“গণতন্ত্ৰৰ মহত্ব পৰীক্ষণৰ অন্যতম গুৰুত্বপূৰ্ণ মাপক হৈছে অভিযোগ মীমাংসা ব্যৱস্থাৰ শক্তিশালী উপস্থিতি। এই দিশত ‘সংহত লোকপাল আঁচনি’য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”
“মধ্যবিত্ত, কৰ্মচাৰী, ক্ষুদ্ৰ ব্যৱসায়ী আৰু জ্যেষ্ঠ নাগৰিকৰ ক্ষুদ্ৰ সঞ্চয়সমূহ চৰকাৰী প্ৰতিভূতিত প্ৰত্যক্ষ আৰু সুৰক্ষিত ভাবে অন্তৰ্ভূক্ত কৰিব বাবেই অৰ্থনীতিত সকলোকে সমাৱেশিত কৰাত সামৰ্থ্য প্ৰদান কৰিব ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’য়ে”
“চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সুবাদতে বেংকসমূহৰ শাসন পদ্ধতি উন্নত হোৱাৰ লগতে এই ব্যৱস্থাৰ প্ৰতি গ্ৰাহকসকলৰ আস্থাও বাঢ়িবলৈ ধৰিছে”
“চৰকাৰে শেহতীয়া ভাবে গ্ৰহণ কৰা বৃহত্ সিদ্ধান্তসমূহৰ প্ৰভাৱ বৃদ্ধিত ‘আৰবিআই’-ৰ সিদ্ধান্তসমূহেও সহযোগিতা আগবঢ়াইছে”
“৬-৭বছৰৰ আগলৈকে ভাৰতত বেংকিং, পেন্সন আৰু বীমা যেন ‘আচুতীয়া ক্লাব’ৰহে বস্তু আছিল”
“ডিজিটেল লেন-দেনৰ ক্ষেত্ৰত ৭টা বছৰৰ ভিতৰতে ভাৰতে ১৯টা ঢাপৰ দীঘলীয়া জাপ মাৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত আমাৰ দেশৰ যিকোনো স্থানতে বেংক ব্যৱস্থা বছৰৰ ১২টামাহৰ প্ৰতিটো সপ্তাহৰ প্ৰতিটো দিনৰ ২৪ঘণ্টাই কাৰ্যক্ষম হৈ থাকে”
“আমি দেশৰ নাগৰিকসকলৰ প্ৰয়োজনীয়তাসমূহক কেন্দ্ৰত ৰখাৰ ল

নমস্কাৰ জী, বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ জী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাস জী, কাৰ্যক্ৰমত উপস্থিত অন্য মহানুভৱ, দেৱী আৰু সুধীসমাজ, কৰোণাৰ এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশৰ বিত্ত মন্ত্ৰালয়ে, আৰবিআই আৰু অন্য বিত্তীয় সংস্থাসমূহে বহুত প্ৰশংসনীয় কাম কৰিছে। অমৃত মহোৎসৱৰ এই সময়, ২১ শতিকাৰ এই মহত্বপূৰ্ণ দশকৰ দেশৰ বিকাশৰ বাবে বহুত মহত্ব আছে। এনে অৱস্থাত আৰবিআইৰ ভূমিকাও বহুত ডাঙৰ, বহুত মহত্বপূৰ্ণ। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে টীম আৰবিআইয়ে দেশৰ আশা পূৰণ কৰিব।

