আগন্তুক ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ উত্তৰ আৰু দক্ষিণ খণ্ডৰ ভাৰ্চুৱেল ৱাকথ্ৰু উদ্বোধন কৰে
আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপোৰ শুভংকৰ, গ্ৰাফিক নভেল – এ ডে এট দ্য মিউজিয়াম, ডাইৰেক্টৰী অব্ ইণ্ডিয়ান মিউজিয়াম, পকেট মেপ অব্ কৰ্তব্য পথ, আৰু মিউজিয়াম কাৰ্ড উন্মোচন কৰে
"সংগ্ৰহালয়ে অতীতৰ পৰা অনুপ্ৰেৰণা প্ৰদান কৰে আৰু ভৱিষ্যতৰ প্ৰতি কৰ্তব্যবোধো প্ৰদান কৰে"
"দেশত এক নতুন সাংস্কৃতিক আন্তঃগাঁথনি বিকশিত কৰা হৈছে"
"চৰকাৰে স্থানীয় আৰু গ্ৰামীণ সংগ্ৰহালয়ৰ লগতে প্ৰতিখন ৰাজ্য আৰু সমাজৰ প্ৰতিটো খণ্ডৰ ঐতিহ্য সংৰক্ষণৰ বাবে এক বিশেষ অভিযান চলাই আছে"
"প্ৰজন্ম ধৰি সংৰক্ষিত ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাবশেষবোৰে এতিয়া সমগ্ৰ বিশ্বতে ভগৱান বুদ্ধৰ অনুগামীসকলক একত্ৰিত কৰি আছে"
"আমাৰ ঐতিহ্য বিশ্ব ঐক্যৰ আগজাননী হ'ব পাৰে"
"ঐতিহাসিক গুৰুত্বপূৰ্ণ বস্তুবোৰ সংৰক্ষণ কৰাৰ মনোভাৱ সমাজত দাঙি ধৰা উচিত"
"পৰিয়াল, বিদ্যালয়, প্ৰতিষ্ঠান আৰু চহৰবোৰৰ নিজা সংগ্ৰহালয় থাকিব লাগে"
"যুৱসকল বিশ্বব্যাপী সংস্কৃতি কাৰ্যৰ এক মাধ্যম হ'ব পাৰে"
তেওঁ কয় যে আজিৰ 'স্থিৰতা আৰু কল্যাণ' বিষয়টোৱে আজিৰ পৃথিৱীৰ অগ্ৰাধিকাৰসমূহ কঢ়িয়াই আনিছে আৰু অনুষ্ঠানটোক আৰু অধিক প্ৰাসংগিক কৰি তুলিছে।
প্ৰধানমন্ত্ৰীয়ে এইবুলি আশা ব্যক্ত কৰে যে আজিৰ প্ৰচেষ্টাই যুৱ প্ৰজন্মক তেওঁলোকৰ ঐতিহ্যৰ সৈতে অধিক পৰিচিত কৰি তুলিব।

কেবিনেটত মোৰ সহকৰ্মী জি কিষাণ ৰেড্ডী জী, মীনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, ‘ল্যুভ সংগ্ৰহালয়’ৰ সঞ্চালক মেনুৱেল ৰাবাটে জী, বিশ্বৰ বিভিন্ন দেশৰ অতিথি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসত আপোনালোক সকলোলৈকে বহুত বহুত অভিনন্দন জনাইছোঁ। আজি, সংগ্ৰহালয় জগতৰ কিংবদন্তীসকল ইয়াত একত্ৰিত হৈছেহি। আজিৰ অনুষ্ঠানটোৱে বিশেষ তাত্পৰ্য বহণ কৰিছে, কিয়নো এই মুহূৰ্তত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰপূৰ্তি উপলক্ষে ‘অমৃত মহোৎসৱ’ উদযাপন কৰি আছে।

