মহামান্য ৰাষ্ট্ৰপতি মহোদয়া,

উপ-ৰাষ্ট্ৰপতি,

প্ৰধানমন্ত্ৰী,

নামিবিয়াৰ সন্মানীয় মন্ত্ৰীসকল,

বিশিষ্ট অতিথিসকল,


ৰাষ্ট্ৰপতিৰ পৰা নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা-"দা অৰ্ডাৰ অৱ দা মোষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ" লাভ কৰাটো মোৰ বাবে অপৰিসীম গৌৰৱ আৰু সন্মানৰ বিষয়।

 

মই ৰাষ্ট্ৰপতি, চৰকাৰ আৰু নামিবিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ১৪০ কোটি ভাৰতীয়ৰ তৰফৰ পৰা মই এই সন্মান নম্রভাৱে গ্ৰহণ কৰিছো।

বন্ধুসকল,

নামিবিয়াৰ "ৱেলৱিটচিয়া" উদ্ভিদ, যাৰ নামেৰে এই বঁটাৰ নামকৰণ কৰা হৈছে, ই কোনো সাধাৰণ উদ্ভিদ নহয়। এই উদ্ভিদ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দৰে, যিসকলে সময়ৰ পৰিবৰ্তন দেখিছে। ই নামিবিয়াৰ জনসাধাৰণৰ সংগ্ৰাম, সাহস আৰু সংস্কৃতিৰ প্ৰতীক। ই ভাৰত আৰু নামিবিয়াৰ মাজৰ অটুট বন্ধুত্বৰ সাক্ষী।

আজি মই ইয়াৰ সৈতে জড়িত হৈ অপৰিসীম গৌৰৱ অনুভৱ কৰিছো। নামিবিয়া আৰু ভাৰতৰ জনসাধাৰণৰ নিৰন্তৰ প্ৰগতি আৰু উন্নয়নৰ বাবে তথা আমাৰ অবিচ্ছেদ্য বন্ধুত্বৰ স্থায়ী শক্তিৰ বাবে মই এই বঁটা তেওঁলোকক উৎসৰ্গা কৰিছো।

বন্ধুসকল,

কেৱল আমাৰ কঠিন সময়তহে আমি উপলব্ধি কৰিব পাৰো যে আমাৰ প্ৰকৃত বন্ধু কোন। ভাৰত আৰু নামিবিয়াই স্বাধীনতা সংগ্ৰামৰ দিনৰে পৰাই পৰস্পৰক সমৰ্থন কৰি আহিছে। আমাৰ বন্ধুত্ব ৰাজনীতিৰ ওপৰত আধাৰিত নহয়, কিন্তু আমাৰ অংশীদাৰী সংগ্ৰাম, সহযোগিতা আৰু গভীৰ পাৰস্পৰিক বিশ্বাসৰ ওপৰত আধাৰিত।

 

অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধ আৰু এক উজ্জ্বল ভৱিষ্যতৰ উমৈহতীয়া সপোনৰ দ্বাৰা আমাৰ সম্পৰ্ক শক্তিশালী হৈছে। সমাগত সময়ত আমি উন্নয়নৰ পথত একেলগে আগবাঢ়ি যাম।

বন্ধুসকল,

নামিবিয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ হীৰা উৎপাদকসকলৰ ভিতৰত অন্যতম। ভাৰতত সৰ্ববৃহৎ হীৰা পলিছিং উদ্যোগ আছে-সেয়াও মোৰ গৃহ ৰাজ্য গুজৰাটত! মই আত্মবিশ্বাসী যে ভৱিষ্যতে আমাৰ অংশীদাৰীত্ব এই হীৰাৰ দৰেই উজ্জ্বল হ'ব।

গতিকে আহক আমি একেলগে ৰাষ্ট্ৰপতিগৰাকীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে, নামিবিয়াৰ জনসাধাৰণৰ সুখ আৰু সমৃদ্ধিৰ বাবে তথা ভাৰত আৰু নামিবিয়াৰ মাজত দীৰ্ঘস্থায়ী বন্ধুত্বৰ বাবে শুভেচ্ছা জনাও।

ধন্যবাদ

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi