“ৰাষ্ট্ৰীয় ক্ৰীড়াই ভাৰতৰ ব্যতিক্ৰমী ক্ৰীড়া দক্ষতা উদযাপন কৰে”
“ভাৰতৰ প্ৰতিটো কোণত প্ৰতিভা বিদ্যমান। সেয়েহে, ২০১৪ৰ পিছত, আমি ক্ৰীড়া সংস্কৃতিৰ প্ৰচাৰৰ বাবে এক ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো”
"গোৱাৰ আভা অতুলনীয়"
"ক্ৰীড়া জগতত ভাৰতৰ শেহতীয়া সফলতা প্ৰতিজন যুৱ খেলুৱৈৰ বাবে এক বৃহৎ অনুপ্ৰেৰণা"
"খেলো ইণ্ডিয়াৰ জৰিয়তে প্ৰতিভা আৱিষ্কাৰ কৰি, তেওঁলোকক প্ৰতিপালন আৰু তেওঁলোকক টিঅ'পিএছৰ দ্বাৰা অলিম্পিকৰ পোডিয়ামত স্থান লাভৰ বাবে প্ৰশিক্ষণ আৰু মেজাজ প্ৰদান কৰাটো আমাৰ ৰোডমেপ"
"ভাৰতে বিভিন্ন ক্ষেত্ৰত আগবাঢ়িছে আৰু আজি অভূতপূৰ্ব মানদণ্ড গঢ়ি তুলিছে"
"ভাৰতৰ গতি আৰু মাত্ৰাৰ সৈতে মিলাটো কঠিন"
"মাই ভাৰত ভাৰতৰ যুৱ শক্তিক বিকশিত ভাৰতৰ যুৱ শক্তি হিচাপে পৰিণত কৰাৰ এক মাধ্যম হ'ব"
"ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত অলিম্পিক আয়োজন কৰিবলৈ সাজু। অলিম্পিক আয়োজনৰ আমাৰ আকাংক্ষা কেৱল আৱেগতে সীমাবদ্ধ নহয়। ইয়াৰ পৰিৱৰ্তে, ইয়াৰ আঁৰত কিছুমান দৃঢ় কাৰণ আছে"

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইজী, জনপ্ৰিয় আৰু যুৱ, উদ্যমী মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তজী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, মঞ্চত উপৱিষ্ট জনপ্ৰতিনিধিসকল, ‘ভাৰতীয় অলিম্পিক সংস্থা’ৰ সভাপতি, ভগ্নী পিটি উষাজী, দেশৰ প্ৰতিটো কোণৰ পৰা সমবেত হোৱা মোৰ ক্ৰীড়া সহকৰ্মীসকল, সহায়ক কৰ্মচাৰী, অন্যান্য বিষয়া আৰু যুৱপ্ৰজন্মৰ বন্ধুসকল, ভাৰতীয় ক্ৰীড়া সমাৰোহৰ বিশাল যাত্ৰা আজি গোৱাত উপস্থিত হৈছেহি। সকলো ফালেই ৰঙেই ৰং... সকলো ফালেই তৰংগ... ৰোমাঞ্চ... এয়া এক উল্লসিত কৰিব পৰা বাতাবৰণ। গোৱাৰ পৰিৱেশৰ যেন কথাই এনেকুৱা। ‘৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত বহুত অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল, 

গোৱা হৈছে সেইডোখৰ ভূমি যিয়ে দেশক এনে বহুতো ক্ৰীড়া তাৰকা উপহাৰ দিছে। য'ত সৰু-বৰ আলিয়ে-গলিয়ে ফুটবল প্ৰীতিৰ পয়োভৰ দেখিবলৈ পোৱ যায়। আৰু দেশৰ কেতবোৰ পুৰণি ফুটবল ক্লাব আমাৰ এই গোৱাতে আছে। এনে এক ক্ৰীড়াপ্ৰেমী গোৱাত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱা কথাই স্বত্ঃস্ফূৰ্তভাৱেই এক নতুন শক্তি সঞ্চাৰিত কৰি তোলে।

