বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে দেশৰ নামত উৎসৰ্গা কৰে
মহীশূৰ-কুশলনগৰ চাৰিলেনযুক্ত ঘাইপথৰ আধাৰশিলা স্থাপন
“আজি কৰ্ণাটকত আৰম্ভ হোৱা অত্যাধুনিক পথ আন্তঃগাঁথনি প্ৰকল্পই সমগ্ৰ ৰাজ্যৰে যোগাযোগ ব্যৱস্থাক সমৃদ্ধ কৰাৰ লগতে অৰ্থনৈতিক বিকাশ শক্তিশালী কৰিব”
“ভাৰতমালা আৰু সাগৰমালাৰ দৰে পদক্ষেপে ভাৰতৰ ভূ-প্ৰকৃতিৰ পৰিৱৰ্তন ঘটাইছে”
“এইবাৰৰ বাজেটত দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ লাখ কোটিতকৈ অধিক ধন আবণ্টন দিয়া হৈছে”
“উন্নত আন্তঃগাঁথনিয়ে ‘ইজ অৱ লিভিং’ বৃদ্ধি কৰে। ই প্ৰগতিৰ নতুন সুযোগ সৃষ্টি কৰে”
“মন্দ্য অঞ্চলৰ ২.৭৫ লাখতকৈ অধিক কৃষকক কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ৬০০ কোটি টকা আগবঢ়াইছে”
“দেশত দশক দশক ধৰি বাকী থকা জলসিঞ্চন প্ৰকল্পসমূহ দ্ৰুত গতিত সম্পূৰ্ণ হৈ উঠিছে”
“ইথানলৰ ওপৰত গুৰুত্ব দিলে কুহিয়াৰ খেতিয়কসকল উপকৃত হ’ব”

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

কৰ্ণাটকৰ প্ৰতিজন লোকলৈ মোৰ আন্তৰিক শুভেচ্ছা!

ভুৱনেশ্বৰীলৈয়ো মোৰ প্ৰণাম!

মই লগতে আদিচুঞ্চগিৰি আৰু মেলুকোটৰ গুৰুসকললৈ তেওঁলোকৰ আশীৰ্বাদ বিচাৰি প্ৰণাম জনাইছো।

বিগত সময়ছোৱাত কৰ্ণাটকৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ সান্নিধ্য লাভৰ সুযোগ পাইছো। কৰ্ণাটকৰ জনসাধাৰণে সকলোতে আশীৰ্বাদ প্ৰদান কৰিছে। আৰু মাণ্ডিয়াবাসীৰ আশীৰ্বাদত মধুৰতা আছে কাৰণ ইয়াক চেনি নগৰী (सक्करे नगरा मधुर मंड्या) বুলি কোৱা হয়। মাণ্ডিয়াৰ এই মৰম আৰু আতিথ্যই মোক আপ্লুত কৰিছে। আপোনালোক সকলোকে প্ৰণাম জনাইছো!

আপোনালোকৰ এই মৰমৰ বিনিময় হিচাপে দ্ৰুত বিকাশ সাধন কৰিবলৈ ডাবল ইঞ্জিন চৰকাৰে অশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে। হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন বা আধাৰশিলা স্থাপন কৰা হৈছে। উক্ত প্ৰচেষ্টাৰ এটা অংশ হিচাপে এয়া সম্পন্ন কৰা হয়।

বিগত কেইবাদিনো ধৰি দেশত বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে’ক লৈ ব্যাপক চৰ্চা অব্যাহত আছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক্সপ্ৰেছৱে’ৰ ছবি। ভাৰতৰ সকলো ঠাইতে এনে বিলাসী, আধুনিক এক্সপ্ৰেছৱে’ নিৰ্মাণ হোৱাটো প্ৰতিজন দেশবাসীৰ লগতে আমাৰ যুৱক-যুৱতীসকলে কামনা কৰিছে। আজি বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে’ প্ৰত্যক্ষ কৰি আমাৰ দেশৰ যুৱক-যুৱতীসকলে গৌৰৱ অনুভৱ কৰিছে। এই এক্সপ্ৰেছৱে’ৰ জৰিয়তে এতিয়া মহীশূৰ আৰু বেংগালুৰুৰ মাজত যাত্ৰাৰ সময় আধাৰো কম হ’ল।

আজি মহীশূৰ-কুশলনগৰ চাৰিলেনযুক্ত ঘাইপথৰো আধাৰশিলা স্থাপন কৰা হৈছে। এই আটাইকেইটা প্ৰকল্পই অঞ্চলটোত ‘সবকা বিকাশ’ক ত্বৰান্বিত আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব। এই সংযোগ প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক অভিনন্দন জনালো!

