প্ৰায় ৩৭০০ কোটি টকাৰ পথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
থিৰুথুৰাইপুণ্ডি আৰু আগষ্টিয়াম্পল্লীৰ মাজত ৩৭ কিলোমিটাৰ গেজ ৰূপান্তৰ অংশ উদ্বোধন
প্ৰধানমন্ত্ৰীয়ে তাম্বাৰাম আৰু ছেংগোটাইৰ মাজত এক্সপ্রেছ সেৱা আৰু থিৰুথুৰাইপুণ্ডি আৰু আগষ্টিয়াম্পল্লীৰ মাজত DEMU সেৱাৰ ফ্লেগ অফ কৰে
“তামিলনাডু হৈছে ইতিহাস আৰু ঐতিহ্যৰ ঘৰ, ভাষা আৰু সাহিত্যৰ দেশ”
“আগতে আন্তঃগাঁথনি প্ৰকল্পৰ অৰ্থ আছিল পলম কিন্তু এতিয়া ইয়াৰ অৰ্থ হৈছে শীঘ্ৰে সম্পন্ন হোৱা”
“কৰদাতাই দিয়া প্ৰতিটো টকাৰ বাবে চৰকাৰে জবাবদিহি অনুভৱ কৰে”
“আমি মানুহৰ মুখমণ্ডলত আন্তঃগাঁথনি দেখিবলৈ পাওঁ। ই আকাংক্ষাক কৃতিত্বৰ সৈতে, সম্ভাৱনাৰ সৈতে মানুহক, আৰু সপোনক বাস্তৱৰ সৈতে সংযোগ কৰে”
“তামিলনাডুৰ উন্নয়ন চৰকাৰৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয়”
“চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল বিল্ডিঙৰ ডিজাইনে তামিল সংস্কৃতিৰ সৌন্দৰ্য্য প্ৰতিফলিত কৰিছে”
“তামিলনাডু ভাৰতৰ সমৃদ্ধিৰ অন্যতম শক্তিশালী ইঞ্জিন”

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

নমস্কাৰ তামিলনাডু!

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এমকে ষ্টেলিন জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু তামিলনাডুৰ ভ্ৰাতৃ-ভগ্নীসকল, সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

বন্ধুসকল,

তামিলনাডুলৈ আহিলে সদায় বৰ ভাল লাগে। এয়া ইতিহাস আৰু ঐতিহ্যৰ ভূমি। ই ভাষা-সাহিত্যৰ ভূমি। ইয়াৰোপৰি, এয়া দেশপ্ৰেম আৰু জাতীয় চেতনাৰ প্ৰাণকেন্দ্ৰ। আমাৰ বহু আগশাৰীৰ স্বাধীনতা সংগ্ৰামী আছিল তামিলনাডুৰ।

বন্ধুসকল,

মই আপোনালোকৰ ওচৰলৈ উৎসৱৰ বতৰত আহিছো। মাত্ৰ কেইদিনমান পিছতে ইয়াত তামিল পুথাণ্ডু পালন কৰা হ’ব। এই সময় নতুন শক্তি, নতুন আশা, নতুন আকাংক্ষা আৰু নতুন আৰম্ভণিৰ সময়। কিছু নতুন প্ৰজন্মৰ আন্তঃগাঁথনি প্ৰকল্পই আজিৰেপৰা ৰাইজক সেৱা আগবঢ়াব। আন কেতবোৰ প্ৰকল্পৰ এতিয়াৰেপৰা কাম আৰম্ভ হ’ব। পথ, ৰেলপথ আৰু বিমানপথক সামৰি লোৱা এই প্ৰকল্পসমূহে নতুন বছৰৰ আনন্দ বৃদ্ধি কৰিব।

 

বন্ধুসকল,

বিগত কেইবছৰমানৰপৰা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতে এক বিপ্লৱ প্ৰত্যক্ষ কৰিছে। এয়া গতি আৰু স্কেলৰদ্বাৰা পৰিচালিত হৈছে। স্কেলৰ কথা আহিলে এই বছৰৰ কেন্দ্ৰীয় বাজেটখন চাব পাৰে। আমি আন্তঃগাঁথনিত বিনিয়োগৰ বাবে অভিলেখ পৰিমাণৰ ১০ লাখ কোটি টকা আছুতীয়াকৈ ৰাখিছো। ২০১৪ৰ তুলনাত এয়া পাঁচগুণ বেছি! ৰেল আন্তঃগাঁথনিৰ বাবে এই ধনৰাশিও সৰ্বকালৰ অভিলেখ।

