বন্ধুসকল,

 

বিশ্ব শান্তি আৰু নিৰাপত্তা কেৱল আদৰ্শই নহয়, বৰঞ্চ ই আমাৰ অংশীদাৰিত্বপূৰ্ণ স্বাৰ্থ আৰু ভৱিষ্যতৰো বুনিয়াদ। শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশতহে মানৱতাৰ প্ৰগতি সম্ভৱ। এই উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত ‘ব্ৰিকছ’-ৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি একত্ৰিত হৈ আমাৰ প্ৰচেষ্টাক সমবেত কৰি আমি সকলোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে সামূহীয়াভাৱে মোকাবিলা কৰাৰ সময় সমাগত হৈছে। আমি একেলগে আগবাঢ়িব লাগিব।

 

বন্ধুসকল,

 

সন্ত্ৰাসবাদ হৈছে মানৱতাই আজি সন্মুখীন হোৱা আটাইতকৈ গুৰুতৰ প্ৰত্যাহ্বান। শেহতীয়াকৈ ভাৰতে এক নৃশংস আৰু কাপুৰুষতাপূৰ্ণ সন্ত্ৰাসবাদী আক্ৰমণ সহিবলগীয়া হৈছিল। ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণটো আছিল ভাৰতৰ আত্মা, পৰিচয়, মৰ্যাদাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। এই আক্ৰমণ কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ মানৱ জাতিৰ বাবেও এক আঘাত আছিল। শোক-দুখৰ এই মুহূৰ্তত আমাৰ সৈতে থিয় দি সমৰ্থন আৰু শোক প্ৰকাশ কৰা বন্ধুত্বপূৰ্ণ দেশসমূহলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

সন্ত্ৰাসবাদক নিন্দা কৰাটো নীতিগত বিষয় হ’ব লাগিব, ই কেৱল সুবিধাবাদৰ কথা হ’ব নালাগিব। আক্ৰমণ ক’ত বা কাৰ বিৰুদ্ধে সংঘটিত হৈছে সেই কথাৰ ভিত্তিত যদি আমাৰ প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰে, তেন্তে সেয়া স্বয়ং মানৱতাৰ প্ৰতিয়েই এক প্ৰতাৰণা হ’ব।

 

বন্ধুসকল,



সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাত কোনো ধৰণৰ সংকোচ থাকিব নালাগে। সন্ত্ৰাসবাদৰ ভুক্তভোগী আৰু সমৰ্থকসকলক সম ব্যৱহাৰ কৰিব নোৱাৰি। ব্যক্তিগত বা ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত সন্ত্ৰাসবাদক মৌন সন্মতি দিয়া বা সন্ত্ৰাসবাদী বা সন্ত্ৰাসবাদক সমৰ্থন কৰা, কোনো কাৰণতে কেতিয়াও গ্ৰহণযোগ্য হোৱা উচিত নহয়। সন্ত্ৰাসবাদৰ কথা আহিলে আমাৰ কথা আৰু কামৰ মাজত কোনো পাৰ্থক্যই থাকিব নালাগিব। যদি আমি এই কাম কৰিব নোৱাৰো, তেন্তে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপিত হব যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজাত সঁচাকৈয়ে  গুৰুত্ব দিছো নে নাই?

 

বন্ধুসকল,

 

আজি পশ্চিম এছিয়াৰ পৰা ইউৰোপলৈকে সমগ্ৰ বিশ্বখনকে বিবাদ আৰু উত্তেজনাই আগুৰি ধৰিছে। গাজাৰ মানৱীয় পৰিস্থিতি নিতান্তই চিন্তাৰ কাৰণ। ভাৰতে দৃঢ়ভাৱে বিশ্বাস কৰে যে পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, মানৱতাৰ মংগলৰ বাবে শান্তিৰ পথটোৱেই হৈছে একমাত্ৰ বিকল্প।

 

ভাৰত হৈছে ভগৱান বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশ। আমাৰ ইয়াত যুদ্ধ আৰু হিংসাৰ কোনো স্থান নাই। বিশ্বক বিভাজন আৰু সংঘাতৰ পৰা আঁতৰাই আনি সংহতি আৰু বিশ্বাস বৃদ্ধি কৰিব পৰা আলোচনা, সহযোগিতা, সমন্বয়ৰ দিশত লৈ যোৱা প্ৰতিটো প্ৰচেষ্টাকে ভাৰতে সমৰ্থন কৰে। এই দিশত আমি সকলো বন্ধুত্বপূৰ্ণ দেশৰ সৈতে সহযোগিতা আৰু অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।

 

বন্ধুসকল,

 

সামৰণিত, অহা বছৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া ‘ব্ৰিকছ সন্মিলন’ৰ বাবে মই আপোনালোক সকলোকে ভাৰতলৈ উষ্ম আমন্ত্ৰণ জনাইছোঁ।

 

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Women’s Hockey Team on retaining Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi has congratulated the Indian Junior Women’s Hockey Team on retaining the Asia Cup with a superb unbeaten campaign.

The Prime Minister said that the team’s success reflects the talent and determination of the players.

Shri Modi extended his best wishes to the entire team.

In a post on X, Shri Modi said;

“A proud moment for Indian hockey!

Congratulations to our Junior Women’s Hockey Team on retaining the Asia Cup with a superb unbeaten campaign.

Their success reflects the talent and determination of the players.

Best wishes to the entire team!

@TheHockeyIndia”