প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অমৰাৱতী বিমানবন্দৰ উদ্বোধনক মহাৰাষ্ট্ৰ, বিশেষকৈ বিদৰ্ভ অঞ্চলৰ বাবে খুবেই ভাল খবৰ বুলি অভিহিত কৰি কয় যে অমৰাৱতীৰ এটা সক্ৰিয় বিমানবন্দৰে অঞ্চলটোৰ বাণিজ্য আৰু সংযোগ বৃদ্ধি কৰিব।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপুয়ে ‘এক্স’-ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’-ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়:
"মহাৰাষ্ট্ৰ, বিশেষকৈ বিদৰ্ভ অঞ্চলৰ বাবে এয়া এক খুবেই ভাল খবৰ। অমৰাৱতীৰ এটা সক্ৰিয় বিমানবন্দৰে অঞ্চলটোৰ বাণিজ্য আৰু সংযোগ বৃদ্ধি কৰিব।"
Great news for Maharashtra, especially Vidarbha region. An active airport in Amravati will boost commerce and connectivity. https://t.co/WAq9PzCTZW
— Narendra Modi (@narendramodi) April 16, 2025