বন্ধুসকল,

যোৱা ৬-৭ বছৰৰ পৰা, কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহ, তেওঁলোকৰ হিতক সৰ্বোচ্চ প্ৰাথমিকতা দি কাম কৰি আছে। এক ৰেগুলেটৰ হিচাপে আৰবিআইয়ে অন্য বিত্তীয় সংস্থাসমূহৰ সৈতে একেৰাহে সংবাদ সৃষ্টি কৰি আছে। মই আনন্দিত যে আৰবিআইয়েও সাধাৰণ লোকৰ সুবিধা বঢ়াবলৈ সাধাৰণ নাগৰিকক মনত ৰাখি একেৰাহে অনেক পদক্ষেপ গ্ৰহণ কৰিছে। আজি তাত আৰু এটা পদক্ষেপ সংযুক্ত হৈছে। আজি যি দুটা যোজনা লঞ্চ কৰা হৈছে, তাৰ জৰিয়তে দেশত বিনিয়োগৰ পৰিসৰ বিস্তৃত হ'ব আৰু কেপিটেল মাৰ্কেটক এক্সেছ কৰা, বিনিয়োগকাৰীয়ে বাবে অধিক সহজ, অধিক সুৰক্ষিত হ'ব। ৰিটেইল ডাইৰেক্ট স্কিমত দেশৰ ক্ষুদ্ৰ বিনিয়োগকাৰীক গভাৰ্ণমেণ্ট ছিকিউৰিটীত ইনভেষ্টমেণ্টৰ সৰল আৰু সুৰক্ষিত মাধ্যম লাভ কৰিলে। এনেকৈয়ে ইণ্টেগ্ৰেটেড অম্বাডছমেন লোকপাল স্কিমৰ বেংকিং ছেক্টৰত ৱান নেচন, ৱান অম্বাডছমেন, এই ছিষ্টেমে আজি সাকাৰ ৰূপ লৈছে। ইয়াৰ জৰিয়তে বেংক কাষ্টমাৰৰ প্ৰতিটো অভিযোগ, প্ৰতিটো সমস্যাৰ সমাধান সময়মতে, কষ্ট নোহোৱাকৈ হ'ব। আৰু মোৰ এয়া স্পষ্ট মত যে গণতন্ত্ৰৰ সবাতোকৈ ডাঙৰ শক্তি আপোনালোকে গ্ৰিভেঞ্চে ৰিড্ৰেছেল ছিষ্টেমত কিমান শক্তিশালী কিমান সংবেদনশীল, কিমান প্ৰ'-এক্টিভ, সেয়াইতো গণতন্ত্ৰৰ সবাতোকৈ ডাঙৰ আধাৰ।

বন্ধুসকল,

অৰ্থনৈতিক ব্যৱস্থাত সকলোৰে অংশগ্ৰহণক প্ৰমোট কৰাৰ যি চিন্তা, তাক ৰিটেইল ডাইৰেক্ট স্কিমে নতুন উচ্চতা দিব। দেশৰ বিকাশত গভাৰ্ণমেণ্ট ছিকিউৰিটী মাৰ্কেটৰ বিশেষ ভূমিকাৰ সৈতে সাধাৰণভাৱে মানুহ পৰিচিত। বিশেষকৈ আজি যেতিয়া দেশে নিজৰ ফিজিকেল আৰু ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰক আধুনিক কৰিবলৈ একত্ৰিত হৈছে, অভূতপূৰ্ব ইনভেষ্টমেণ্ট কৰি আছে, সেই সময়ত সৰুতকৈও সৰু বিনিয়োগকাৰীৰ প্ৰয়াস আৰু সহযোগিতা, অংশীদাৰীত্ব বহুত কামত আহিব। এতিয়ালৈকে গভাৰ্ণমেণ্ট ছিকিউৰিটী মাৰ্কেটত আমাৰ মধ্যম বৰ্গ, আমাৰ কৰ্মচাৰী, আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী, ছিনিয়ৰ চিটিজেন্স অৰ্থাৎ যাৰ ক্ষুদ্ৰ ছেভিংছ আছে তেওঁলোকক ছিকিউৰিটীজত বিনিয়োগৰ বাবে বেংক, ইনছিউৰেঞ্চ বা মিউচুৱেল ফাণ্ডৰ দৰে ইনডাইৰেক্ট পথ অৱলম্বন কৰিবলগা হৈছিল। এতিয়া তেওঁলোকে সুৰক্ষিত বিনিয়োগৰ এটা আৰু উন্নত বিকল্প লাভ কৰিছে। এতিয়া দেশৰ এক বহুত ডাঙৰ বৰ্গই গভাৰ্ণমেণ্ট ছিকিউৰিটীত, দেশৰ সম্পদ নিৰ্মাণত পোনপটীয়াকৈ বিনিয়োগ কৰাত অধিক সহজ হ'ব। এই কথাও আপোনালোকে জানে যে ভাৰতত সকলো গভাৰ্ণমেণ্ট ছিকিউৰিটীত গেৰাণ্টীড ছেটেলমেণ্টৰ ব্যৱস্থা থাকে। এনে অৱস্থাত ক্ষুদ্ৰ বিনিয়োগকাৰীয়ে সুৰক্ষাৰ এক আশ্বাস লাভ কৰে। অৰ্থাৎ ক্ষুদ্ৰ বিনিয়োগকাৰীয়ে সুৰক্ষিত বিনিয়োগত ভাল ৰিটাৰ্নৰ ভৰসা পাব আৰু চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিকাশৰ বাবে দেশৰ সাধাৰণ লোকৰ আশা-আকাংক্ষা অনুসৰি নতুন ভাৰত গঢ়িবলৈ যি যি ব্যৱস্থা বিকশিত কৰিব লাগে, তাৰ বাবে প্ৰয়োজনীয় সম্পদ লাভ কৰিব। আৰু এয়াই হৈছে আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণৰ বাবে নাগৰিক আৰু চৰকাৰৰ সামূহিক শক্তি, সামূহিক প্ৰয়াস।

