আজিৰ দিনটোতে দেশে চৰ্দাৰ পেটেলৰ লৌহ কঠিন ইচ্ছাৰ এক উজ্জ্বল নিদৰ্শন প্ৰত্যক্ষ কৰিলে, ভাৰতীয় সেনাই হায়দৰাবাদক অগণন অত্যাচাৰৰ পৰা মুক্ত কৰিছিল,ভাৰতৰ গৌৰৱ আৰু মৰ্যাদা পুনৰবাৰ ঘূৰাই আনিছিল: প্ৰধানমন্ত্ৰী
‘মা ভাৰতী’ৰ সন্মান, গৌৰৱক একোৱেই অতিক্ৰম কৰিব নোৱাৰেঃ প্ৰধানমন্ত্ৰী
‘স্বাস্থ্য নাৰী সশক্ত পৰিয়াল’ অভিযান আমাৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে উৎসৰ্গিত: প্ৰধানমন্ত্ৰী
দুখীয়াৰ সেৱা মোৰ জীৱনৰ সৰ্বোচ্চ উদ্দেশ্য:প্ৰধানমন্ত্ৰী
আমি বস্ত্ৰ উদ্যোগৰ বাবে ৫ টা এফ দৃষ্টিভংগীৰ প্ৰতিশ্ৰুতিৰে কাম কৰি আছো – ফাৰ্মৰ পৰা ফাইবাৰলৈকে, ফাইবাৰৰ পৰা ফেক্টৰীলৈকে, ফেক্টৰীৰ পৰা ফেশ্বন আৰু ফেশ্বনৰ পৰা বিদেশীলৈকে: প্ৰধানমন্ত্ৰী
লগতে নিজৰ কাৰুকাৰ্য্য তথা নিষ্ঠাৰ জৰিয়তে দেশ নিৰ্মাণৰ কামত নিয়োজিত কোটি কোটি ভাই-ভনীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।
শেহতীয়া এটা ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কালি আন এজন পাকিস্তানী সন্ত্ৰাসবাদীয়ে কান্দি কান্দি নিজৰ অধ্যায়ৰ বৰ্ণনা কৰি আছিল।

ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়!

 

নৰ্মদা মাৰ  জয়! নৰ্মদা মাৰ জয়! নৰ্মদা মাৰ জয়!

 

মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন যাদৱ, কেন্দ্ৰত মোৰ সহকৰ্মী, ভগ্নী সাবিত্ৰী ঠাকুৰ, সকলো কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি তথা ৰ মোৰ মৰমৰ ভাই-ভনীসকল!

 

জ্ঞানৰ দেৱী আৰু ধৰ ভোজশালাৰ মাতৃ বাগদেৱীৰ চৰণত প্ৰণাম জনাইছো।  আজি দক্ষতা আৰু নিৰ্মাণৰ দেৱতা ভগৱান বিশ্বকৰ্মাৰ জন্ম বাৰ্ষিকী। এনে সময়তে ভগৱান বিশ্বকৰ্মাক শ্ৰদ্ধাঞ্জলি জনাইছো। বিশ্বকৰ্মা জয়ন্তী উপলক্ষে নিজৰ দক্ষতাৰে দেশ -নিৰ্মাণৰ কামত নিয়োজিত লাখ লাখ ভাই-ভনীকো শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

 

বন্ধুসকল,

 

এই ধৰ ভূমি সদায় শৌৰ্যৰ ভূমি, প্ৰেৰণাৰ ভূমি হৈ আহিছে। মহাৰাজ ভোজৰ শৌৰ্য্য...আমি চাগে সেয়া  শুনা বা দেখা নাপাওঁ। আপোনালোক  যিমানেই দূৰত নাথাকক কিয়, মই বুজি পাওঁ আপোনালোকৰ হৃদয়ত কি আছে। ইয়াৰ টেকনিচিয়ানসকলে যদি সহায় কৰিব পাৰে তেন্তে অনুগ্ৰহ কৰি সহায় কৰক।  মধ্যপ্ৰদেশৰ মানুহ, তেওঁলোক অতি অনুশাসিত। অসুবিধা থাকিলেও সহনশীলতা মধ্যপ্ৰদেশৰ এটা বৈশিষ্ট্য হৈ আহিছে, মই ইয়াতো সেি কথা অনুভৱ কৰিছো।

 

বন্ধুসকল,

 

মহাৰাজ ভোজৰ বীৰত্বই আমাক জাতীয় গৌৰৱ ৰক্ষাৰ বাবে দৃঢ়তাৰে থিয় দিবলৈ শিকাইছে। মহৰ্ষি দধিচীৰ ত্যাগে আমাক মানৱতাৰ সেৱা কৰাৰ সংকল্প দিছে । এই উত্তৰাধিকাৰৰ পৰা প্ৰেৰণা লৈ আজি দেশে ভাৰত মাতৃৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে । পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নী  আৰু কন্যাৰ  সইৰত থকা সেন্দূৰ  ধ্বংস কৰি পেলাইছিল। অপাৰেচন সিন্দূৰৰ জৰিয়তে আমি সন্ত্ৰাসবাদীয়ে  আত্মগোপন কৰা  স্থান ধ্বংস কৰিছো। আমাৰ সাহসী সৈন্যই চকুৰ পলকতে পাকিস্তানক আঁঠু লোৱাইছে । সৌসিদিনা  বিশ্বই পাকিস্তানী সন্ত্ৰাসবাদীয়ে কান্দি কান্দি নিজৰ অধ্যায়ৰ কথা কোৱাৰ সাক্ষী হৈ পৰিল।

 

বন্ধুসকল,

 

এয়া এখন নতুন ভাৰত। কাৰো পাৰমাণৱিক ভাবুকিৰ প্ৰতি ই ভয় নকৰে। শত্ৰুৰ ঘৰত প্ৰৱেশ কৰি হত্যা কৰা এইখন নতুন ভাৰত।

 

বন্ধুসকল,

 