ভাৰতত আন্তঃগাঁথনিৰ দৃষ্টিভংগীৰে সম্পৰ্কীয় আলোচনা হোৱা মাত্ৰেকে দুগৰাকী মহান ব্যক্তিৰ নাম প্ৰথমে মনলৈ আহে - কৃষ্ণ ৰাজা ৱাডিয়াৰ আৰু ছাৰ এম. বিশ্বেশ্বৰায়। এই দুয়োজন মহাপুৰুষে এই মাটিত জন্মগ্ৰহণ আৰু তেওঁলোকে সমগ্ৰ দেশক এক নতুন দৃষ্টিভংগী আৰু শক্তি প্ৰদান কৰিছিল। এই মহান ব্যক্তিসকলে দুৰ্য্যোগক সুযোগলৈ ৰূপান্তৰিত কৰিছিল; আন্তঃগাঁথনিৰ গুৰুত্ব বুজি পাইছিল আৰু আজিৰ প্ৰজন্ম সৌভাগ্যৱান যে তেওঁলোকে নিজৰ পূৰ্বপুৰুষৰ তপস্যাৰ সুফল লাভ কৰিছে।

এনে মহান ব্যক্তিত্বৰপৰা অনুপ্ৰাণিত হৈ আজি দেশত আধুনিক আন্তঃগাঁথনিৰ কাম অব্যাহত আছে। আজি ভাৰতমালা আৰু সাগৰমালা আঁচনিৰ জৰিয়তে কৰ্ণাটকৰ পৰিৱৰ্তন সাধন হৈছে। দেশখনো ৰূপান্তৰিত হৈছে। আনকি বিশ্বই ক’ৰোনাৰ সৈতে যুঁজ দি থাকোতেও ভাৰতে আন্তঃগাঁথনিৰ বাজেট বহুগুণে বৃদ্ধি কৰিছিল। এইবাৰৰ বাজেটত আমি আন্তঃগাঁথনিৰ বাবে অভিলেখ পৰিমাণৰ ১০ লাখ কোটি টকা আবন্টন জনাইছো।

আন্তঃগাঁথনিয়ে কেৱল সুবিধাই নহয়, বৰঞ্চ নিয়োগৰ সুযোগ, বিনিয়োগৰ লগতে উপাৰ্জনৰ উপায়ো প্ৰশস্ত কৰে। কেৱল কৰ্ণাটকতে আমি বিগত বছৰকেইটাত ঘাইপথ সম্পৰ্কীয় প্ৰকল্পত ১ লাখ কোটিৰো অধিক টকা বিনিয়োগ কৰিছো।

বেংগালুৰু আৰু মহীশূৰ উভয়ে কৰ্ণাটকৰ গুৰুত্বপূৰ্ণ চহৰ। এখন চহৰ প্ৰযুক্তিৰ বাবে পৰিচিত, আনখন পৰম্পৰাৰ বাবে। এই দুখন চহৰক আধুনিক সংযোগৰ মাধ্যমেৰে সংযুক্ত কৰাটো ভিন্ন দৃষ্টিকোণৰে অতিশয় গুৰুত্বপূৰ্ণ।

দীৰ্ঘদিন ধৰি দুয়োখন চহৰৰ মাজত যাত্ৰা কৰা লোকসকলে তীব্ৰ যান-জঁটৰ অভিযোগ উত্থাপন কৰি আহিছিল। কিন্তু এতিয়া এক্সপ্ৰেছৱে’টোৰ বাবে এই দূৰত্ব মাত্ৰ ১.৫ ঘন্টাতে অতিক্ৰম কৰিব পৰা গৈছে। ইয়াৰ বাবেই এই সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত হ’ব।