মোৰ পৰিয়ালৰ সদস্যসকল,

এই ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ এনে এটা সময়ত অনুষ্ঠিত হৈছে, যি সময়ত ভাৰতৰ ক্ৰীড়া জগতে এটাৰ পিছত এটাকৈ সফলতাৰ নতুন উচ্চতা স্পৰ্শ কৰিছে। বিগত ৭০টা বছৰত যি হোৱা নাছিল, এইবাৰ আমি ‘এছিয়ান গে’মছ’ত সেয়া হোৱা দেখিবলৈ পাইছো আৰু এতিয়া ‘এছিয়ান পেৰা গে’মছ’ও চলি আছে। এইবোৰত ভাৰতীয় খেলুৱৈসকলে এতিয়ালৈকে ৭০টাতকৈয়ো অধিক পদক জিকি সকলো অভিলেখ ভংগ কৰিছে। ইয়াৰ আগতে, ‘বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ’ অনুষ্ঠিত হৈছিল। ইয়াতো, ভাৰতে এক নতুন ইতিহাস ৰচনা কৰিছিল। এই সফলতাবোৰ ইয়ালৈ অহা প্ৰতিগৰাকী খেলুৱৈৰ বাবে এক বৃহৎ অনুপ্ৰেৰণাৰ সমল। এই ৰাষ্ট্ৰীয় ক্ৰীড়া, এক প্ৰকাৰে, আপোনালোকৰ বাবে, সকলো যুৱক-যুৱতীৰ বাবে, সকলো খেলুৱৈৰ বাবে এক শক্তিশালী ‘লঞ্চপেড’। আপোনালোকৰ বাবে কিমানযে সুযোগ আছে, সেই কথাকে মনত ৰাখি, আপোনালোকে সম্পূৰ্ণ শক্তিৰে নিজৰ নিজৰ প্ৰদৰ্শন দাঙি ধৰিব লাগিব। আপোনালোকে এই কামটো কৰিবনে বাৰু? নিশ্চিত ভাবে কৰিবনে বাৰু? আপোনালোকে পুৰণি ‘ৰেকৰ্ড’ ভাঙিব নে বাৰু?  মোৰ শুভকামনা আপোনাৰ বাবে সদায়ে থাকিব।

মোৰ যুৱ বন্ধুসকল,

ভাৰতৰ প্ৰতিখন গাঁও, আলি-গলিত প্ৰতিভাৰ কোনো অভাৱেই নাই। আমাৰ ইতিহাস এই সত্যৰ সাক্ষী যে অভাৱৰ মাজতো ভাৰতে ‘চেম্পিয়ন’ গঢ়ি তুলিছে। মোৰ সৈতে মঞ্চত বহি আছে মোৰ ভগ্নী পি টি ঊষাজী। তথাপিও প্ৰতিগৰাকী দেশবাসীয়ে সদায় যেন এটা অভাৱ অনুভৱ কৰি আহিছিল। আমাৰ ইমান এখন ডাঙৰ দেশ, পিচে, আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ পদক তালিকাত বহুত পিছ পৰি থাকিছিলো। সেয়েহে ২০১৪ চনৰ পিছত, আমি এক ৰাষ্ট্ৰীয় সংকল্পৰ গ্ৰহণেৰে দেশৰ এই পৰিতাপ আঁতৰ কৰাৰ দায়িত্ব লৈছিলোঁ। আমি ক্ৰীড়া আন্তঃগাঁথনিলৈ পৰিৱৰ্তন আনিছিলো, আমি বাছনি প্ৰক্ৰিয়াত পৰিৱৰ্তন আনিছিলো, আমি ইয়াক অধিক স্বচ্ছ কৰি তুলিছিলো। আমি খেলুৱৈসকলক বিত্তীয় সাহায্য প্ৰদান কৰা আঁচনিসমূহত পৰিৱৰ্তন আনিছো৷ আমি খেলুৱৈসকলক প্ৰশিক্ষণ দিয়াৰ বাবে আঁচনিসমূহত পৰিৱৰ্তন আনিছো৷ আমি সমাজৰ মানসিকতালৈ পৰিৱৰ্তন আনিছিলো, পুৰণি চিন্তাধাৰা, পুৰণি দৃষ্টিভংগীৰ বাবে, আমি আমাৰ ক্ৰীড়া আন্তঃগাঁথনিৰ পথ ৰোধকবোৰ এটা এটাকৈ আঁতৰ কৰাৰ কাম আৰম্ভ কৰিছিলোঁ। চৰকাৰে প্ৰতিভাৰ সন্ধানৰ পৰা তেওঁলোকক হস্তান্তৰ কৰা আৰু অলিম্পিকৰ মঞ্চত উপনীত হোৱাৰ বাবে এটা ‘ৰোডমেপ’ প্ৰস্তুত কৰিছিল। আমি আজি সমগ্ৰ দেশতে ইয়াৰ ফল দেখিবলৈ পাইছো।

