ভূপেন দাৰ সংগীতে ভাৰতক একত্ৰিত আৰু প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
ভূপেন দাৰ জীৱন পৰিক্ৰমাত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ মনোভাৱ প্ৰতিফলিত হৈছিলঃ প্ৰধানমন্ত্ৰী
ভূপেন দাই ভাৰতৰ ঐক্যৰ গীত গাইছিলঃ প্ৰধানমন্ত্ৰী
ভূপেন দালৈ ভাৰত ৰত্ন আগবঢ়োৱা কাৰ্য্যই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আমাৰ চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছেঃ প্ৰধানমন্ত্ৰী
সাংস্কৃতিক সংযোগ ৰাষ্ট্ৰীয় ঐক্যৰ আধাৰঃ প্ৰধানমন্ত্ৰী
নৱ্য ভাৰতে কেতিয়াও ইয়াৰ নিৰাপত্তা বা মৰ্য্যাদাক লৈ আপোচ নকৰেঃ প্ৰধানমন্ত্ৰী
আহক আমি ভকেল ফৰ লোকেল-ৰ অগ্ৰদূত হওঁ, আমি আমাৰ স্বদেশী সামগ্ৰীক লৈ গৌৰৱ কৰোঁ আহকঃ প্ৰধানমন্ত্ৰী

মই ভূপেন দা বুলি ক’ম! আপোনালোকে অমৰ হওঁক, অমৰ হওঁক বুলি ক’ব! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! মঞ্চত উপৱিষ্ট অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ যুৱ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভ্ৰাতৃ সমৰ হাজৰিকা ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভগ্নী কবিতা বৰুৱা ডাঙৰীয়াণী, ভূপেন দাৰ পুত্ৰ তেজ হাজৰিকা ডাঙৰীয়া, মই তেজক ক'ম, কেম চো! মোৰ সন্মুখত উপস্থিত থকা আন-আন বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অসমৰ ভাই-ভনীসকল!

আজি এক বিৰল দিন আৰু এই মুহূৰ্তটো অমূল্য। মই ইয়াত যি দৃশ্য প্ৰত্যক্ষ কৰিলোঁ, যি উৎসাহ, যি সু-সমতা দেখিলোঁ, ভূপেনদাৰ সংগীতৰ ছন্দ, ভূপেন দাৰ কথাৰেই যদি মই কওঁ, মোৰ মনলৈ বাৰে-বাৰে আহিছে, ‘সময়, লাহে-লাহে আগবাঢ়া! সময়, লাহে-লাহে আগবাঢ়া!!' ভূপেনদাৰ সংগীতৰ এই ঢৌ যেন সকলোতে এনেদৰেই বৈ থাকে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো শিল্পীকে শলাগিছোঁ। অসমৰ মনোভাৱ এয়াই যে এনে প্ৰতিটো অনুষ্ঠানতে এক নতুন অভিলেখ গঢ় লৈ উঠে। আজিও আপোনাসৱৰ পৰিবেশনৰ বাবে ব্যাপক প্ৰস্তুতি দেখা গৈছে। সকলোকে অভিনন্দন, সকলোকে অভিনন্দন জনালোঁ।