এই এক্সপ্ৰেছৱে’টো ৰামনগৰ আৰু মাণ্ডিয়াৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰোপৰি, ইয়াত একাধিক ঐতিহাসিক ঐতিহ্য ক্ষেত্ৰ আছে। এই চহৰসমূহতো পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাব। ইয়াৰদ্বাৰা মহীশূৰলৈ যোৱাটো সহজ হৈ উঠাই নহয়, বৰঞ্চ মা কাবেৰীৰ উৎস কোডাগুলৈয়ো সহজে যাব পৰা হ’ব। আজিকালি আমি দেখিবলৈ পাওঁ যে বাৰিষাৰ সময়ত ভূমিস্খলনৰ বাবে পশ্চিম ঘাটৰ বেংগালুৰু-মাংগালুৰু পথটো প্ৰায়ে স্তব্ধ হৈ পৰে। ইয়াৰ ফলত অঞ্চলটোৰ প’ৰ্ট সংযোগত প্ৰভাৱ পৰে। মহীশূৰ-কুশলনগৰ ঘাইপথ বহল হৈ পৰাৰ লগে-লগে এই সমস্যাৰো সমাধান হ’ব। উন্নত সংযোগৰ বাবে এই অঞ্চলতো উদ্যোগটোৰ অতি দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিব।

২০১৪ৰ পূৰ্বে কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰখনো আছিল মিত্ৰজোঁটৰ চৰকাৰ। বিভিন্ন দলৰ সহযোগত চলিছিল। ই দৰিদ্ৰ লোক আৰু দৰিদ্ৰ পৰিয়ালসমূহক বিচ্ছিন্ন কৰিছিল। কংগ্ৰেছ চৰকাৰে দুখীয়াৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত হাজাৰ-হাজাৰ কোটি টকা লুট কৰিছিল। কংগ্ৰেছে কেতিয়াও দুখীয়াৰ দুখ-কষ্টক লৈ চিন্তা কৰা নাই।

২০১৪ত আপোনালোকে আমাক ভোটদানেৰে সেৱাৰ সুযোগ প্ৰদান কৰাতে দেশখনত দৰিদ্ৰৰ চৰকাৰ গঠন হৈছিল; দুখীয়াৰ যন্ত্ৰণা আৰু দুখৰ প্ৰতি সংবেদনশীল এখন চৰকাৰ গঠন হৈছিল। ইয়াৰ পিছৰপৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ আন্তৰিকতাৰে দুখীয়াৰ সেৱা কৰিবলৈ চেষ্টা কৰিছিল আৰু দৰিদ্ৰ লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে।

দৰিদ্ৰ লোকলৈ পকী ঘৰ, টেপৰ পানী, উজ্জ্বলা গেছ সংযোগ, বিদ্যুৎ সংযোগ, গাঁৱলৈ যোৱা পথ, চিকিৎসালয়, উপযুক্ত চিকিৎসাত বিজেপি চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে।

বিগত ৯ বছৰত বিজেপি চৰকাৰৰ আঁচনিসমূহৰ বাবে কোটি-কোটি দৰিদ্ৰ লোকৰ জীৱন-যাত্ৰা সহজ হৈ পৰিছে। কংগ্ৰেছৰ শাসনকালত দুখীয়াই সুবিধা লাভৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল। এতিয়া বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকললৈ হাত আগবঢ়াই দি তেওঁলোকক সুবিধা প্ৰদান কৰিছে। এতিয়াও বিজেপি চৰকাৰৰ আঁচনিৰ সুবিধা লাভ নকৰা সকললৈয়ো সহায়ৰ হাত আগবঢ়োৱা হৈছে।

বিজেপি চৰকাৰে সমস্যাৰ স্থায়ী সমাধানত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। যোৱা ৯ বছৰত দেশত ৩ কোটিৰো অধিক দৰিদ্ৰ লোকৰ ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে কৰ্ণাটকতো লাখ-লাখ ঘৰ নিৰ্মাণ কৰা হৈছে। জল জীৱন অভিযানৰ অধীনত কৰ্ণাটকত প্ৰায় ৪০ লাখ নতুন পৰিয়ালে টেপৰ পানী লাভ কৰিছে।