 

বন্ধুসকল,

আগৰ চৰকাৰসমূহৰ ক্ৰীড়াৰ বাজেটক লৈ এক দ্বিধাৰ ভাৱ আছিল। মানুহে ভাবিছিল যে- খেলনো কি, এটা খেলহে, খেলইতো হয়, আৰুনো কি?  ইয়াৰ বাবেনো কিয় ব্যয় কৰিব লাগে! আমাৰ চৰকাৰে এই চিন্তাধাৰাো সলনি কৰিছিল। আমি ক্ৰীড়াৰ বাবে বাজেট বৃদ্ধি কৰিছিলোঁ। এই বছৰৰ কেন্দ্ৰীয় ক্ৰীড়া বাজেট ৯ বছৰৰ আগৰ তুলনাত ৩ গুণ বেছি।  চৰকাৰে ‘খেলো ইণ্ডিয়া’ৰ পৰা ‘টিঅ'পিএছ’ আঁচনিলৈকে দেশৰ খেলুৱৈসকলক উদগণি দিয়াৰ বাবে এক নতুন পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিছে। এই আঁচনিসমূহৰ অধীনত আপোনালোকৰ দৰে প্ৰতিভাশালী খেলুৱৈসকলক সমগ্ৰ দেশৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা চিনাক্ত কৰা হৈছে। চৰকাৰে তেওঁলোকৰ প্ৰশিক্ষণ, তেওঁলোকৰ খাদ্য-পাতি, তেওঁলোকৰ অন্যান্য ব্যয়ৰ বাবে যথেষ্ট ধন ব্যয় কৰিছে। ‘লক্ষ্য অলিম্পিক প’ডিয়াম আঁচনি’ (টিঅ'পিএছ) ৰূপায়ণ কৰা হয় যাৰ অধীনত দেশৰ শীৰ্ষ খেলুৱৈসকলক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰা হৈছে। কল্পনা কৰকচোন, ‘খেলো ইণ্ডিয়া’ আঁচনিৰ অধীনত সমগ্ৰ দেশৰ পৰা ৩,০০০ যুৱক-যুৱতীয়ে বৰ্তমান আমাৰ খেলুৱৈসকলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। খেলুৱৈসকলৰ ইমান ডাঙৰ প্ৰতিভা গোট গঢ়ি তোলা হৈছে। আৰু এই প্ৰতিগৰাকী খেলুৱৈক প্ৰতি বছৰে ৬ লাখ টকাতকৈয়ো অধিক বৃত্তি দিয়া হৈছে। ‘খেলো ইণ্ডিয়া’ অভিযানৰে ওলাই অহা প্ৰায় ১২৫ গৰাকী যুৱ খেলুৱৈয়ে ‘এছিয়ান গে’মছ’ত অংশগ্ৰহণ কৰিছিল। যদি এটা পুৰণি ব্যৱস্থাই বৰ্তি থাকিলহেঁতেন এইসকল প্ৰতিভাক কেতিয়াও স্বীকৃতি দিয়া নহ'লহেঁতেন। এই প্ৰতিভাধৰ খেলুৱৈসকলে ৩৬টা পদক জিকিছে। ‘খেলো ইণ্ডিয়া’ৰ খেলুৱৈসকলক চিনাক্ত কৰক, তেওঁলোকক গঢ় দিয়ক, আৰু তাৰ পিছত তেওঁলোকক ‘টিঅ’পিএছ’-ৰ সৈতে ‘অলিম্পিক পোডিয়াম ফিনিছ’ৰ বাবে প্ৰশিক্ষণ দিয়ক। এয়াই হৈছে আমাৰ ‘ৰোডমেপ’।

