Our country fought COvid-19 with collective strength and will, says PM Modi
The divisive forces who questioned Pulwama attack have been exposed: PM
India is now moving towards becoming Aatmanirbhar in the area of defence. We have hawk eyes on our borders: PM

আমি সকলোৱে এতিয়া লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ দূৰদৃষ্টিসম্পন্ন বাণী প্ৰসাদৰ ৰূপত লাভ কৰিলো৷ মোৰ কথা আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোক সকলোৰে দ্বাৰা ভাৰত মাতাৰ জয়ধ্বনি কৰাম আৰু আপোনালোক সকলোলৈ মোৰ আহ্বান, ইউনিফৰ্মধাৰী জোৱানসকললৈও মোৰ আহ্বান আৰু দূৰ দূৰলৈ পাহাৰত বহি থকা মোৰ আদিবাসী ভাই-ভনীসকললৈও মোৰ আহ্বান যে এখন হাত ওপৰলৈ তুলি সমগ্ৰ শক্তিৰে চৰ্দাৰ চাহাবক স্মৰণ কৰি আমি ভাৰত মাতাৰ জয়ধ্বনি দিম৷ মই তিনিবাৰ কৰাম, বীৰ আৰক্ষীৰ নামত- ভাৰত মাতাৰ জয়, ক’ৰোনাৰ সময়ত সেৱাৰত ক’ৰোনা যোদ্ধাৰ নামত-ভাৰত মাতাৰ জয়, আত্মনিৰ্ভৰতা সংকল্পক বাস্তৱায়িত কৰিবলৈ ঐক্যৱদ্ধ হোৱা কোটি কোটি লোকৰ নামত-ভাৰত মাতাৰ জয়, মই ক’ম চৰ্দাৰ পেটেল, আপোনালোকে দুবাৰ ক’ব অমৰ হওক- অমৰ হওক, চৰ্দাৰ পেটেল অমৰ হওক- অমৰ হওক, চৰ্দাৰ পেটেল অমৰ হওক- অমৰ হওক, সকলো দেশবাসীলৈ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীৰ অশেষ শুভকামনা থাকিল৷ দেশক শতাধিক ৰাজশাসনক একত্ৰিত কৰি, দেশৰ বিবিধতাক স্বাধীন ভাৰত শক্তি কৰি চৰ্দাৰ পেটেলে বৰ্তমানৰ ভাৰতৰ ৰূপ প্ৰদান কৰিছে৷

২০১৪ চনত আমি সকলোৱে তেওঁৰ জন্মদিনটো ভাৰতৰ একতা দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰিছিলো৷ এই ৬টা বৰ্ষত দেশবাসীয়ে গাঁৱৰ পৰা আৰম্ভ কৰি মহানগৰলৈ, পূবৰ পৰা পশ্চিমলৈ, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ সকলোৱে, ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্প পূৰণ কৰাৰ প্ৰয়াস কৰিছে৷ আজি পুনৰবাৰ এই দেশে মা-ভাৰতীৰ মহান পুত্ৰক, দেশ লৌহপুৰুষক, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ আজি পুনৰ বাবে এই দেশে চৰ্দাৰ পেটেলৰ এই গগনচুম্বী প্ৰতিমাৰ সান্নিধ্যত, তেওঁৰ ছাঁত, দেশৰ প্ৰগতিৰ মহাযজ্ঞত নিজৰ প্ৰতিজ্ঞা দোহাৰিছে৷

বন্ধুসকল,  মই কালি দুপৰীয়া কেৱড়িয়াত উপস্থিত হৈছিলো৷ আৰু কেৱড়িয়াত উপস্থিত হোৱাৰ পিছত কালিৰ পৰা এতিয়ালৈ ইয়াত জংগল ছাফাৰী, একতা মল, শিশু পুষ্টি পাৰ্ক আৰু আৰোগ্য বনৰ দৰে অনেক নতুন স্থানৰ লোকাৰ্পণ কৰা হৈছে৷ অতি কম সময়ত চৰ্দাৰ সৰোবৰ বান্ধৰ সৈতে জড়িত এই ভব্য নিৰ্মাণ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাৰ, নতুন ভাৰতৰ প্ৰগতিৰ তীৰ্থস্থললৈ পৰিৱৰ্তিত হৈছে৷ আগন্তুক সময়ছোৱাত মা নৰ্মদা নদীৰ তটত, ভাৰতেই নহয় বৰঞ্চ বিশ্বৰ পৰ্যটন মানচিত্ৰত এই স্থানে নিজৰ পৰিচয় সাব্যস্ত কৰিব৷

