প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানসমূহত নতুনকৈ নিযুক্তি লাভ কৰাসকলৰ মাজত প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্তসকলক সম্বোধন কৰিব।

নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ হৈছে ৰোজগাৰ মেলা । এই ৰোজগাৰ মেলাই অধিক নিয়োগ সৃষ্টিত অনুঘটক হিচাপে কাম কৰিব আৰু যুৱকসকলক তেওঁলোকৰ সবলীকৰণৰ লগতে ৰাষ্ট্ৰীয় বিকাশত অংশগ্ৰহণৰ বাবে অৰ্থৱহ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নতুনকৈ নিযুক্তি লাভ কৰাসকলে ভাৰত চৰকাৰৰ অধীনৰ বিভিন্ন পদ/পদবী যেনে কনিষ্ঠ অভিযন্তা, লোকো পাইলট, টেকনিচিয়ান, পৰিদৰ্শক, উপ-পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, কনিষ্ঠ একাউণ্টেণ্ট, গ্ৰামীণ ডাক সেৱক, আয়কৰ পৰিদৰ্শক, শিক্ষক, নাৰ্ছ, চিকিৎসক, সামাজিক সুৰক্ষা বিষয়া, পিএ, এমটিএছ আদি বিভিন্ন পদত যোগদান কৰিব ।

এই ৰোজগাৰ কাৰ্যসূচীৰ সময়ত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিষয়াসকলৰ ‘কৰ্মযোগী প্ৰাৰম্ভ’ মডিউলৰ পৰা শিকাৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাও ভাগ বতৰা কৰা হ'ব। ‘কৰ্মযোগী প্ৰাৰম্ভ’ মডিউল হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে এক অনলাইন দিশনিৰ্দেশক পাঠ্যক্ৰম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How ODOP is helping Pratapgarh turn its amla into a bigger business

Media Coverage

How ODOP is helping Pratapgarh turn its amla into a bigger business
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ছেপ্টেম্বৰ 2026
September 01, 2026

#ModiHaiTohMumkinHai: Economy, Diplomacy and Atmanirbhar Milestones in One Social-Media Sweep