প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰে কৃষিক্ষেত্ৰক উজ্জীৱিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ কৃষকসকলৰ উৎপাদন বৃদ্ধি, তেওঁলোকৰ সুৰক্ষা তথা উপাৰ্জন বৃদ্ধিৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰা হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ভিতৰত কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে বহুভিত্তিক আঁচনি প্ৰণয়ন কৰিছে৷ বীজৰ পৰা আৰম্ভ কৰি শস্য বজাৰত উপলব্ধ হোৱালৈ কৃষি চক্ৰৰ বিভিন্ন সংশোধনমূলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ তাৰোপৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি হোৱা বাবে সমান্তৰালভাৱে অন্য কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে৷
এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে এনডিএ চৰকাৰৰ অধীনত কৃষিখণ্ড তথা কৃষকসকলৰ উন্নয়নৰ বাবে অভিলেখসংখ্যক বাজেট আৱণ্টন কৰা হৈছে৷ পূৰ্বৰ চৰকাৰৰ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ আৱণ্টন কৰা ১,২১,০৮২ কোটি টকাৰ তুলনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ২০১৪-১৯ বৰ্ষৰ সময়চোৱাত ২,১১,৬৯৪ কোটি টকা আৱণ্টন দিছে৷ এয়া প্ৰায় দুগুণ৷
উৎপাদনৰ সময়ত কৃষকসকলক সাহায্য
কৃষকসকলৰ উন্নত পৰিমাণৰ উৎপাদনত নিশ্চিতি প্ৰদান কৰাৰ বাবে শস্য চপোৱাৰ সময়ৰ কাৰ্যাৱলী সৱলীকৰণ কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ চৰকাৰে এইক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷
কৃষিত শস্যৰ স্বাস্থ্যক মৌলিকতা প্ৰদান কৰি এই চৰকাৰে ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ১৩ কোটিতকৈও অধিক ভূমি স্বাস্থ্য কাৰ্ড বিতৰণ কৰিছে৷ ভূমি স্বাস্থ্য কাৰ্ডে কৃষকসকলক তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে আৱশ্যকীয় পুষ্টি আৰু সাৰৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰে৷
সাৰ বিতৰণৰ ক্ষেত্ৰত উত্থাপিত হোৱা অভিযোগ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে৷ ইয়াৰ কাৰণটো হ’ল ইউৰিয়াৰ উৎপাদন বৃদ্ধি আৰু চৰকাৰৰ নতুন সাৰ কাৰখানা স্থাপনৰ পদক্ষেপ৷ যিহেতু চৰকাৰে ইউৰিয়াৰ ১০০% নীম কোটিঙৰ পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ দ্বাৰা কেৱল ভূমিৰ স্বাস্থ্য উত্তৰণ হোৱাই নহয়, সাৰসমূহৰ অন্য কামত প্ৰয়োগো বন্ধ হৈছে৷ বাকী ৰৈ যোৱা সাৰৰ সাহায্য প্ৰদান কৰাৰ বাবে ১০,০০০ কোটি টকাৰ এক বিশেষ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে৷
প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চন যোজনা ‘প্ৰতিটো টোপালত অধিক শস্য’ই জলসিঞ্চনৰ অধীনত ২৮.৫ লাখ হেক্টৰ ভূমি সামৰি লৈছে৷ প্ৰতিটো কৃষিক্ষেত্ৰত জলসিঞ্চন নিশ্চিত কৰাৰ বাবে ৫০,০০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে ৫,০০০ কোটি টকা আৱণ্টন দি কৃষকসকলক সৌৰ পাম্প স্থাপন কৰাত উদগনি জনোৱা হৈছে৷

কৃষকসকলৰ বাবে ঋণ