বন্ধুসকল,

মাত্ৰ কেইদিনমান পূৰ্বে অৰ্থাৎ ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম বাৰ্ষিকী পালন কৰা হৈছিল। মই সেইদিনা ভূপেন দালৈ সন্মান জনাই এটি সমৰ্পিত প্ৰবন্ধত মোৰ আৱেগখিনি প্ৰকাশ কৰিছিলোঁ। ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত এইদৰে অংশগ্ৰহণ কৰিবলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা। মুখ্যমন্ত্ৰী হিমন্তই কৈছে যে মই ইয়ালৈ আহি পৰম উপকাৰ কৰিছোঁ, কিন্তু মোৰ মনোভাৱ ইয়াৰ বিপৰীত! এনে পবিত্ৰ অনুষ্ঠানলৈ আহিবলৈ পোৱাটো মোৰেই সৌভাগ্য। ভূপেন দাক সকলোৱে মৰমেৰে “সুধা কণ্ঠ” বুলি অভিহিত কৰে। ভাৰতৰ আৱেগক কণ্ঠেৰে মূৰ্ত কৰি তোলা, সংগীতক সংবেদনশীলতাৰে সংযোগ কৰা, স্বকীয় গীতৰ জৰিয়তে ভাৰতৰ সপোনক সংৰক্ষণ কৰা আৰু মাতৃ গংগাক ভাৰত মাতাৰ মমতা বর্ণনা কৰা সেইগৰাকী সুধা কণ্ঠৰে এয়া জন্ম শতবাৰ্ষিকী। গংগা বেহতী হে কিউ, গংগা বেহতী হে কিউ?

 

বন্ধুসকল,

ভূপেনদাই এনে অমৰ সৃষ্টি কৰিছিল, যাৰ কণ্ঠই ভাৰতক সংযোগ আৰু ভাৰতীয় প্ৰজন্মসমূহক আলোড়িত কৰি ৰাখিছে।

ভ্ৰাতৃ-ভগ্নীসকল!

যদিও ভূপেন দা এতিয়া কায়িকভাৱে আমাৰ মাজত নাই, তথাপিও তেওঁৰ গীত আৰু কণ্ঠ ভাৰতৰ উন্নয়ন যাত্ৰাৰ সাক্ষী হৈ ৰৈছে আৰু ইয়াক শক্তিশালী কৰি তুলিছে। আমাৰ চৰকাৰে গৌৰৱেৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে। আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ গীত, বাৰ্তা, জীৱন গাথাক প্ৰতিঘৰ গৃহস্থীলৈকে লৈ গৈছোঁ। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ জীৱনীখনি উন্মোচন কৰা হৈছে। মই এই আপাহতে ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসমবাসীৰ লগতে প্ৰতিজন ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