মোৰ যুৱ বন্ধুসকল,

যিকোনো দেশৰ ক্ৰীড়া খণ্ডৰ প্ৰগতি সেই দেশৰ অৰ্থনীতিৰ প্ৰগতিৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। যেতিয়া দেশত নেতিবাচকতা, নিৰাশা, নেতিবাচকতা থাকে, তেতিয়া ই ক্ষেত্ৰআৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত অতি বেয়া প্ৰভাৱ পেলায়। ভাৰতৰ এই সফল ক্ৰীড়া কাহিনীভাৰতৰ সামগ্ৰিক সফলতাৰ কাহিনীতকৈ বেলেগ নহয়। ভাৰতে আজি প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িছে, নতুন অভিলেখ গঢ়িছে। ভাৰতৰ গতি আৰু ‘স্কেল’ৰ সৈতে আজি প্ৰতিযোগিতা কৰা কঠিন। ভাৰতে কেনেদৰে আগবাঢ়িছে, আপোনালোকে যোৱা ৩০টা দিনৰ কাম আৰু সাফল্যৰ পৰা এক ধাৰণা কৰিব পাৰিব।

বন্ধুসকল,

মই আপোনালোকৰ বেছি সময় ল’ব খোজা নাই। কল্পনা কৰকচোন আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কেনেদৰে প্ৰস্তুত কৰা হৈছে। মোৰ নজোৱান বন্ধুসকল, কথাটো মনোযোগেৰে শুনিব, মই আপোনালোকক মাত্ৰ ৩০ দিনৰ কামৰ কথা ক'ম। যোৱা ৩০-৩৫ দিনত কি ঘটিছে, আৰু আপোনালোকে অনুভৱ কৰিব যে যদি দেশখনে এই গতি আৰু পৰিমাপৰে আগবাঢ়ি আছে তেন্তে আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মোদীয়ে প্ৰদান কৰা গেৰাণ্টী নিতান্তই আন্তৰিক।

 

যোৱা ৩০-৩৫ দিনতে মাত্ৰ,

-‘নাৰী শক্তি বন্দন অধিনিয়ম’-য়ে আইনৰ ৰূপ পালে।  

-‘গগনযান’ৰ সৈতে সম্পৰ্কিত এটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হ’ল।

-ভাৰতে ইয়াৰ প্ৰথম ‘আঞ্চলিক দ্ৰুত ৰে’ল’ ‘নমো ভাৰত’ লাভ কৰিলে।

-‘বেংগালুৰু মেট্ৰ' সেৱা’ সম্প্ৰসাৰিত কৰা হৈছে।

-জম্মু আৰু কাশ্মীৰৰ ‘প্ৰথম ভিষ্টাড’ম ৰে’লসেৱা’ আৰম্ভ হৈছে।

-এই ৩০ দিনতে ‘দিল্লী-বদোদৰা এক্সপ্ৰেছৱে’ উদ্বোধন কৰা হৈছে।

-ভাৰতত ‘জি-২০ দেশৰ সাংসদ আৰু অধ্যক্ষ’সকলৰ এখন সন্মিলন অনুষ্ঠিত হয়।

-ভাৰতত ‘গোলকীয় সামুদ্ৰিক সন্মিলন’ অনুষ্ঠিত হৈছে, ইয়াত ৬ লাখ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছে।