‘আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো’ত আধুনিক প্ৰযুক্তিৰ জৰিয়তে ইতিহাসৰ বিভিন্ন অধ্যায় জীৱন্ত হৈ উঠিছে। আমি যেতিয়া কোনোবা এটা সংগ্ৰহালয়লৈ যাওঁ, এনে অনুভৱ হয় যেন আমাক কালিৰ সৈতে পৰিচয় কৰাই দিয়া হৈছে, আমাক যেন সেইটো সময়ৰ সৈতে সাক্ষাৎ কৰাই দিয়া হৈছে। সংগ্ৰহালয়ত যি দেখুওৱা হয় সেয়া তথ্যভিত্তিক হয়, প্ৰত্যক্ষ ৰূপত হয়, আৰু প্ৰমাণ-আধাৰিত হয়। সংগ্ৰহালয়ত এফালে আমি অতীতৰ পৰা অনুপ্ৰেৰণা পাওঁ, আনহাতে, ভৱিষ্যতৰ প্ৰতি আমি আমাৰ কৰ্তব্যৰ এক ধাৰণাও লাভ কৰোঁ।

 

আপোনালোকৰ যি বিষয়বস্তু হৈছে- ‘ছাষ্টেইনেবিলিটী এণ্ড ৱেলবীয়িং’- ‘সুস্থিৰতা আৰু সুস্থতা’ – ইয়ে আজিৰ পৃথিৱীৰ প্ৰাথমিকতাসমূহৰ ওপৰত আলোকপাত কৰিছে, আৰু এই অনুষ্ঠানটোক অধিক প্ৰাসংগিক কৰি তুলিছে। মই নিশ্চিত যে আপোনালোকৰ এই প্ৰচেষ্টাই সংগ্ৰহালয়সমূহৰ প্ৰতি যুৱ প্ৰজন্মৰ আগ্ৰহ আৰু বৃদ্ধি কৰিব আৰু তেওঁলোকক আমাৰ ঐতিহ্যমূহৰ সৈতে পৰিচিত কৰাই দিব। এই প্ৰয়াসৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

ইয়ালৈ অহাৰ আগতে মই সংগ্ৰহালয়ত কেইটামান মুহূৰ্ত অতিবাহিত কৰাৰ সুযোগ পাইছিলোঁ, আমালৈ চৰকাৰী-বেচৰকাৰী বহুতো কাৰ্যসূচীলৈ যোৱাৰ সুযোগ আহে, পিচে, মই ক'ব পাৰোঁ যে সমগ্ৰ পৰিকল্পনা, ইয়াৰ শিক্ষা আৰু চৰকাৰেও এনে উচ্চতাৰ কাম কৰিব পাৰে, যাৰ বাবে বহুত গৰ্ব অনুভৱ কৰিব পাৰি, ইয়াতো তেনে এক ব্যৱস্থাই হৈছে। আৰু মই বিশ্বাস কৰোঁ যে আজিৰ এই সুযোগে ভাৰতৰ সংগ্ৰহালয়ৰ পৃথিৱীখনলৈ এক ডাঙৰ ‘টাৰ্ণিং পইণ্ট’ লৈ আনিব। এয়া হৈছে মোৰ দৃঢ় বিশ্বাস।

 

বন্ধুসকল,

 

শ শ বছৰ জোৰা দাসত্বৰ দীঘলীয়া কালখণ্ডই ভাৰতৰ এই ক্ষতিও কৰিছিল যে আমাৰ বহুতো লিখিত আৰু অলিখিত ঐতিহ্য ধ্বংস কৰি দিয়া হৈছিল। দাসত্বৰ সময়ছোৱাত কিমানযে পাণ্ডুলিপি, কিমানবোৰযে পুথিভঁৰাল জ্বলাই দিয়া হৈছিল, ধ্বংস কৰি পেলোৱা হৈছিল। এয়া কেৱল ভাৰতৰে ক্ষতি নহয়, ই হৈছে সমগ্ৰ বিশ্ব, সমগ্ৰ মানৱ জাতিৰে ক্ষতি। দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ পিছত আমাৰ ঐতিহ্য ৰক্ষাৰ বাবে যিধৰণে প্ৰয়াস কৰিবলগীয়া আছিল, সেয়া সেই হাৰত হোৱা নাছিল।

 