ভূপেন হাজৰিকা ডাঙৰীয়াই সংগীতৰ সেৱাত ওৰেটো জীৱন উৎসৰ্গা কৰিছিল। সংগীত আধ্যাত্মিক অনুশীলনৰ এক প্ৰকাৰ হৈ পৰা মাত্ৰেকে গীতে আত্মাক স্পৰ্শ কৰে আৰু সংগীত সংকল্প হৈ পৰা মাত্ৰেকে গীত এটি সমাজখনক পথ-প্ৰদৰ্শনৰ মাধ্যমত পৰিণত হয়। এনে বৈশিষ্ট্যৰাজিয়েই ভূপেন দাৰ সংগীতক ইমান বিশেষ কৰি তুলিছে। ভূপেন দাৰ গীতত জীয়াই থকাৰ আদৰ্শ আৰু তেওঁৰ অভিজ্ঞতাৰাজি প্ৰতিফলিত হৈছে। ভূপেন দাৰ সংগীতত ভাৰত মাতাৰ প্ৰতি থকা গভীৰ প্ৰেম “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”-ৰ ধাৰণাটোৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ পৰাই উদ্ভৱ হৈছে। ভূপেন দাৰ জন্ম উত্তৰ-পূবত হৈছিল আৰু ব্ৰহ্মপুত্ৰৰ বিশাল ঢৌৱে তেওঁক সংগীতৰ আদিপাঠ শিকাইছিল। ভূপেনদাই পৰৱৰ্তী সময়ত স্নাতক শিক্ষা লাভৰ বাবে কাশীলৈ গৈছিল। ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ হোৱা ভূপেনদাৰ সাংগীতিক যাত্ৰা গংগাৰ প্ৰবাহিত ছন্দৰ জৰিয়তে আয়ত্তলৈ ৰূপান্তৰিত হৈছিল। কাশীৰ গতিশীলতাই তেওঁৰ জীৱনত এক অবিৰত প্ৰবাহৰ সঞ্চাৰ কৰিছিল। ভূপেন দা এগৰাকী ভাৰত ভ্ৰমণকাৰী তথা আনকি পিএইচডি-ৰ বাবে যুক্তৰাষ্ট্ৰলৈ যোৱা এগৰাকী পৰিব্ৰাজক আছিল। জীৱনৰ প্ৰতিটো পৰ্য্যায়তে ভূপেন দা প্ৰকৃত পুত্ৰ হিচাপে অসমৰ মাটিৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছিল। এই কাৰণেই ভূপেন দা ভাৰতলৈ উভতি আহি চলচ্চিত্ৰৰ জৰিয়তে সাধাৰণ জনতাৰ কণ্ঠ হৈ পৰিছিল। ভূপেনদাই সাধাৰণ জীৱনৰ যন্ত্ৰণাক কণ্ঠৰে প্ৰকাশ কৰিছিল আৰু সেই কণ্ঠয়েই এতিয়াও ৰাষ্ট্ৰখনক আলোড়িত কৰি ৰাখিছে। ভূপেন দাই গাইছিল, “মানুহে মানুহৰ বাবে, যদিহে অকনো নেভাবে, অকনি সহানুভূতিৰে, ভাবিব কোনেনো কোৱা সমনীয়া...“। ইয়াৰ অৰ্থ হৈছে - যদি মানুহেই পৰস্পৰে-পৰস্পৰৰ হৰ্ষ-বিষাদ, দুখ-কষ্টৰ কথা নাভাবে— তেন্তে এই পৃথিৱীত আনৰ কথা চিন্তা কৰিবই বা কোনে? এবাৰ ভাবকচোন, এই কথা আমাৰ বাবে কিমান গভীৰভাৱে প্ৰেৰণাদায়ক। এই ধাৰণায়েই আজি ভাৰতক দৰিদ্ৰ লোক, উপান্ত শ্ৰেণী, দলিত আৰু জনজাতীয় সমাজসমূহৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ প্ৰচেষ্টাক পথ-প্ৰদৰ্শন কৰি আহিছে।

বন্ধুসকল,

ভূপেন দা ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ এগৰাকী মহান ধ্বজাবাহক আছিল। দশক-দশক পূৰ্বে যেতিয়া উত্তৰ-পূৰ্বাঞ্চল অৱহেলাৰ সন্মুখীন হৈছিল আৰু হিংসা তথা বিচ্ছিন্নতাবাদে অঞ্চলটোক আৱৰি ধৰিছিল, তেতিয়াই ভূপেন দাই ভাৰতৰ ঐক্যৰ গীত গাইছিল। ভূপেন দাই এখনি সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা গীতত প্ৰতিফলিত হৈছিল। অসমৰ বাবে ভূপেন দাই গাইছিল, “নানা জাতি-উপজাতি ৰহনীয়া কৃষ্টি, আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ...”। আমি এই গীতটি গুণগুণোৱা মাত্ৰেকে আমাৰ মন অসমৰ বৈচিত্ৰ্য, শক্তি আৰু সম্ভাৱনাক লৈ গৌৰৱেৰে ভৰি পৰে।

 

বন্ধুসকল,

তেওঁ অৰুণাচল প্ৰদেশকো সমানেই ভাল পাইছিল আৰু সেইবাবেই আজি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী বিশেষভাৱে ইয়ালৈ আহিছে। ভূপেন দাই লিখিছে, “অৰুণ কিৰণ শিৰৰ ভূষণ, গলে হিমৰ ঢল, পুৱাৰ সুৰুযে চুমা খোৱা দেশ, আমাৰ অৰুণাচল, আমাৰ অৰুণাচল...”।