আজি চৰ্দাৰ সৰবোৰৰ পৰা সবৰমতী নদী তটলৈ ছী-প্লেন সেৱাৰ শুভাৰম্ভ হ’বলৈ ধৰিছে৷ ই দেশৰ প্ৰথম আৰু আকৰ্ষণীয় বিমান সেৱা৷ চৰ্দাৰ চাহাবৰ দৰ্শনৰ বাবে, ষ্টেচু অব্ ইউনিটী চাবলৈ দেশবাসীয়ে এতিয়া ছী-প্লেন সেৱাৰ সুবিধাও লাভ কৰিব৷ এই আটাইবোৰ প্ৰয়াসে অঞ্চলটোত পৰ্যটনৰ প্ৰসাৰণ ঘটাব৷ ইয়াৰ জৰিয়তে মোৰ আদিবাসী ভাই-ভনীসকলেও নিয়োজনৰ নতুন সুবিধা লাভ কৰিব৷ এই উপলব্ধিসমূহৰ বাবে মই গুজৰাট চৰকাৰক, গুজৰাটৰ সকলো নাগৰিক আৰু ১৩০ কোটি দেশবাসীলৈ অভিনন্দন যাচিছো৷

বন্ধুসকল, কালি যেতিয়া মই সমগ্ৰ এলেকাটো ভ্ৰমণ কৰিছিলো আৰু তাত গাইডৰ ৰূপত নিকটৱৰ্তী গাঁৱৰ আমাৰ ছোৱালীবোৰে যি আত্মবিশ্বাসৰ সৈতে, যি গভীৰতাৰ সৈতে, সকলো প্ৰশ্নৰ তথ্যৰ সৈতে, ত্বৰিৎ উত্তৰৰ সৈতে মোক গাইড কৰি আছিল, মই সঁচাকৈয়ে কৈছো যে মোৰ শিৰ থিয় হৈ গৈছিল৷ মোৰ দেশৰ গাঁৱৰ আদিবাসী ছোৱালীসমূহৰ সামৰ্থ, তেওঁলোকৰ ক্ষমতা সঁচাকৈয়ে অভাৱনীয় আছিল৷ ইমান কম সময়ৰ ভিতৰতে এনে সাফল্য লাভ কৰা সকলো ল’ৰা-ছোৱালীক আজি হৃদয়েৰে অভিনন্দন জনাইছো৷ 

বন্ধুসকল, এয়া এক অদ্ভূত সংযোগ যে আজি মহৰ্ষি বাল্মিকীৰো জয়ন্তী৷ আজি আমি ভাৰতৰ যি সাংস্কৃতিক ঐক্যতা দেখিবলৈ পাইছো, যি ভাৰতক অনুভৱ কৰিছো, তাক অধিক জীৱন আৰু উৰ্জাৱান কৰি তোলাৰ কাম শতিকা পূৰ্বে মহৰ্ষি বাল্মিকীয়ে কৰিছিল৷ ভগৱান ৰামৰ আদৰ্শ, ৰামৰ সংস্কাৰ যদি আজি ভাৰতৰ কোণে কোণে আমাক পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত কৰাইছে, ইয়াৰ অধিকাংশ কৃতিত্ব মহৰ্ষি বাল্মিকীকো দিব লাগে৷ ৰাষ্ট্ৰক, মাতৃভূমিক সবাতোকৈ শ্ৰেষ্ঠ বুলি ভবাৰ মহৰ্ষি বাল্মিকীৰ যি উদ্যোগ আছিল, ‘জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী’ এই যি মন্ত্ৰ আছিল, সেয়াই আজি ‘ৰাষ্ট্ৰ প্ৰথম’ সংকল্পৰ শক্তিশালী আধাৰ হিচাপে বিবেচিত হৈছে৷  মই সকলো দেশবাসীক মহৰ্ষি বাল্মিকীৰ জয়ন্তীৰ হৃদয়েৰে শুভকামনা জনাইছো৷