-ইজৰাইলৰ পৰা ভাৰতীয়সকলক ঘূৰাই আনিবলৈ ‘অপাৰেশ্যন অজয়’ আৰম্ভ কৰা হৈছে।

-৪০ বছৰৰ পিছত ভাৰত আৰু শ্ৰীলংকাৰ মাজত ফেৰী সেৱা আৰম্ভ কৰা হয়।

-ভাৰতে ‘৫জি’ ব্যৱহাৰকাৰী আধাৰৰ ক্ষেত্ৰত ইউৰোপক পিছ পেলাই বিশ্বৰ শীৰ্ষ-৩ খন দেশৰ মাজত স্থান লাভ কৰিছে।

-‘এপল;-ৰ পিছত ‘গুগল’-য়েও ‘মে’ড ইন ইণ্ডিয়া স্মাৰ্টফোন’ নিৰ্মাণৰ কথা ঘোষণা কৰিছে।

-আমাৰ দেশে খাদ্য, ফল আৰু পাচলি উৎপাদনৰ এক নতুন অভিলেখ গঢ়িছে।

 

বন্ধুসকল,

এয়াটো মাত্ৰ ‘হাফ-টাইম’-হে হৈছে, গণ্টি কৰিবলৈ মোৰ হাতত আৰু বহুতো তথ্যই আছে। আজি মই মহাৰাষ্ট্ৰৰ ‘নলৱান্দে বান্ধ’ত ‘ভূমি পূজন’ কৰিছো, যিটো ৫০ বছৰ ধৰি স্থবিৰ হৈ আছিল।

-যোৱা ৩০ দিনত তেলেংগানাত ৬,০০০ কোটি টকাৰ ‘ছুপাৰ থাৰ্মেল বিদ্যুৎ প্ৰকল্প’ উদ্বোধন কৰা হৈছে।

-ছত্তীশগড়ৰ বস্তাৰত ২৪,০০০ কোটি টকাৰ এটা ‘আধুনিক তীখা প্ৰকল্প’ উদ্বোধন কৰা হৈছে।

-ৰাজস্থানত ‘মেহছানা-ভাটিন্দা-গুৰদাসপুৰ গেছ পাইপলাইন’ৰ এটা অংশ উদ্বোধন কৰা হৈছে।

-যোধপুৰৰ নতুন বিমানবন্দৰ ‘টাৰ্মিনেল ভৱন’ আৰু ‘আইআইটি চৌহদ’ৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে।

-যোৱা ৩০ দিনত মহাৰাষ্ট্ৰত ৫০০ৰো অধিক ‘দক্ষতা বিকাশ কেন্দ্ৰ’ আৰম্ভ কৰা হৈছে।

-কেইদিনমান আগতে, গুজৰাটৰ ধোৰ্ডোৱে ‘শ্ৰেষ্ঠ পৰ্যটন গাঁৱ’ৰ বঁটা লাভ কৰিছে।

-জবলপুৰত ‘বীৰাঙ্গনা ৰাণী দুৰ্গাৱতী স্মাৰক’ৰ ‘ভূমি পূজন’ কৰা হৈছে।

- হালধি খেতিয়কসকলৰ বাবে ‘হালধি বোৰ্ড’ ঘোষণা কৰা হৈছে।

-তেলেংগানাৰ ‘কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়ে’ অনুমোদন লাভ কৰিছে।

-মধ্য প্ৰদেশত, ২.২৫ লাখ দৰিদ্ৰ পৰিয়ালে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত ঘৰ লাভ কৰিছে।

-এই ৩০টা দিনত ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ হিতাধিকাৰীসকলৰ সংখ্যা ৫০ লাখত উপনীত হৈছে।

-;আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত ২৬ কোটি কাৰ্ড বিতৰণ কৰা হৈছে।

- ‘উচ্চাকাংক্ষী জিলা’ আৰু তাৰ পিছত দেশৰ ‘উচ্চাকাংক্ষী উন্নয়ণ খণ্ড’সমূহৰ বিকাশ অভিযান আৰম্ভ কৰা হৈছে।

