প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৬ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনসমূহত নৱ নিয়োজিত যুৱক-যুৱতীসকলক ৫১,০০০ তকৈয়ো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধনো কৰিব।
নিযুক্তি সৃষ্টিক সৰ্বোচ্চ প্ৰাথমিতা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি দেশৰ ৪৭ টা স্থানত ১৫ সংখ্যক ‘ৰোজগাৰ মেলা’ অনুষ্ঠিত হ'ব। ই যুৱক-যুৱতীসকলক তেওঁলোকৰ সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় বিকাশত কাৰ্যকৰীভাৱে অৰিহণা যোগোৱাৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব।
সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নতুনকৈ নিযুক্তি লাভ কৰা সকলে ৰাজহ বিভাগ, কৰ্মচাৰী আৰু ৰাজহ অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, ডাক বিভাগ, উচ্চ শিক্ষা বিভাগ, ৰে'ল মন্ত্ৰালয়, শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগসমূহত যোগদান কৰিব।


