PM Modi, PM Bettel of Luxembourg exchange views on strengthening India-Luxembourg relationship in the post-COVID world
India-Luxembourg agree to strengthen cooperation on realizing effective multilateralism and combating global challenges like the Covid-19 pandemic, terrorism and climate change
Prime Minister welcomes Luxembourg’s announcement to join the International Solar Alliance (ISA)

মহামহিম নমস্কাৰ !

সৰ্ব প্ৰথমে মই লাক্সেমবাৰ্গত মহামাৰী ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত মৃত্যু আকোৱালি লোৱা ব্যক্তিসকলৰ প্ৰতি মোৰ, তথা ১৩০ কোটি ভাৰতবাসীৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছো। সংকটৰ এই কঠিন মুহূৰ্তত আপোনাৰ কুশল নেতৃত্বৰ বাবে মই আপোনাক অভিনন্দনো জনাইছো।

মহামহিম,

আমাৰ মাজত আজি অনুষ্ঠিত এই ‘ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ অতিকে মহত্বপূৰ্ণ বুলি মই অনুভৱ কৰিছো। আপুনি আৰু মই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত মিলিত হৈ আহিছো, পিচে, বিগত দুটা দশকত ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত অনুষ্ঠিত এইখন হ’ল প্ৰথমখন আনুষ্ঠানিক শীৰ্ষ সন্মিলন।
 

আজিৰ বিশ্বই যিমুহূৰ্তত ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক আৰু স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বানৰে যুঁজি থাকিবলগীয়া হৈছে, সেই মুহূৰ্তত ভাৰত আৰু লাক্সেমবাৰ্গৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক দুয়োখন দেশৰ লগতে দুয়োটা ক্ষেত্ৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযোগী হৈ উঠিব পাৰে। ‘গণতন্ত্ৰ’, ‘আইনৰ শাসন’ আৰু ‘স্বাধীনতা’ৰ দৰে উমৈহতীয়া আদৰ্শই আমাৰ সম্বন্ধ আৰু পৰস্পৰৰ সহযোগিতাক অধিক শক্তিশালী কৰি তুলিব পাৰে। ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত আৰ্থিক আদান-প্ৰদানৰ মাত্ৰা বঢ়োৱাৰ বিপুল সম্ভাৱনীয়তা আছে।

তীখা, বিত্তীয় প্ৰযুক্তি, ‘ডিজিটেল ড’মেইন’ৰ দৰে ক্ষেত্ৰসমূহত আমাৰ মাজত এতিয়াও আমাৰ মাজত ভাল সম্পৰ্ক অটুত আছে। কিন্তু এই সম্পৰ্কক আৰু আগুৱাই লৈ যোৱাৰ বাবে অপাৰ সম্ভাৱনা আছে। কিছুদিনৰ আগতে আমাৰ মহাকাশ সংস্থাই লাক্সেমবাৰ্গৰ চাৰিটা কৃত্ৰিম উপগ্ৰহৰ সফলতাৰে উত্ক্ষেপণ কৰিছিল। মহাকাশৰ ক্ষেত্ৰটো আমি পাৰস্পৰিক আদান-প্ৰদান বৃদ্ধি কৰিব পাৰো।

‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা’–‘আইএছএ’-ত লাক্সেমবৰ্গে অংশগ্ৰহণ কৰিম বুলি কৰা ঘোষণাক আমি আদৰণি জনাইছো। আৰু আপোনাক ‘কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’-ত অংশগ্ৰহণ কৰাৰ বাবেও আমন্ত্ৰণ জনাইছো।

এই বছৰৰ এপ্ৰিল মাহত ‘হিজ ৰয়েল হাইনেছ দ্যা গ্ৰেণ্ড ডিউক’-ৰ ভাৰত যাত্ৰা ক’ভিড-১৯ৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। আমি শীঘ্ৰেই তেওঁক ভাৰতলৈ স্বাগত জনোৱাৰ কামনা কৰিছো। আপুনিও সোনকালেই ভাৰত ভ্ৰমণলৈ আহিব বুলি আশা কৰিছো।

মহামহিম,

এতিয়া মই আপোনাক আৰম্ভণী মন্তব্য আগবঢ়াবলৈ আমন্ত্ৰিত কৰিলো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent

Media Coverage

1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মাৰ্চ 2026
March 11, 2026

From Silent Medical Revolution to Global Manufacturing Hub: Salute to PM Modi's Relentless Push for a Stronger, Self-Reliant India