-গান্ধী জয়ন্তীত  দিল্লীৰ এখন খাদী দোকানত ১.৫ কোটি টকাৰ বিক্ৰী হৈছিল।

 

আৰু বন্ধুসকল,

এই ৩০টা দিনত ক্ৰীড়া জগতত বহুতো ঘটনা সংঘটিত হৈছে।

-‘এছিয়ান গে’মছ’ত ভাৰতে ১০০টতকৈয়ো অধিক পদক জিকিছে।

-৪০ বছৰৰ পিছত ভাৰতত ‘আন্তৰ্জাতিক অলিম্পিক সমিতি’ৰ অধিৱেশন অনুষ্ঠিত হৈছে।

-উত্তৰাখণ্ডই ‘হকী এষ্ট্ৰো-টাৰ্ফ আৰু ভেলোড্ৰম ষ্টেডিয়াম’ লাভ কৰিছে।

-বাৰাণসীত ‘আধুনিক ক্ৰিকেট ষ্টেডিয়াম’ৰ কাম আৰম্ভ কৰা হৈছে।

-গোৱালিয়ৰে ‘অটল বিহাৰী বাজপেয়ী দিব্যাংগ ক্ৰীড়া কেন্দ্ৰ’ লাভ কৰিছে।

-আৰু এই ‘ৰাষ্ট্ৰীয় ক্ৰীড়া’ সমাৰোহো ইয়াত গোৱাত অনুষ্ঠিত হৈছে।

 

মাত্ৰ ৩০টা দিনৰ, মোৰ নৱজোৱান বন্ধুসকল, মাত্ৰ ৩০টা দিনৰ কাম-কাজৰ এই তালিকাখন বহুতেই দীঘল। মই এইমাত্ৰ আপোনালোকক তাৰ এটা সৰু আভাসহে দাঙি ধৰিছো। আজি দেশৰ প্ৰতিটো খণ্ডতে, দেশৰ প্ৰতিটো প্ৰান্ততে এক অভূতপূৰ্ব গতিত কাম চলি আছে, সকলোৱে এখন ‘উন্নত ভাৰত’ গঢ়ি তোলাত নিয়োজিত হৈ আছে।

বন্ধুসকল,

এই সকলোবোৰ কামৰ মূলতে আছে মোৰ দেশৰ যুৱক-যুৱতীসকল, মোৰ ভাৰতৰ যুৱপ্ৰজন্ম। আজি ভাৰতৰ যুৱপ্ৰজন্মৰ মন অভূতপূৰ্ব আত্মবিশ্বাসেৰে ভৰি উঠিছে। ভাৰতৰ যুৱপ্ৰজন্মৰ এই আত্মবিশ্বাসক ৰাষ্ট্ৰীয় সংকল্পৰ সৈতে সংযোগ কৰিবলৈ শেহতীয়াকৈ আন এটা ডাঙৰ কাম কৰা হৈছে। ‘মাই ইয়ং ইণ্ডিয়া’, ইয়াত আপোনালোকে যে সকলো ঠাইতে ‘বোৰ্ড’ দেখিছে, ‘মাই য়ুথ ইণ্ডিয়া’, অৰ্থাৎ ‘মাই ইণ্ডিয়া’ নামৰ এখন নতুন মঞ্চ অনুমোদিত কৰা হৈছে। দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীক ইজনে সিজনৰ সৈতে আৰু চৰকাৰৰ সৈতে সংযোগ স্থাপন কৰাৰ বাবে ই এক একক কেন্দ্ৰ হ'ব। যাতে তেওঁলোকৰ আশা-আকাংক্ষাবোৰ পূৰণ কৰাৰ বাবে, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁলোকক অধিকৰো অধিক সুযোগ প্ৰদান কৰিব পৰা যায়। এয়া ভাৰতৰ যুৱ শক্তিক উন্নত ভাৰতৰ শক্তি হিচাপে গঢ়ি তোলাৰ এক মাধ্যম হৈ পৰিব। আজিৰ পৰা কেইদিনমানৰ পিছত, ৩১ অক্টোবৰত, ‘একতা দিৱস’ত মই ‘মাই ভাৰত’ অভিযান আৰম্ভ কৰিম। আৰু দেশবাসীয়ে জানে যে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তীত আমি সমগ্ৰ দেশতে ‘ৰান ফৰ ইউনিটী’ নামৰ এক ডাঙৰ কাৰ্যসূচীৰ আয়োজন কৰি আহিছো। গোৱা আৰু দেশৰ প্ৰতিটো কোণতে ৩১ অক্টোবৰৰ দিনা, দেশৰ ঐক্যৰ বাবে ‘ৰান ফৰ ইউনিটী’ৰ এক মহান কাৰ্যসূচী অনুষ্ঠিত হোৱাটো মই কামনা কৰিছো। আপোনালোক সকলোৱে নিশ্চিতভাৱে এই অভিযানত যোগদান কৰিব।