বন্ধুসকল,

হৃদয়ত দেশপ্ৰেমৰ মনোভাৱ সম্পন্ন এটি কণ্ঠ কেতিয়াও নিৰ্বাপিত নহয়। চৰকাৰে উত্তৰ-পূর্বাঞ্চলৰ বাবে ভূপেন দাৰ সপোনক বাস্তৱায়িত কৰিবলৈ দিনে-নিশাই কাম কৰি আছে। ভূপেন দালৈ ভাৰতৰত্ন সন্মান আগবঢ়াই চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষা আৰু গৌৰৱক সন্মান জনাইছে তথা অঞ্চলটোক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অঞ্চল হিচাপে গঢ়ি তুলিছে। অসম আৰু অৰুণাচল প্ৰদেশ সংযোগী দেশৰ ভিতৰতে সুদীৰ্ঘ দলংখনিক ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে। অঞ্চলটোৱে উন্নয়নৰ প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়িছে। অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত আগবাঢ়িছে। এই কৃতিত্বসমূহ হৈছে ভূপেন দালৈ ৰাষ্ট্ৰৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

বন্ধুসকল,

ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে সদায় উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। অঞ্চলটোৰ চহকী ইতিহাস, ইয়াৰ উৎসৱ আৰু উদযাপন, ইয়াৰ কলা আৰু সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐশ্বৰিক আভা উল্লেখনীয়। এই সকলোবোৰৰ সমান্তৰালকৈ ভাৰত মাতাৰ সন্মান আৰু সুৰক্ষাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে স্বীকাৰ কৰা ত্যাগৰ গাথা প্ৰশংসনীয়। এই অৱদানসমূহৰ অবিহনে আমি আমাৰ মহান ভাৰতখনিৰ কল্পনা কৰিব নোৱাৰোঁ। উত্তৰ-পূব হৈছে দেশৰ বাবে নতুন কিৰণ আৰু নতুন প্ৰত্যুষৰ অঞ্চল। ৰাষ্ট্ৰখনৰ প্ৰথম সূৰ্য্যোদয় এই অঞ্চলতে হয়। ভূপেন দাৰ গীতত এই কথাই প্ৰতিফলিত হৈছিল। তেওঁৰ কণ্ঠৰে নিগৰিছিল, “অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ...”।

 

সেয়ে ভ্ৰাতৃ-ভগ্নীসকল!

আমি অসমৰ ইতিহাসক উদযাপন কৰিলেহে ভাৰতৰ ইতিহাস সম্পূৰ্ণ হ’ব— তেতিয়াহে ভাৰতৰ আনন্দ সম্পূৰ্ণ হ’ব আৰু আমি এই উত্তৰাধিকাৰক সামৰি লৈ গৌৰৱেৰে আগবাঢ়িব লাগিব।

বন্ধুসকল,

আমি যোগাযোগ ব্যৱস্থাৰ কথা ক’লে জনসাধাৰণৰ সততে ৰেল, পথ বা বিমান সংযোগৰ কথা মনলৈ আহে। কিন্তু ৰাষ্ট্ৰীয় ঐক্যৰ বাবে সংযোগৰ আন এটা ৰূপ সমানেই অপৰিহাৰ্য্য— সেয়া হৈছে সাংস্কৃতিক সংযোগ। বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সাধনৰ সমান্তৰালকৈ দেশে সাংস্কৃতিক সংযোগত উল্লেখযোগ্য গুৰুত্ব আৰোপ কৰিছে। এয়া এক নিৰন্তৰ অভিযান। আজিৰ অনুষ্ঠানে এই অভিযানৰ আভাস দাঙি ধৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক বীৰ সংগ্ৰামীয়ে সৰ্বস্ব ত্যাগ স্বীকাৰ কৰিছিল। আজাদী কা অমৃত মহোৎসৱৰ সময়ছোৱাত চৰকাৰে উত্তৰ-পূবৰ এইসকল স্বাধীনতা সংগ্ৰামীৰ উত্তৰাধিকাৰ আৰু ইতিহাসক পুনৰুজ্জীৱিত কৰি তুলিছিল। আজি সমগ্ৰ ৰাষ্ট্ৰ অসমৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ সৈতে পৰিচিত হৈ পৰিছে। শেহতীয়াকৈ দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন কৰা হৈছিল। সেই অনুষ্ঠানতো অসমৰ শক্তি আৰু সামৰ্থ্য বিশিষ্টভাৱে প্ৰদৰ্শিত হৈছিল।