বন্ধুসকল,

গতিৰ কথা ক’বলৈ গ’লে কেতবোৰ তথ্যই আমাক সঠিক দৃষ্টিভংগী প্ৰদান কৰিব পাৰে। ২০১৪ৰ পূৰ্বৰ তুলনাত পৰৱৰ্তী বছৰকেইটাত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য প্ৰায় দুগুণ বৃদ্ধি পাইছে। ২০১৪ৰ পূৰ্বে প্ৰতি বছৰে ৬০০ ৰুট কিলোমিটাৰ ৰেল লাইনৰ বৈদ্যুতীকৰণ সম্পন্ন হৈছিল। আজি এয়া বছৰি প্ৰায় ৪,০০০ ৰুট কিলোমিটাৰত উপনীত হৈছে। ২০১৪লৈকে নিৰ্মাণ কৰা বিমানবন্দৰৰ সংখ্যা আছিল ৭৪ টা। ২০১৪ ৰপৰা আমি ইয়াক দুগুণেৰে প্ৰায় ১৫০ কৰিছো। তামিলনাডুৰ দীঘলীয়া উপকূল আছে যি বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ। ২০১৪ৰ পূৰ্বৰ তুলনাত পৰৱৰ্তী বছৰকেইটাত আমাৰ বন্দৰসমূহৰ ক্ষমতা বৃদ্ধি প্ৰায় দুগুণ হৈছে।

গতি আৰু পৰিসৰ কেৱল ‘ফিজিকেল’ আন্তঃগাঁথনিতে নহয়, বৰঞ্চ সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিতো দেখা গৈছে। ২০১৪লৈকে ভাৰতত প্ৰায় ৩৮০ খন চিকিৎসা মহাবিদ্যালয় আছিল। আজি আমাৰ প্ৰায় ৬৬০ খন আছে! যোৱা ৯ বছৰত আমাৰ দেশত এইমছৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। ডিজিটেল লেনদেনত আমি বিশ্বৰ এক নং স্থানত আছো৷ আমাৰ হাতত বিশ্বৰ আটাইতকৈ কম খৰচী ম’বাইল ডাটা আছে। প্ৰায় ২ লাখ গ্ৰাম পঞ্চায়তক সংযুক্তকৰণেৰে ৬ লাখ কিলোমিটাৰৰো অধিক অপ্টিকেল ফাইবাৰ স্থাপন কৰা হৈছে। আৰু আজি ভাৰতত চহৰীয়া ব্যৱহাৰকাৰীতকৈ গ্ৰামাঞ্চলৰ ইন্টাৰনেট ব্যৱহাৰকাৰী বেছি!

 

বন্ধুসকল,

এই সকলোবোৰ কেনেদৰে সম্ভৱ হ’ল? ইয়াৰ মূলতে দুটা কথা- কৰ্ম সংস্কৃতি আৰু দৃষ্টিভংগী। প্ৰথমতে কৰ্ম সংস্কৃতি। আগতে আন্তঃগাঁথনি প্ৰকল্প মানেই পলম হৈছিল। এতিয়া, ইয়াৰ অৰ্থ হৈছে ডেলিভাৰী। পলম হোৱাৰপৰা ডেলিভাৰীলৈকে এই যাত্ৰা আমাৰ কৰ্ম সংস্কৃতিৰ বাবেই হৈছে। আমাৰ কৰদাতাসকলে প্ৰদান কৰা প্ৰতিটো টকাৰ বাবে আমি জবাবদিহি অনুভৱ কৰোঁ। আমি নিৰ্দিষ্ট সময়সীমাৰে কাম কৰোঁ আৰু তাৰ পূৰ্বেই ফলাফল লাভ কৰোঁ।

আন্তঃগাঁথনিৰ প্ৰতি আমাৰ দৃষ্টিভংগীও পূৰ্বৰ তুলনাত পৃথক। আন্তঃগাঁথনি আমি কংক্ৰিট, ইটা আৰু চিমেন্টতে দেখা নাপাওঁ। আমি আন্তঃগাঁথনিৰ কথা জনতাৰ মুখেৰে দেখিবলৈ পাওঁ। ই আকাংক্ষাক কৃতিত্বৰ সৈতে, জনতাক সম্ভাৱনাৰ সৈতে আৰু সপোনক বাস্তৱৰ সৈতে সংযোগ কৰিছে। উদাহৰণস্বৰূপেঃ আজিৰ কেতবোৰ প্ৰকল্পৰ কথাই চাওঁ। ইয়াৰে এটা পথ প্ৰকল্পই বিৰোধনগৰ আৰু টেংকাছিৰ মৰাপাট খেতিয়কসকলক আন-আন বজাৰৰ সৈতে সংযোগ কৰে। চেন্নাই আৰু কম্বাটুৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকলক গ্ৰাহকৰ সৈতে সংযোগ কৰা হৈছে। চেন্নাই বিমানবন্দৰৰ নতুন টাৰ্মিনেলে বিশ্ববাসীক তামিলনাডুলৈ আনিছে। ই সঞ্চাৰ কৰা বিনিয়োগে ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে আয়ৰ সুযোগ সৃষ্টি কৰিছে। পথ, ৰেলপথ বা মেট্ৰ’ত যাত্ৰাৰ সমান্তৰালকৈ জনতাৰ সপোন আৰু উদ্যোগৰ মনোভাৱেও গতি লাভ কৰিছে। অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিছে। প্ৰতিটো আন্তঃগাঁথনি প্ৰকল্পই কোটি-কোটি পৰিয়ালৰ জীৱনক ৰূপান্তৰিত কৰিছে।