 

বন্ধুসকল,

আজিৰ ভাৰতৰ সংকল্প আৰু প্ৰচেষ্টা যেতিয়া ইমান বিশাল, ভাৰতৰ আশা-আকাংক্ষা বৃদ্ধি হোৱাটোও নিতান্তই স্বাভাৱিক। সেয়েহে ‘আইঅ'চি’ৰ অধিৱেশনত মই ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাকে উপস্থাপন কৰিছো। মই ‘অলিম্পিকৰ উচ্চতম সমিতি’খনক আশ্বাস দিছো যে ২০৩০ চনত ‘যুৱ অলিম্পিক’ আৰু ২০৩৬ চনত ‘অলিম্পিক’ আয়োজন কৰিবলৈ ভাৰত সাজু।

বন্ধুসকল,

অলিম্পিকৰ প্ৰতি আমাৰ আকাংক্ষা কেৱল আৱেগতে সীমাবদ্ধ নহয়। ইয়াৰ পৰিৱৰ্তে, ইয়াৰ আঁৰত কিছুমান দৃঢ় কাৰণ আছে। ২০৩৬ চনলৈ, আজিৰ পৰা প্ৰায় ১৩ বছৰৰ পিছত ভাৰত বিশ্বৰ এক আগশাৰীৰ অৰ্থনৈতিক শক্তি হৈ উঠিব। সেই সময়লৈকে, প্ৰতিগৰাকী ভাৰতীয়ৰ উপাৰ্জন আজিৰ তুলনাত বহুগুণে অধিক হ'ব। তেতিয়ালৈকে ভাৰতত এটা বহুত ডাঙৰ মধ্যবিত্ত শ্ৰেণী গঢ়ি উঠিব। ক্ৰীড়াৰ পৰা মহাকাশলৈ, ভাৰতৰ ত্ৰিৰংগাই অধিক গৌৰৱেৰে লহৰ তুলিব। অলিম্পিক আয়োজনৰ বাবে সংযোগ আৰু অন্যান্য আধুনিক আন্তঃগাঁথনিৰ প্ৰয়োজন। আজি ভাৰতে আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১০০ লাখ কোটি টকাৰো অধিক ব্যয় কৰাৰ প্ৰস্তুতি চলাইছে। গতিকে অলিম্পিক অনুষ্ঠিত কৰাটো আমাৰ বাবে তেনেই সহজ হৈ উঠিব।

