প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে ছিকিম হৈছে দেশৰ গৌৰৱঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়ন যাত্ৰাৰ কেন্দ্ৰত ৰাখিছেঃ প্ৰধানমন্ত্ৰী
আমি ‘এক্ট ফাষ্ট’ৰ মনোভাৱেৰে ‘এক্ট ইষ্ট’ নীতিক আগুৱাই নিছোঁঃ প্ৰধানমন্ত্ৰী
ছিকিম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ প্ৰগতিৰ এক উজ্জ্বল অধ্যায় হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি ছিকিমক বিশ্ব পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁঃ প্ৰধানমন্ত্ৰী
আগন্তুক বছৰসমূহত ভাৰত বৈশ্বিক ক্ৰীড়া মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে, উত্তৰ-পূব আৰু ছিকিমৰ যুৱ শক্তিয়ে এই সপোন বাস্তৱায়িতকৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ প্ৰধানমন্ত্ৰী
আমাৰ সপোন হৈছে ছিকিমক কেৱল ভাৰতৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ এখন গ্ৰীন মডেল ৰাজ্য হিচাপে গঢ়ি তোলাঃ প্ৰধানমন্ত্ৰী
তেখেতে ছিকিমৰ চহকী সংস্কৃতি আৰু সমৃদ্ধিৰ দিশত ৰাজ্যখনৰ প্ৰতিখন সমাজৰে অৱদানক স্বীকৃতি জনায়

ছিকিমৰ ৰাজ্যপাল শ্ৰীযুত ওম প্ৰকাশ মাথুৰ জী, ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ বন্ধু প্ৰেম সিং তামাং জী, সংসদত মোৰ সহকৰ্মী দৰ্জী চেৰিং লেপচা জী, ড° ইন্দ্ৰ হাং চুব্বা জী, ইয়াত উপস্থিত থকা ৰাইজৰ লগতে অন্যান্য জনপ্ৰতিনিধিসকল, সজ্জন তথা ভদ্ৰমহিলাসকল,

 

কাঞ্চনজংঘাৰ শীতল ছাঁত বাস কৰা আমাৰ মৰমৰ ছিকিমৰ আমা-বাবু, দাজু-ভাই, দিদি-ভগ্নীসকল। ছিকিম ৰাজ্যৰ সোণালী জয়ন্তীৰ এই আনন্দৰ উপলক্ষত আপোনালোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

আজি এটা বিশেষ দিন, এয়া হৈছে ছিকিমৰ গণতান্ত্ৰিক যাত্ৰাৰ সোণালী জয়ন্তীৰ উপলক্ষ। মই নিজেও আপোনালোক সকলোৰে মাজত থাকি এই উদযাপনৰ, এই উৎসাহৰ, ৫০ বছৰৰ এই সফল যাত্ৰাৰ সাক্ষী হ’ব বিচাৰিছিলো, ময়ো আপোনালোকৰ লগত কান্ধত কান্ধ মিলাই এই উদযাপনৰ অংশ হ’ব বিচাৰিছিলো। দিল্লীৰ পৰা অতি সোনকালেই ওলাই পুৱাই আহি বাগডোগ্ৰাতো ঠিকেই পালোঁহি, পিচে, বতৰে মোক আপোনাৰ দুৱাৰমুখলৈকেতো ঠিকেই লৈ আহিলে, কিন্তু আৰু আগবাঢ়ি যোৱাত বাধা দিলে আৰু সেয়েহে আপোনালোকক ব্যক্তিগতভাৱে দেখাৰ সুযোগ নাপালোঁ। কিন্তু মই এই দৃশ্যটো চাই আছো, ইমান এটা বিশাল দৃশ্য মোৰ সন্মুখত দেখিবলৈ পাইছো, সকলোতে কেৱল মানুহেই মানুহ দেখা পাইছো, এয়া কি যে আচৰিত দৃশ্য। ময়ো যদি আপোনালোকৰ মাজত থাকিলোহেঁতেন, কিমানযে ভাল লাগিলহেঁতেন, কিন্তু মই আপোনালোকৰ কাষ পাবগৈ নোৱাৰিলোঁ, আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। অৱশ্যে, সন্মানীয় মুখ্যমন্ত্ৰীয়ে মোক আমন্ত্ৰণ জনোৱাৰ দৰেই মই আপোনালোকক আশ্বস্ত কৰিব খুজিছোঁ, ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱাৰ লগে লগেই মই নিশ্চিতভাৱেই ছিকিমলৈ আহিম, আপোনালোক সকলোকে লগ পাম আৰু ৫০ বছৰৰ এই সফল যাত্ৰাৰ দৰ্শকো হ’মগৈ। আজিৰ এই দিনটো হৈছে যোৱা ৫০টা বছৰৰ কৃতিত্ব উদযাপনৰ দিন আৰু আপোনালোকে এটা অতি ভাল অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু মই নিৰন্তৰভাৱে শুনি আছিলো, দেখি আছিলো, এই অনুষ্ঠানটোক স্মৰণীয় কৰি তুলিবলৈ স্বয়ং মুখ্যমন্ত্ৰী জীয়েই বিশেষ উত্সাহেৰে কামবোৰ কৰি আছে। তেওঁ দুবাৰ দিল্লীলৈ আহি মোক নিমন্ত্ৰণ কৰি গৈছিলহি। ছিকিম ৰাজ্যৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