আমাৰ দেশত দশক-দশক ধৰি স্থবিৰ হৈ থকা জলসিঞ্চন প্ৰকল্পসমূহো দ্ৰুতগতিত সম্পূৰ্ণ হৈছে। এইবাৰৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে আপাৰ ভদ্ৰা প্ৰকল্পৰ বাবে ৫৩০০ কোটি টকা ঘোষণা কৰিছে। ইয়াৰোপৰি, কৰ্ণাটকৰ এক বৃহৎ অংশত জলসিঞ্চনৰ সৈতে জড়িত সমস্যাসমূহৰ স্থায়ী সমাধান হ’ব।

কৃষকসকলৰ প্ৰতিটো ক্ষুদ্ৰ-ক্ষুদ্ৰ সমস্যা সমাধানেৰে বিজেপি চৰকাৰে তেওঁলোকৰ উদ্বেগৰ স্থায়ী সমাধান কৰিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত কৰ্ণাটকৰ কৃষকসকলৰ বেংক একাউন্টলৈ পোনপটীয়াকৈ ১২ হাজাৰ কোটি টকা হস্তান্তৰ কৰা হৈছে। কেন্দ্ৰৰ বিজেপি চৰকাৰে মাণ্ডিয়াৰ ২.৭৫ লাখ কৃষকৰ বেংক একাউন্টলৈ ৬০০ কোটি টকা হস্তাস্তৰ কৰিছে।

লগতে কৰ্ণাটকৰ বিজেপি চৰকাৰক আৰু এটা কথাৰ বাবে শলাগ ল'ব বিচাৰিছো। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৬,০০০ টকা প্ৰেৰণৰ সমান্তৰালভাৱে কৰ্ণাটক চৰকাৰে ইয়াৰ সৈতে আৰু ৪০০০ টকা যোগ কৰিছে। অৰ্থাৎ, ডাবল ইঞ্জিন চৰকাৰৰ আমোলত কৃষকে দুগুণ সুবিধা লাভ কৰিছে। ফলস্বৰূপে, তেওঁলোকৰ সমস্যাসমূহৰ সমাধান হৈছে।

কৰ্ণাটকৰ মাণ্ডিয়াৰ আমাৰ কুঁহিয়াৰ খেতিয়কসকলে দশক-দশক ধৰি আন এক সমস্যাৰ সন্মুখীন হৈ আহিছিল। কুঁহিয়াৰৰ উৎপাদন অধিক হ’লেও সমস্যা; উৎপাদন কম হ’লেও আন এক সমস্যাই দেখা দিছিল। ফলত চেনি মিল থকা কুঁহিয়াৰ খেতিয়কসকলৰ বকেয়া কেইবাবছৰো ধৰি আবদ্ধ হৈ আছিল।

এই সমস্যাৰ কিছু সমাধান সূত্ৰ নিৰূপণৰ প্ৰয়োজনীয়তা আছিল। কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰা বিজেপি চৰকাৰে ইথানলৰ পথ বাছি লয়। আমি কুঁহিয়াৰৰপৰা প্ৰস্তুত ইথানলৰ উৎপাদন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰো। অৰ্থাৎ, কুঁহিয়াৰৰ উৎপাদন অধিক হোৱা মাত্ৰেকে ইয়াৰপৰা ইথানল প্ৰস্তুত কৰা হ’ব। গতিকে, ইথানলৰদ্বাৰা কৃষকৰ আয় নিশ্চিত হ’ব।

কেৱল বিগত বছৰতে দেশৰ চেনি কলসমূহে ২০,০০০ কোটি টকা মূল্যৰ ইথানল তেল কোম্পানীসমূহক বিক্ৰী কৰিছিল। ইয়াৰ ফলত কুঁহিয়াৰ খেতিয়কসকলক সময়মতে ধন পৰিশোধত সহায় হয়। ২০১৩-১৪ৰপৰা যোৱা ঋতুলৈকে চেনি কলসমূহৰপৰা ৭০,০০০ কোটি টকা মূল্যৰ ইথানল ক্ৰয় কৰা হৈছে। এই ধন কুঁহিয়াৰ খেতিয়কসকলৰ ওচৰলৈ গৈছে।