বন্ধুসকল,

আমাৰ ‘ৰাষ্ট্ৰীয় ক্ৰীড়া’ও ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰতীক। ভাৰতৰ প্ৰতিখন ৰাজ্যই নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে এটা উত্তম মাধ্যম। এইবাৰ গোৱাই এই সুযোগ পাইছে। গোৱা চৰকাৰ আৰু গোৱাৰ জনসাধাৰণে যি ধৰণৰ প্ৰস্তুতি চলাইছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। ইয়াত নিৰ্মাণ কৰা ক্ৰীড়া আন্তঃগাঁথনি গোৱাৰ যুৱক-যুৱতীসকলৰ বাবে আগন্তুক বহু দশকৰ বাবে উপযোগী হ'ব। ভাৰতে ইয়াৰ পৰা বহুতো নতুন খেলুৱৈ লাভ কৰিব। এই প্ৰস্তুতিয়ে ইয়াত অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাটো সম্ভৱ কৰি তুলিব। যোৱা কেইবছৰমানত গোৱাত সংযোগ সম্পৰ্কীয় আধুনিক আন্তঃগাঁথনিও নিৰ্মাণ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া’ই গোৱাৰ পৰ্যটন আৰু ইয়াৰ অৰ্থনীতিক যথেষ্ট লাভান্বিত কৰিব।

বন্ধুসকল,

গোৱা, এই গোৱাতো উৎসৱ, উদযাপনৰ বাবে জনাজাত। গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিষয়ে এতিয়া সমগ্ৰ বিশ্বতে আলোচনা কৰা হয়। আমাৰ চৰকাৰে গোৱাক আন্তঃৰাষ্ট্ৰীয় সন্মিলন, সভা আৰু শীৰ্ষ সন্মিলনৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ কৰি তুলিছে। ২০১৬ চনত আমি গোৱাত ব্ৰিকছ সন্মিলনৰ আয়োজন কৰিছিলো। এইখন গোৱাত ‘জি-২০’ সম্পৰ্কীয় বহুতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। মই সুখী যে বিশ্বত পৰ্যটনৰ বহনক্ষম বিকাশৰ বাবে, পৰ্যটনৰ বাবে ‘গোৱা ৰোডমেপ’ ‘জি-২০’ দেশসমূহে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে। এয়া গোৱাৰ বাবে গৌৰৱৰ বিষয়, ই ভাৰতৰ পৰ্যটনৰ বাবেও এক ডাঙৰ বিষয়।

 

বন্ধুসকল,

ক্ষেত্ৰ যিয়েই নহওঁক কিয়, প্ৰত্যাহ্বান যিয়েই নহওঁক কিয়, আমি প্ৰতিটো পৰিস্থিতিতে আমাৰ সৰ্বশ্ৰেষ্ঠ উদঙাই দিব লাগিব। আমি এই সুযোগটো হাতচাৰা হ’বলৈ দিব নালাগিব। এই আহ্বানৰেই মই ‘৩৭ সংখ্যক (সাতত্ৰিশ সংখ্যক) ৰাষ্ট্ৰীয় ক্ৰীড়া’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছো। আকৌ এবাৰ সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জনাইছোঁ। ‘গোৱা সাজু’! ‘গোঁয় আসা তয়াৰ’! ‘গোৱা ইজ ৰেডী’! বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat

Media Coverage

7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Rastriya Swatantra Party leaders on electoral success in Nepal
March 09, 2026

The Prime Minister, Shri Narendra Modi, had warm telephone conversations with Mr. Rabi Lamichhane, Chairman of the Rastriya Swatantra Party (RSP), and Mr. Balendra Shah, Senior Leader of the RSP.

Shri Modi congratulated both leaders on their electoral victories and the RSP’s resounding success in the Nepal elections. He conveyed his best wishes for the forthcoming new Government and reaffirmed India’s commitment to work with them for mutual prosperity, progress and well-being of the people of both countries.

Expressing confidence in the future of India-Nepal relations, the Prime Minister said that with joint endeavours, the partnership between the two nations will scale new heights in the years ahead.

In a X post, the Prime Minister said;

“Had warm telephone conversations with Mr. Rabi Lamichhane, Chairman of the Rastriya Swatantra Party (RSP) and Mr. Balendra Shah, Senior Leader of the RSP.

Congratulated both leaders on their electoral victories and RSP’s resounding success in the Nepal elections. Conveyed my best wishes for their forthcoming new Government and India's commitment to work with them for mutual prosperity, progress and well-being of our two countries.

I am confident that with our joint endeavours, India and Nepal relations will scale new heights in the years ahead.

@hamrorabi

@ShahBalen

@party_swatantra”