৫০ বছৰ আগতে ছিকিমে নিজৰ বাবে গণতান্ত্ৰিক ভৱিষ্যতৰ সিদ্ধান্ত লৈছিল। ছিকিমৰ জনসাধাৰণে ভাৰতৰ ভূগোলৰ লগতে ভাৰতৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছিল। বিশ্বাস আছিল যে যেতিয়া সকলোৰে কণ্ঠস্বৰ শুনা যাব, সকলোৰে অধিকাৰ সুৰক্ষিত হ’ব, তেতিয়া উন্নয়নৰ সম সুযোগ উপলব্ধ হ’ব। আজি মই ক’ব পাৰো যে ছিকিমৰ প্ৰতিটো পৰিয়ালৰে বিশ্বাস অহৰহভাৱে শক্তিশালী হৈ আহিছে। আৰু দেশেও ইয়াৰ পৰিণতি ছিকিমৰ প্ৰগতিৰ ৰূপত দেখিবলৈ পাইছে। ছিকিম আজি দেশৰ গৌৰৱ। এই ৫০টা বছৰত ছিকিম প্ৰকৃতিৰ সৈতে প্ৰগতিৰ আৰ্হি হৈ উঠিছে। জৈৱ বৈচিত্ৰ্যৰ এখন বিশাল বাগিচা হৈ উঠিছে। ই ১০০% জৈৱিক ৰাজ্যত পৰিণত হৈছে। সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিৰ প্ৰতীক হৈ আত্মপ্ৰকাশ কৰিছে। আজি ছিকিম দেশৰ সেই ৰাজ্যসমূহৰ অন্যতম হৈছে, যিকেইখন ৰাজ্যৰ জনমূৰি আয় হৈছে সৰ্বাধিক। এই সকলোবোৰ সাফল্য ছিকিমৰ আপোনালোক সকলো বন্ধুৰ সামৰ্থ্যৰে আৰ্জিত হৈছে। এই ৫০টা বছৰত ছিকিমৰ পৰা এনে বহু তৰকা ওলাই আহিছে যিয়ে ভাৰতৰ আকাশ আলোকিত কৰিছে। ইয়াৰ প্ৰতিটো সম্প্ৰদায়ে ছিকিমৰ সংস্কৃতি আৰু সমৃদ্ধিৰ বাবে অৰিহণা যোগাইছে।

বন্ধুসকল,

২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত মই কৈছিলোঁ- ‘সবকা সাথ-সবকা বিকাশ’। ভাৰতক উন্নত কৰিবলৈ দেশৰ সুষম উন্নয়ন অতিকে গুৰুত্বপূৰ্ণ। এনে হ’ব নালাগে যে উন্নয়নৰ সুফল এটা অঞ্চললৈকে যাওক আৰু আনটো অঞ্চল পিছ পৰি ৰওক। ভাৰতৰ প্ৰতিখন ৰাজ্য, প্ৰতিটো অঞ্চলৰ নিজস্ব বিশেষত্ব আছে। এই মনোভাৱেৰে যোৱা দশকটোত আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ কেন্দ্ৰবিন্দুত অৱস্থিত কৰিছে। আমি ‘এক্ট ফাষ্ট’ৰ চিন্তাৰে ‘এক্ট ইষ্ট’ৰ সংকল্পৰ কাম কৰি আছোঁ। কেইদিনমানৰ আগতে মাত্ৰ দিল্লীত অনুষ্ঠিত হৈছিল উত্তৰ-পূব বিনিয়োগ সন্মিলন। ইয়াত দেশৰ বৃহৎ উদ্যোগপতি আৰু বৃহৎ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিছিল। তেওঁলোকে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অতি বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা অনাগত সময়ত উত্তৰ-পূৰ্বাঞ্চল আৰু ছিকিমৰ যুৱক-যুৱতীসকলৰ বাবে বহুতো ডাঙৰ ডাঙৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