আজি ১৭ ছেপ্টেম্বৰ, আজি আন এক ঐতিহাসিক অনুষ্ঠান। আজিৰ দিনটোতে চৰ্দাৰ পেটেলৰ তীখাৰ দৰে ইচ্ছাৰ নিদৰ্শন দেশখনে প্ৰত্যক্ষ কৰিছিল। ভাৰতীয় সেনাই হায়দৰাবাদক অসংখ্য অত্যাচাৰৰ পৰা মুক্ত কৰি ভাৰতৰ অধিকাৰ ৰক্ষা কৰি ভাৰতৰ গৌৰৱ পুনৰ ঘূৰাই আনিলে। দশক দশক পাৰ হৈ গ’ল এই কীৰ্তিচিহ্নস্বৰূপ কৃতিত্ব, এই কৃতিত্ব, সেনাবাহিনীৰ অপৰিসীম সাহসক কোনেও মনত পেলোৱা নাছিল । কিন্তু আপোনালোকে  মোক সুযোগ দিছে । আমাৰ চৰকাৰে ১৭ ছেপ্টেম্বৰ, চৰ্দাৰ পেটেল  আৰু হায়দৰাবাদৰ কাণ্ডক অমৰ কৰি তুলিছে। ভাৰতৰ ঐক্যৰ প্ৰতীক এই দিৱসটো আমি হায়দৰাবাদ মুক্তি দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিছো।  আজি হায়দৰাবাদত অতি আড়ম্বৰেৰে মুক্তি দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। হায়দৰাবাদ মুক্তি দিৱসে আমাক এই কথাত অনুপ্ৰাণিত কৰে যে ভাৰত মাতৃৰ সন্মান আৰু গৌৰৱতকৈ ডাঙৰ একোৱেই নহয়। যদি আমি জীয়াই থাকোঁ, তেন্তে আমি দেশৰ বাবে জীয়াই থকা উচিত আৰু আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ প্ৰতি উৎসৰ্গা কৰা উচিত।

 

বন্ধুসকল,

 

আমাৰ স্বাধীনতা সংগ্ৰামীসকলে দেশৰ বাবে মৃত্যুৰ শপত খাই সকলো উৎসৰ্গা কৰিলে। তেওঁলোকৰ সপোন আছিল ‘উন্নত ভাৰত’; তেওঁলোকে বিচাৰিছিল যে ভাৰতে দাসত্বৰ শিকলি ভাঙি দ্ৰুতগতিত আগবাঢ়ি যাওক। আজি ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি ভাৰতৰ ১৪০ কোটি জনসাধাৰণে এখন উন্নত ভাৰত গঢ়াৰ সংকল্প লৈছো। উন্নত ভাৰতৰ দিশে এই যাত্ৰাৰ চাৰিটা গুৰুত্বপূৰ্ণ স্তম্ভ হ'ল ভাৰতৰ নাৰী শক্তি, যুৱ শক্তি, দুখীয়া লোক , আৰু কৃষক। আজি এই কাৰ্যসূচীত উন্নত ভাৰতৰ এই চাৰিটা স্তম্ভক শক্তিশালী কৰা হৈছে। মোৰ মা, ভনী, কন্যাসকলৰ  বৃহৎ সংখ্যক ইয়ালৈ আহিছে। আজিৰ অনুষ্ঠানত নাৰী শক্তিৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়া হৈছে। এই কাৰ্যসূচী ধৰত চলি আছে যদিও এয়া সমগ্ৰ দেশৰ বাবে,  সমগ্ৰ  দেশৰ  মাতৃ-ভগ্নীৰ বাবে। ইয়াৰ পৰাই "স্বাস্থ্যৱান মহিলা, সবল পৰিয়াল" শীৰ্ষক এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছে। দেৱী বাগদেৱীৰ আশীৰ্বাদত ইয়াতকৈ ডাঙৰ কাম কি সম্পন্ন হ’ব পাৰে?

 

বন্ধুসকল,

 

ইতিমধ্যে দেশজুৰি বিভিন্ন পৰ্যায়ত শুনা গৈছে "আদি সেৱা পৰ্ব"ৰ প্ৰতিধ্বনি। ইয়াৰ মধ্যপ্ৰদেশ সংস্কৰণো আজিৰ পৰা আৰম্ভ হৈছে। এই অভিযানে মধ্যপ্ৰদেশকে ধৰি ধৰৰ আমাৰ জনজাতীয় জনগোষ্ঠীসমূহক বিভিন্ন আঁচনিৰ জৰিয়তে পোনপটীয়াকৈ সংযোগ কৰা এখন সেতু হিচাবে কাম কৰিব।

 

বন্ধুসকল,

 

আজি বিশ্বকৰ্মা জয়ন্তী উপলক্ষে এক বৃহৎ ঔদ্যোগিক পদক্ষেপো গ্ৰহণ কৰিবলৈ যোৱা হৈছে।   ইয়াত দেশৰ সৰ্ববৃহৎ সংহত বস্ত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই উদ্যানখনে ভাৰতৰ বস্ত্ৰ উদ্যোগক সজীৱ কৰি তুলিব। কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিব। আৰু মই আনন্দিত হৈছো যে কেৱল  ধৰতে নহয়, সমগ্ৰ দেশৰ লাখ লাখ কৃষক বৰ্তমান আমাৰ সৈতে এই কাৰ্যসূচীত জড়িত হৈ আছে।

 

বন্ধুসকল,

 

পি এম মিত্ৰ পাৰ্ক আৰু বস্ত্ৰ উদ্যানৰ আটাইতকৈ ডাঙৰ লাভ হ’ব আমাৰ যুৱক-যুৱতী আৰু মহিলাসকলে লাভ কৰা বৃহৎ সংখ্যক চাকৰি। এই প্ৰকল্প আৰু অভিযানৰ বাবে মোৰ সকলো দেশবাসীক অভিনন্দন জনাইছো। মধ্যপ্ৰদেশলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

 

আমাৰ মাতৃ-ভগ্নীসকল, আমাৰ নাৰী শক্তি, জাতিৰ প্ৰগতিৰ মূল ভেটি। আমি সকলোৱে দেখিবলৈ পাইছো  যে এগৰাকী মাতৃ সুস্থ হ’লেহে গোটেই ঘৰখন সুস্থ হৈ থাকিব ।

 

বন্ধুসকল,

 

এগৰাকী মাতৃ অসুস্থ হ’লে সমগ্ৰ পৰিয়াল ব্যৱস্থাৰ পতন ঘটে। সেইবাবেই এই অভিযান, "সুস্থ মহিলা - শক্তিশালী পৰিয়াল" মাতৃ আৰু ভগ্নীসকলৰ বাবে উৎসৰ্গিত, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে উৎসৰ্গিত। সম্পদৰ অভাৱত যাতে এজনো মহিলাই কোনো গুৰুতৰ ৰোগৰ বলি নহয় তাৰ প্ৰতি গুৰুত্ব আৰোপেই  আমাৰ লক্ষ্য। গোপনে অনেক ৰোগে আমাক আক্ৰান্ত কৰে ।

 

বন্ধুসকল,

 

