প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাৰ লোহিত নদীত কালাই-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপিনিৰ্মাণৰ বাবে ১৪,১০৫.৮৩ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭৮ মাহ।

১২০০ মেগাৱাট (৬ x ১৯০ মেগাৱাট আৰু ১ x ৬০ মেগাৱাট) স্থাপিত ক্ষমতাৰ এই প্ৰকল্পটোৱে বছৰি ৪৮৫২.৯৫  এমইউ শক্তি উৎপাদন কৰিব বুলি আশা কৰা হৈছে। লোহিত অৱবাহিকাৰ প্ৰথম জলবিদ্যুৎ প্ৰকল্প হিচাপে ই ৰাজ্যখনত বিদ্যুৎ যোগান শক্তিশালী কৰিব, সৰ্বাধিক চাহিদা ব্যৱস্থাপনাত সহায় কৰিব আৰু ৰাষ্ট্ৰীয় গ্ৰীডৰ ভাৰসাম্য বজাই ৰখাত অৰিহণা যোগাব।

এই প্ৰকল্পটো টিএইচডিচি ইণ্ডিয়া লিমিটেড আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত যুটীয়া উদ্যোগৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। ভাৰত চৰকাৰে ৰাজ্যখনৰ ইকুইটি অংশৰ বাবে ৭৫০ কোটি টকাৰ কেন্দ্ৰীয় বিত্তীয় সাহায্যৰ উপৰি সক্ষম আন্তঃগাঁথনিৰ অধীনত পথ, দলং আৰু সম্পৰ্কিত ট্ৰেন্সমিশ্যন লাইন নিৰ্মাণৰ বাবে বাজেটৰ সহায় হিচাপে ৫৯৯.৮৮ কোটি টকা প্ৰদান কৰিব।

ৰাজ্যখনে ১২ শতাংশ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব আৰু স্থানীয় এলেকা উন্নয়ন পুঁজি (এল এ ডি এফৰ বাবে অতিৰিক্ত ১ শতাংশ আৱণ্টন কৰাৰ লগতে অঞ্চলটোৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়ন তথা আৰ্থ-সামাজিক লাভালাভ  কৰিব।

প্ৰকল্পটোৰ বাবে প্ৰায় ২৯ কিলোমিটাৰ পথ আৰু দলংৰ উন্নয়নকে ধৰি অৰুণাচল প্ৰদেশৰ নামচাই আৰু অঞ্জৱ জিলাত আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰা হ'ব, যিটো বেছিভাগ স্থানীয় ব্যৱহাৰৰ বাবে উপলভ্য হ'ব। স্থানীয় জনসাধাৰণেও বিভিন্ন ধৰণৰ ক্ষতিপূৰণ, নিযুক্তি আৰু চিএছআৰ কাৰ্যকলাপৰ পৰা লাভান্বিত হ'ব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win