বন্ধুসকল,

আজিৰ অনুষ্ঠানত ছিকিমৰ ভৱিষ্যত যাত্ৰাৰ এক আভাসো পোৱা গৈছে। আজি ইয়াত ছিকিমৰ উন্নয়নৰ লগত জড়িত বহু প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনৰ কাৰ্যক্ৰমো অনুষ্ঠিত হৈছে। এই সমূহ প্ৰকল্পই ইয়াত স্বাস্থ্যসেৱা, পৰ্যটন, সংস্কৃতি আৰু ক্ৰীড়াৰ সুবিধা সম্প্ৰসাৰণ কৰিব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল নতুন ভাৰতৰ উন্নয়নৰ কাহিনীৰ এক উজ্জ্বল অধ্যায়ত পৰিণত হৈছে। দিল্লীৰ পৰা দূৰত্ব য'ত এসময়ত উন্নয়নৰ বাটত দেৱাল আছিল, এতিয়া তাৰ পৰাই সুযোগৰ নতুন দুৱাৰ মুকলি হৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে ইয়াত সংযোগৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন, আপোনালোকে চকুৰ আগতে হৈ থকা এই পৰিৱৰ্তন নিশ্চয় দেখিছে। এটা সময় আছিল যেতিয়া পঢ়া-শুনা, চিকিৎসা, কৰ্মসংস্থাপনৰ বাবে এঠাইৰ পৰা আন এঠাইলৈ অহা-যোৱা কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান আছিল। কিন্তু যোৱা দহটা বছৰত পৰিস্থিতিৰ বহু পৰিৱৰ্তন হৈছে। এই সময়ছোৱাত ছিকিমত প্ৰায় চাৰিশ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। গাঁওসমূহত শ শ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হৈছে। অটল সেতু নিৰ্মাণৰ ফলত দাৰ্জিলিঙৰ সৈতে ছিকিমৰ সংযোগ উন্নত হৈছে। ছিকিমৰ পৰা কালিম্পং সংযোগী পথটোতো দ্ৰুত গতিত কাম চলি আছে। আৰু এতিয়া ‘বাগদোগ্ৰা-গেংটক এক্সপ্ৰেছৱে’’-ৰ পৰা ছিকিমলৈ যোৱাটোও অতি সহজ হৈ পৰিব। কেৱল এয়াই নহয়, আগন্তুক সময়ত আমি ইয়াক ‘গোৰখপুৰ-শিলিগুৰি এক্সপ্ৰেছৱে’’-ৰ সৈতেও সংযুক্ত কৰিম।

বন্ধুসকল,

আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীক ৰে’লৰে সংযোগ কৰাৰ অভিযান দ্ৰুতগতিত আগবাঢ়িছে। সেৱক-ৰংপো ৰেলপথে ছিকিমকো দেশৰ ৰেল নেটৱৰ্কৰ সৈতে সংযুক্ত কৰিব। য’ত পথ নিৰ্মাণ কৰিব নোৱাৰি তাত ৰোপৱে’ নিৰ্মাণ কৰাটোও হৈছে আমাৰ প্ৰচেষ্টা। কিছুদিনৰ আগতে এনে ৰোপৱে’ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ ফলত ছিকিমৰ ৰাইজৰ সুবিধাও বৃদ্ধি পাব।

 

বন্ধুসকল,

যোৱা দশকটোত ভাৰতে নতুন সংকল্প লৈ আগবাঢ়িছে। আৰু ইয়াত উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্য আমাৰ আটাইতকৈ ডাঙৰ প্ৰাথমিকতা হৈ আহিছে। যোৱা ১০-১১টা বছৰত দেশৰ প্ৰতিখন ৰাজ্যতে ডাঙৰ ডাঙৰ চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। ‘এইমছ’ আৰু ‘মেডিকেল কলেজ’ৰ বহু সম্প্ৰসাৰণ কৰা হৈছে। আজি ইয়াতো ৫০০খন বিছনাযুক্ত এখন চিকিৎসালয় আপোনালোকৰ বাবে উচৰ্গা কৰা হৈছে। এই চিকিৎসালয়খনে দৰিদ্ৰৰো দৰিদ্ৰ পৰিয়ালসমূহৰ সুচিকিৎসা সুনিশ্চিত কৰিব।