মাতৃ, ভগ্নী, কন্যাৰ স্বাস্থ্য আমাৰ অগ্ৰাধিকাৰ। আমাৰ চৰকাৰেও গৰ্ভৱতী মহিলা আৰু কন্যাৰ উপযুক্ত পুষ্টি নিশ্চিত কৰাৰ বাবে আবিৰতভাবে  কাম কৰি আছো । আজি আমি আৰম্ভ কৰিছো অষ্টম ৰাষ্ট্ৰীয় পুষ্টি মাহ। উন্নয়নশীল ভাৰতত আমি যিমান পাৰি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব লাগিব। ইয়াৰ বাবে আমি ২০১৭ চনত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আৰম্ভ কৰিছিলো।এই আঁচনিৰ অধীনত প্ৰথম সন্তান জন্মৰ বাবে পাঁচ হাজাৰ টকা পোনপটীয়াকৈ বেংক একাউণ্টত আৰু দ্বিতীয় কন্যাৰ জন্মৰ বাবে ছহাজাৰ টকা দিয়া হয়। এই পৰ্যন্ত চাৰে চাৰি কোটি গৰ্ভৱতী মাতৃয়ে মাত্ৰু বন্দনা যোজনাৰ দ্বাৰা উপকৃত হৈছে। আৰু এতিয়ালৈকে ১৯ হাজাৰ কোটি টকাতকৈও অধিক—এই পৰিসংখ্যাৰ অৰ্থ কি সেয়াও হয়তো একাংশ লোকে বুজি নাপাব। ১৯ হাজাৰ কোটিতকৈও অধিক টকা মোৰ মা আৰু ভগ্নীৰ বেংক একাউণ্টত সোমাইছে। আজি এটা ক্লিকতে ১৫ লাখৰো অধিক গৰ্ভৱতী মাতৃলৈ সাহায্য প্ৰেৰণ কৰা হৈছে। আজি তেওঁলোকৰ একাউণ্টত জমা হৈছে ৪৫০ কোটিতকৈ অধিক টকা, সেয়াও  ধৰৰ ভূমিৰ পৰাই।

 

বন্ধুসকল,

 

আজি মধ্যপ্ৰদেশৰ ভূমিৰ পৰা আন এক অভিযানৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। জানেনে, আমাৰ জনজাতীয় অঞ্চলত ছিকেল চেল এনিমিয়া এটা ডাঙৰ সংকট হৈ পৰিছে। আমাৰ চৰকাৰে আমাৰ জনজাতীয় ভাই-ভনীসকলক এই ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰীয় অভিযান চলাই থকা হৈছে । আমি ২০২৩ চনত মধ্যপ্ৰদেশৰ শ্বাহদলত এই অভিযান আৰম্ভ কৰিছিলো। শ্বাহদোলতেই আমি প্ৰথমখন ছিকেল চেল স্ক্ৰীনিং কাৰ্ড বিতৰণ কৰিছিলোঁ। আজি মধ্যপ্ৰদেশত এক কোটিতম ছিকেল চেল স্ক্ৰীনিং কাৰ্ড বিতৰণ কৰা হয়। এইমাত্ৰ মঞ্চলৈ  অহা এই ছোৱালীজনীক দিয়া কাৰ্ডখন আছিল এক কোটিতম কাৰ্ড, আৰু এই কথা মই মধ্যপ্ৰদেশৰ কথা কৈছো। এই অভিযানৰ অধীনত এই পৰ্যন্ত সমগ্ৰ দেশতে ৫ কোটিতকৈ অধিক লোকৰ স্ক্ৰীনিং কৰা হৈছে। ছিকেল চেল স্ক্ৰীনিঙে আমাৰ জনজাতীয় সমাজৰ লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছ, কিন্তু  বহুতে হয়তো এই বিষয়ে অৱগত নহয়।

 

বন্ধুসকল,

 

আমি যি কামত নিয়োজিত হৈ আছো সেয়া আগন্তুক প্ৰজন্মৰ বাবে এক বৃহৎ আশীৰ্বাদ হ’বলৈ গৈ আছে। আজি যিসকলৰ জন্মও হোৱা নাই তেওঁলোকৰ বাবেও কাম কৰি আছো। বৰ্তমানৰ প্ৰজন্ম যদি সুস্থ হৈ উঠে তেন্তে ই তেওঁলোকৰ ভৱিষ্যত সন্তানৰ স্বাস্থ্যৰ নিশ্চয়তা প্ৰদান কৰিব। বিশেষকৈ আমাৰ জনজাতীয় মাতৃ-ভগ্নীসকলক ছিকেল চেল এনিমিয়াৰ পৰীক্ষা কৰিবলৈ আহ্বান জনাম।

 

বন্ধুসকল,

 

মাতৃ-ভগ্নীসকলৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ অসুবিধা কমাই দিয়াটো মই সদায়ে প্ৰচেষ্টা চলাই আছো । স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মিত লাখ লাখ শৌচাগাৰ, উজ্জ্বলা যোজনাৰ জৰিয়তে প্ৰদান কৰা লাখ লাখ বিনামূলীয়া গেছ সংযোগ, প্ৰতি ঘৰে ঘৰে পানী যোগান ধৰাৰ বাবে জল জীৱন অভিযান, আৰু ৫ লাখ টকা  পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান যোজনা—এই সকলোবোৰে মাতৃ আৰু ভগ্নীসকলৰ জীৱনৰ অসুবিধা হ্ৰাস কৰিছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিছে। ইয়াত ইমানবোৰ ভাই-ভনী থাকিলেও তেওঁলোকৰ পৰিয়ালতো মাক, ভনীয়েক, ছোৱালী আছে। লগতে মোৰ ভাই-ভনীসকলকো আহ্বান জনাইছো যে তেওঁলোকে মোক সহায় কৰক আৰু আপোনালোকৰ মাক, ভগ্নী, কন্যাসকলৰ স্বাস্থ্য পৰীক্ষা কৰাটো নিশ্চিত কৰক।

 

বন্ধুসকল,

 