 

বন্ধুসকল,

সাধাৰণতে ফাইনেঞ্চৰ কথা অলপ টেকনিকেল হৈ যায়, সাধাৰণ মানুহে হেডলাইন পঢ়ি বাদ দিয়ে, আৰু সেয়ে সাধাৰণ মানুহক ভালদৰে এই কথাবিলাক বুজোৱাটো, আৰু তেওঁলোকক বুজোৱাটো, মই ভাবো আজি সময়ৰ দাবী। কিয়নো ফাইনেঞ্চিয়েল ইনক্লুজনৰ কথা যেতিয়া আমি কওঁ, তেতিয়া এই দেশৰ অন্তিমজন লোককো এই প্ৰচেছৰ অংশ আমি কৰিব বিচাৰো। আপোনালোক এক্সপাৰ্টসকল এই সকলো কথাৰে ভালদৰে পৰিচিত, কিন্তু দেশৰ সাধাৰণ লোকৰ বাবেও, এয়া জানিলে তেওঁলোকৰ বহুত সহায় হ'ব। যেনেকৈ তেওঁলোকে জানিব লাগে যে এই যোজনাৰ জৰিয়তে ফাণ্ড মেনেজাৰৰ দৰকাৰ নহয়, পোনপটীয়াকৈ "ৰিটেইল ডাইৰেক্ট গিল্ট আৰডিজি একাউণ্ট" খুলিব পাৰি। এই একাউণ্টো অনলাইন খুলিব পাৰি আৰু ছিকিউৰিটীৰ ক্ৰয়-পৰ্যবেক্ষণো অনলাইন সম্ভৱ। দৰমহাধাৰী বা পেন্সনাৰৰ বাবে ঘৰতে বহি বহি সুৰক্ষিত বিনিয়োগৰ ই বহুত ডাঙৰ বিকল্প। ইয়াৰ বাবে ক'লৈকো অহাযোৱা কৰাৰ দৰকাৰ নহয়, ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তেই আপুনি মোবাইলত ইণ্টাৰনেট কানেক্টিভিটি, আপোনাৰ কাম হৈ যাব। এই আৰডিজি একাউণ্ট, বিনিয়োগকাৰীৰ ছেভিংছ একাউণ্টৰ সৈতেও লিংক হ'ব। যাৰ জৰিয়তে ক্ৰয়-বিক্ৰয়, অটোমেটিক ক্ৰয়-পৰ্যবেক্ষণৰ যি কাম, সেয়া অটোমেটিক সম্ভৱ হ'ব। আপোনালোকে কল্পনা কৰিব পাৰিছে চাগৈ, মানুহৰ ইয়াৰ ফলত কিমান সহজ হ'ব।