 

বন্ধুসকল,

এফালে আমাৰ চৰকাৰে চিকিৎসালয় নিৰ্মাণত গুৰুত্ব দিছে, আনফালে সুলভ আৰু উন্নত চিকিৎসাৰ ব্যৱস্থাও কৰিছে। ‘আয়ুষ্মান ভাৰত যোজনা’-ৰ অধীনত ছিকিমৰ ২৫ হাজাৰৰো অধিক লোকক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হৈছে। এতিয়া সমগ্ৰ দেশৰ ৭০ বছৰৰ ওপৰৰ সকলো বয়োজ্যেষ্ঠই ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিছে। এতিয়া ছিকিমৰ মোৰ পৰিয়ালৰ কোনো সদস্যই নিজৰ বয়োজ্যেষ্ঠসকলৰ চিন্তা কৰিব নালাগিব। আমাৰ চৰকাৰে তেওঁলোকৰ চিকিৎসা কৰিব।

 

বন্ধুসকল,

চাৰিটা মজবুত স্তম্ভৰ ওপৰত নিৰ্মাণ হ’ব উন্নত ভাৰত। এই স্তম্ভকেইটা হৈছে দুখীয়া, কৃষক, মহিলা আৰু যুৱক-যুৱতী। আজি দেশে এই স্তম্ভকেইটা অহৰহভাৱে শক্তিশালী কৰি তুলিছে। আজি এই উপলক্ষত ছিকিমৰ কৃষক ভাই-ভনীসকলক অন্তৰেৰে প্ৰশংসা কৰিম। আজি দেশখন কৃষিৰ এক নতুন ধাৰাৰ দিশে আগবাঢ়িছে, য’ত ছিকিম হৈছে সকলোতকৈ আগৰণুৱা। ছিকিমৰ পৰা জৈৱিক সামগ্ৰীৰ ৰপ্তানিও বৃদ্ধি পাইছে। শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে বিখ্যাত ডৈলে খুৰছানী জলকীয়াৰ ৰপ্তানি আৰম্ভ হৈছে। এই মাৰ্চ মাহতে ৰপ্তানীৰ প্ৰথমটো খেপ  বিদেশত উপস্থিত হৈছে। আগন্তুক সময়ত এনে বহু সামগ্ৰী ইয়াৰ পৰা বিদেশলৈ ৰপ্তানি কৰা হ’ব। কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ প্রতিটো প্রচেষ্টাতে কান্ধত কান্ধ মিলাই কাম কৰি আছে৷

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ জৈৱিক সম্ভাৰক আৰু অধিক সমৃদ্ধ কৰাৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ প্ৰথমটো জৈৱিক ‘মীন ক্লাষ্টাৰ’ ইয়াত স’ৰেং জিলাত নিৰ্মাণ কৰা হৈছে। ইয়াৰ দ্বাৰা ছিকিমে দেশ আৰু বিশ্বত এক নতুন পৰিচয় লাভ কৰিব। জৈৱিক কৃষিৰ সমান্তৰালকৈ ছিকিম জৈৱিক মাছৰ ধৰাৰ বাবেও পৰিচিত হ’ব। জৈৱিক মাছ আৰু মাছৰ উৎপাদিত সামগ্ৰীৰ ব্যাপক চাহিদা আছে বিশ্বত। এই প্ৰয়াসৰ জৰিয়তে ইয়াৰ যুৱক-যুৱতীসকলে মীন পালনৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব।