মানুহৰ মাজত ঐতিহ্য সম্পৰ্কে সজাগতাৰ অভাৱেও এই ক্ষতিৰ হাৰ বৃদ্ধি কৰিছিল। আৰু সেয়েহে, ভাৰতে স্বাধীনতাৰ ‘অমৃত কাল’ত 'পঞ্চ-প্ৰাণ' ঘোষণা কৰিছিল, ইয়াৰ ভিতৰত প্ৰধান হৈছে- ঐতিহ্যক লৈ গৌৰৱবোধ কৰা! ‘অমৃত মহোৎসৱ’ত আমি কেৱল ভাৰতৰ ঐতিহ্যৰ সংৰক্ষণ কৰাই নহয়, বৰঞ্চ, এক নতুন সাংস্কৃতিক আন্তঃগাঁথনিও গঢ়ি তুলিছোঁ। দেশৰ এই প্ৰচেষ্টাসমূহত স্বাধীনতা সংগ্ৰামৰ ইতিহাসো আছে, আৰু হাজাৰ হাজাৰ বছৰৰ সাংস্কৃতিক ঐতিহ্যও আছে।

 

মোক কোৱা হৈছে যে আপোনালোক এই অনুষ্ঠানত স্থানীয় আৰু গ্ৰাম্য সংগ্ৰহালয়সমূহক বিশেষ গুৰুত্ব দিছে। ভাৰত চৰকাৰে স্থানীয় আৰু গ্ৰাম্য সংগ্ৰহালয়সমূহ সংৰক্ষণৰ বাবে এক বিশেষ অভিযান চলাই আছে। প্ৰতিখন ৰাজ্য, প্ৰতিটো অঞ্চল আৰু প্ৰতিখন সমাজৰ ইতিহাস সংৰক্ষণৰ বাবে প্ৰচেষ্টা কৰা হৈছে। স্বাধীনতা সংগ্ৰামত আমাৰ জনজাতীয় সম্প্ৰদায়ৰ অৱদানক অমৰ কৰি ৰাখিবলৈ আমি ১০টা বিশেষ সংগ্ৰহালয়ো নিৰ্মাণ কৰি আছোঁ।

মই বিশ্বাস কৰোঁ যে এইটো সমগ্ৰ বিশ্বৰ ভিতৰতে এনে এক অনন্য পদক্ষেপ য'ত জনজাতীয় সাংস্কৃতিক বৈচিত্ৰ্যৰ এক বিস্তৃত আভাস দেখিবলৈ পোৱা যাব। ‘লোন সত্যাগ্ৰহ’ৰ সময়ত মহাত্মা গান্ধীয়ে দাণ্ডীলৈ কৰা যাত্ৰাৰ পথটোও সংৰক্ষণ কৰা হৈছে। গান্ধীজীয়ে ‘লোন আইন ভংগ কৰা’ ঠাইডোখৰত আজি এক বিশাল স্মাৰক নিৰ্মাণ কৰা হৈছে। আজি সমগ্ৰ দেশ আৰু বিশ্বৰ মানুহে ‘দাণ্ডী কুটিৰ’ চাবলৈ গান্ধীনগৰলৈ আহে।

আমাৰ সংবিধানৰ মুখ্য স্থপতি ‘বাবা চাহেব’ আম্বেদকাৰৰ মৃত্যু হোৱা ঠাইডোখৰ কেইবা দশক ধৰি বেয়া অৱস্থাত আছিল। আমাৰ চৰকাৰে দিল্লীৰ ‘৫ আলিপুৰ ৰোড’ নামৰ এই ঠাইডোখৰ ‘ৰাষ্ট্ৰীয় স্মৃতিসৌধ’লৈ ৰূপান্তৰিত কৰিছে। ‘বাবা চাহেব’ৰ জীৱনৰে জড়িত ‘পঞ্চ তীৰ্থ’- ‘মহু’, য'ত তেওঁৰ জন্ম হৈছিল, লণ্ডনৰ যিডোখৰ ঠাইত তেওঁ বাস কৰিছিল, নাগপুৰৰ যিডোখৰ ঠাইত তেওঁ দীক্ষা লৈছিল, মুম্বাইৰ ‘চৈত ভূমি’- য'ত তেওঁৰ সমাধি আছে, এইবোৰ ঠাইৰ বিকাশ সাধন কৰা হৈছে। ভাৰতৰ ৫৮০ খনতকৈয়ো অধিক ‘ৰাজ-বংশ শাসিত ৰাজ্য’ক সংযুক্ত কৰা ‘চৰ্দাৰ চাহেব’ৰ গগণচুম্বী প্ৰতিমূৰ্তি ‘ষ্টেচ্যু অব ইউনিটী’ আজি দেশৰ গৌৰৱ হৈ উঠিছে। ‘ষ্টেচ্যু অব ইউনিটী’ৰ ভিতৰত এটা সংগ্ৰহালয়ো নিৰ্মাণ কৰা হৈছে।