বন্ধুসকল,

ফাইনেঞ্চিয়েল ইনক্লুজন আৰু ইজ অফ এক্সেছ যিমান দৰকাৰী, ইজ অফ ইনভেষ্টমেণ্ট আৰু বেংকিং ছিষ্টেমৰ ওপৰত সাধাৰণ মানুহৰ ভৰসাও, সাধাৰণ মানুহৰ বাবে সুবিধাও, সাধাৰণ মানুহৰ বাবে সৰলতাও সিমানেই আৱশ্যকীয়। এক শক্তিশালী বেংকিং ছিষ্টেম শক্তিশালী হ'বলৈ ধৰা অৰ্থনৈতিক ব্যৱস্থাৰ বাবে বহুত জৰুৰী। ২০১৪ৰ আগতে কেইবছৰমানত দেশৰ বেংকিং ছিষ্টেমত যেনেকৈ লোকচান হৈছিল, আজি প্ৰত্যেকেই জানে যে, কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল, কি যে হোৱা নাছিল। যোৱা ৭টা বছৰত এনপিএক পাৰদৰ্শিতাৰে ৰিকগনাইজ কৰা হৈছে, ৰিজলিউচন আৰু ৰিকভাৰীৰ ওপৰত মনোযোগ দিয়া হৈছে, পাবলিক ছেক্টৰৰ বেংকসমূহক ৰি-কেপিটেলাইজ কৰা হৈছে, ফাইনেঞ্চিয়েল ছিষ্টেম আৰু পাবলিক ছেক্টৰৰ বেংকসমূহত এটাৰ পিছত এটা ৰিফৰ্ম কৰা হৈছে। যি উইলফুল ডিফলটাৰসকলে আগতে ছিষ্টেমৰ সৈতে খেলা কৰিছিল, এতিয়া তেওঁলোকৰ বাবে মাৰ্কেটৰ পৰা ফাণ্ড সংগ্ৰহ কৰাৰ পথ বন্ধ কৰি দিয়া হৈছে। পাবলিক ছেক্টৰ বেংকৰ সৈতে জড়িত গভাৰ্ণেঞ্চত সংস্কাৰ হওক, ডিচিজন মেকিং, ট্ৰান্সফাৰ-পোষ্টিঙেৰে জড়িত স্বাধীনতা হওক, ক্ষুদ্ৰ বেংকসমূহৰ মাৰ্জ কৰি ডাঙৰ বেংকৰ নিৰ্মাণ হওক বা নেচনেল এছেট ৰিকনষ্ট্ৰাকচন কম্পেনী লিমিটেডৰ স্থাপন হওক, এই সকলো পদক্ষেপৰ জৰিয়তে আজি বেংকিং ছেক্টৰত নতুন বিশ্বাস, নতুন শক্তি উভতি আহিছে।

 