বন্ধুসকল,

মাত্ৰ কেইদিনমান পূৰ্বে দিল্লীত ‘নীতি আয়োগৰ প্ৰশাসনীয় পৰিষদ’ৰ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ সময়ত মই ক’লো যে প্ৰতিখন ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাই তুলিব পৰা এনে একোটা পৰ্যটন স্থলী গঢ়ি তোলা উচিত। এতিয়া সময় আহি পৰিছে, ছিকিম কেৱল এক হিল ষ্টেশ্যনেই নহয়, ‘গ্লোবেল ট্যুৰিষ্ট ডেষ্টিনেশ্যন’ হিচাপেও পৰিচিত হোৱা উচিত! ছিকিমৰ সম্ভাৱনাৰ কোনো তুলনা নাই। ছিকিম হৈছে পৰ্যটনৰ এক সম্পূৰ্ণ পেকেজ! ইয়াত প্ৰকৃতিৰ লগতে আধ্যাত্মিকতাও আছে। ইয়াত হ্ৰদ আছে, জলপ্ৰপাত আছে, পাহাৰ আছে আৰু শান্তিৰ ছাঁত স্থাপিত বৌদ্ধ মঠো আছে। ‘ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ ‘কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান’ক লৈ কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বয়ো ছিকিমৰ এই ঐতিহ্যক লৈ গৌৰৱ অনুভৱ কৰে। আজি যেতিয়া ইয়াত নতুন ‘স্কাইৱাক’ নিৰ্মাণ কৰা হৈছে, সোণালী জয়ন্তী প্ৰকল্প উদ্বোধন কৰা হৈছে, অটলজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে, এই সকলোবোৰ প্ৰকল্প হৈছে ছিকিমৰ নতুন উথ্থানৰ প্ৰতীক।

 

বন্ধুসকল,

ছিকিমত দুঃসাহসিক আৰু ক্ৰীড়া পৰ্যটনৰো যথেষ্ট সম্ভাৱনা আছে। ট্ৰেকিং, মাউণ্টেন বাইকিং, উচ্চ উচ্চতাৰ প্ৰশিক্ষণৰ দৰে কাৰ্যকলাপ ইয়াত সহজেই কৰিব পাৰি। ছিকিমক ‘কনফাৰেন্স পৰ্যটন’, ‘সুস্থতা পৰ্যটন’ আৰু ‘কনচাৰ্ট পৰ্যটন’ৰ বাবেও এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো হৈছে আমাৰ সপোন। ‘সোণালী জয়ন্তী কনভেনশ্যন চেণ্টাৰ’, এয়াতো ভৱিষ্যতৰ প্ৰস্তুতিৰে এক অংশ। মই বিচাৰো যে বিশ্বৰ ডাঙৰ ডাঙৰ শিল্পীসকলে আহি গেংটকৰ উপত্যকাত অনুষ্ঠান পৰিৱেশন কৰকহি, আৰু পৃথিৱীয়ে কওক "যদি ক'ৰবাত প্ৰকৃতি আৰু সংস্কৃতি একেলগে থাকে, তেন্তে সেয়া হৈছে আমাৰ ছিকিম!"

বন্ধুসকল,

আমি ‘জি-২০ সন্মিলন’ৰ বৈঠকসমূহো উত্তৰ-পূৰ্বাঞ্চললৈ লৈ আহিছিলোঁ যাতে বিশ্বই ইয়াৰ সামৰ্থ্য দেখিবলৈ পাই আৰু ইয়াৰ সম্ভাৱনা বুজিব পাৰে। মই সুখী যে ছিকিমৰ ‘এনডিএ’ চৰকাৰে এই দৃষ্টিভংগীক দ্ৰুতগতিত বাস্তৱত পৰিণত কৰিছে।

 

বন্ধুসকল,

আজি ভাৰত হৈছে বিশ্বৰ অন্যতম বৃহৎ অৰ্থনৈতিক শক্তি। অনাগত সময়ত ভাৰতো ক্ৰীড়াৰ মহাশক্তি হিচাপে পৰিগণিত হ’ব। আৰু এই সপোন বাস্তৱায়িত কৰাত উত্তৰ-পূৰ্বাঞ্চল আৰু ছিকিমৰ যুৱ শক্তিৰ অতি ডাঙৰ ভূমিকা আছে। এইখনেই হৈছে আমাক বাইচুং ভুটিয়াৰ দৰে ফুটবলৰ কিংবদন্তি দিয়া ভূমি। এইখন ছিকিম, য’ৰ পৰাই তৰুণদ্বীপ ৰায়ৰ দৰে অলিম্পিয়ানৰ উন্মেষ ঘটিছিল। যশলাল প্ৰধানৰ দৰে খেলুৱৈয়ে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এতিয়া আমাৰ লক্ষ্য হৈছে ছিকিমৰ প্ৰতিখন গাঁৱৰ পৰা, প্ৰতিখন চহৰৰ পৰা একোগৰাকী নতুন চেম্পিয়ন উলিয়াই অনা। খেলা-ধূলাত কেৱল অংশগ্ৰহণ কৰাই নহয়, জয়ী হোৱাৰ সংকল্পও থাকিব লাগিব! গেংটকত নিৰ্মাণ হৈ থকা নতুন ‘ক্ৰীড়া কমপ্লেক্স’টো অনাগত দশকত চেম্পিয়নৰ জন্মস্থান হ’ব। ‘খেলো ইণ্ডিয়া’ আঁচনিৰ অধীনত ছিকিমক বিশেষ প্ৰাথমিকতা দিয়া হৈছে। প্ৰতিভা, প্ৰশিক্ষণ, প্ৰযুক্তি আৰু প্ৰতিযোগিতাসমূহ চিনাক্ত কৰি প্ৰতিটো স্তৰতে সহায় আগবঢ়োৱা হৈছে। মোৰ বিশ্বাস যে ছিকিমৰ যুৱক-যুৱতীসকলৰ এই শক্তি, এই উৎসাহে ভাৰতক অলিম্পিক প’ডিয়ামত উপনীত হোৱাত সহায় কৰিব।