এইবাৰৰ কেন্দ্ৰীয় বাজেটতো কৃষকসকলৰ বাবে বিশেষকৈ কুঁহিয়াৰ খেতিয়কসকলৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কুঁহিয়াৰ সমবায়সমূহৰ বাবে ১০,০০০ কোটি টকাৰ জৰিয়তে কুঁহিয়াৰ খেতিয়কসকলে সাহায্যৰ লগতে কৰ ৰেহাইৰ সুবিধা লাভ কৰিব।

আমাৰ দেশখন সুযোগৰ ভূমি। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ভাৰতত সুযোগ বিচাৰিছে। ২০২২ত ভাৰতলৈ অভিলেখ বৈদেশিক বিনিয়োগ প্ৰবাহিত হৈছিল। ইয়াৰ জৰিয়তে কৰ্ণাটক সৰ্বাধিক লাভৱান হৈছে। ক’ৰোনা মহামাৰীটোৰ মাজতো কৰ্ণাটকত প্ৰায় ৪ লাখ কোটি টকাৰ বিনিয়োগ হৈছে। ই ডাবল ইঞ্জিন চৰকাৰৰ কঠোৰ পৰিশ্ৰমক প্ৰতিফলিত কৰিছে।

কৰ্ণাটকত আইটিৰ উপৰিও জৈৱ-প্ৰযুক্তিৰপৰা আৰম্ভ কৰি প্ৰতিৰক্ষা উৎপাদনলৈকে প্ৰতিটো খণ্ডৰে সম্প্ৰসাৰণ ঘটিছে। প্ৰতিৰক্ষা, এৰ’স্পেচ আৰু মহাকাশ খণ্ডত অভূতপূৰ্বভাৱে বিনিয়োগ কৰা হৈছে। এতিয়া কৰ্ণাটক বৈদ্যুতিক বাহন নিৰ্মাণৰ ক্ষেত্ৰতো দ্ৰুতগতিত অগ্ৰসৰ হৈছে।

ডাবল ইঞ্জিন চৰকাৰৰ এই প্ৰচেষ্টাৰ মাজত কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰশক্তিয়ে কি কৰি আছে? কংগ্ৰেছে কয় যে তেওঁলোক মোদীক অপসাৰণৰ সপোন দেখিছে। কংগ্ৰেছে মোদীক ক্ষমতাচ্যুতকৰণত ব্যস্ত থকাৰ বিপৰীতে মোদী ব্যস্ত বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে’ নিৰ্মাণত। কংগ্ৰেছে মোদীৰ বিৰুদ্ধে ব্যস্ত থকাৰ বিপৰীতে মোদী ব্যস্ত দুখীয়াৰ জীৱন যাত্ৰাক সহজ কৰি তোলাত।

দেশৰ কোটি-কোটি মাতৃ-ভগ্নী-কন্যাৰ আশীৰ্বাদ আৰু দেশবাসীৰ আশীৰ্বাদেই মোদীৰ ৰক্ষাকৱচ। কংগ্ৰেছীসকলে এই কথা নাজানে।

কৰ্ণাটকৰ দ্ৰুত বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ আৱশ্যক। এই বিশাল অনুষ্ঠান, এই পৰম আতিথ্য আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে মই পুনৰবাৰ মাণ্ডিয়াবাসীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক অভিনন্দন জনালো!

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়!

আপোনালোকক অশেষ ধন্যবাদ জনালো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The inauguration of Swaminarayan Temple is a new milestone in the cultural relations between India and France: PM Modi
September 06, 2026
It is a matter of great joy that BAPS Swaminarayan Hindu Mandir is being inaugurated in Paris: PM
This temple will surely enrich the diversity of France and energize our cultural relations: PM
India-France Strategic Partnership is special as it rests on the strong foundation of old cultural and political bonds: PM

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!