Himachal Pradesh, as a land of spirituality and bravery: PM Modi
Government is focusing on next-generation infrastructure in Himachal Pradesh. Projects related to highways, railways, power, solar energy and petroleum sector, are underway in the state: PM Modi
Those in habit of looting money now afraid of 'Chowkidar': PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ধৰমশালাত আজি জন আভাৰ ৰেলী সম্বোধন কৰে।

মঞ্চত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে চৰকাৰী আঁচনিক লৈ আয়োজিত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে। তেওঁ বিভিন্ন আঁচনিৰ উপভোক্তাৰ সৈতেও মতবিনিময় কৰে।

জনসভাক সম্বোধন কৰি তেওঁ আধ্যাত্মিকতা আৰু সাহসিকতাৰ ভূমি হিমাচল প্ৰদেশ ৰাজ্যক প্ৰশংসা কৰে।

তেওঁ কয় যে ৰাজ্যখনৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ এক বিশেষ সম্পৰ্ক আছে। বিগত এবছৰত বিভিন্ন আঁচনিৰ মাধ্যমেৰে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হোৱাৰ বাবে হিমাচল প্ৰদেশ চৰকাৰক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলৱে, বিদ্যুত, সৌৰ শক্তি আৰু পেট্ৰোলিয়াম খণ্ডৰ সৈতে জড়িত প্ৰকল্পসমূহৰ কাম ৰাজ্যখনত অব্যাহত আছে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ সম্ভাৱনা সন্দৰ্ভত উল্লেখ কৰে। তেওঁ কয় যে ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যা ২০১৩ত ৭০ লাখ আছিল আৰু ২০১৭ত এই সংখ্যা ১ কোটিলৈ বৃদ্ধি হৈছে। একেদৰে ভাৰতত ২০১৩ত অনুমোদিত হোটেলৰ সংখ্যা আছিল প্ৰায় ১২০০খন। এতিয়া ই ১৮০০খনলৈ বৃদ্ধি হৈছে।

প্ৰধানমন্ত্ৰীয়ে যোৱা ৪০ বছৰ ধৰি আমাৰ প্ৰাক্তন সেনা-বিষয়াসকলে এক পদবী, এক পেঞ্চনৰ বাবে যুঁজ দি আছিল। কিন্তু তেওঁৰ নেতৃত্বত এনডিএ চৰকাৰে যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিলে, তেতিয়াই এই সমস্যাৰ সমাধান ওলাল। প্ৰাক্তন সেনা-বিষয়াৰ কল্যাণৰ বাবে আমি এক পদবী, এক পেঞ্চন আঁচনি ৰূপায়ন কৰিলো।

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাৰ ক্ষেত্ৰত আগবঢ়োৱা নিদৰ্শনৰ বাবে হিমাচল প্ৰদেশৰ জনসাধৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে স্বচ্ছতাক সংস্কাৰ হিচাপে গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়ে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনকো উদগণি যোগাব।

 

 

কেন্দ্ৰীয় চৰকাৰে কিদৰে দুৰ্নীতি নাশ কৰিছে, সেয়াও প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ সন্মুখত ব্যাখ্যা কৰে। তেওঁ কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে দুৰ্নীতি হ্ৰাস কৰা হৈছে আৰু প্ৰায় ৯০,০০০ কোটি টকা ৰাহি কৰা হৈছে।

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi

Media Coverage

'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুলাই 2026
July 15, 2026

Rooted in Tradition, Built for Tomorrow: PM Modi’s Blueprint for a Developed India