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ পৰিসংখ্যা শুনি বিশ্বৰ মানুহে এই সংখ্যাক লৈ আচৰিত হৈ পৰিছে। বন্ধুসকল, কৰ’না মহামাৰীৰ কঠিন সময়ত বিনামূলীয়া ৰেচন আঁচনিখনে দৰিদ্ৰ মাতৃৰ চৌকা জ্বলাই ৰাখিছিল। এই আঁচনিৰ অধীনত এতিয়াও বিনামূলীয়া খাদ্য শস্য বিতৰণ কৰা হৈছে। আনকি পি এম আৱাস যোজনাৰ অধীনতো লাখ লাখ ঘৰ দিয়া হৈছে, ইয়াৰে অধিকাংশই মহিলাৰ নামত দিয়া হৈছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে ভগ্নী-কন্যাক আৰ্থিকভাৱে সবলীকৰণৰ বিষয়ত বিশেষ  গুৰুত্ব আৰোপ কৰিছে। আমাৰ লাখ লাখ ভগ্নীয়ে মুদ্ৰা যোজনাৰ জৰিয়তে ঋণ লৈ নতুন ব্যৱসায় আৰম্ভ কৰি নতুন উদ্যোগ স্থাপন কৰিছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে ৩ কোটি গ্ৰাম্য ভগ্নী, মাতৃ-ভগ্নীক গাঁৱে-ভূঞে, লাখপতি দিদিলৈ ৰূপান্তৰিত কৰাৰ অভিযানত নিয়োজিত হৈছে ।  মই গৌৰৱেৰে ক’ব পাৰো যে এই অভিযানে ইমানেই সফলতা লাভ কৰিছে যে ইমান কম সময়ৰ ভিতৰতে ইতিমধ্যে প্ৰায় দুই কোটি ভগ্নী লাখপতি দিদি  হৈ পৰিছে। আমি নাৰীক বেংক সখী আৰু ড্ৰোন দিদিৰে সবল কৰি গ্ৰাম্য অৰ্থনীতিৰ কেন্দ্ৰলৈ আনিছো। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে এক নতুন বিপ্লৱৰ নেতৃত্ব দিছে।

 

ভাই-ভনীসকল,

 

বিগত ১১ বছৰ ধৰি দুখীয়াৰ কল্যাণ, দুখীয়াৰ সেৱা, তেওঁলোকৰ জীৱনৰ উন্নতি আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে। আমি বিশ্বাস কৰোঁ যে দেশখন তেতিয়াহে আগবাঢ়িব যেতিয়া দৰিদ্ৰ লোকসকল দৰিদ্ৰতাৰ ওপৰত উঠি দ্ৰুতগতিত আগবাঢ়িব। আমি দেখিছোঁ যে দুখীয়াৰ সেৱা কৰাটো কেতিয়াও অসাৰ নহয়। মাত্ৰ অলপ সহযোগিতা আৰু সহায়ৰ দ্বাৰা দুখীয়াৰ কষ্টৰ মাজেৰে সাগৰ পাৰ হোৱাৰ সাহস আমাৰ আছে। দুখীয়াৰ এই আৱেগ আৰু অনুভৱবোৰ মই ব্যক্তিগতভাৱে অনুভৱ কৰিছো। গতিকে দুখীয়াৰ দুখ মোৰ নিজৰ দুখ। দুখীয়াৰ সেৱা কৰাটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য। সেয়ে আমাৰ চৰকাৰে দৰিদ্ৰ লোকক কেন্দ্ৰবিন্দুত ৰাখি  অহৰহ পৰিকল্পনা প্ৰণয়ন কৰি  সেইবোৰ কাৰ্যকৰী কৰি আছে।

 

বন্ধুসকল,

 

অক্লান্তভাৱে, নিষ্ঠাৰে আৰু নিৰ্মল হৃদয়েৰে কাম কৰি আমাৰ নীতিৰ ফলে বিশ্ববাসীৰ দৃষ্টিগোচৰ আকৰ্ষণ কৰিছে । ইয়াত বহি থকা সকলোৱে গৌৰৱ কৰিব যে বিগত ১১ বছৰৰ অবিৰত প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আজি দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। আমাৰ সমগ্ৰ সমাজে এক নতুন আত্মবিশ্বাস লাভ কৰিছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰৰ এই প্ৰচেষ্টাবোৰ কেৱল আঁচনি নহয়; সেইবোৰ হৈছে দুখীয়া মাতৃ, ভগ্নী আৰু কন্যাৰ জীৱন ৰূপান্তৰিত কৰাৰ মোদীৰ নিশ্চয়তা। দুখীয়াৰ মুখত হাঁহি বিৰিঙাই, মাতৃ-ভগ্নীৰ মৰ্যাদা ৰক্ষা কৰাটে মোৰ পূজা, এয়া মোৰ ব্ৰত।

বন্ধুসকল,

 

মধ্যপ্ৰদেশত মহেশ্বৰী বস্ত্ৰশিল্পৰ দীৰ্ঘদিনীয়া পৰম্পৰা আছে। মহেশ্বৰী শাৰীখনক নতুন মাত্ৰা প্ৰদান কৰিছে  দেৱী অহিল্যাবাই হোলকাৰে। শেহতীয়াকৈ আমি অহিল্যাবাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছো। এতিয়া ধৰৰ পি এম মিত্ৰ পাৰ্কৰ জৰিয়তে আমি এক প্ৰকাৰে দেৱী অহিল্যাবাইৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈ আছো। বোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে কপাহ আৰু ৰেচম পি এম মিত্ৰ পাৰ্কত সহজে উপলব্ধ হ’ব। গুণগত মান পৰীক্ষা কৰাটোও সহজ হ’ব। বজাৰত প্ৰৱেশ বৃদ্ধি পাব। ইয়াত স্পিনিং হ’ব, ইয়াত ডিজাইনিং হ’ব, ইয়াত প্ৰচেছিং হ’ব আৰু ইয়াৰ পৰাই ৰপ্তানিও হ’ব। অৰ্থাৎ ধৰেও বিশ্বৰ বজাৰত জিলিকিবলৈ সাজু হৈছে । অৰ্থাৎ বস্ত্ৰ উদ্যোগৰ সমগ্ৰ মূল্য শৃংখল এতিয়া একে ঠাইতে উপলব্ধ হ’ব। বস্ত্ৰ উদ্যোগৰ বাবে আমাৰ চৰকাৰৰ  দৃষ্টিভংগী হ’ল: ফাৰ্ম, ফাইবাৰ, ফেক্টৰী, আৰু ফেশ্বন। গতিকে পামৰ পৰা আঁহলৈ, আঁহৰ পৰা কাৰখানালৈ, কাৰখানাৰ পৰা ফেশ্বনলৈ, ফেশ্বনৰ পৰা বিদেশী বজাৰলৈ যোৱা যাত্ৰা দ্ৰুত আৰু সহজে সম্পূৰ্ণ হ’ব।

 

বন্ধুসকল,

 

