন্ন হৈছে৷ আনহাতে ৫৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৭.২৫ কিলোমিটাৰৰ ববতপুৰ-বাৰাণসী পথৰ চাৰিটা পথযুক্ত ঘাইপথৰ কাম ৮১২.৫৯ কোটি টকাত সম্পন্ন হৈছে৷

ববতপুৰ বিমানবন্দৰ ঘাইপথে এতিয়া বাৰাণসীক বিমানবন্দৰৰ সৈতে সংযোজিত কৰিব আৰু ইয়াৰ পৰা জৌনপুৰ, ছুলতানপুৰ আৰু লক্ষ্ণৌলৈ যাব পৰা হ’ব৷ তাৰনাত এখন আৰঅ’বি আৰু হাৰহুৱাত নিৰ্মাণ কৰা উৰণীয়া সেতুৰ সৈতে এই পথটোৱে বাৰাণসীৰ পৰা বিমানবন্দৰলৈ যোৱাৰ বাবে প্ৰয়োজন হোৱা সময় হ্ৰাস কৰিব৷ ইয়াৰ জৰিয়তে বাৰাণসীবাসীয়ে এক বৃহৎ সকাহ পোৱাৰ লগতে পৰ্যটকসকলেও এই চহৰলৈ অহাত সুবিধা লাভ কৰিব৷

দুখন আৰঅ’বি আৰু এখন উৰণীয়া সেতুযুক্ত এই ৰিং পথটোৱে বাৰাণসী চহৰত নোসোমোৱাকৈয়ে ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথ (লক্ষ্ণৌ-বাৰাণসী), ২৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (আজমগড়-বাৰাণসী), ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (গোৰখপুৰ-বাৰাণসী) আৰু অযোধ্য-বাৰাণসী ঘাইপথৰ ট্ৰেফিক ভালেখিনি হ্ৰাস কৰিব৷ ই ভ্ৰমণ সময় হ্ৰাস কৰাৰ লগতে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি অঞ্চলটোত প্ৰদূষণৰ মাত্ৰাও কম কৰিব৷ ৰিং পথটোৱে বৌদ্ধ তীৰ্থযাত্ৰীৰ এক প্ৰধান স্থলী সাৰনাথলৈ সহজে যোৱাতো সহায় কৰিব৷

এই প্ৰকল্পটোৰ জৰিয়তে ক্ষুদ্ৰ আৰু লঘূ উদ্যোগ স্থাপনৰ দ্বাৰা নিয়োজনৰ সুবিধাও বৃদ্ধি হ’ব তথা অঞ্চলটোত অৰ্থনৈতিক উত্তৰণো হ’ব৷ শেহতীয়াকৈ ৬৩,৮৮৫ কোটি টকা ব্যয়ৰ ২৮৩৩ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পত বাৰাণসীক পূব উত্তৰ প্ৰদেশৰ অন্য স্থানসমূহৰ সৈতে সংযোগৰ পদক্ষেপো অন্তৰ্ভুক্ত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত গংগা নদীৰ অন্তৰ্দেশীয় জলপথ টাৰ্মিনেল সেৱাও ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব৷ এয়া হ’ল বিশ্ব বেংকৰ দ্বাৰা বিত্তপোষিত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ জল পথ বিকাশ প্ৰকল্পৰ অংশ হিচাপে এনডব্লিউ-১ (গংগা নদী)ত নিৰ্মিত চতুৰ্থ মাল্টি ম’ডেল টাৰ্মিনেলৰ প্ৰথমটো পদক্ষেপ৷ অন্য তিনিটা টাৰ্মিলেন চাহিবগঞ্জ, হালদিয়া আৰু গাজিপুৰত নিৰ্মীয়মান অৱস্থাত আছে৷ এই প্ৰকল্পটোৰ জৰিয়তে গংগা নদীত ১৫০০-২০০০ ডিডব্লিউটি সামৰ্থৰ সামগ্ৰীৰ বাণিজ্যিক পৰিবহণ সম্ভৱ হৈ উঠিব৷

তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে অন্তৰ্দেশীয় জলপথেৰে প্ৰেৰণ কৰা স্বাধীনতাৰ পিছত দেশৰ প্ৰথমটো কণ্টেইনাৰ কনছাইনমেণ্টটো লাভ কৰিব৷ উল্লেখ্য, এই খাদ্য আৰু পানীয়ৰ কনছাইনমেণ্টটো পেপছিক’ কোম্পানীয়ে অক্টোবৰ মাহৰ শেষৰ সপ্তাহত কলকাতাৰ পৰা প্ৰেৰণ কৰা হৈছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi