প্ৰায় ৩৭০০ কোটি টকাৰ পথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
থিৰুথুৰাইপুণ্ডি আৰু আগষ্টিয়াম্পল্লীৰ মাজত ৩৭ কিলোমিটাৰ গেজ ৰূপান্তৰ অংশ উদ্বোধন
প্ৰধানমন্ত্ৰীয়ে তাম্বাৰাম আৰু ছেংগোটাইৰ মাজত এক্সপ্রেছ সেৱা আৰু থিৰুথুৰাইপুণ্ডি আৰু আগষ্টিয়াম্পল্লীৰ মাজত DEMU সেৱাৰ ফ্লেগ অফ কৰে
“তামিলনাডু হৈছে ইতিহাস আৰু ঐতিহ্যৰ ঘৰ, ভাষা আৰু সাহিত্যৰ দেশ”
“আগতে আন্তঃগাঁথনি প্ৰকল্পৰ অৰ্থ আছিল পলম কিন্তু এতিয়া ইয়াৰ অৰ্থ হৈছে শীঘ্ৰে সম্পন্ন হোৱা”
“কৰদাতাই দিয়া প্ৰতিটো টকাৰ বাবে চৰকাৰে জবাবদিহি অনুভৱ কৰে”
“আমি মানুহৰ মুখমণ্ডলত আন্তঃগাঁথনি দেখিবলৈ পাওঁ। ই আকাংক্ষাক কৃতিত্বৰ সৈতে, সম্ভাৱনাৰ সৈতে মানুহক, আৰু সপোনক বাস্তৱৰ সৈতে সংযোগ কৰে”
“তামিলনাডুৰ উন্নয়ন চৰকাৰৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয়”
“চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল বিল্ডিঙৰ ডিজাইনে তামিল সংস্কৃতিৰ সৌন্দৰ্য্য প্ৰতিফলিত কৰিছে”
“তামিলনাডু ভাৰতৰ সমৃদ্ধিৰ অন্যতম শক্তিশালী ইঞ্জিন”

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

নমস্কাৰ তামিলনাডু!

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এমকে ষ্টেলিন জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু তামিলনাডুৰ ভ্ৰাতৃ-ভগ্নীসকল, সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

বন্ধুসকল,

তামিলনাডুলৈ আহিলে সদায় বৰ ভাল লাগে। এয়া ইতিহাস আৰু ঐতিহ্যৰ ভূমি। ই ভাষা-সাহিত্যৰ ভূমি। ইয়াৰোপৰি, এয়া দেশপ্ৰেম আৰু জাতীয় চেতনাৰ প্ৰাণকেন্দ্ৰ। আমাৰ বহু আগশাৰীৰ স্বাধীনতা সংগ্ৰামী আছিল তামিলনাডুৰ।

বন্ধুসকল,

মই আপোনালোকৰ ওচৰলৈ উৎসৱৰ বতৰত আহিছো। মাত্ৰ কেইদিনমান পিছতে ইয়াত তামিল পুথাণ্ডু পালন কৰা হ’ব। এই সময় নতুন শক্তি, নতুন আশা, নতুন আকাংক্ষা আৰু নতুন আৰম্ভণিৰ সময়। কিছু নতুন প্ৰজন্মৰ আন্তঃগাঁথনি প্ৰকল্পই আজিৰেপৰা ৰাইজক সেৱা আগবঢ়াব। আন কেতবোৰ প্ৰকল্পৰ এতিয়াৰেপৰা কাম আৰম্ভ হ’ব। পথ, ৰেলপথ আৰু বিমানপথক সামৰি লোৱা এই প্ৰকল্পসমূহে নতুন বছৰৰ আনন্দ বৃদ্ধি কৰিব।

 

বন্ধুসকল,

বিগত কেইবছৰমানৰপৰা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতে এক বিপ্লৱ প্ৰত্যক্ষ কৰিছে। এয়া গতি আৰু স্কেলৰদ্বাৰা পৰিচালিত হৈছে। স্কেলৰ কথা আহিলে এই বছৰৰ কেন্দ্ৰীয় বাজেটখন চাব পাৰে। আমি আন্তঃগাঁথনিত বিনিয়োগৰ বাবে অভিলেখ পৰিমাণৰ ১০ লাখ কোটি টকা আছুতীয়াকৈ ৰাখিছো। ২০১৪ৰ তুলনাত এয়া পাঁচগুণ বেছি! ৰেল আন্তঃগাঁথনিৰ বাবে এই ধনৰাশিও সৰ্বকালৰ অভিলেখ।

বন্ধুসকল,

গতিৰ কথা ক’বলৈ গ’লে কেতবোৰ তথ্যই আমাক সঠিক দৃষ্টিভংগী প্ৰদান কৰিব পাৰে। ২০১৪ৰ পূৰ্বৰ তুলনাত পৰৱৰ্তী বছৰকেইটাত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য প্ৰায় দুগুণ বৃদ্ধি পাইছে। ২০১৪ৰ পূৰ্বে প্ৰতি বছৰে ৬০০ ৰুট কিলোমিটাৰ ৰেল লাইনৰ বৈদ্যুতীকৰণ সম্পন্ন হৈছিল। আজি এয়া বছৰি প্ৰায় ৪,০০০ ৰুট কিলোমিটাৰত উপনীত হৈছে। ২০১৪লৈকে নিৰ্মাণ কৰা বিমানবন্দৰৰ সংখ্যা আছিল ৭৪ টা। ২০১৪ ৰপৰা আমি ইয়াক দুগুণেৰে প্ৰায় ১৫০ কৰিছো। তামিলনাডুৰ দীঘলীয়া উপকূল আছে যি বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ। ২০১৪ৰ পূৰ্বৰ তুলনাত পৰৱৰ্তী বছৰকেইটাত আমাৰ বন্দৰসমূহৰ ক্ষমতা বৃদ্ধি প্ৰায় দুগুণ হৈছে।

গতি আৰু পৰিসৰ কেৱল ‘ফিজিকেল’ আন্তঃগাঁথনিতে নহয়, বৰঞ্চ সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিতো দেখা গৈছে। ২০১৪লৈকে ভাৰতত প্ৰায় ৩৮০ খন চিকিৎসা মহাবিদ্যালয় আছিল। আজি আমাৰ প্ৰায় ৬৬০ খন আছে! যোৱা ৯ বছৰত আমাৰ দেশত এইমছৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। ডিজিটেল লেনদেনত আমি বিশ্বৰ এক নং স্থানত আছো৷ আমাৰ হাতত বিশ্বৰ আটাইতকৈ কম খৰচী ম’বাইল ডাটা আছে। প্ৰায় ২ লাখ গ্ৰাম পঞ্চায়তক সংযুক্তকৰণেৰে ৬ লাখ কিলোমিটাৰৰো অধিক অপ্টিকেল ফাইবাৰ স্থাপন কৰা হৈছে। আৰু আজি ভাৰতত চহৰীয়া ব্যৱহাৰকাৰীতকৈ গ্ৰামাঞ্চলৰ ইন্টাৰনেট ব্যৱহাৰকাৰী বেছি!

 

বন্ধুসকল,

এই সকলোবোৰ কেনেদৰে সম্ভৱ হ’ল? ইয়াৰ মূলতে দুটা কথা- কৰ্ম সংস্কৃতি আৰু দৃষ্টিভংগী। প্ৰথমতে কৰ্ম সংস্কৃতি। আগতে আন্তঃগাঁথনি প্ৰকল্প মানেই পলম হৈছিল। এতিয়া, ইয়াৰ অৰ্থ হৈছে ডেলিভাৰী। পলম হোৱাৰপৰা ডেলিভাৰীলৈকে এই যাত্ৰা আমাৰ কৰ্ম সংস্কৃতিৰ বাবেই হৈছে। আমাৰ কৰদাতাসকলে প্ৰদান কৰা প্ৰতিটো টকাৰ বাবে আমি জবাবদিহি অনুভৱ কৰোঁ। আমি নিৰ্দিষ্ট সময়সীমাৰে কাম কৰোঁ আৰু তাৰ পূৰ্বেই ফলাফল লাভ কৰোঁ।