মোক জনোৱা হৈছে যে ধৰৰ এই পি এম মিত্ৰ পাৰ্কত প্ৰায় ১৩০০ একৰ মাটি ৮০টাতকৈও অধিক গোটক আবণ্টন দিয়া হৈছে। অৰ্থাৎ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ কাম আৰু কাৰখানা নিৰ্মাণ দুয়োটা কাম একেলগে আগবাঢ়িব। এই উদ্যানখনে তিনি লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। তদুপৰি ইয়াৰ ফলত লজিষ্টিক খৰচত যথেষ্ট প্ৰভাৱ পৰিব। পি এম মিত্ৰ পাৰ্কে সামগ্ৰী পৰিবহণৰ খৰচ হ্ৰাস কৰিব, উৎপাদন ব্যয় হ্ৰাস কৰিব, আমাৰ সামগ্ৰীসমূহ সস্তা আৰু বিশ্বজুৰি অধিক প্ৰতিযোগিতামূলক কৰি তুলিব। সেয়ে মধ্যপ্ৰদেশৰ ৰাইজক, বিশেষকৈ মোৰ কৃষক ভাই-ভনীসকলক, আৰু যুৱক-যুৱতীসকলক  এম মিত্ৰ পাৰ্কৰ বাবে   শুভেচ্ছা জনাইছো। আমাৰ চৰকাৰে সমগ্ৰ দেশতে এনেধৰণৰ আৰু ছটা পি এম মিত্ৰ উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

 

বন্ধুসকল,

 

আজি সমগ্ৰ দেশতে বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ সফলতাও উদযাপনৰ সময় এয়া। বিশেষকৈ সমগ্ৰ দেশৰ মোৰ বিশ্বকৰ্মা ভাই-ভনীসকলক অভিনন্দন জনাব বিচাৰিছো, য'ত আছে কাঠমিস্ত্ৰী, লোৰ মিস্ত্ৰী, সোণৰ মিস্ত্ৰী, মৃৎশিল্পী, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, তাম মিস্ত্ৰী,  আৰু নিজৰ হাতৰ শিল্পৰ দ্বাৰা পাৰদৰ্শিতা দেখুওৱা  বহু লোক । মেক ইন ইণ্ডিয়াৰ চালিকা শক্তি আপোনালোকহে । আপোনালোকৰ সামগ্ৰী, আপোনালোকৰ শিল্পই দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰে, সেয়া গাঁৱতেই হওক বা চহৰতেই হওক। মই সন্তুষ্ট যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাই ইমান কম সময়ৰ ভিতৰতে ৩০ লাখৰো অধিক শিল্পী আৰু শিপিনীক সহায় কৰিছে। এই আঁচনিখনে তেওঁলোকক দক্ষতা বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰিছে  আৰু ডিজিটেল বিপণন তথা আধুনিক সঁজুলিৰ সৈতে সংযোগ কৰিছে। ৬ লাখৰো অধিক বিশ্বকৰ্মা বন্ধুক নতুন সঁজুলি যোগান ধৰা হৈছে । এতিয়ালৈকে বিশ্বকৰ্মা ভাই-ভনীসকলে   ৪ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ ঋণ লাভ কৰিছে।

 

বন্ধুসকল,

 

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ আটাইতকৈ ডাঙৰ লাভ হৈছে সমাজৰ এটা শ্ৰেণীক লাভাৱান্বিত কৰা,  যিটো শ্ৰেণী  দশক দশক ধৰি অৱহেলিত হৈ আছিল। আমাৰ দুখীয়া বিশ্বকৰ্মা ভাই-ভনীসকলৰ প্ৰতিভা আছিল, কিন্তু পূৰ্বৰ চৰকাৰবোৰৰ তেওঁলোকৰ দক্ষতাক প্ৰসাৰিত কৰাৰ কোনো পৰিকল্পনা নাছিল , কোনো পৰিকল্পনা নাছিল তেওঁলোকৰ জীৱন উন্নত কৰাৰ। তেওঁলোকৰ প্ৰতিভাক তেওঁলোকৰ অগ্ৰগতিৰ বাহন হিচাপে গঢ়ি তুলিবলৈ আমি পথ মুকলি কৰিলোঁ। সেইবাবেই মই কওঁ, "যিসকল পিছপৰা তেওঁলোকেই আমাৰ অগ্ৰাধিকাৰ।"

 

বন্ধুসকল,

 

আমাৰ ধৰ পূজনীয় কুশভাউ থাকৰেৰ জন্মস্থান। তেওঁ প্ৰথমে  দেশপ্ৰেমৰ  মনোভাৱেৰে সমগ্ৰ জীৱন সমাজৰ বাবে উৎসৰ্গা কৰিছিল। আজি তেখেতলৈ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো। এই দেশৰ মনোভাৱ হৈছে প্ৰথমে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰেৰণা।

 

বন্ধুসকল,

 

এয়া  উৎসৱৰ সময়, আৰু এই সময়ত আপোনালোকে অহৰহ স্বদেশী মন্ত্ৰ আওৰাই থাকিব লাগিব আৰু তাক নিজৰ জীৱনত সন্নিৱিষ্ট কৰিব লাগিব। আপোনালোক সকলোলৈ মোৰ বিনম্ৰ অনুৰোধ, ১.৪ বিলিয়ন দেশবাসীলৈ মোৰ অনুৰোধ, আপোনালোকে যি কিনিব সেয়া ভাৰততে তৈয়াৰ কৰা সামগ্ৰী হওক। যি কিনিব তাত কোনোবা ভাৰতীয়ৰ ঘাম থাকিব লাগে। যি কিনিব তাত মাটিৰ সুগন্ধি, মোৰ ভাৰতৰ মাটিৰ গোন্ধ থাকিব লাগে।  আজি মই মোৰ ব্যৱসায়ী ভাই-ভনীসকলক আহ্বান জনাব বিচাৰিছো যে মোক দেশৰ বাবে সহায় কৰক, দেশৰ বাবে মোক সমৰ্থন কৰক আৰু মই দেশৰ বাবে আপোনালোকৰ সহায় বিচাৰো, কাৰণ মই ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়িব বিচাৰো।সেই  পথ নিহিত হৈ আছে এখন স্বাৱলম্বী ভাৰতৰ মাজত। সেয়ে মোৰ সকলো সৰু-বৰ ব্যৱসায়ী ভাই-ভনী, আপোনালোকে যি বিক্ৰী কৰে সেয়া আমাৰ দেশতে তৈয়াৰ কৰা  হ'ব লাগিব। মহাত্মা গান্ধীয়ে স্বদেশীক স্বাধীনতাৰ মাধ্যম কৰি তুলিলে। এতিয়া আমি স্বদেশীক এখন উন্নত ভাৰতৰ ভেটি হিচাপে গঢ়ি তুলিব লাগিব। এয়া  কেনেকৈ  কৰিব? সেয়া হ’ব যেতিয়া আমি আমাৰ দেশত নিৰ্মিত সকলো বস্তুৰ প্ৰতি গৌৰৱ কৰিম। সৰু বস্তুটো কিনোতেও— শিশুৰ বাবে খেলনা, দীপাৱলীৰ মূৰ্তি, আমাৰ ঘৰখন সজাবলৈ কিনা বস্তু, বা যিকোনো ডাঙৰ বস্তু যেনে মোবাইল ফোন, টিভি, ফ্ৰীজ— আমি প্ৰথমে পৰীক্ষা কৰিব লাগিব যে সেয়া আমাৰ দেশত তৈয়াৰ কৰা হৈছে নে নাই। মোৰ দেশবাসীৰ ঘামৰ সুগন্ধি বহন কৰিছেনে নে নাই  ? কাৰণ, স্বদেশী কিনিলে আমাৰ পইচা দেশতেই থাকে। বহিঃৰাজ্যলৈ যোৱাৰ পৰা আমাৰ ধন ৰাহি হয়। সেই একেখিনি টকাই তেতিয়া দেশৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হয়। ৰাস্তা-ঘাট নিৰ্মাণ কৰা হয়, গাঁৱৰ বিদ্যালয় নিৰ্মাণ কৰা হয়, দুখীয়া বিধৱাক সহায় কৰা হয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হয়। একেখিনি টকা কল্যাণমূলক আঁচনিৰ বাবে ব্যৱহাৰ কৰা হয় আৰু আপোনালোকৰ ওচৰ পায়গৈ। মোৰ মধ্যবিত্তীয় ভাই-ভনীৰ সপোন, মোৰ মধ্যবিত্তীয় যৌৱনৰ সপোন পূৰণ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন। এই সৰু সৰু কামবোৰ কৰি আমি সেইবোৰ লাভ কৰিব পাৰো। আমাৰ প্ৰয়োজনীয় বস্তুবোৰ যেতিয়া দেশত নিৰ্মাণ কৰা হয়, তাৰ ফলত সৃষ্টি হোৱা কৰ্মসংস্থাপনে আমাৰ দেশবাসীকো উপকৃত কৰে।