বন্ধুসকল,

তামিলনাডুৰ উন্নয়নত আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো। ৰেল আন্তঃগাঁথনিৰ বাবে এই বছৰ তামিলনাডুলৈ ছয় হাজাৰ কোটি টকাৰো অধিক সৰ্বকালৰ সৰ্বাধিক বাজেট আবন্টন জনোৱা হৈছে। ২০০৯-২০১৪ৰ ভিতৰত প্ৰতি বছৰে আবন্টিত গড় ধনৰাশি ন-শ কোটি টকাৰো কম আছিল। ২০০৪ ৰপৰা ২০১৪ৰ ভিতৰত তামিলনাডুত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য আছিল প্ৰায় আঠ-শ কিলোমিটাৰ। ২০১৪ ৰপৰা ২০২৩ৰ ভিতৰত প্ৰায় দুহাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোজন হ’ল! ২০১৪-১৫ত তামিলনাডুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণত বিনিয়োগ কৰা হৈছিল প্ৰায় এক হাজাৰ দুশ কোটি টকা। ২০২২-২৩ত এয়া ৬ গুণ বৃদ্ধিৰে আঠ হাজাৰ দুশ কোটি টকাৰো অধিক হৈছে।

যোৱা কেইবছৰমানৰপৰা তামিলনাডুত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প দেখা গৈছে। প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰে ভাৰতৰ নিৰাপত্তা সুদৃঢ়কৰণৰ লগতে ইয়াত নিয়োগৰো সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কৰে সম্পৰ্কীয় শেহতীয়া ঘোষণাৰাজিয়ে তামিলনাডুৰ বস্ত্ৰ খণ্ডকো লাভান্বিত কৰিব। যোৱা বছৰ আমি বেংগালুৰু-চেন্নাই এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিলো। চেন্নাইৰ সমীপত এখন মাল্টি মডাল লজিষ্টিক পাৰ্ক নিৰ্মাণৰ কামো অব্যাহত আছে। ভাৰতমালা প্ৰকল্পৰ অধীনত মমল্লাপুৰমৰপৰা কন্যাকুমাৰীলৈকে সমগ্ৰ ইষ্ট ক’ষ্ট ৰোড উন্নত কৰা হৈছে। ইমান সংখ্যক এনে প্ৰকল্পই তামিলনাডুৰ বিকাশক অধিক আগুৱাই নিব। আৰু আজি তেনে কেতবোৰ প্ৰকল্প উদ্বোধন কৰা হৈছে বা আধাৰশিলা স্থাপন কৰা হৈছে।

 

বন্ধুসকল,

আজি তামিলনাডু-চেন্নাই, মাদুৰাই আৰু কম্বাটুৰৰ তিনিখন গুৰুত্বপূৰ্ণ চহৰ উদ্বোধন বা আৰম্ভ হোৱা প্ৰকল্পসমূহৰদ্বাৰা প্ৰত্যক্ষভাৱে লাভান্বিত হৈছে। চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন সংহত টাৰ্মিনেল ভৱন উদ্বোধন কৰা হৈছে। ইয়াৰদ্বাৰা যাত্ৰীসকলৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ হ’ব। এই নতুন টাৰ্মিনেল ভৱনটো তামিল সংস্কৃতিৰ সৌন্দৰ্য্য প্ৰতিফলিত কৰাকৈ ডিজাইন কৰা হৈছে। ইতিমধ্যে কেতবোৰ আশ্চৰ্য্যজনক ফটো আপোনাসৱে নিশ্চয় দেখিছে। ছাদৰ ডিজাইনেই হওক, মজিয়াই হওক, চিলিঙেই হওক বা মিউৰেলেই হওক, ইয়াৰে প্ৰত্যেকেই আপোনালোকক তামিলনাডুৰ কোনোবা নহয় কোনোবা দিশৰ কথা মনত পেলাই দিব। বিমানবন্দৰত এনে পৰম্পৰা জিলিকি থকাৰ সমান্তৰালকৈ ইয়াক বহনক্ষমতাৰ আধুনিক প্ৰয়োজনীয়তাৰে সংগতি ৰাখিও নিৰ্মাণ কৰা হৈছে। ইয়াক পৰিবেশ অনুকূল সামগ্ৰী ব্যৱহাৰেৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰোপৰি, ইয়াত এলইডি লাইটিং আৰু সৌৰশক্তিৰ দৰে একাধিক সেউজ কৌশল ব্যৱহাৰ কৰা হৈছে।