বন্ধুসকল, তামিল ভাষাৰ মহাকবি আৰু স্বতন্ত্ৰ সেনানী সুব্ৰমণিয়ম ভাৰতীয়ে লিখিছিল-

  

मन्नुम इमयमलै एंगल मलैये,मानिल मीधु इधु पोल पिरिधु इल्लैये, इन्नरु नीर गंगै आरेंगल आरे इ॑गिथन मान्बिर एधिरेधु वेरे, पन्नरुम उपनिट नूलेन्गल नूले पार मिसै एधोरु नूल इधु पोले, पोननोलिर भारत नाडेंगल नाडे पोट रुवोम इग्तै एमक्किल्लै ईडे

সুব্ৰমণিয়ম ভাৰতীৰ যি কবিতা আছে, তাৰ ভাবাৰ্থ হিন্দীত যি পোৱা যায়, দুৰ-সুদূৰ ক্ষেত্ৰৰ বিষয়ে ইয়াত যি বৰ্ণনা কৰা হৈছে, সেয়াও সমানেই অনুপ্ৰেৰণাদায়ী৷

সুব্ৰমণিয়ম ভাৰতীয়ে যি ভাৱনাক প্ৰকট কৰি তুলিছে, বিশ্বৰ সবাতোকৈ পুৰণি ভাষা তামিল ভাষাত ৰচনা কৰিছে৷ আৰু কি অদ্ভূত মা ভাৰতীৰ বৰ্ণনা কৰা হৈছে৷ সুব্ৰমণিয়ম ভাৰতীৰ সেই কবিতাৰ অৰ্থ হ’ল- চমকি উঠিছে উত্তুংগ হিমালয়, এই নগৰাজ আমাৰেই৷ যাক কোনেও বশ কৰিব নোৱাৰে, সেই নগৰাজ আমাৰেই৷ নদী আমাৰেই হ’ল গংগা, প্লাৱিত হোৱা মধুৰস ধাৰা, অইন ক’ৰবাত বয় নেকি এনে প্লাৱন ধাৰা? সন্মানিত যি সফল বিশ্বত মহিমা অনেক, অমৰ গ্ৰন্থ সকলো আমাৰ, উপনিষদৰ দেশ এয়াই৷ গাম আমি যশ ইয়াৰ, এয়াই হ’ল স্বৰ্ণিম দেশ আমাৰ, আমাতকৈ আগত কোন আছে জগতত, দাসত্বৰ সময়ছোৱাতো, সুব্ৰমণিয়ম ভাৰতীৰ বিশ্বাস প্ৰত্যক্ষ কৰক, তেওঁ ভাৱনা প্ৰকট কৰিছে, আমাতকৈ আগত কোন আছে, এয়াই আমাৰ ভাৰত দেশ৷’’