বন্ধুসকল,

ছিকিমৰ আপোনালোক সকলোৱে পৰ্যটনৰ শক্তি জানে আৰু বুজি পায়। পৰ্যটন কেৱল মনোৰঞ্জনেই নহয়, ই হৈছে বৈচিত্ৰ্যৰ উদযাপনো। কিন্তু পহলগামত সন্ত্ৰাসবাদীয়ে যি কৰিলে সেয়া কেৱল ভাৰতীয়ৰ ওপৰতে আক্ৰমণ নহয়, মানৱতাৰ আত্মাৰ ওপৰতো আক্ৰমণ, ভাতৃত্ববোধৰ ওপৰত আক্ৰমণ। সন্ত্ৰাসবাদীয়ে কেৱল আমাৰ বহু পৰিয়ালৰ সুখ কাঢ়ি লোৱাই নহয়, আমাক ভাৰতীয়ক বিভাজিত কৰাৰ ষড়যন্ত্ৰও কৰিছিল। কিন্তু আজি সমগ্ৰ বিশ্বই দেখিছে যে ভাৰত পূৰ্বতকৈ অধিক একত্ৰিতহে হৈছে! আমি একত্ৰিত হৈ সন্ত্ৰাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকবোৰক এক স্পষ্ট বাৰ্তা দিছোঁ। সিহঁতে আমাৰ ছোৱালীহঁতৰ কপালৰ পৰা সেন্দূৰ মচি আমাৰ ছোৱালীহঁতৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল, আমি ‘অপাৰেশ্যন সিন্দূৰ’ৰ জৰিয়তে সন্ত্ৰাসবাদীক উপযুক্ত উত্তৰ দিছোঁ।

বন্ধুসকল,

সন্ত্ৰাসবাদী ঘাটি ধ্বংস হোৱাত হতাশ হৈ পাকিস্তানে আমাৰ নাগৰিক আৰু জোৱানসকলক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তাতো পাকিস্তান উন্মোচিত হ’ল। আৰু আমি তেওঁলোকৰ বহু বিমান ঘাটি ধ্বংস কৰি দেখুৱালোঁ ভাৰতে কি কৰিব পাৰে, কিমান সোনকালে কৰিব পাৰে, কিমান সঠিকভাৱে কৰিব পাৰে।