 

পঞ্জাৱৰ ‘জালিয়াঁৱালা বাগে’ই হওক, গুজৰাটত ‘গোবিন্দ গুৰুজীৰ স্মাৰকে’ই হওক, উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ‘মানমহল সংগ্ৰহালয়ে’ই হওক, গোৱাৰ ‘খ্ৰীষ্টান কলা সংগ্ৰহালয়ে’ই হওক, এনে বহুতো ঠাই সংৰক্ষণ কৰা হৈছে। সংগ্ৰহালয়ৰে সম্পৰ্কিত আন এটা অনন্য প্ৰচেষ্টাও ভাৰতত গ্ৰহণ কৰা হৈছে। আমি ৰাজধানী দিল্লীত দেশৰ সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ যাত্ৰা আৰু অৱদানৰ প্ৰতি সমৰ্পিত এটি ‘প্ৰধানমন্ত্ৰী-সংগ্ৰহালয়’ নিৰ্মাণ কৰিছোঁ। আজি সমগ্ৰ দেশৰ জনতাই ‘প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়’লৈ আহি স্বাধীনতাৰ পিছত ভাৰতৰ উন্নয়নমূলক বিকাশ-যাত্ৰাৰ নিদৰ্শন প্ৰত্যক্ষ কৰিব পাৰিছে। যিসকল ইয়ালৈ আহিছে তেওঁলোকক মই এবাৰ এই সংগ্ৰহালয়টো দৰ্শন কৰিবলৈ বিশেষভাৱে অনুৰোধ কৰিম।

 

বন্ধুসকল,

 

যেতিয়া কোনো এখন দেশে নিজৰ ঐতিহ্য সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া ইয়াৰ আন এটা দিশো উজলি উঠে। এই দিশটো হ'ল আন দেশৰ সৈতে ইয়াৰ সম্পৰ্কৰ অন্তৰংগতা। উদাহৰণ স্বৰূপে, ‘ভগৱান বুদ্ধৰ মহাপৰিনিৰ্বাণ’ৰ পিছত ভাৰতে তেওঁৰ পৱিত্ৰ অৱশেষসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সংৰক্ষণ কৰি আহিছে। আৰু আজি সেই পৱিত্ৰ অৱশেষসমূহে কেৱল ভাৰততে নহয় বিশ্বৰ লাখ লাখ বৌদ্ধ অনুগামীক একে সূত্ৰে সংযুক্ত কৰিছে। যোৱাটো বছৰতে, ‘বৌদ্ধ পূৰ্ণিমা’ উপলক্ষে আমি মঙ্গোলিয়ালৈ চাৰিটা পৱিত্ৰ অৱশেষ প্ৰেৰণ কৰিছিলোঁ। সেই উপলক্ষটো সমগ্ৰ মঙ্গোলীয়াৰ বাবেই আস্থাৰ এক মহান উৎসৱত হৈ উঠিছিল।

 