ভাৰতৰ বাবে এই অদ্ভুত ভাৱনাক আজি আমি ইয়াত মা নৰ্মদাৰ তটত, চৰ্দাৰ চাহাবৰ ভব্য প্ৰতিমাৰ ছাঁত আৰু অধিক নিকটৰ পৰা অনুভৱ কৰিছো৷ ভাৰতৰ এই শক্তিয়েই আমাক সকলো বিপদৰ সৈতে, বিপত্তিৰ সৈতে যুঁজিবলৈ শিকায় আৰু জীয়াবলৈও শিকায়৷ আপোনালোকে চাওক, যোৱা বছৰত আমি যেতিয়া একতাৰ দৌৰত অৱতীৰ্ণ হৈছিলো তেতিয়া কোনেও কল্পনা কৰা নাছিল যে বিশ্বৰ সমগ্ৰ মানৱজাতিয়ে ক’ৰোনাৰ দৰে বিশ্বজনীন মহামাৰীৰ সন্মুখীন হ’বলগীয়া হ’ব৷ এই বিপদ আচম্বিতে আহিছিল৷ ই সমগ্ৰ বিশ্বত মানৱ জীৱনক প্ৰভাৱান্বিত কৰিছে৷ আমাৰ গতিক প্ৰভাৱান্বিত কৰিছে৷ কিন্তু এই মহামাৰীৰ সন্মুখত দেশে, ১৩০ কোটি দেশবাসীয়ে যিদৰে নিজৰ সামূহিক সামৰ্থক, নিজৰ সামূহিক ইচ্ছা শক্তিক ব্যক্ত কৰিছে সেয়া অতিশয় অভূতপূৰ্ব৷ ইতিহাসত ইয়াৰ উদাহৰণ দেখিবলৈ পোৱা নাযায়৷

ক’ৰোনা যোদ্ধাৰ সন্মানত ১৩০ কোটি দেশবাসীয়ে ঐক্যৱদ্ধভাৱে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, লেহৰ পৰা লাক্ষাদ্বীপ, অটকৰ পৰা কটকলৈ, কচ্ছৰ পৰা ক’হিমালৈ, ত্ৰিপুৰাৰ পৰা সোমনাথলৈ ১৩০ কোটি দেশবাসীয়ে ঐক্যৱদ্ধভাৱে যি  উদ্দীপনা দেখুৱালে, একতাৰ যি বাৰ্তা বহন কৰিলে, তাৰ জৰিয়তে আঠ মাহত আমি এই সংকটৰ সৈতে যুঁজিবলৈ আৰু বিজয় পথত আগুৱাই যাবলৈ শক্তি লাভ কৰিলো৷  দেশবাসীয়ে তেওঁলোকৰ সন্মানৰ বাবে চাকি জ্বলালে, সন্মান প্ৰদৰ্শন কৰিলে৷ আমাৰ ক’ৰোনা যোদ্ধাই, আমাৰ অনেক আৰক্ষীয়ে আনৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ জীৱন বলিদান দিলে৷ স্বাধীনতাৰ পিছত মানৱ সেৱাৰ সুৰক্ষাৰ বাবে জীৱন দিয়াটো এই দেশৰ আৰক্ষীৰ বিশেষত্ব হিচাপে বিবেচিত হৈছে৷ প্ৰায় ৩৫ হাজাৰ আৰক্ষীয়ে স্বাধীনতাৰ পিছত প্ৰাণ বলিদান দিছে৷ কিন্তু ক’ৰোনাৰ এই সময়ছোৱাত সেৱাৰ বাবে, আনৰ জীৱন ৰক্ষা কৰিবলৈ মোৰ আৰক্ষীৰ সতীৰ্থসকলে সেৱাৰত অৱস্থাতেই নিজকেই সমৰ্পিত কৰিছে৷ ইতিহাসে কেতিয়াও এই স্বৰ্ণিম ক্ষণক পাহৰিব নোৱাৰে আৰু কেৱল আৰক্ষী জোৱানকেই নহয়, ১৩০ কোটি দেশবাসীক আৰক্ষীৰ এই বীৰত্বৰ সমৰ্পণ ভাৱক সদায়েই শিৰোনত হোৱাৰ বাবে অনুপ্ৰেৰণা প্ৰদান কৰিব৷

বন্ধুসকল, এয়া দেশৰ ঐক্যতাৰ শক্তি যে যি মহামাৰীয়ে বিশ্বৰ বিশাল দেশসমূহক বিবশ কৰি তুলিছে, ভাৰতে তাৰ সৈতে শক্তিশালী ৰূপত মোকাবিলা কৰিছে৷ আজি দেশ ক’ৰোনাৰ পৰা মুক্ত হ’ব ধৰিছে আৰু ঐক্যৱদ্ধ হৈ আগবাঢ়িব ধৰিছে৷ এই একতাৰ বিষয়ে লৌহপুৰুষ চৰ্দাৰ বল্লভভাইয়ে কল্পনা কৰিছিল৷ আমি সকলোৱে ঐকৱদ্ধ হৈ এই সংকটৰ কালছোৱত লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি এনেকৈয়ে প্ৰকৃত শ্ৰদ্ধাঞ্জলি যাচিছো৷