বন্ধুসকল,

বেংকিং ছেক্টৰক আৰু শক্তিশালী কৰিবলৈ কো-অপাৰেটিভ বেংকসমূহকো আৰবিআইৰ পৰিসৰলৈ অনা হৈছে। ইয়াৰ ফলত এই বেংকসমূহৰ গভাৰ্ণেঞ্চতো সংস্কাৰ হৈছে আৰু যি লাখ লাখ ডিপজিটৰ আছে, তেওঁলোকৰ ভিতৰতো এই ছিষ্টেমৰ প্ৰতি বিশ্বাস শক্তিশালী হৈ আছে। যোৱা কিছু সময়ত ডিপজিটৰসকলৰ হিতৰ প্ৰতি লক্ষ্য ৰাখিয়েই অনেক সিদ্ধান্ত লোৱা হৈছে। ৱান নেশ্যন, ৱান অম্বাডছমেন ছিষ্টেমৰ জৰিয়তে ডিপজিটৰ আৰু ইনভেষ্টৰছ ফাৰ্ষ্ট সংকল্পই জোৰ পাইছে। আজি যি যোজনা লঞ্চ হৈছে, ইয়াৰ জৰিয়তে বেংক, এনবিএফচি আৰু প্ৰিপেইড ইনষ্ট্ৰুমেণ্টত ৪৪ কোটি লোন একাউণ্ট আৰু ২২০ কোটি ডিপজিট একাউণ্ট ইয়াৰ যি ধাৰক আছে, সেই ধাৰকসকলে পোনপটীয়া ৰেহাই পাব। এতিয়া আৰবিআইৰ দ্বাৰা ৰেগুলেটেড সকলো সংস্থাৰ বাবে খাতা ধাৰকৰ অভিযোগ নথিভুক্ত কৰা, ট্ৰেক কৰা আৰু মণিটৰ কৰাৰ এটাই প্লেটফৰ্ম হ'ব। অৰ্থাৎ, অভিযোগ নিৰাময়ৰ বাবে খাতা ধাৰকে এতিয়া আৰু এটা সহজ উপায় লাভ কৰিলে। যেনেকৈ, যদি কাৰোবাৰ বেংক একাউণ্ট লক্ষ্ণৌত আছে আৰু তেওঁ দিল্লীত কাম কৰি আছে, তেতিয়া আগতে এনেকুৱা হৈছিল যে তেওঁ লক্ষ্ণৌৰ অম্বাডছমেনতহে অভিযোগ কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া তেওঁ ভাৰতত যিকোনো ঠাইৰ পৰা নিজৰ অভিযোগ দাখিল কৰাৰ সুবিধা লাভ কৰিলে। মোক এইবুলিও কোৱা হৈছে যে অনলাইন ফ্ৰড, চাইবাৰ ফ্ৰডেৰে জড়িত বিষয়ৰ নিষ্পত্তি কৰিবলৈ আৰবিআইয়ে এই যোজনাত আৰটিফিচিয়েল ইণ্টেলিজেঞ্চৰ ব্যাপক ব্যৱহাৰৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত বেংক আৰু অনুসন্ধান কৰা এজেঞ্চিৰ মাজত কম সময়ত ভাল সংগতি সুনিশ্চিত হ'ব। এনেকুৱা পদক্ষেপৰ জৰিয়তে ডিজিটেল পেনেট্ৰেচন আৰু কাষ্টমাৰ ইনক্লুজনৰ পৰিসৰো বৰ বিশ্বাসৰ সৈতে বাঢ়িব, কাষ্টমাৰৰ ভৰসা আৰু বাঢ়িব।

 

বন্ধুসকল,

যোৱা বছৰবিলাকত দেশৰ বেংকিং ছেক্টৰত ফাইনেঞ্চিয়েল ছেক্টৰত ইনক্লুজনৰ পৰা আৰম্ভ কৰি টেকনলজিকেল ইণ্টেগ্ৰেচন আৰু অন্য ৰিফৰ্ম কৰা হৈছে। তাৰ শক্তি আমি কোভিডৰ এই সংকটৰ সময়তো দেখিছো, আৰু তাৰ কাৰণে সাধাৰণ মানুহৰ সেৱা কৰাৰ এক সন্তুষ্টিৰো সৃষ্টি হৈছে। চৰকাৰে যি ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছিল, তাৰ প্ৰভাৱ বঢ়াবলৈ আৰবিআইৰ সিদ্ধান্তসমূহেও বহুত ডাঙৰ সহায় কৰিছে। আৰু মই আৰবিআইৰ গভৰ্ণৰ আৰু তেওঁৰ সম্পূৰ্ণ টীমক সাৰ্বজনীনভাৱে এই সংকটৰ সময়ত যেনেকৈ তেওঁলোকে বস্তুবিলাক সাহসেৰে নিৰ্ণয় কৰিছে, তাৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। চৰকাৰৰ দ্বাৰা যি ক্ৰেডিট গেৰাণ্টী স্কিমৰ ঘোষণা কৰা হৈছিল, তাৰ জৰিয়তে প্ৰায় ২ লাখ ৯০ হাজাৰ কোটি টকাতকৈও অধিক লোন স্বীকৃত কৰা হৈছে। ইয়াৰ সহায়ত দেৰকোটিতকৈও অধিক লাভাৰ্থীয়ে নিজৰ উদ্যম আৰু শক্তিশালী কৰিছে। ইয়াৰ মাজত বেছিভাগ এমএছএমই আছে, আমাৰ মধ্যম বৰ্গৰ ক্ষুদ্ৰ উদ্যমী আছে।