আন্তঃগাঁথনিৰ প্ৰতি আমাৰ দৃষ্টিভংগীও পূৰ্বৰ তুলনাত পৃথক। আন্তঃগাঁথনি আমি কংক্ৰিট, ইটা আৰু চিমেন্টতে দেখা নাপাওঁ। আমি আন্তঃগাঁথনিৰ কথা জনতাৰ মুখেৰে দেখিবলৈ পাওঁ। ই আকাংক্ষাক কৃতিত্বৰ সৈতে, জনতাক সম্ভাৱনাৰ সৈতে আৰু সপোনক বাস্তৱৰ সৈতে সংযোগ কৰিছে। উদাহৰণস্বৰূপেঃ আজিৰ কেতবোৰ প্ৰকল্পৰ কথাই চাওঁ। ইয়াৰে এটা পথ প্ৰকল্পই বিৰোধনগৰ আৰু টেংকাছিৰ মৰাপাট খেতিয়কসকলক আন-আন বজাৰৰ সৈতে সংযোগ কৰে। চেন্নাই আৰু কম্বাটুৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকলক গ্ৰাহকৰ সৈতে সংযোগ কৰা হৈছে। চেন্নাই বিমানবন্দৰৰ নতুন টাৰ্মিনেলে বিশ্ববাসীক তামিলনাডুলৈ আনিছে। ই সঞ্চাৰ কৰা বিনিয়োগে ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে আয়ৰ সুযোগ সৃষ্টি কৰিছে। পথ, ৰেলপথ বা মেট্ৰ’ত যাত্ৰাৰ সমান্তৰালকৈ জনতাৰ সপোন আৰু উদ্যোগৰ মনোভাৱেও গতি লাভ কৰিছে। অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিছে। প্ৰতিটো আন্তঃগাঁথনি প্ৰকল্পই কোটি-কোটি পৰিয়ালৰ জীৱনক ৰূপান্তৰিত কৰিছে।

বন্ধুসকল,

তামিলনাডুৰ উন্নয়নত আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো। ৰেল আন্তঃগাঁথনিৰ বাবে এই বছৰ তামিলনাডুলৈ ছয় হাজাৰ কোটি টকাৰো অধিক সৰ্বকালৰ সৰ্বাধিক বাজেট আবন্টন জনোৱা হৈছে। ২০০৯-২০১৪ৰ ভিতৰত প্ৰতি বছৰে আবন্টিত গড় ধনৰাশি ন-শ কোটি টকাৰো কম আছিল। ২০০৪ ৰপৰা ২০১৪ৰ ভিতৰত তামিলনাডুত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য আছিল প্ৰায় আঠ-শ কিলোমিটাৰ। ২০১৪ ৰপৰা ২০২৩ৰ ভিতৰত প্ৰায় দুহাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোজন হ’ল! ২০১৪-১৫ত তামিলনাডুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণত বিনিয়োগ কৰা হৈছিল প্ৰায় এক হাজাৰ দুশ কোটি টকা। ২০২২-২৩ত এয়া ৬ গুণ বৃদ্ধিৰে আঠ হাজাৰ দুশ কোটি টকাৰো অধিক হৈছে।

যোৱা কেইবছৰমানৰপৰা তামিলনাডুত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প দেখা গৈছে। প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰে ভাৰতৰ নিৰাপত্তা সুদৃঢ়কৰণৰ লগতে ইয়াত নিয়োগৰো সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কৰে সম্পৰ্কীয় শেহতীয়া ঘোষণাৰাজিয়ে তামিলনাডুৰ বস্ত্ৰ খণ্ডকো লাভান্বিত কৰিব। যোৱা বছৰ আমি বেংগালুৰু-চেন্নাই এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিলো। চেন্নাইৰ সমীপত এখন মাল্টি মডাল লজিষ্টিক পাৰ্ক নিৰ্মাণৰ কামো অব্যাহত আছে। ভাৰতমালা প্ৰকল্পৰ অধীনত মমল্লাপুৰমৰপৰা কন্যাকুমাৰীলৈকে সমগ্ৰ ইষ্ট ক’ষ্ট ৰোড উন্নত কৰা হৈছে। ইমান সংখ্যক এনে প্ৰকল্পই তামিলনাডুৰ বিকাশক অধিক আগুৱাই নিব। আৰু আজি তেনে কেতবোৰ প্ৰকল্প উদ্বোধন কৰা হৈছে বা আধাৰশিলা স্থাপন কৰা হৈছে।

 

