নমস্কাৰ বন্ধুসকল,

এইবেলি জাৰ সম্ভৱতঃ পলম পৰিছে আৰু অতি লেহেমীয়াকৈ আহিছে, কিন্তু ৰাজনৈতিক উত্তাপ অতি দ্ৰুতগতিত বাঢ়িছে। কালি, চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষিত হৈছে, ফলাফল খুবেই উৎসাহজনক।

এয়া তেওঁলোকৰ বাবে উত্সাহবৰ্দ্ধক যি সকল লোক দেশৰ সৰ্বসাধাৰণ মানুহৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যিসকল লোক দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সমৰ্পিত। বিশেষকৈ, সকলো সমাজৰ সকলো গোটৰ মহিলা, চহৰ আৰু গাঁৱৰ মহিলা, সমাজৰ সকলো গোটৰ গাঁও আৰু চহৰৰ যুৱ-প্ৰজন্ম, প্ৰতিটো সম্প্ৰদায়ৰ কৃষক আৰু মোৰ দেশৰ দৰিদ্ৰ, এই চাৰিটা এনে চাৰিটা গুৰুত্বপূৰ্ণ জাতি, যাৰ সৱলীকৰণৰ বাবে সুনিশ্চিত আঁচনি আৰু তেওঁলোকৰ ভৱিষ্যত নিশ্চিত কৰিব পৰা অন্তিম মাইলৰ বিতৰণ, যিসকলে এই নীতিবোৰ অনুসৰণ কৰে তেওঁলোকে সম্পূৰ্ণ সমৰ্থন লাভ কৰে। আৰু যেতিয়া সুশাসন প্ৰৱৰ্তিত হয়, যেতিয়া ৰাজহুৱা স্বাৰ্থৰ প্ৰতি সমৰ্থন থাকে, তেতিয়া ‘প্ৰতিষ্ঠান বিৰোধী ঢৌ’ বাক্যাংশটো অপ্ৰাসংগিক হৈ পৰে। আৰু আমি নিৰন্তৰ দেখি আহিছোঁ যে কিছুমানে ইয়াক ক্ষমতাৰ পক্ষপাতী বুলি কয়, কিছুমানে ইয়াক সুশাসন বুলি কয়, কিছুমানে ইয়াক স্বচ্ছতা বুলি কয়, কিছুমানে ইয়াক ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে দৃঢ় আঁচনি বুলি কয়, কিন্তু আমি নিৰন্তৰ এই অভিজ্ঞতা লাভ কৰি আছো। আৰু ইমান ভাল জনাদেশৰ পিছত, আজি আমি সংসদৰ এই নতুন মন্দিৰত বৈঠকত মিলিত হৈছো।

 

যেতিয়া এই সংসদ ভৱনৰ নতুন চৌহদ উদ্বোধন কৰা হৈছিল, তেতিয়া এখন সৰু অধিৱেশন অনুষ্ঠিত হৈছিল। সেই অধিৱেশনত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু এইবাৰ দীৰ্ঘদিন ধৰি এই সদনত কাম কৰাৰ সুযোগ পোৱা যাব। এয়া নতুন সদন, সম্ভৱতঃ- এতিয়াও সৰু-সুৰা দুই-এটা ব্যৱস্থাত ত্ৰুটি থাকিব পাৰে। যেতিয়া কামবোৰ নিৰন্তৰভাৱে চলিব, সাংসদ আৰু দৰ্শনাৰ্থীসকলৰো, লগতে সংবাদ মাধ্যমৰ লোকসকলৰো চকুত পৰিব ত্ৰুটিবোৰ, সেইবোৰ আঁতৰাই ল’ব পৰা যাব। আৰু মই নিশ্চিত যে সন্মানীয় উপ-ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু সন্মানীয় অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত সেই বিষয়সমূহৰ ওপৰত সম্পূৰ্ণ নজৰ থাকিব আৰু মই আপোনালোকক এই কথাও ক'ম যে যদি এনে কিছুমান সৰু-সুৰা কথা আপোনালোৰো দৃষ্টিগোচৰ হয়, তেন্তে আপোনালোকে মনোযোগ আকৰ্ষণ কৰাৰ ব্যৱস্থা কৰিব, কিয়নো এইবোৰৰ যিহেতু ব্যৱস্থা কৰা হৈছে, তেতিয়া হলেতো প্ৰয়োজন অনুসৰি পৰিৱৰ্তনো সাধন কৰিব লাগিব।

 

দেশে নেতিবাচকতাক প্ৰত্যাখ্যান কৰিছে। মই অধিৱেশনৰ আৰম্ভণিতে বিৰোধী দলৰ সতীৰ্থসকলৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰোঁ, আমাৰ মুখ্য প্ৰতিনিধি দলে তেওঁলোকৰ সৈতে আলোচনা কৰে আৰু সকলোৰে সহযোগিতাৰ বাবে অনুৰোধ কৰোঁ। এইবাৰো এনে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। আৰু, আপোনালোকৰ জৰিয়তেও মই সদায় আমাৰ সকলো সাংসদক ৰাজহুৱাভাৱে অনুৰোধ জনাই আহিছো। গণতন্ত্ৰৰ এই মন্দিৰটো হৈছে জনসাধাৰণৰ আশা-আকাংক্ষা আৰু উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰাৰ বাবে এক অতিকে গুৰুত্বপূৰ্ণ মঞ্চ।

 