বন্ধুসকল,

ৰাজ্য হিচাপে ছিকিমৰ ৫০ বছৰীয়া এই সাফল্য হৈছে আমাৰ সকলোৰে বাবে এক প্ৰেৰণা। এই উন্নয়নৰ যাত্ৰা এতিয়া আৰু দ্ৰুত হ’ব। এতিয়া আমাৰ সন্মুখত আছে ২০৪৭ চন, সেই বছৰ যেতিয়া দেশে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব আৰু এই সময় হ’ব যেতিয়া ছিকিমে ৰাজ্য হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব। গতিকে আজি আমি এই লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব, ৭৫ বছৰীয়া হোৱাৰ সময়ত আমাৰ ছিকিমৰ স্বৰূপ কেনেকুৱা হ’ব? আমি সকলোৱে কেনেকুৱা ছিকিম এখন চাব বিচাৰো, আমি এক পথ-পৰিকল্পনা তৈয়াৰ কৰিব লাগিব, আমি নিশ্চিত কৰিব লাগিব যে আমি ২৫ বছৰৰ দৃষ্টিভংগীৰে কেনেকৈ খোজৰ পিছত খোজ দি আগুৱাই যাম। আমি মাজে মাজে ইয়াৰ পৰ্যালোচনা কৰি থাকিব লাগিব। আৰু আমি লক্ষ্যৰ পৰা কিমান দূৰত, কিমান বেগেৰে আগবাঢ়িব লাগিব সেয়া ঠিক কৰি যাব লাগিব। আমি নতুন সাহস, নতুন উদ্যম, নতুন শক্তিৰে আগবাঢ়িব লাগিব, ছিকিমৰ অৰ্থনীতিৰ গতি বৃদ্ধি কৰিব লাগিব। আমি চেষ্টা কৰিব লাগিব যাতে আমাৰ ছিকিমখনে ‘সুস্থতাৰ ৰাজ্য’ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। ইয়াতো বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলে অধিক সুযোগ লাভ কৰা উচিত। আমি ছিকিমৰ যুৱক-যুৱতীসকলক স্থানীয় প্ৰয়োজনীয়তাৰ লগতে গোলকীয় চাহিদাৰ বাবেও প্ৰস্তুত কৰিব লাগিব। বিশ্বত যুৱক-যুৱতীসকলৰ চাহিদা থকা খণ্ডসমূহৰ বাবে আমি ইয়াত দক্ষতা বিকাশৰ নতুন সুযোগ সৃষ্টি কৰিব লাগিব।

বন্ধুসকল,

আহক আমি সকলোৱে এটা প্ৰতিশ্ৰুতি লওঁ যে আগন্তুক ২৫টা বছৰত আমি ছিকিমক উন্নয়ন, ঐতিহ্য আৰু বিশ্বজোৰা স্বীকৃতিৰ সৰ্বোচ্চ পৰ্যায়লৈ লৈ যাম। আমাৰ সপোন হওক- ছিকিম কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে এখন ‘সেউজীয়া আদৰ্শ ৰাজ্য’ হৈ উঠক। যিখন ৰাজ্যত প্ৰতিগৰাকী নাগৰিকৰ মূৰৰ ওপৰত পকী চাল থাকিব, যিখন ৰাজ্যৰ প্ৰতিটো ঘৰে সৌৰশক্তিৰ পৰা বিদ্যুৎ লাভ কৰিব, যিখন ৰাজ্যই ‘কৃষি ষ্টাৰ্টআপ’, ‘পৰ্যটন ষ্টাৰ্টআপ’ত নতুন ধ্বজা উৰুৱাব, যিয়ে জৈৱিক খাদ্যৰ ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বত নিজৰ নাম উজলাব। যিখন ৰাজ্যত প্ৰতিগৰাকী নাগৰিকে ‘ডিজিটেল’ লেনদেন কৰিব, যিয়ে আমাৰ পৰিচয়ক আৱৰ্জনাক ধনলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসক নতুন উচ্চতালৈ লৈ যাব পৰৱৰ্তী ২৫টা বছৰ হব এনে বহু লক্ষ্যত উপনীত হোৱাৰ বাবে, বিশ্বৰ মঞ্চত ছিকিমক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে। আহক আমি এই মনোভাৱেৰে আগবাঢ়ি যাওঁ আৰু এইদৰেই উত্তৰাধিকাৰিত্বক আগুৱাই লৈ যাওঁ। আকৌ এবাৰ দেশবাসীৰ হৈ এই গুৰুত্বপূৰ্ণ ৫০ বছৰীয়া যাত্ৰাত, এই গুৰুত্বপূৰ্ণ উপলক্ষত সমূহ ছিকিমবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’

Media Coverage

‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Members of the Governing Body of Shri Ram College of Commerce meets the Prime Minister
April 25, 2026

A delegation comprising members of the Governing Body of Shri Ram College of Commerce, met the Prime Minister, Shri Narendra Modi, today. Shri Modi noted that this year marks the centenary of the institution, a significant milestone in its illustrious journey of academic excellence and nation-building. He lauded the college’s long-standing contribution to higher education and its role in nurturing generations of leaders across diverse fields.

On the occasion, a commemorative stamp marking the centenary year of Shri Ram College of Commerce was also released.

The Prime Minister posted on X:

"Met a delegation consisting of the Governing Body of the Shri Ram College of Commerce, one of India’s most reputed educational institutions. This year, we are marking the centenary of this institution. A commemorative stamp was released too. My best wishes to this institution."