“This is a moment of capability of the 140 crore heartbeats and the confidence of new energy of India”
“In the first light of ‘Amrit Kaal’, this is ‘Amrit Varsha’ of success”
“India has reached the South Pole of the Moon where no country in the world could reach to date with the dedication and talent of our scientists”
“Time is not far when the children would say ‘Chanda Mama ek tour ke’ i.e. the moon is only a tour away”
“Our moon mission is based on human-centric approach. Therefore, this success belongs to all of humanity”
“We'll test the limits of our solar system, and work to realize the infinite possibilities of the universe for humans”
“India is proving again and again that the sky is not the limit”

মোৰ পৰিয়ালৰ প্ৰিয় সদস্যবৃন্দ,

আমি চকুৰে বিৰল ইতিহাস ৰচনা হোৱা প্ৰত্যক্ষ কৰিলেই জীৱন ধন্য হয়। এনে ঐতিহাসিক ঘটনা ৰাষ্ট্ৰৰ জনজীৱনৰ চিৰন্তন চেতনা হৈ পৰে। এই মুহূৰ্তটো পাহৰিব নোৱাৰি। এই মুহূৰ্ত অভূতপূৰ্ব। এই মুহূৰ্তটোৱেই হৈছে এখনি উন্নত ভাৰতৰ শংখনাদ। এয়া এখনি নব্য ভাৰতৰ উদযাপনৰ মুহূৰ্ত। প্ৰত্যাহ্বানৰ মহাসাগৰ পাৰ হোৱাৰ এই মুহূৰ্ত। এই মুহূৰ্তত চন্দ্ৰ জয়ৰ পথত অগ্ৰসৰ হৈছোঁ। এই মুহূৰ্তটো ১৪০ কোটি জনসাধাৰণৰ শক্তিৰ প্ৰতিফলন। এয়া ভাৰতৰ নতুন শক্তি, নতুন বিশ্বাস, নতুন চেতনাৰ মুহূৰ্ত। ভাৰতৰ উত্থানশীল ভাগ্যক আহ্বান জনোৱাৰ এই মুহূৰ্ত। অমৃত কালৰ প্ৰথম সফলতা। আমি এটা প্ৰতিজ্ঞা লৈছিলো আৰু চন্দ্ৰৰ ক্ষেত্ৰত এয়া সম্ভৱ কৰি তুলিলোঁ। আমাৰ বৈজ্ঞানিক সতীৰ্থসকলেও কৈছে যে ভাৰতে এতিয়া চন্দ্ৰত অৱস্থান কৰিছে। আজি আমি মহাকাশত নব্য ভাৰতৰ নতুন উত্থানৰ সাক্ষী হৈছোঁ।

প্ৰিয়জন,

বৰ্তমান মই ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাত আছোঁ। কিন্তু, প্ৰতিগৰাকী দেশবাসীৰ দৰে মোৰ মনটোও চন্দ্ৰযান মহা অভিযানত কেন্দ্ৰীভূত হৈ আছিল। নতুন ইতিহাস ৰচনা হোৱাৰ লগে-লগে প্ৰতিজন ভাৰতীয় আনন্দত আত্মহাৰা হৈ উঠিছে, ঘৰে-ঘৰে উদযাপন হৈছে। ময়ো হৃদয়ৰপৰা মোৰ দেশবাসীৰ সৈতে, পৰিয়ালৰ লোকৰ সৈতে উৎসাহেৰে সংযুক্ত হৈ আছোঁ। এই মুহূৰ্তৰ বাবে বছৰ-বছৰ ধৰি কঠোৰ শ্ৰম কৰি অহা টীম চন্দ্ৰযান, ইছৰো আৰু দেশৰ সকলো বিজ্ঞানীক আন্তৰিক অভিনন্দন জনাইছো। উদ্যম, উৎসাহ, আনন্দ আৰু আৱেগেৰে ভৰা এই বিৰল মুহূৰ্তৰ বাবে দেশৰ ১৪০ কোটি জনতাক অভিনন্দন জনাইছো!

মোৰ পৰিয়ালৰ প্ৰিয় সদস্যবৃন্দ,

আমাৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ ফলশ্ৰুতিত আজি ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হৈছে, যি স্থানত আজিলৈকে বিশ্বৰ কোনো দেশেই উপনীত হ’ব পৰা নাছিল। এতিয়া, আজিৰপৰা চন্দ্ৰ সম্পৰ্কীয় কৌতূহলবোৰ সলনি হ’ব, কাহিনীও সলনি হ’ব, নতুন প্ৰজন্মৰ বাবেও সলনি হ’ব আশ্চৰ্য্যৰাজি। ভাৰতত আমি সকলোৱে ধৰণীক মাতৃ আৰু চন্দ্ৰক মামা বুলি কওঁ। এসময়ত কোৱা হৈছিল যে চন্দ্ৰ মামা বহুত দূৰত থাকে। এতিয়া এনে এটা দিনো আহিব যেতিয়া শিশুসকলে ক’ব – চন্দ্ৰ মামা মাথোঁ এটা ‘ভ্ৰমণ’ৰ দূৰতে আছে।