বন্ধুসকল,

যিকোনো পৰিস্থিতি নিৰ্বিশেষে অসমে ৰাষ্ট্ৰৰ গৌৰৱক সদায় মূৰ্ত কৰি আহিছে। ভূপেন দাৰ গীততো এই মনোভাৱৰেই প্ৰতিফলন ঘটিছিল। ১৯৬২-ৰ যুদ্ধৰ সময়ত অসম প্ৰত্যক্ষভাৱে সংঘাতৰ সাক্ষী হৈ পৰিছিল আৰু সেই সময়তে ভূপেনদাই তেওঁৰ সংগীতৰ জৰিয়তে ৰাষ্ট্ৰৰ সংকল্পক দৃঢ় কৰিছিল। তেতিয়া তেওঁ গাইছিল, "প্ৰতি জোৱান ৰক্তৰে বিন্দু, হ'ল সাহসৰ অনন্ত সিন্ধু, সেই সাহসৰ দুৰ্জেয় লহৰে, যাঁচিলে প্ৰতিজ্ঞা জয়ৰে..."। এই গীতে ভাৰতৰ জনসাধাৰণৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল।

 

বন্ধুসকল,

ভাৰতৰ জনসাধাৰণৰ মনোভাৱ আৰু সংকল্প দৃঢ় আৰু অদম্য হৈ আছে। অপাৰেচন সিন্দূৰৰ সময়তো এই মনোভাৱ স্পষ্টকৈ দেখা গৈছিল। ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ উদ্দেশ্যৰ প্ৰতি নিৰ্ণায়ক সঁহাৰি জনাইছিল আৰু ৰাষ্ট্ৰখনৰ সামৰ্থ্যৰ কথা সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হৈছিল। ৰাষ্ট্ৰৰ প্ৰতিটো শত্ৰুৰে যে নিস্তাৰ নাই, সেই কথা ভাৰতে প্ৰদৰ্শন কৰিছে। নৱ্য ভাৰতে কেতিয়াও ইয়াৰ নিৰাপত্তা বা মৰ্য্যাদাক লৈ আপোচ নকৰে।

বন্ধুসকল,

অসমৰ সংস্কৃতিৰ প্ৰতিটো মাত্ৰা উল্লেখযোগ্য আৰু অসাধাৰণ। সেইবাবেই মই বহুবাৰ কৈ আহিছোঁ যে দেশৰ ল’ৰা-ছোৱালীয়ে “এ ফৰ আছাম” বুলি পঢ়া দিনটোলৈ বেছি দিন নাই। অসমৰ সংস্কৃতি, মৰ্য্যাদা, গৌৰৱো অসীম সম্ভাৱনাৰ উৎস। অসমৰ পৰম্পৰাগত সাজ-পোছাক, খাদ্যাভাস, পৰ্যটন আৰু ইয়াত উৎপাদিত সামগ্ৰীক কেৱল ভাৰতৰ ভিতৰতে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে স্বীকৃতি প্ৰদানৰ প্ৰয়োজনীয়তা আছে। আপোনালোক সকলোৰে জ্ঞাত যে মই নিজেই গৌৰৱেৰে অসমৰ গামোচাৰ ব্ৰেণ্ডিঙৰ প্ৰচাৰ কৰি আহিছোঁ। একেদৰে আমি অসমৰ প্ৰতিটো সামগ্ৰীকে বিশ্বৰ প্ৰতিটো প্ৰান্তলৈকৈ লৈ যাব লাগিব।