বন্ধুসকল,

আজি তামিলনাডু-চেন্নাই, মাদুৰাই আৰু কম্বাটুৰৰ তিনিখন গুৰুত্বপূৰ্ণ চহৰ উদ্বোধন বা আৰম্ভ হোৱা প্ৰকল্পসমূহৰদ্বাৰা প্ৰত্যক্ষভাৱে লাভান্বিত হৈছে। চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন সংহত টাৰ্মিনেল ভৱন উদ্বোধন কৰা হৈছে। ইয়াৰদ্বাৰা যাত্ৰীসকলৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ হ’ব। এই নতুন টাৰ্মিনেল ভৱনটো তামিল সংস্কৃতিৰ সৌন্দৰ্য্য প্ৰতিফলিত কৰাকৈ ডিজাইন কৰা হৈছে। ইতিমধ্যে কেতবোৰ আশ্চৰ্য্যজনক ফটো আপোনাসৱে নিশ্চয় দেখিছে। ছাদৰ ডিজাইনেই হওক, মজিয়াই হওক, চিলিঙেই হওক বা মিউৰেলেই হওক, ইয়াৰে প্ৰত্যেকেই আপোনালোকক তামিলনাডুৰ কোনোবা নহয় কোনোবা দিশৰ কথা মনত পেলাই দিব। বিমানবন্দৰত এনে পৰম্পৰা জিলিকি থকাৰ সমান্তৰালকৈ ইয়াক বহনক্ষমতাৰ আধুনিক প্ৰয়োজনীয়তাৰে সংগতি ৰাখিও নিৰ্মাণ কৰা হৈছে। ইয়াক পৰিবেশ অনুকূল সামগ্ৰী ব্যৱহাৰেৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰোপৰি, ইয়াত এলইডি লাইটিং আৰু সৌৰশক্তিৰ দৰে একাধিক সেউজ কৌশল ব্যৱহাৰ কৰা হৈছে।

বন্ধুসকল,

চেন্নাইয়ে আন এখন বন্দে ভাৰত ৰেলো লাভ কৰিছে, ই কম্বাটুৰক সংযোগ কৰিছে। প্ৰথমখন বন্দে ভাৰতৰ ৰেল চেন্নাইলৈ আহোতে মোৰ মনত আছে যে তামিলনাডুৰ মোৰ ডেকা বন্ধুসকল বিশেষভাৱে অতিশয় উৎসাহিত হৈ উঠিছিল। সেই সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বন্দে ভাৰত ৰেলৰ একাংশ ভিডিঅ’ প্ৰত্যক্ষ কৰিছিলো। ‘মেড ইন ইণ্ডিয়া’ৰ এই গৌৰৱ মহান ভি অ’ চিদাম্বৰম পিল্লাইৰ ভূমিত বাস্তৱায়িত হৈছে।

বন্ধুসকল,

বস্ত্ৰ খণ্ডই হওক, এমএছএমইয়েই হওক বা উদ্যোগেই হওক, কম্বাটুৰ ঔদ্যোগিকভাৱে শক্তিশালী হৈ পৰিছে। আধুনিক সংযোগে ইয়াৰ জনসাধাৰণৰ উৎপাদনশীলতা বৃদ্ধি কৰিব। এতিয়া চেন্নাই আৰু কম্বাটুৰৰ মাজৰ যাত্ৰা মাত্ৰ প্ৰায় ৬ ঘন্টাহে হ’ব! এই বন্দে ভাৰত এক্সপ্ৰেছে চেলেম, ইৰোড আৰু তিৰুপুৰৰ দৰে বস্ত্ৰ আৰু উদ্যোগিক কেন্দ্ৰসমূহকো লাভান্বিত কৰিব।

 

বন্ধুসকল,

মাদুৰাইক তামিলনাডুৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। ই বিশ্বৰ অন্যতম প্ৰাচীন চহৰ। আজিৰ প্ৰকল্পসমূহে এই প্ৰাচীন চহৰখনতো আধুনিক আন্তঃগাঁথনিৰ বৰ্ধন ঘটাব। এইসমূহে জীৱন-যাপনৰ সহজতা আৰু মাদুৰাইলৈ যাতায়তৰ সুবিধা প্ৰশস্ত কৰিব। তামিলনাডুৰ দক্ষিণ-পশ্চিম আৰু উপকূলীয় অঞ্চলৰ বহু জিলাও আজিৰ একাধিক প্ৰকল্পৰ জৰিয়তে উপকৃত হৈছে।

বন্ধুসকল,

তামিলনাডু হৈছে ভাৰতৰ অন্যতম বিকাশৰ ইঞ্জিন। আজি উদ্বোধন কৰা প্ৰকল্পসমূহে তামিলনাডুৰ জনসাধাৰণৰ আকাংক্ষাক এক ব্যাপক গতি প্ৰদান কৰিব বুলি মই নিশ্চিত। উচ্চমানৰ আন্তঃগাঁথনিয়ে ইয়াত নিয়োগ সৃষ্টি কৰা মাত্ৰেকে আয় বৃদ্ধি পাব আৰু তামিলনাডুৰো বৰ্ধন ঘটিব। তামিলনাডুৰ বৰ্ধন মানে ভাৰতৰ বিকাশ নিশ্চিত হ’ব। আপোনাসৱৰ মৰমৰ বাবে অলেখ ধন্যবাদ জনালো। নমস্কাৰ!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India goes Intercontinental with landmark EU trade deal