মোদী চৰকাৰে কৃষকসকলৰ সমস্যা সমধানৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু কৃষকসকলক মহাজনসকলৰ ঋণৰ হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ কৃষি ঋণৰ ব্যৱস্থা কৰিছে৷
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হ’ল চৰকাৰৰ দ্বাৰা প্ৰদান কৰা আটাইতকৈ বৃহৎ ক্ষতিশংকাৰ সুৰক্ষা৷
সুতৰ সাহায্য প্ৰদান আঁচনিৰ অধীনত হ্ৰস্বকালীন শস্যৰ বাবে ৩ লাখ টকা পৰ্যন্ত ঋণ ৭% সুত প্ৰতিবছৰৰ বাবে ধাৰ্য কৰিছে৷
কৃষকৰ উৎপাদনসমূহক বজাৰ প্ৰদান
শস্য চপোৱাৰ সময়ত চৰকাৰে কৃষকসকলৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেয়া হ’ল তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটো৷ ২০১৮ চনৰ জুলাই মাহত চৰকাৰে খাৰিফ শস্যৰ বাবে ব্যয়ৰ ১.৫ গুণ পৰ্যন্ত ঐতিহাসিক এমএছপি প্ৰণয়ন কৰে যাৰ দ্বাৰা কৃষকসকলে উৎপাদন ব্যয়ৰ ওপৰত ৫০% পৰ্যন্ত লাভ অৰ্জন কৰিব পাৰিব৷
ৰাষ্ট্ৰীয় কৃষি বজাৰ আঁচনি যি ই-নাম হিচাপেও পৰিচিত সেয়া ১৬ ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮৫খন বজাৰৰ সৈতে সংবদ্ধ কৰা হৈছে৷ ই-নামৰ জৰিয়তে ১৬৪.৫৩ লাখতকৈও অধিক কৃষিজাত সামগ্ৰীৰ লেনদেন কৰা হৈছে আৰু ৮৭ লাখতকৈও অধিক কৃষিত ইয়াত পঞ্জীভুক্ত হৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলে উচিত মূল্য লাভ কৰাৰ জৰিয়তে মধ্যভোগীৰ বিলোপ ঘটিছে৷
২২,০০০খন গ্ৰামীণ হাট গ্ৰামীণ কৃষি বজাৰলৈ ৰূপান্তৰিত কৰাৰ জৰিয়তে ৮৬% ক্ষুদ্ৰ কৃষক লাভান্বিত হৈছে৷
শীতলীকৰণ ভৱন আৰু শীতল শৃংখলত বৃহৎ বিনিয়োগ কৰা হৈছে যাতে শস্য চপোৱাৰ পিছত শস্যসমূহ নষ্ট হৈ নাযায় আৰু খাদ্য সংসাধনৰ জৰিয়তে মূল্য সংযোজন কৰাৰ ফলতো কৃষকসকল লাভান্বিত হৈছে৷
সহজে নষ্ট হৈ যোৱা খাদ্য সামগ্ৰী যেনে বিলাহী, আলু আৰু পিয়াজৰ মূল্য অস্থিৰতা প্ৰতিৰোধ কৰাৰ বাবে ‘অপাৰেচন গ্ৰীণ’ আঁচনি প্ৰণয়ন কৰা হৈছে৷

সম্বন্ধীয় ক্ষেত্ৰসমূহত গুৰুত্ব আৰোপ
পূৰ্বতে উনুকিয়াই অহা মতে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কৃষি সম্বন্ধীয় অন্যান্য ক্ষেত্ৰসমূহতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ মীনপালন, একুৱা কালচাৰ আৰু পশুপালনৰ আন্তঃগাঁথনি সৃষ্টিৰ বাবে ১০,০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে৷
মীনপালনৰ সংহত বিকাশ আৰু ব্যৱস্থাপনাত ৩০০০ কোটি টকা আৱণ্টন, ২০টা গোকুল গ্ৰামৰ স্থাপন আদি এইসমূহৰ উদাহৰণ৷
উৎপাদন বৃদ্ধি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃষি নীতি প্ৰণয়নে বিভিন্ন ধৰণে ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে৷ কৃষিজাত উৎপাদনে ২০১৭-১৮ বৰ্ষত ২৭৯.৫১ মিলিয়ন টনৰ শস্য উৎপাদনৰ অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে৷
মাহজাতীয় শস্যৰ বাফাৰ ষ্ট’ক ১.৫ লাখ টনৰ পৰা ২০ লাখ টনলৈ বৃদ্ধি হৈছে৷ দুগ্ধ উৎপাদন ২০১৩-১৪ বৰ্ষৰ তুলনাত ২০১৬-১৭ বৰ্ষত ১৮.৮১% বৃদ্ধি হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূলমন্ত্ৰ- বীজ সে বাজাৰ তকক সৰোগত কৰি চৰকাৰে কৃষিক্ষেত্ৰত সামূহিক বিকাশৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ উজ্বল ফলাফল আজি আমি দেখিবলৈ পাইছো৷