 

বন্ধুসকল,

কোভিড কালতে চৰকাৰৰ দ্বাৰা ক্ষুদ্ৰ কৃষকক কিষান ক্ৰেডিট কাৰ্ড দিবৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা হয়। যাৰ জৰিয়তে আঢ়ৈ কোটিতকৈও অধিক কৃষকে কেচিচি কাৰ্ডো পালে আৰু প্ৰায় ২.৭৫ লাখ কোটিৰ কৃষি ঋণো তেওঁলোকে পালে। পিএম স্বনিধিৰ জৰিয়তে প্ৰায় ২৬ লাখ ষ্ট্ৰিট ভেণ্ডৰক, যি ঠেলা চলায়, পাছলি বেচে, এনেকুৱা ২৬ লাখ লোকে ঋণ লাভ কৰিছে, আৰু আপোনাকে কল্পনা কৰিব পাৰে, কোভিড কালৰ এই সংকটৰ পিছত ২৬ লাখতকৈও অধিক আমাৰ ষ্ট্ৰিট ভেণ্ডৰে সহায় পোৱাটো, কিমান ডাঙৰ তেওঁলোকৰ বাবে সম্বল হৈ পৰিল। এই যোজনাই তেওঁলোকক বেংকিং ছিষ্টেমৰ সৈতেও সংযুক্ত কৰিলে। এনেকুৱা অনেক পদক্ষেপে গাঁও আৰু চহৰত অৰ্থনৈতিক কামকাজ পুনৰ আৰম্ভ কৰাত বহুত মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