আমাৰ চুবুৰীয়া দেশ শ্ৰীলংকাত থকা বুদ্ধৰ অৱশেষসমূহো ‘বৌদ্ধ পূৰ্ণিমা’ উপলক্ষে আমাৰ কুশীনগৰলৈ অনা হৈছিল। একেদৰে, গোৱাৰ ‘ছেইণ্ট কুইন কেতেৱান’ৰ পৱিত্ৰ অৱশেষৰ ঐতিহ্যও ভাৰতত সংৰক্ষিত হৈ আছে। মোৰ মনত আছে যেতিয়া আমি ‘ছেইণ্ট কুইন কেটেৱান’ৰ অৱশেষ জৰ্জিয়ালৈ পঠিয়াইছিলোঁ, তেতিয়া তাতো ৰাষ্ট্ৰীয় উৎসৱৰ পৰিৱেশে বিৰাজ কৰিছিল। সেইদিনা জৰ্জিয়াৰ বহুতো নাগৰিকে তাত এক মেলা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিল, পথসমূহ হাজাৰ হাজাৰ লোকে সমদল উলিয়াইছিল। অৰ্থাৎ আমাৰ ঐতিহ্যসমূহো বিশ্ব-ঐক্যৰ সূত্ৰধাৰ হৈ উঠে। আৰু সেয়েহে এই ঐতিহ্যক প্ৰতিপালন-সংৰক্ষণ কৰা আমাৰ সংগ্ৰহালয়সমূহৰ ভূমিকাও আৰু গুৰুত্বপূৰ্ণ হৈ উঠে।

 

বন্ধুসকল,

 

যিদৰে আমি অনাগত ভৱিষ্যতৰ বাবে পৰিয়ালৰ সমলসমূহ একত্ৰিত কৰোঁ, সেইদৰেই আমি সমগ্ৰ পৃথিৱীখনকে এটা পৰিয়াল বুলি বিবেচনা কৰি আমাৰ সম্পদসমূহ ৰক্ষা কৰিব লাগিব। আমাৰ সংগ্ৰহালয়সমূহ এই গোলকীয় প্ৰয়াসসমূহত সক্ৰিয় অংশগ্ৰহণকাৰী হ'ব লাগে বুলি মই পৰামৰ্শ দিব খুজিছোঁ। আমাৰ পৃথিৱীখনে যোৱাটো শতিকাত বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছিল। এইসমূহৰ স্মৃতি আৰু চিহ্নবোৰ আজিও আছে। আমি এই চিহ্নবোৰৰ এটা ‘গেলেৰী’ স্থাপনৰ কথা চিন্তা কৰা উচিত। আমি যিমান পাৰি অধিকসংখ্যক সংগ্ৰহালয়ত সেইবোৰৰ সম্পৰ্কিত ছবি সংৰক্ষণৰ কথা ভাবিব পাৰোঁ।

 

আমি বিভিন্ন সময়ত পৰিৱৰ্তনশীল পৃথিৱীৰ ছবিৰ প্ৰদৰ্শনো কৰিব পাৰোঁ। ই আগন্তুক সময়ত মানুহৰ মাজত পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতাও বৃদ্ধি কৰিব। মোক কোৱা হৈছে যে এই ‘এক্সপো’ত ‘গেষ্ট্ৰোনোমিক’ অৰ্থাত্ ‘সু-খাদ্য’ সম্পৰ্কীয় অভিজ্ঞতা প্ৰদৰ্শনৰ বাবেও স্থানৰ দিহা কৰা হৈছে। মানুহে ইয়াত আয়ুৰ্বেদ আৰু বাজ্ৰা-‘শ্ৰীঅন্ন’ আধাৰিত ব্যঞ্জনৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।

 

ভাৰতৰ প্ৰচেষ্টাত আয়ুৰ্বেদ আৰু বাজ্ৰা-‘শ্ৰীঅন্ন’ দুয়োটাই আজি এক বিশ্বজোৰা আন্দোলনত পৰিণত হৈছে। আমি ‘শ্ৰীঅন্ন’ আৰু বিভিন্ন বনস্পতিৰ হাজাৰ হাজাৰ বছৰজোৰা যাত্ৰাক আধাৰ কৰি নতুন সংগ্ৰহালয় নিৰ্মাণ কৰিব পাৰোঁ। এনে প্ৰচেষ্টাই এই জ্ঞান-ব্যৱস্থাক আগন্তুক প্ৰজন্মলৈ লৈ যাব আৰু তেওঁলোকক অমৰ কৰি তুলিব।

 

বন্ধুসকল,

 