বন্ধুসকল,  বিপত্তি আৰু প্ৰত্যাহ্বানৰ মাজতো দেশে এনে বহু কাম কৰিছে যি প্ৰায় অসম্ভৱ আছিল৷ এই কঠিন সময়ত ধাৰা ৩৭০ বিলোপন হোৱাৰ পিছত, অনুচ্ছেদ ৩৭০ বিলোপন হোৱাৰ পিছত কাশ্মীৰে সমাৱেশৰ এবছৰ সম্পূৰ্ণ কৰিলে৷ ৩১ অক্টোবৰত আজিৰ পৰা এবছৰ পূৰ্বে ইয়াৰ প্ৰণয়ন হৈছিল৷ চৰ্দাৰ চাহাব জীৱিত আছিল৷ বাকী ৰাজ-শাসনৰ কামো যদি তেওঁৰ দায়িত্বত থাকিলহেঁতেন তেন্তে স্বাধীনতাৰ ইমান বৰ্ষৰ পিছতো এই কাম কৰাৰ ভাৰ মোৰ ওপৰত নপৰিলহেঁতেন৷ কিন্তু চৰ্দাৰ চাহাবৰ এই কাম আধৰুৱা হৈ থাকিল, তেওঁৰ প্ৰেৰণাৰ ফলতে  ১৩০ কোটি দেশবাসীয়ে সেই কাৰ্য পূৰণ কৰাৰ সুযোগ লাভ কৰিলে৷ কাশ্মীৰৰ বিকাশত যি বাধা  আছিল সেইসমূহ এতিয়া পিছ পেলাই কাশ্মীৰ বিকাশৰ নতুন পথৰ দিশত অগ্ৰসৰ হৈছে৷ উত্তৰ পূৰ্বাঞ্চলত শান্তিৰ বাহাল অথবা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে আজি দেশত একতাৰ নতুন গাঁথনি স্থাপন কৰিছে৷ সোমনাথৰ পুনৰ্নিমাণৰ জৰিয়তে চৰ্দাৰ পেটেলে ভাৰতৰ সাংস্কৃতিক গৌৰৱ উভতাই  অনাৰ যি যজ্ঞ আৰম্ভ কৰিছিল তাৰ বিস্তাৰ দেশে অযোধ্যাত দেখা পাইছে৷ আজি দেশবাসী ৰাম মন্দিৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ সাক্ষী হৈ পৰিছে আৰু ভব্য ৰাম মন্দিৰ নিৰ্মাণ হোৱাও দেখা পাইছে৷

বন্ধুসকল, আজি আমি ১৩০ কোটি দেশবাসীয়ে ঐক্যৱদ্ধ হৈ এনে এক ৰাষ্ট্ৰৰ নিৰ্মাণ কৰিছো যি সশক্তও আৰু সক্ষমো৷ য’ত সমানতাও আছে আৰু সম্ভাৱনাও আছে৷ চৰ্দাৰ চাহাবেও কৈছিল আৰু চৰ্দাৰ চাহাবে কৈছিল-কৃষক আৰু শ্ৰমিকসকল বিশ্বৰ আধাৰ৷ মই ভাবো কৃষকৰ কিদৰে সৱলীকৰণ কৰো, কিদৰে তেওঁলোকক শক্তিশালী কৰি তোলো আৰু মূৰ থিয় কৰি আগবাঢ়ি যোৱাত সহায় কৰো৷’’