বন্ধুসকল,

ভূপেন দাই ওৰেটো জীৱন ৰাষ্ট্ৰৰ লক্ষ্যৰ প্ৰতি উৎসৰ্গা কৰিছিল। আজি ভূপেন দাৰ জন্ম শতবাৰ্ষিকী বৰ্ষ উপলক্ষে আমি দেশৰ আত্ম-নিৰ্ভৰতা অক্ষুণ্ণ ৰখাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। মই অসমৰ ভ্ৰাতৃ-ভগ্নীসকলক “ভকেল ফৰ লোকেল” অভিযানৰ একো-একোগৰাকী অগ্ৰদূত হ’বলৈ আহ্বান জনালোঁ। আমি থলুৱা সামগ্ৰীৰাজিৰ প্ৰতি গৌৰৱ অনুভৱ কৰিব লাগিব। আমি সকলোৱে কেৱল স্থানীয় সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিব লাগিব। আমি এই অভিযানসমূহক যিমানেই ত্বৰান্বিত কৰিম, সিমান সোনকালেই এখনি উন্নত ভাৰতৰ সপোন পৰিপূৰণ হ’ব।

 

বন্ধুসকল,

ভূপেন দাই মাত্ৰ ১৩ বছৰ বয়সতেই গীত ৰচনা কৰিছিল। “অগ্নিযুগৰ ফিৰিঙতি মই, নতুন ভাৰত গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব, পুনৰ ফিৰাই আনিম, নতুন ভাৰত গঢ়িম…”।

বন্ধুসকল,

এই গীতটোতে ভূপেন দাই নিজকে ফিৰিঙতি হিচাপে গণ্য কৰি এখনি নতুন ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰিছিল। তেখেতে প্ৰতিগৰাকী নিপীড়িত আৰু বঞ্চিত ব্যক্তিয়ে নিজৰ প্ৰাপ্য পুনৰ লাভ কৰা এখনি ৰাষ্ট্ৰৰ কল্পনা কৰিছিল।

মোৰ ভ্ৰাতৃ-ভগ্নীসকল,

ভূপেনদাই তেতিয়া দেখা এখনি নতুন ভাৰতৰ সপোনটো এতিয়া ৰাষ্ট্ৰখনৰ সামূহিক সংকল্প হৈ পৰিছে। মই সকলোকে এই অংগীকাৰেৰে নিজকে সংপৃক্ত কৰিবলৈ আহ্বান জনালোঁ। এয়া হৈছে ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ লক্ষ্যক প্ৰতিটো প্ৰচেষ্টা আৰু প্ৰতিটো সংকল্পৰ কেন্দ্ৰবিন্দু কৰি ৰখাৰ সময়। এই অভিযানতো ভূপেন দাৰ গীত আৰু তেওঁৰ জীৱনে প্ৰেৰণা যোগাইছে। এই সংকল্পসমূহে ভূপেন হাজৰিকা ডাঙৰীয়াৰ সপোন পূৰণ কৰিব। এই ভাৱনাৰেই মই ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পুনৰবাৰ সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোকে মই অনুৰোধ জনাব খুজিছোঁ। সকলোৱে যে নিজ-নিজ ম’বাইল ফোনটো উলিয়াই তাৰ ফ্লেছ লাইট অন কৰি ভূপেন দালৈ শ্ৰদ্ধাঞ্জলি জনায়। এনে সহস্ৰাধিক আলোকেৰে ভূপেন দাৰ অমৰ আত্মাক শ্ৰদ্ধাঞ্জলি জনাওঁ আহক। আজিৰ প্ৰজন্মই তেওঁৰ কণ্ঠক পোহৰেৰে আলোকিত কৰিছে। আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-KUSUM 2.0 aims to help farmers generate RE alongside crops: Joshi

Media Coverage

PM-KUSUM 2.0 aims to help farmers generate RE alongside crops: Joshi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”