বন্ধুসকল,

এই আনন্দৰ মুহূৰ্তত মই বিশ্বৰ সকলো জনতা, প্ৰতিখন দেশ আৰু প্ৰতিটো অঞ্চলৰ জনসাধাৰণক সম্বোধন কৰিব বিচাৰিছো। ভাৰতৰ সফল চন্দ্ৰ অভিযান অকল ভাৰতৰেই নহয়। এই বছৰত বিশ্বই ভাৰতৰ জি-২০ৰ অধ্যক্ষতা প্ৰত্যক্ষ কৰিছে। আমাৰ ‘এখন বিশ্ব, এটা পৰিয়াল, এটি ভৱিষ্যৎ’ৰ দৃষ্টিভংগীৰ সমগ্ৰ বিশ্বতে অনুৰণন ঘটিছে। আমি প্ৰতিনিধিত্ব কৰা এই মানৱকেন্দ্ৰিক দৃষ্টিভংগীক সৰ্বজনীনভাৱে আদৰণি জনোৱা হৈছে। আমাৰ চন্দ্ৰ অভিযানো একে মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ আধাৰত ভিত্তি কৰি সমাপন হৈছে। গতিকে এই সফলতা সমগ্ৰ মানৱ জাতিৰে। আৰু ই ভৱিষ্যতে আন দেশৰ চন্দ্ৰ অভিযানত সহায় কৰিব। মোৰ বিশ্বাস যে গ্ল’বেল চাউথৰ দেশসমূহকে প্ৰমুখ্য কৰি বিশ্বৰ সকলো দেশেই এনে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হ’ব। আমি সকলোৱে চন্দ্ৰ আৰু ইয়াৰো অধিক অভিযানৰ আকাংক্ষা কৰিব পাৰো।

মোৰ পৰিয়ালৰ প্ৰিয় সদস্যবৃন্দ,

চন্দ্ৰযান মহা অভিযানৰ এই সাফল্যই ভাৰতৰ সীমনাক চন্দ্ৰৰ কক্ষপথৰো বাহিৰলৈ লৈ যাব। আমি আমাৰ সৌৰজগতৰ সীমা পৰীক্ষা কৰিম আৰু জনতাই বিশ্বব্ৰহ্মাণ্ডৰ অসীম সম্ভাৱনা উপলব্ধি কৰিবলৈ আমি কাম কৰিব লাগিব। আমি ভৱিষ্যতৰ বাবে একাধিক বৃহৎ আৰু অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছো। শীঘ্ৰেই ইছৰোয়ে সূৰ্য্যৰ বিশদ অধ্যয়নৰ বাবে ‘আদিত্য এল-১’ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত শুক্ৰ গ্ৰহো ইছৰোৰ অন্যতম লক্ষ্য। গগণযানৰ জৰিয়তে দেশখনে প্ৰথমটো মানৱ মহাকাশ অভিযানৰ বাবেও সম্পূৰ্ণৰূপে সাজু হৈছে। ভাৰতে বাৰে-বাৰে প্ৰমাণ কৰি আহিছে যে সীমা আকাশৰো উৰ্ধত।

প্ৰিয়জন,

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা হৈছে দেশৰ উজ্জ্বল ভৱিষ্যতৰ আধাৰ। সেইবাবেই দেশে এই দিনটোক চিৰদিনৰ বাবে মনত ৰাখিব। এই দিনটোৱে আমাক সকলোকে উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰক। এই দিনটোৱে আমাৰ সংকল্প সাধনৰ পথ দেখুৱাব। পৰাজয়ৰপৰা শিক্ষা লৈ কেনেকৈ বিজয় লাভ কৰা হয়, তাৰেই প্ৰতীক এই দিনটো। আকৌ এবাৰ দেশৰ সকলো বিজ্ঞানীক অলেখ অভিনন্দন আৰু ভৱিষ্যতৰ অভিযানৰ বাবে শুভেচ্ছা জনালোঁ! আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'There could be no Netflix globally without India': Ted Sarandos on growth, cricket and AI

Media Coverage

'There could be no Netflix globally without India': Ted Sarandos on growth, cricket and AI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares Sanskrit Subhashitam recognizing Earth as the nurturing mother of all life
August 06, 2026

The Prime Minister, Shri Narendra Modi today shared Sanskrit Subhashitam emphasising that humanity may live in harmony with the Earth, as earth is the nurturing mother of all life and the moral order that sustains her should be respected.

The Prime Minister shared a Sanskrit verse-

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥

The Prime Minister posted on X:

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