 

 এতিয়া নৱৰাত্ৰিৰ প্ৰথম দিন ২২ ছেপ্টেম্বৰৰ পৰা কম জি এছ টিৰ হাৰ কাৰ্যকৰী হ’বলৈ ওলাইছে, আমি ইয়াৰ সুবিধা ল’ব লাগিব কেৱল থলুৱা সামগ্ৰী ক্ৰয় কৰি। আমি এটা মন্ত্ৰ মনত ৰাখিব লাগিব, আৰু মই বিচাৰো প্ৰতিখন দোকানত লিখা হওক স্বদেশী বুলি  ।

 

আনকি মই ৰাজ্য চৰকাৰক এটা অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাম,  প্ৰতিখন দোকানতে "গৌৰৱেৰে কওক, এয়া  স্বদেশী!" মোৰ সৈতে এনেদৰেই  ক’বনে?

 

আপোনালোক  সকলোৱে মোৰ সৈতে এই কথা কবনে? মই ক'ম, "গৌৰৱেৰে কওক।" আপোনালোকে  ক'ব, "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।"

 

বন্ধুসকল,

 

এই আবেগেৰে আকৌ এবাৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে  মোৰ ভাষণৰ সামৰণি মাৰিছো। কওক: "ভাৰত মাতা কি জয়।" ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
38 Per Cent Women In Rural And Semi-Urban Use UPI Weekly For Daily Essentials: Survey

Media Coverage

38 Per Cent Women In Rural And Semi-Urban Use UPI Weekly For Daily Essentials: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The government places great emphasis on bringing a 'technology culture' to agriculture: PM Modi
March 06, 2026
This year’s Union Budget gives a strong push to agriculture and rural transformation : PM
Government has continuously strengthened the agriculture sector ,major efforts have reduced the risks for farmers and provided them with basic economic security: PM
If we scale high-value agriculture together, it will transform agriculture into a globally competitive sector: PM
As export-oriented production increases, employment will be created in rural areas through processing and value addition: PM
Fisheries can become a major platform for export growth, a high-value, high-impact sector of rural prosperity: PM
The government is developing digital public infrastructure for agriculture through AgriStack: PM
Technology delivers results when systems adopt it, institutions integrate it, and entrepreneurs build innovations on it: PM

नमस्कार !

बजट वेबिनार सीरीज के तीसरे वेबिनार में, मैं आप सभी का अभिनंदन करता हूं। इससे पहले, टेक्नोलॉजी, रिफॉर्म्स और इकोनॉमिक ग्रोथ जैसे अहम विषयों पर दो वेबिनार हो चुके हैं। आज, Rural Economy और Agriculture जैसे अहम सेक्टर पर चर्चा हो रही है। आप सभी ने बजट निर्माण में अपने मूल्यवान सुझावों से बहुत सहयोग दिया, और आपने देखा होगा बजट में आप सबके सुझाव रिफ्लेक्ट हो रहे हैं, बहुत काम आए हैं। लेकिन अब बजट आ चुका है, अब बजट के बाद उसके full potential का लाभ देश को मिले, इस दिशा में भी आपका अनुभव, आपके सुझाव और सरल तरीके से बजट का सर्वाधिक लोगों को लाभ हो। बजट का पाई-पाई पैसा जिस हेतु से दिया गया है, उसको परिपूर्ण कैसे करें? जल्द से जल्द कैसे करें? आपके सुझाव ये वेबिनार के लिए बहुत अहम है।

साथियों,

आप सभी जानते हैं, कृषि, एग्रीकल्चर, विश्वकर्मा, ये सब हमारी अर्थव्यवस्था का मुख्य आधार है। एग्रीकल्चर, भारत की लॉन्ग टर्म डेवलपमेंट जर्नी का Strategic Pillar भी है, और इसी सोच के साथ हमारी सरकार ने कृषि सेक्टर को लगातार मजबूत किया है। करीब 10 करोड़ किसानों को 4 लाख करोड़ रुपए से अधिक की पीएम किसान सम्मान निधि मिली है। MSP में हुए Reforms से अब किसानों को डेढ़ गुना तक रिटर्न मिल रहा है। इंस्टिट्यूशनल क्रेडिट कवरेज 75 प्रतिशत से अधिक हो चुका है। पीएम फसल बीमा योजना के तहत लगभग 2 लाख करोड़ रुपए के क्लेम सेटल किए गए हैं। ऐसे अनेक प्रयासों से किसानों का रिस्क बहुत कम हुआ है, और उन्हें एक बेसिक इकोनॉमिक सिक्योरिटी मिली है। इससे कृषि क्षेत्र का आत्मविश्वास भी बढ़ा है। आज खाद्यान्न और दालों से लेकर तिलहन तक देश रिकॉर्ड उत्पादन कर रहा है। लेकिन अब, जब 21वीं सदी का दूसरा क्वार्टर शुरू हो चुका है, 25 साल बीत चुके हैं, तब कृषि क्षेत्र को नई ऊर्जा से भरना भी उतना ही आवश्यक है। इस साल के बजट में इस दिशा में नए प्रयास हुए हैं। मुझे विश्वास है, इस वेबिनार में आप सभी के बीच हुई चर्चा, इससे निकले सुझाव, बजट प्रावधानों को जल्द से जल्द जमीन पर उतारने में मदद करेंगे।