বন্ধুসকল,

চেন্নাইয়ে আন এখন বন্দে ভাৰত ৰেলো লাভ কৰিছে, ই কম্বাটুৰক সংযোগ কৰিছে। প্ৰথমখন বন্দে ভাৰতৰ ৰেল চেন্নাইলৈ আহোতে মোৰ মনত আছে যে তামিলনাডুৰ মোৰ ডেকা বন্ধুসকল বিশেষভাৱে অতিশয় উৎসাহিত হৈ উঠিছিল। সেই সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বন্দে ভাৰত ৰেলৰ একাংশ ভিডিঅ’ প্ৰত্যক্ষ কৰিছিলো। ‘মেড ইন ইণ্ডিয়া’ৰ এই গৌৰৱ মহান ভি অ’ চিদাম্বৰম পিল্লাইৰ ভূমিত বাস্তৱায়িত হৈছে।

বন্ধুসকল,

বস্ত্ৰ খণ্ডই হওক, এমএছএমইয়েই হওক বা উদ্যোগেই হওক, কম্বাটুৰ ঔদ্যোগিকভাৱে শক্তিশালী হৈ পৰিছে। আধুনিক সংযোগে ইয়াৰ জনসাধাৰণৰ উৎপাদনশীলতা বৃদ্ধি কৰিব। এতিয়া চেন্নাই আৰু কম্বাটুৰৰ মাজৰ যাত্ৰা মাত্ৰ প্ৰায় ৬ ঘন্টাহে হ’ব! এই বন্দে ভাৰত এক্সপ্ৰেছে চেলেম, ইৰোড আৰু তিৰুপুৰৰ দৰে বস্ত্ৰ আৰু উদ্যোগিক কেন্দ্ৰসমূহকো লাভান্বিত কৰিব।

 

বন্ধুসকল,

মাদুৰাইক তামিলনাডুৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। ই বিশ্বৰ অন্যতম প্ৰাচীন চহৰ। আজিৰ প্ৰকল্পসমূহে এই প্ৰাচীন চহৰখনতো আধুনিক আন্তঃগাঁথনিৰ বৰ্ধন ঘটাব। এইসমূহে জীৱন-যাপনৰ সহজতা আৰু মাদুৰাইলৈ যাতায়তৰ সুবিধা প্ৰশস্ত কৰিব। তামিলনাডুৰ দক্ষিণ-পশ্চিম আৰু উপকূলীয় অঞ্চলৰ বহু জিলাও আজিৰ একাধিক প্ৰকল্পৰ জৰিয়তে উপকৃত হৈছে।

বন্ধুসকল,

তামিলনাডু হৈছে ভাৰতৰ অন্যতম বিকাশৰ ইঞ্জিন। আজি উদ্বোধন কৰা প্ৰকল্পসমূহে তামিলনাডুৰ জনসাধাৰণৰ আকাংক্ষাক এক ব্যাপক গতি প্ৰদান কৰিব বুলি মই নিশ্চিত। উচ্চমানৰ আন্তঃগাঁথনিয়ে ইয়াত নিয়োগ সৃষ্টি কৰা মাত্ৰেকে আয় বৃদ্ধি পাব আৰু তামিলনাডুৰো বৰ্ধন ঘটিব। তামিলনাডুৰ বৰ্ধন মানে ভাৰতৰ বিকাশ নিশ্চিত হ’ব। আপোনাসৱৰ মৰমৰ বাবে অলেখ ধন্যবাদ জনালো। নমস্কাৰ!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators

Media Coverage

India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in mishap in Kolkata
June 25, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap in Kolkata.

Shri Modi assured that the state government is working round the clock to ensure that those affected receive all possible assistance.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

Shri Modi posted on X;

The mishap in Kolkata yesterday is saddening. An ex-gratia of Rs. 2 lakh each will be given from PMNRF to the next of kin of those who lost their lives in the mishap. The injured would be given Rs. 50,000. The state government is working round the clock to ensure that those affected receive all possible assistance: PM @narendramodi