বন্ধুসকল,

৬-৭ বছৰৰ আগলৈকে ভাৰতত বেংকিং, পেন্সন, ইনছিউৰেঞ্চ এই সকলো এক এক্সক্লুচিভ ক্লাবৰ দৰে আছিল। দেশৰ সাধাৰণ নাগৰিক, দুখীয়া পৰিয়াল, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, মহিলা, দলিত-বঞ্চিত-পিছপৰা, এই সকলোৰে বাবে এইবোৰ সুবিধা বহুত দূৰৈত আছিল। যিসকল লোকৰ ওপৰত এই সুবিধাৱলী দুখীয়ালৈ লৈ যোৱাৰ দায়িত্ব আছিল, তেওঁলোকেও ইয়াৰ ওপৰত কেতিয়াও মনোযোগ দিয়া নাছিল। বৰং পৰিৱৰ্তন নহওক, কোনো সলনি নাহক, দুখীয়াৰ ওচৰলৈ যোৱাৰ পথ বন্ধ কৰিবলৈ যিকোনো যুক্তি দিব পাৰে, ভিন ভিন অজুহাতেৰে ই পৰম্পৰা হৈ পৰিছিল। আৰু কি যে কোৱা নহৈছিল, মুকলিকৈ নিৰ্লজ্জভাৱে কোৱা হৈছিল। আৰে, বেংক ব্ৰাঞ্চ নাই, ষ্টাফ নাই, ইণ্টাৰনেট নাই, মানুহৰ মাজত সজাগতা নাছিল, কিমান যে যুক্তি নেদেখুৱাইছিল। আনপ্ৰডাকটিভ ছেভিংছ আৰু ইনফৰমেল লেণ্ডিং, ইয়াৰ জৰিয়তে সাধাৰণ নাগৰিকৰ স্থিতিও বেয়া হৈ আছিল, আৰু বীমাৰ ক্ষেত্ৰত তো ধাৰণা কৰা হৈছিল যে এই সকলো সমৃদ্ধ পৰিয়ালৰ ভাগ্যতহে হয়, কিন্তু আজি স্থিতি সলনি হৈ আছে। আজি ফাইনেঞ্চিয়েল ইনক্লুজনেই নহয়, বেংকিং আৰু ফাইনেঞ্চিয়েল ছেক্টৰত ইজ অফ এক্সেছ ভাৰতৰ পৰিচয় হৈ পৰিছে। আজি বেলেগ বেলেগ পেন্সন যোজনাৰ জৰিয়তে সমাজৰ প্ৰতিজন ব্যক্তিয়ে ৬০ বছৰৰ পিছত পাবলগীয়া পেন্সনৰ সুবিধাৰ সৈতে সংযুক্ত হ'ব পাৰে। পিএম জীৱনজ্যোতি বীমা যোজনা আৰু পিএম সুৰক্ষা বীমা যোজনাৰ জৰিয়তে প্ৰায় ৩৮ কোটি দেশবাসী ২-২ লাখ টকাৰ বীমা সুৰক্ষাৰ সৈতে সংযুক্ত। দেশৰ প্ৰায় প্ৰতিখন গাঁৱত পাঁচ কিলোমিটাৰৰ পৰিসৰত বেংক ব্ৰাঞ্চ বা বেংকিং কৰেস্পণ্ডেণ্টৰ সুবিধা উপলব্ধ হৈছে। সমগ্ৰ দেশতে আজি প্ৰায় চাৰেআঠ লাখ বেংকিং টাচ পইণ্ট আছে, যি দেশৰ প্ৰতিজন নাগৰিকৰ বেংকিং ছিষ্টেমলৈ যোৱাটো বৃদ্ধি কৰিছে। জনধন যোজনাৰ জৰিয়তে ৪২ কোটিতকৈও অধিক ০ বেলেঞ্চ বেংক একাউণ্ট খোলা হৈছে য'ত আজি দুখীয়াৰ হাজাৰ হাজাৰ কোটি টকা জমা আছে। মুদ্ৰা যোজনাৰ জৰিয়তে মহিলা, দলিত-পিছপৰা-আদিবাসীৰ মাজত ব্যৱসায়ীৰ এটা নতুন প্ৰজন্ম দেখিবলৈ পোৱা গৈছে, আৰু স্বনিধি যোজনাৰ জৰিয়তে ষ্ট্ৰিট ভেণ্ডৰসকলেও ইনষ্টিটিউচনেল লেণ্ডিঙৰ সৈতে সংযুক্ত হ'ব পাৰিছে।

 

বন্ধুসকল,

লাষ্ট-মাইল ফাইনেঞ্চিয়েল ইনক্লুজনেৰে যেতিয়া ডিজিটেল এমপাৱাৰমেণ্ট সংলগ্ন হ'ল, তেতিয়া ই দেশৰ মানুহক এক নতুন শক্তি দিয়ে। ৩১ কোটিতকৈও অধিক ৰূপেকাৰ্ড, প্ৰায় ৫০ লাখ PoS/m-PoS মেচিনে আজি দেশৰ প্ৰতিটো কোণত ডিজিটেল ট্ৰেনজেকচন সম্ভৱ কৰি তুলিছে। ইউপিআইয়ে তো বহুত কম সময়তে ডিজিটেল ট্ৰেনজেকচনৰ ক্ষেত্ৰত ভাৰতক পৃথিৱীৰ অগ্ৰণী দেশ কৰি তুলিলে। মাত্ৰ ৭ বছৰতে ভাৰতে ডিজিটেল ট্ৰেনজেকচনৰ ক্ষেত্ৰত ১৯ গুণৰ উত্থান ঘটালে। আজি ২৪ ঘণ্টা, সাতোটা দিন আৰু ১২ মাহেই দেশত যিকোনো সময়ত যিকোনো ঠাইতে আমাৰ বেংকিং ছিষ্টেম চলি থাকে। ইয়াৰ লাভো আমি কৰোণাৰ এই সময়ত দেখিছো।

 