Media Coverage

India goes Intercontinental with landmark EU trade deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India’s democracy and demography are a beacon of hope for the world: PM Modi’s statement to the media ahead of the Budget Session of Parliament
January 29, 2026
The President’s Address Reflects Confidence and Aspirations of 140 crore Indians: PM
India-EU Free Trade Agreement Opens Vast Opportunities for Youth, Farmers, and Manufacturers: PM
Our Government believes in Reform, Perform, Transform; Nation is moving Rapidly on Reform Express: PM
India’s Democracy and Demography are a Beacon of Hope for the World: PM
The time is for Solutions, Empowering Decisions and Accelerating Reforms: PM

Greetings, Friends,

Yesterday, the Honorable President’s address was an expression of the self-confidence of 140 crore countrymen, an account of the collective endeavor of 140 crore Indians, and a very precise articulation of the aspirations of 140 crore citizens—especially the youth. It also laid out several guiding thoughts for all Members of Parliament. At the very beginning of the session, and at the very start of 2026, the expectations expressed by the Honorable President before the House, in the simplest of words and in the capacity of the Head of the Nation, reflect deep sentiments. I am fully confident that all Honorable Members of Parliament have taken them seriously. This session, in itself, is a very important one. It is the Budget Session.

A quarter of the 21st century has already passed; we are now beginning the second quarter. This marks the start of a crucial 25-year period to achieve the goal of a Developed India by 2047. This is the first budget of the second quarter of this century. And Finance Minister Nirmala ji is presenting the budget in Parliament for the ninth consecutive time—the first woman Finance Minister in the country to do so. This moment is being recorded as a matter of pride in India’s parliamentary history.

Friends,

This year has begun on a very positive note. A self-confident India today has become a ray of hope for the world and also a center of attraction. At the very beginning of this quarter, the Free Trade Agreement between India and the European Union reflects how bright the coming directions are and how promising the future of India’s youth is. This is free trade for an ambitious India, free trade for aspirational youth, and free trade for a self-reliant India. I am fully confident that, especially India’s manufacturers, will use this opportunity to enhance their capabilities.

I would say to all producers: when such a “mother of all deals,” as it is called, has been concluded between India and the European Union, our industrialists and manufacturers should not remain complacent merely thinking that a big market has opened and goods can now be sent cheaply. This is an opportunity, and the foremost mantra of seizing this opportunity is to focus on quality. Now that the market has opened, we must enter it with the very best quality. If we go with top-class quality, we will not only earn revenue from buyers across the 27 countries of the European Union, but we will also win their hearts. That impact lasts a long time—decades, in fact. Company brands, along with the nation’s brand, establish a new sense of pride.

Therefore, this agreement with 27 countries is bringing major opportunities for our fishermen, our farmers, our youth, and those in the service sector who are eager to work across the world. I am fully confident that this is a very significant step toward a confident, competitive, and productive India.

Friends,

It is natural for the nation’s attention to be focused on the budget. But this government has been identified with reform, perform, and transform. Now we are moving on the reform express—at great speed. I also express my gratitude to all colleagues in Parliament who are contributing their positive energy to accelerate this reform express, due to which it continues to gain momentum.

The country is now moving out of long-term pending problems and stepping firmly onto the path of long-term solutions. When long-term solutions are in place, predictability emerges, which creates trust across the world. In every decision we take, national progress is our objective, but all our decisions are human-centric. Our role and our schemes are human-centric. We will compete with technology, adopt technology, and accept its potential, but at the same time, we will not allow the human-centric system to be diminished in any way. Understanding the importance of sensitivities, we will move forward with a harmonious integration of technology and humanity.

Those who critique us—who may have likes or dislikes toward us—this is natural in a democracy. But one thing everyone acknowledges is that this government has emphasized last-mile delivery. There is a continuous effort to ensure that schemes do not remain confined to files but reach people’s lives. This tradition will be taken forward in the coming days through next-generation reforms on the reform express.

India’s democracy and India’s demography today represent a great hope for the world. From this temple of democracy, we should also convey a message to the global community—about our capabilities, our commitment to democracy, and our respect for decisions taken through democratic processes. The world welcomes and accepts this.

At a time when the country is moving forward, this is not an era of obstruction; it is an era of solutions. Today, the priority is not disruption, but resolution. Today is not a time to sit and lament through obstruction; it is a period that demands courageous, solution-oriented decisions. I urge all Honorable Members of Parliament to come forward, accelerate this phase of essential solutions for the nation, empower decisions, and move successfully ahead in last-mile delivery.

Thank you very much, colleagues. My best wishes to all of you.