মই সকলো সন্মানীয় সাংসদক যিমান সম্ভৱ সাজু হৈ আহিবলৈ আহ্বান জনাইছো। সদনত যি বিধেয়কেই উথ্থাপন কৰা হয়, সেইসমূহক লৈ পুংখানুপুংখ আলোচনা হোৱা উচিত, সৰ্বশ্ৰেষ্ঠ পৰামৰ্শ প্ৰদান কৰা উচিত আৰু সেই পৰামৰ্শসমূহৰ জৰিয়তে... কিয়নো, যেতিয়া এজন সাংসদে পৰামৰ্শ প্ৰদান কৰে, বাস্তৱ অভিজ্ঞতাৰ একোটা ভাল উপাদান থাকে। কিন্তু যদি কোনো আলোচনাই নহয়, তেন্তে দেশখনে সেইবোৰৰ পৰা বঞ্চিত হ’বলগীয়া হয়, আৰু সেইকাৰণেই মই পুনৰ অনুৰোধ জনাইছো।

 

আৰু যদি মই বৰ্তমানৰ নিৰ্বাচনৰ ফলাফলৰ আধাৰত কওঁ, তেন্তে বিৰোধী দলত বহি থকা সতীৰ্থসকলৰ বাবে এয়া হৈছে এক সোণালী সুযোগ। এই অধিৱেশনত পৰাজয়ৰ খং উদঙাই দেখুৱাৰ পৰিকল্পনা কৰাৰ পৰিৱৰ্তে, এই পৰাজয়ৰ পৰা শিকনি লৈ যোৱা নটা বছৰ ধৰি চলি থকা নেতিবাচকতাৰ প্ৰৱণতা এৰি, যদি আমি এই অধিৱেশনত ইতিবাচকতাৰে আগবাঢ়ি যাওঁ, তেন্তে দেশে তেওঁলোকৰ ফালে চোৱাৰ দৃষ্টিভংগী সলনি কৰিব, তেওঁলোকৰ বাবে এখন নতুন দুৱাৰ মুকলি হ'ব পাৰে। আৰু তেওঁলোক বিৰোধী দলত থাকিলেও, মই তেওঁলোকক এটা ভাল পৰামৰ্শ দিছোঁ- আহকচোন, ইতিবাচক চিন্তা লৈ আহকচোন। আমি যদি দহখোজ আগবঢ়াও, তেন্তে আপোনালোকে বাৰ খোজ আগবঢ়াই সিদ্ধান্ত লৈ আহকচোন।

 

সকলোৰেই ভৱিষ্যত উজ্জ্বল, হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু বাহিৰৰ পৰাজয়ৰ খং অনুগ্ৰহ কৰি সদনত উজাৰিবলৈ নাহিব। হতাশ-নিৰাশ নিশ্চয় হ'ব, আপোনালোকৰ সহকৰ্মীসকলক আপোনালোকৰ শক্তি দেখুৱাবলৈ কিবা নহয় কিবা নিশ্চয় কৰিব লাগিব, তথাপিও অন্ততঃ গণতন্ত্ৰৰ এই মন্দিৰটোক সেইখন মঞ্চলৈ ৰূপান্তৰিত নকৰিব। আৰু এতিয়াও মই কওঁ, মই মোৰ দীঘলীয়া অভিজ্ঞতাৰ আধাৰত কওঁ যে আপোনালোকৰ স্থিতি সামান্য সলনি কৰক, কেৱল প্ৰতিবাদৰ নামতে প্ৰতিবাদৰ পদ্ধতি ত্যাগ কৰক, দেশৰ স্বাৰ্থত ইতিবাচক বিষয়বোৰ সমৰ্থন কৰক। ভাল।।।... ইয়াত থকা ত্ৰুটিবোৰৰ ওপৰত বিতৰ্ক কৰক। আপোনালোকে দেখিছে, এনে কিছুমান বিষয়ক লৈ আজি দেশৰ মনত সৃষ্টি হোৱা ঘৃণাই প্ৰেমলৈ পৰিৱৰ্তিত হ'ব পাৰে। গতিকে এটা সুযোগ আছে, এই সুযোগটো এৰি নিদিব।

 

আৰু সেয়েহে, প্ৰতিবাৰেই মই সদনত সহযোগিতা আগবঢ়াবলৈ কৰবদ্ধ প্ৰাৰ্থনা জনাই আহিছো। আজি মই ৰাজনৈতিক দৃষ্টিকোণৰ পৰাও ক'ব বিচাৰো যে দেশক ইতিবাচকতাৰ বাৰ্তা দিয়াটো আপোনালোকৰ বাবেও ভাল, আপোনালোকৰ ভাবমূৰ্তি যাতে ঘৃণা আৰু নেতিবাচকতাৰ হৈ নুঠে, ই গণতন্ত্ৰৰ বাবে ভাল নহয়। গণতন্ত্ৰত, বিৰোধীও সমানেই গুৰুত্বপূৰ্ণ, সমানেই মূল্যৱান আৰু সমানেই শক্তিশালী হ'ব লাগে। আৰু গণতন্ত্ৰৰ ভালৰ বাবে মই আকৌ এবাৰ মোৰ এই অনুভূতি প্ৰকাশ কৰিছো।

 

২০৪৭ চন, দেশখনে এতিয়া বিকাশৰ লক্ষ্যৰ বাবে বেছি সময় অপেক্ষা কৰিব নিবিচাৰে। সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজতে এটা ভাবেই জন্ম হৈছে যে আমি মাত্ৰ আগবাঢ়িব লাগিব। মই আমাৰ সকলো সন্মানীয় সাংসদক এই অনুভূতিক সন্মান কৰিবলৈ আৰু সেই শক্তিৰে সদনক আগুৱাই নিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোক সকলো বন্ধুবৰ্গলৈ মোৰ শুভেচ্ছা জনাইছোঁ।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”