साथियों,

आज दुनिया के बाजार खुल रहे हैं, ग्लोबल डिमांड बदल रही है। इस वेबिनार में अपनी खेती को एक्सपोर्ट ओरिएंटेड बनाने पर भी ज्यादा से ज्यादा चर्चा आवश्य़क है। हमारे पास Diverse Climate है, हमें इसका पूरा फायदा उठाना है। एग्रो क्लाइमेटिक जोन, उस विषय में हम बहुत समृद्ध है। इस साल का बजट इन सब बातों के लिए अनगिनत नए अवसर देने वाला बजट है। प्रोडक्टिविटी बढ़ाने की दिशा तय करता है, और एक्सपोर्ट स्ट्रेंथ को बढ़ावा देता है। बजट में हमने high value agriculture पर फोकस किया है। नारियल, काजू, कोको, चंदन, ऐसे उत्पादों के regional-specific promotion की बात कही है, और आपको मालूम है, दक्षिण के हमारे जो राज्य हैं खासकर केरल है, तमिलनाडु है, नारियल की पैदावार बहुत करते हैं। लेकिन अब वो क्रॉप, वो सारे पेड़ इतने पुराने हो चुके हैं कि उसकी वो क्षमता नहीं रही है। केरल के किसानों को अतिरिक्त लाभ हो, तमिलनाडु के किसानों को अतिरिक्त लाभ हो। इसलिए इस बार कोकोनट पर एक विशेष बल दिया गया है, जिसका फायदा आने वाले दिनों में हमारे इन किसानों को मिलेगा।

साथियों,

नॉर्थ ईस्ट की तरफ देखें, अगरवुड बहुत कम लोगों को मालूम है, जो ये अगरबत्ती शब्द है ना, वो अगरवुड से आया हुआ है। अब हिमालयन राज्यों में टेम्परेट नट क्रॉप्स, और इन्हें बढ़ावा देने का प्रस्ताव बजट में रखा गया है। जब एक्सपोर्ट ओरिएंटेड प्रोडक्शन बढ़ेगा, तो ग्रामीण क्षेत्रों में प्रोसेसिंग और वैल्यू एडिशन के जरिए रोजगार सृजन होगा। इस दिशा में एक coordinated action कैसे हो, आप सभी स्टेकहोल्डर्स मिलकर जरूर मंथन करें। अगर हम मिलकर High Value Agriculture को स्केल करते हैं, तो ये एग्रीकल्चर को ग्लोबली कंपेटिटिव सेक्टर में बदल सकता है। एग्री experts, इंडस्ट्री और किसान एक साथ कैसे आएं, किसानों को ग्लोबल मार्केट से जोड़ने के लिए किस तरह से गोल्स सेट किए जाएं, क्वालिटी, ब्रांडिंग और स्टैंडर्ड्स, ऐसे हर पहलू, इन सबको कैसे प्रमोट किया जाए, इन सारे विषयों पर चर्चा, इस वेबिनार को, इसके महत्व को बढ़ाएंगे। मैं एक और बात आपसे कहना चाहूंगा। आज दुनिया हेल्थ के संबंध में ज्यादा कॉनशियस है। होलिस्टिक हेल्थ केयर और उसमें ऑर्गेनिक डाइट, ऑर्गेनिक फूड, इस पर बहुत रुचि है। भारत में हमें केमिकल फ्री खेती पर बल देना ही होगा, हमें नेचुरल फार्मिंग पर बल देना होगा। नेचुरल फार्मिंग से, केमिकल फ्री प्रोडक्ट से दुनिया के बाजार तक पहुंचने में हमारे लिए एक राजमार्ग बन जाता है। उसके लिए सर्टिफिकेशन, लेबोरेटरी ये सारी व्यवस्थाएं सरकार सोच रही है। लेकिन आप लोग इसमें भी जरूर अपने विचार रखिए।

साथियों,

एक्सपोर्ट बढ़ाने में एक बहुत बड़ा फैक्टर फिशरीज सेक्टर का पोटेंशियल भी है। भारत दुनिया का दूसरा सबसे बड़ा मछली उत्पादक देश भी है। आज हमारे अलग-अलग तरह के जलाशय, तालाब, ये सब मिलाकर लगभग 4 लाख टन मछली उत्पादन होता है। जबकि इसमें 20 लाख टन अतिरिक्त उत्पादन की संभावना मौजूद है। अब विचार कीजिए आप, 4 लाख टन से हम अतिरिक्त 20 लाख टन जोड़ दें, तो हमारे गरीब मछुआरे भाई-बहन हैं, उनकी जिंदगी कैसी बदल जाएगी। हमारे पास Rural Income को डायवर्सिफाई करने का अवसर है। फिशरीज एक्सपोर्ट ग्रोथ का बड़ा प्लेटफॉर्म बन सकता है, दुनिया में इसकी मांग है। इस वेबिनार से अगर बहुत ही प्रैक्टिकल सुझाव निकलते हैं, तो कैसे रिज़रवॉयर, उसकी पोटेंशियल की सटीक मैपिंग की जाए, कैसे क्लस्टर प्लानिंग की जाए, कैसे फिशरीज डिपार्टमेंट और लोकल कम्युनिटी के बीच मजबूत कोऑर्डिनेशन हो, तो बहुत ही उत्तम होगा। हैचरी, फीड, प्रोसेसिंग, ब्रांडिंग, एक्सपोर्ट, उसके लिए आवश्यक लॉजिस्टिक्स, हर स्तर पर हमें नए बिजनेस मॉडल विकसित करने ही होंगे। ये Rural Prosperity, ग्रामीण समृद्धि के लिए, वहां की हाई वैल्यू, हाई इम्पैक्ट सेक्टर के रूप में परिवर्तित करने का एक अवसर है हमारे लिए, और इस दिशा में भी हम सबको मिलकर काम करना है, और आप आज जो मंथन करेंगे, उसके लिए, उस कार्य के लिए रास्ता बनेगा।