আমি এই সকলো প্ৰচেষ্টাত তেতিয়াহে সফলতা লাভ কৰিব পাৰিম যেতিয়া আমি ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণক দেশৰ স্বভাৱ কৰি তুলিম। এতিয়া প্ৰশ্ন হৈছে, আমাৰ ঐতিহ্যৰ সুৰক্ষা কেনেকৈ দেশৰ সাধাৰণ নাগৰিকৰ প্ৰকৃতিস্বভাৱ হৈ উঠি'ব? মই এটা সৰু উদাহৰণ দিওঁ ৰ’ব। ভাৰতৰ প্ৰতিটো পৰিয়ালে, আমাৰ ঘৰত কিয়নো আমাৰ পাৰিয়ালৰ একোটা সংগ্ৰহালয় নিৰ্মাণ নকৰো? ঘৰৰ লোকসকলৰ বিভিন্ন তথ্যাৱলী, আমাৰ নিজৰ পৰিয়ালৰ তথ্যপাতি। ইয়াত ঘৰৰ, ঘৰৰ জ্যেষ্ঠসকলৰ, পুৰণি তথা কিছুমান বিশেষ বস্তু ৰাখিব পাৰি। আপুনি আজি লিখা কাকতখন আপোনাৰ বাবে তেনেই সাধাৰণ যেন লাগিব পাৰে। কিন্তু আপুনি লিখা এই একেখন কাকতেই তিনি বা চাৰিটা প্ৰজন্মৰ পিছত এক আৱেগিক সম্পত্তি হৈ উঠিব পাৰে। একেদৰে, আমাৰ বিদ্যালয়, আমাৰ বিভিন্ন প্ৰতিষ্ঠান আৰু সংগঠনেও তেওঁলোকৰ নিজা সংগ্ৰহালয় স্থাপন কৰা উচিত। চাবচোন, ভৱিষ্যতৰ বাবে ই কিমান ডাঙৰ আৰু ঐতিহাসিক মূলধন হৈ উঠিবগৈ।

 

দেশৰ বিভিন্ন চহৰসমূহেও আধুনিক ৰূপত মহানগৰ সংগ্ৰহালয়ৰ দৰে প্ৰকল্প নিৰ্মাণ কৰিব পাৰে। ইয়াত, সেই চহৰসমূহৰে জড়িত ঐতিহাসিক সম্পদসমূহ ৰাখিব পৰা যাব। বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা পুৰণি তথ্য সংৰক্ষণৰ পুৰণি পৰম্পৰাসমূহেও আমাক এই দিশত যথেষ্ট সহায় কৰিব।

 

বন্ধুসকল,

 

মই সুখী যে সংগ্ৰহালয়সমূহ আজি যুৱপ্ৰজন্মৰ বাবে কেৱল ভ্ৰমণস্থলীয়েই নহয়, বৰং ‘কেৰিয়াৰ’ৰ বিকল্প হৈয়ো উঠিছে। কিন্তু মই বিচাৰোঁ যে আমি আমাৰ যুৱক-যুৱতীসকলক কেৱল সংগ্ৰহালয়ৰ কৰ্মীৰ দৃষ্টিকোণৰেই চাব নালাগিব। ইতিহাস আৰু স্থাপত্যৰ দৰে বিষয়ৰ সৈতে জড়িত এই যুৱক-যুৱতীসকল বিশ্বজোৰা সাংস্কৃতিক বিনিময়ৰ মাধ্যম হৈ উঠিব পাৰে। এই যুৱক-যুৱতীসকল আন দেশলৈ যাব পাৰে, তাত থকা যুৱপ্ৰজন্মৰ পৰা পৃথিৱীৰ বিভিন্ন সংস্কৃতিৰ বিষয়ে শিকিব পাৰে, তেওঁলোকক ভাৰতৰ সংস্কৃতিৰ বিষয়ে ক'ব পাৰে।  তেওঁলোকৰ অভিজ্ঞতা আৰু অতীতৰ সৈতে সম্পৰ্ক আমাৰ দেশৰ ঐতিহ্য সংৰক্ষণত যথেষ্ট কাৰ্যকৰী প্ৰমাণিত হ'ব।

 

বন্ধুসকল,

 

