Along with Varanasi, the entire country is now witness to how next gen infrastructure can transform the means of transport: PM Modi
Inland waterway would save time and money, reduce congestion on roads, reduce the cost of fuel, and reduce vehicular pollution: PM Modi
Modern infrastructure has been built at a rapid pace in the last four years: PM Modi
Airports in remote areas, rail connectivity in parts of the Northeast, rural roads and highways have become a part of the Union Government's identity: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী ভ্ৰমণ কৰে৷

তেওঁ প্ৰায় ২৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইয়াক ৰাষ্ট্ৰলৈ উচৰ্গাও কৰে৷

তেওঁ গংগা নদীত অৱস্থিত মাল্টিমডেল টাৰ্মিনেলটো ৰাষ্ট্ৰলৈ উচৰ্গা কৰাৰ লগতে প্ৰথমটো কণ্টেইনাৰ কাৰ্গ’ক আদৰণি জনায়৷ তেওঁ বাৰাণসী ৰিং পথৰ প্ৰথম পৰ্যায় তথা ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ববতপুৰ–বাৰাণসী অংশৰ চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণ আৰু বিকাশ মুকলি কৰে৷ ইয়াৰোপৰি তেওঁ বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুকলিও কৰে৷

এখন বিশাল জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় য়ে আজিৰ দিনটো কাশীৰ বাবে, পূৰ্বাঞ্চলৰ বাবে,পূব ভাৰতৰ বাবে আৰু বিশেষকৈ সমগ্ৰ ভাৰতৰ বাবে এক ঐতিহাসিক দিন৷ তেওঁ কয় যে যি উন্নয়ন আজি সম্পন্ন হৈছে সেয়া দহ বছৰ পূৰ্বেই হ’ব লাগিছিল৷ তেওঁ কয় যে বাৰাণসীৰ সৈতে সমগ্ৰ দেশে এতিয়া পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিয়ে পৰিবহণৰ ৰূপ কিদৰে পৰিৱৰ্তন কৰিব পাৰে সেই ঘটনাৰ সাক্ষী হৈছে৷

বাৰাণসীত আহি উপস্থিত হোৱা প্ৰথমটো অন্তৰ্দেশীয় কণ্টেইনাৰ ভেছেলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই জলপথৰ জৰিয়তে এতিয়াৰে পৰা উত্তৰ প্ৰদেশৰ পূব অংশ বংগোপ সাগৰৰ সৈতে সংযোজিত হ’ল৷

তেওঁ আজি আধাৰশিলা স্থাপন কৰিবলগীয়া নমামি গংগেৰ সৈতে সম্বন্ধীয় বিভিন্ন প্ৰকল্প, পথৰ প্ৰকল্পৰ কথাও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে অন্তৰ্দেশীয় জলপথে সময় আৰু ধন ৰাহি কৰাৰ লগতে পথৰ ভিৰ তথা ইন্ধনৰ ব্যয় আৰু প্ৰদূষণ হ্ৰাস কৰিব বুলি মন্তব্য কৰে৷

তেওঁ কয় যে বাৰাণসীৰ সৈতে ববতপুৰ বিমানবন্দৰ সংযোগী পথটোৱে ভ্ৰমণৰ সুবিধা প্ৰদান কৰাৰ লগতে পৰ্যটককো আকৰ্ষণ কৰিবলৈ সমৰ্থ হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰিটা বৰ্ষত আধুনিক আন্তঃগাঁথনি তীব্ৰ গতিত নিৰ্মাণ কৰা হৈছে৷ তেওঁ কয় যে দুৰ্গম অঞ্চলত বিমানবন্দৰ স্থাপন, উত্তৰ পূৰ্বাঞ্চললৈ ৰে’লৰ সংযোগ, গ্ৰামীণ পথ তথা ঘাইপথসমূহ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এক পৰিচয় হিচাপে বিবেচিত হৈছে৷

 
 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰিটা বৰ্ষত আধুনিক আন্তঃগাঁথনি তীব্ৰ গতিত নিৰ্মাণ কৰা হৈছে৷ তেওঁ কয় যে দুৰ্গম অঞ্চলত বিমানবন্দৰ স্থাপন, উত্তৰ পূৰ্বাঞ্চললৈ ৰে’লৰ সংযোগ, গ্ৰামীণ পথ তথা ঘাইপথসমূহ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এক পৰিচয় হিচাপে বিবেচিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নমামি গংগেৰ অধীনত প্ৰকল্পসমূহৰ বাবে ২৩,০০০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে৷ গংগা নদীৰ পাৰত অৱস্থিত প্ৰাস সকলোবোৰ গাঁও এতিয়া মুক্ত স্থানত কৰা মলত্যাগৰ অভ্যাসৰ পৰা মুক্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই প্ৰকল্পসমূহ কেন্দ্ৰ চৰকাৰে গংগা নদী পৰিষ্কাৰকৰণৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ এক অংশ৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Members of the Governing Body of Shri Ram College of Commerce meets the Prime Minister
April 25, 2026

A delegation comprising members of the Governing Body of Shri Ram College of Commerce, met the Prime Minister, Shri Narendra Modi, today. Shri Modi noted that this year marks the centenary of the institution, a significant milestone in its illustrious journey of academic excellence and nation-building. He lauded the college’s long-standing contribution to higher education and its role in nurturing generations of leaders across diverse fields.

On the occasion, a commemorative stamp marking the centenary year of Shri Ram College of Commerce was also released.

The Prime Minister posted on X:

"Met a delegation consisting of the Governing Body of the Shri Ram College of Commerce, one of India’s most reputed educational institutions. This year, we are marking the centenary of this institution. A commemorative stamp was released too. My best wishes to this institution."