বন্ধুসকল,

আৰবিআইৰ এটা সংবেদনশীল ৰেগুলেটৰ হোৱা, আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰখাটো দেশৰ এটা ডাঙৰ শক্তি। আজিকালি আপোনালোকে দেখিছে যে ফিনটেকৰ দৰে ক্ষেত্ৰত আমাৰ ভাৰতীয় ষ্টাৰ্টআপ কেনেকৈ গ্ল'বেল চেম্পিয়ন হৈ আছে। এই ক্ষেত্ৰখনত টেকনলজি দ্ৰুতগতিত সলনি হৈ আছে। আমাৰ দেশৰ যুৱক-যুৱতীসকলে ভাৰতক ইনভেচনৰ গ্ল'বেল পাৱাৰ হাউছ কৰি তুলিছে। এনে অৱস্থাত এইটো জৰুৰী যে আমাৰ ৰেগুলেটিং ছিষ্টেম এই পৰিৱৰ্তনৰ প্ৰতি সজাগ হৈ থাকক আৰু আমাৰ ফাইনেঞ্চিয়েল ছিষ্টেমক বিশ্বস্তৰীয় কৰি ৰাখিবলৈ সুবিধাজনক ইক'-ছিষ্টেমৰ নিৰ্মাণ কৰক আৰু তাক শক্তিশালী কৰক।

 

বন্ধুসকল,

আমি দেশৰ, দেশৰ নাগৰিকৰ আৱশ্যকতাক কেন্দ্ৰত ৰাখিবই লাগিব, বিনিয়োগকাৰীৰ ভৰসা নিৰন্তৰ শক্তিশালী কৰি তুলিব লাগিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এটা সংবেদনশীল আৰু ইনভেষ্টৰ ফ্ৰেণ্ডলী ডেষ্টিনেচনৰ ৰূপত ভাৰতৰ নতুন পৰিচয়ক আৰবিআইয়ে নিৰন্তৰ শক্তিশালী কৰে আৰু মোৰ বিশ্বাস আছে যে শক্তিশালী কৰি থাকিব। এবাৰ আকৌ এই বৃহৎ ৰিফৰ্মৰ বাবে মই আপোনালোক সকলোকে, সকলো ষ্টেকহল্ডাৰক, ইনিছিয়েটিভছ অনা সকলোকে টেকনলজিৰ উত্থান ঘটোৱা বাবে আপোনালোক সকলোকে বহুত শুভকামনা জনাইছো!

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Shaping the future of textile and apparel industry of India – Role played specifically by the Make in India

Media Coverage

Shaping the future of textile and apparel industry of India – Role played specifically by the Make in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates newly sworn-in Ministers in Bihar Government
May 07, 2026
Prime Minister expresses gratitude for warm welcome and support from people of Bihar

The Prime Minister, Shri Narendra Modi, congratulated all those who took oath as Ministers in the Government of Bihar and conveyed his best wishes to them.

The Prime Minister said that he was confident that their commitment towards the all-round development of the state would take Bihar to new heights of prosperity. He also called upon everyone to work together to realise the resolve of building a strong Bihar and a developed India.

The Prime Minister also expressed gratitude for the affection and blessings received from the people of Bihar during his visit to Patna.

He said that he was overwhelmed by the warm welcome extended to him and thanked the people for their support and enthusiasm. The Prime Minister noted that the unprecedented enthusiasm among the people reflected strong public support for the Government’s commitment towards development and public service.

The Prime Minister wrote on X;

“बिहार की एनडीए सरकार में मंत्री के रूप में शपथ लेने वाले सभी साथियों को हार्दिक बधाई एवं ढेरों शुभकामनाएं! मुझे पूर्ण विश्वास है कि राज्य के चौतरफा विकास के लिए आपकी प्रतिबद्धता हमारे इस प्रदेश को समृद्धि की नई ऊंचाइयों पर ले जाएगी। आइए, हम सब मिलकर एक सशक्त बिहार और विकसित भारत के निर्माण के संकल्प को साकार करें।”

“पटना में बिहार के अपने परिवारजनों का स्नेह और आशीर्वाद पाकर अभिभूत हूं! इस स्वागत के लिए आप सभी का हृदय से आभार। आपके अभूतपूर्व उत्साह से साफ है कि विकास और जनसेवा के हमारे संकल्प को जनता-जनार्दन का भरपूर समर्थन मिल रहा है।”