আজি, যেতিয়া আমি উমৈহতীয়া ঐতিহ্যৰ কথা কৈছোঁ, তেতিয়া মই এটা উমৈহতীয়া প্ৰত্যাহ্বানৰ কথাও উল্লেখ কৰিব বিচাৰিছোঁ। এয়া প্ৰত্যাহ্বান হৈছে– কলাকৃতিসমূহৰ চোৰাং ব্যৱসায় আৰু বিনিয়োগ। ভাৰতৰ দৰে প্ৰাচীন সংস্কৃতি থকা দেশসমূহে শ শ বছৰ ধৰি ইয়াৰ সৈতে সংগ্ৰাম কৰি আহিছে। আনকি স্বাধীনতাৰ আগতে আৰু স্বাধীনতাৰ পাছতো আমাৰ দেশৰ পৰা বহুতো শিল্পকলা অনৈতিক ভাৱে বিদেশলৈ লৈ যোৱা হৈছে। এই ধৰণৰ অপৰাধ বন্ধ কৰিবলৈ আমি একেলগে কাম কৰিব লাগিব।

 

মই সুখী যে আজি বিশ্বত ভাৰতৰ বৰ্ধিত বিশ্বাসযোগ্যতাৰ মাজত, এতিয়া বিভিন্ন দেশে ভাৰতলৈ ইয়াৰ ঐতিহাসিক সমলসমূহ ঘূৰাই দিবলৈ আৰম্ভ কৰিছে। বেনাৰসৰ পৰা চুৰি হোৱা মাতৃ অন্নপূৰ্ণাৰ মূৰ্তিয়েই হওক, গুজৰাটৰ পৰা চুৰি হোৱা মহিষাসুৰমৰ্দিনীৰ প্ৰতিমূৰ্তিয়েও হওক, চোল সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা নটৰাজৰ মূৰ্তিকে ধৰি প্ৰায় ২৪০টা প্ৰাচীন শিল্পকলা ভাৰতলৈ ঘূৰাই অনা হৈছে। অথচ, ইয়াৰ আগৰ কেইবাটাও দশকত এই সংখ্যা ২০তে উপনীত হোৱা নাছিল। এই ৯টা বছৰত ভাৰতৰ পৰা হোৱা সাংস্কৃতিক শিল্পকলাৰ চোৰাং ব্যৱসায়ো যথেষ্ট হ্ৰাস পাইছে।

 

মই সমগ্ৰ বিশ্বৰ কলানুৰাগীসকলক, বিশেষকৈ সংগ্ৰহালয়সমূহৰে জড়িতসকলক এই ক্ষেত্ৰত সহযোগিতা আৰু অধিক বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছোঁ। অনৈতিক ভাৱে উপলব্ধ হোৱা কোনো শিল্পকৰ্মই আন কোনো দেশৰ কোনো সংগ্ৰহালয়তে থাকিব নালাগে। আমি ইয়াক সকলো সংগ্ৰহালয়ৰ বাবে এক নৈতিক প্ৰতিশ্ৰুতি হিচাপে প্ৰতিস্থা কৰা উচিত।

 

বন্ধুসকল,

 

মই নিশ্চিত যে আমি অতীতৰ সৈতে সংযুক্ত হৈ থাকিম আৰু ভৱিষ্যতৰ বাবে নতুন চিন্তাধাৰাৰ আধাৰত কাম কৰিম। আমি ঐতিহ্যও সংৰক্ষণ কৰিম, আৰু আমি এক নতুন ঐতিহ্যও গঢ়ি তুলিম। এই কামনাৰে, আপোনালোক সকলোলৈকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of knowledge, wisdom and foresight
June 19, 2026

The Prime Minister, Shri Narendra Modi has said that virtues such as knowledge, wisdom and foresight are the foundation of success in life. He noted that a person enriched with these qualities is able to overcome even the most difficult challenges and emerge victorious.

The Prime Minister shared a Sanskrit Subhashitam-

“शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”

The Subhashitam conveys that authentic knowledge of the subject, natural prudence, fearless self-confidence, powerful speech refined through practice, foresight to recognize the demands of the time and ever-new wisdom, these six qualities prove to be like 'kamadhenu' in every endeavor of a human being, which helps in achieving every goal.

The Prime Minister wrote on X;

“ज्ञान, विवेक और दूरदर्शिता जैसे सद्गुण जीवन में सफलता का प्रमुख आधार हैं। इनसे समृद्ध व्यक्ति कठिन से कठिन चुनौतियों में भी विजयी होता है।

शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”