साथियों,

पशुपालन सेक्टर, ग्रामीण इकोनॉमी का हाई ग्रोथ पिलर है। भारत आज दुनिया का सबसे बड़ा मिल्क प्रोड्यूसर है, Egg प्रोडक्शन में हम दूसरे स्थान पर है। हमें इसे और आगे ले जाने के लिए ब्रीडिंग क्वालिटी, डिजीज प्रिवेंशन और साइंटिफिक मैनेजमेंट पर फोकस करना होगा। एक और अहम विषय पशुधन के स्वास्थ्य का भी है। मैं जब One Earth One Health की बात करता हूं, तो उसमें पौधा हो या पशु, सबके स्वास्थ्य की बात शामिल है। भारत अब वैक्सीन उत्पादन में आत्मनिर्भर है। फुट एंड माउथ डिजीज, उससे पशुओं को बचाने के लिए सवा सौ करोड़ से अधिक डोज पशुओं को लगाई जा चुकी है। राष्ट्रीय गोकुल मिशन के तहत टेक्नोलॉजी का विस्तार किया जा रहा है। हमारी सरकार में अब पशुपालन क्षेत्र के किसानों को किसान क्रेडिट कार्ड का भी लाभ मिल रहा है। निजी निवेश को प्रोत्साहित करने के लिए एनिमल हसबेंड्री इंफ्रास्ट्रक्चर डेवलपमेंट फंड की शुरुआत भी की गई है, और आपको ये पता है हम लोगों ने गोबरधन योजना लागू की है। गांव के पशुओं के निकलने वाला मलमूत्र है, गांव का जो वेस्ट है, कूड़ा-कचरा है। हम गोबरधन योजना में इसका उपयोग करके गांव भी स्वच्छ रख सकते हैं, दूध से आय होती है, तो गोबर से भी आय हो सकती है, और एनर्जी सिक्योरिटी की दिशा में गैस सप्लाई में भी ये गोबरधन बहुत बड़ा योगदान दे सकता है। ये मल्टीपर्पज बेनिफिट वाला काम है, और गांव के लिए बहुत उपयोगी है। मैं चाहूंगा कि सभी राज्य सरकारें इसको प्राथमिकता दें, इसको आगे बढ़ाएं।

साथियों,

हमने पिछले अनुभवों से समझा है कि केवल एक ही फसल पर टिके रहना किसान के लिए जोखिम भरा है। इससे आय के विकल्प भी सीमित हो जाते हैं। इसलिए, हम crop diversification पर फोकस कर रहे हैं। इसके अलावा, National Mission on Edible Oils And Pulses, National Mission on Natural Farming, ये सभी एग्रीकल्चर सेक्टर की ताकत बढ़ा रहे हैं।

साथियों,

आप भी जानते हैं एग्रीकल्चर स्टेट सब्जेक्ट है, राज्यों का भी एक बड़ा एग्रीकल्चर बजट होता है, हमें राज्यों को भी निरंतर प्रेरित करना है कि वो अपना दायित्व निभाने में, हम उनको कैसे मदद दें, हमारे सुझाव उनको कैसे काम आएं। राज्य का भी एक-एक पैसा जो गांव के लिए, किसान के लिए तय हुआ है, वो सही उपयोग हो। हमें बजट प्रावधानों को जिला स्तर तक मजबूत करना होगा। तभी नई पॉलिसीज का ज्यादा से ज्यादा फायदा उठाया जा सकता है।

साथियों,

ये टेक्नोलॉजी की सदी है और सरकार का बहुत जोर एग्रीकल्चर में टेक्नोलॉजी कल्चर लाने पर भी है। आज e-NAM के माध्यम से मार्केट एक्सेस का डेमोक्रेटाइजेशन हुआ है। सरकार एग्रीस्टैक के जरिए, एग्रीकल्चर के लिए डिजिटल पब्लिक इंफ्रास्ट्रक्चर विकसित कर रही है। इसके तहत डिजिटल पहचान, यानी किसान आईडी बनाई जा रही है। अब तक लगभग 9 करोड़ किसानों की किसान आईडी बन चुकी है, और लगभग 30 करोड़ भूमि पार्सलों का डिजिटल सर्वे किया गया है। भारत-विस्तार जैसे AI आधारित प्लेटफॉर्म, रिसर्च इंस्टीट्यूशंस और किसानों के बीच की दूरी कम कर रहे हैं।

लेकिन साथियों,

टेक्नोलॉजी तभी परिणाम देती है, जब सिस्टम उसे अपनाएं, संस्थाएं उसे इंटीग्रेट करें और एंटरप्रेन्योर्स उस पर इनोवेशन खड़ा करें। इस वेबिनार में आपको इससे जुड़े सुझावों को मजबूती से सामने लाना होगा। हम टेक्नोलॉजी को कैसे सही तरीके से इंटीग्रेट करें, इस दिशा में इस वेबिनार से निकले सुझावों की बहुत बड़ी भूमिका होगी।

साथियों,

हमारी सरकार ग्रामीण समृद्धि के निर्माण के लिए प्रतिबद्ध है। प्रधानमंत्री आवास योजना, स्वामित्व योजना, पीएम ग्रामीण सड़क योजना, स्वयं सहायता समूहों को आर्थिक मदद, इसने रूरल इकोनॉमी को निरंतर मजबूत किया है। लखपति दीदी अभियान की सफलता को भी हमें नई ऊंचाई देनी है। अभी तक गांव की 3 करोड़ महिलाओं को लखपति दीदी बनाने में हम सफल हो चुके हैं। अब 2029 तक, 2029 तक 3 करोड़ में और 3 करोड़ जोड़ना है, और 3 करोड़ और लखपति दीदियां बनाने का लक्ष्य तय किया गया है। ये लक्ष्य और तेजी से कैसे प्राप्त किया जाए, इसे लेकर भी आपके सुझाव महत्वपूर्ण होंगे।

साथियों,

देश में स्टोरेज का बहुत बड़ा अभियान चल रहा है। लाखों गोदाम बनाए जा रहे हैं। स्टोरेज के अलावा एग्री एंटरप्रेन्योर्स प्रोसेसिंग, सप्लाई चैन, एग्री-टेक, एग्री-फिनटेक, एक्सपोर्ट, इन सब में इनोवेशन और निवेश बढ़ाना आज समय की मांग है। मुझे विश्वास है आज जो आप मंथन करेंगे, उससे निकले अमृत से ग्रामीण अर्थव्यवस्था को नई ऊर्जा मिलेगी। आप सबको इस वेबिनार के लिए मेरी बहुत-बहुत शुभकामनाएं हैं, और मुझे पूरा विश्वास है कि जमीन से जुड़े हुए विचार, जड़ों से जुड़े हुए विचार, इस बजट को सफल बनाने के लिए, गांव-गांव तक पहुंचाने के लिए बहुत काम आएंगे। आपको बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद। नमस्कार।