বন্ধুসকল, কৃষক, শ্ৰমিক আৰু দৰিদ্ৰসকল তেতিয়াহে সশক্ত হ’ব যেতিয়া তেওঁলোক আত্মনিৰ্ভৰ হ’ব৷ আৰু যেতিয়া কৃষক, শ্ৰমিকসকল আত্মনিৰ্ভৰ হ’ব তেতিয়াহে দেশ আত্মনিৰ্ভৰ হ’ব৷  বন্ধুসকল, আত্মনিৰ্ভৰ দেশেহে নিজৰ প্ৰগতিৰ সৈতে নিজৰ সুৰক্ষাৰ বাবে আশ্বস্ত হ’ব পাৰে৷ আৰু সেইবাবে আজি দেশ প্ৰতিৰক্ষা খণ্ডতো আত্মনিৰ্ভৰ হোৱাৰ দিশত আগবাঢ়িছে৷ এয়াই নহয়, সীমাতো ভাৰতৰ দৃষ্টিভংগী এতিয়া পৰিৱৰ্তিত হৈছে৷ আজি ভাৰতৰ ভূমিক বেয়া দৃষ্টিৰে চোৱা সকলক প্ৰত্যুত্তৰ দিয়াৰ শক্তি আমাৰ বীৰ জোৱানসকলৰ আছে৷ আজি ভাৰতৰ সীমাত শ শ কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণ কৰা হৈছে, ডজনসংখ্যক দলং, অনেক সুৰংগ নিৰন্তৰে নিৰ্মাণ কৰা হৈছে৷ নিজৰ সাৰ্বভৌমত্ব আৰু সন্মানৰ ৰক্ষাৰ বাবে আজিৰ ভাৰত সম্পূৰ্ণৰূপে সাজু, দায়ৱদ্ধ আৰু প্ৰস্তুত৷

কিন্তু বন্ধুসকল, প্ৰগতিৰ এই প্ৰয়াসসমূহৰ মাজত এনে বহু প্ৰত্যাহ্বান আছে যাৰ সন্মুখীন আজি বিশ্বসহিতে ভাৰতে কৰি আছে৷ বিগত কিছু সময়ৰ পৰা বিশ্বৰ অনেক দেশৰ অৱস্থা এনে হৈছে, য’ত কিছুমান লোকে সন্ত্ৰাসবাদৰ মুক্ত সমৰ্থন কৰিছে, আজি তেওঁলোক মানৱতাৰ বাবে, বিশ্বৰ বাবে, শান্তিৰ উপাসকসকলৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে৷ আজিৰ এই সময়ত বিশ্বৰ সকলো দেশে, সকলো চৰকাৰে, সকলো পক্ষই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ যুঁজাৰ সময় আহি পৰিছে৷

বন্ধুসকল, ভাৰতৰ বাবে একতাৰ সম্প্ৰসাৰণ সদায়েই গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ আমি ‘সৰ্বে ভৱন্তু সুখিনঃ’ৰ পৰা অনুপ্ৰেৰিত হও, আমি ‘বসুধৈৱ কুটুম্বকম’ৰ পৰা অনুপ্ৰেৰিত হও৷ ভগৱান বুদ্ধৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধীলৈ ভাৰতে সমগ্ৰ বিশ্বকে শান্তি আৰু একতাৰ বাৰ্তা প্ৰদান কৰিছে৷ বন্ধুসকল, ৰাষ্ট্ৰকবি ৰামধাৰী সিংহ দিনকৰে লিখিছে- ভাৰত এক চিন্তাধাৰা যিয়ে স্বৰ্গত ভূমিলৈ নমাই আনিছে৷ ভাৰত এক ভাৱনা যাক লাভ কৰি মনুষ্য জাগ্ৰত হয়৷ আমাৰ এই ৰাষ্ট্ৰ আমাৰ চিন্তাধাৰাৰ দ্বাৰা, আমাৰ ভাৱনাৰ দ্বাৰা, আমাৰ চেতনাৰ দ্বাৰা, আমাৰ প্ৰয়াসৰ দ্বাৰা, আমাৰ সৈতে মিলিত হৈ নিৰ্মাণ হৈছে৷ আৰু ইয়াৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল ভাৰতৰ বৈচিত্ৰতা৷ ইমান ভাষা, উপভাষা, বিভিন্ন পৰিধান, খাদ্যাভ্যাস, ৰীতি-নীতি, মান্যতা, এই আটাইবোৰ আন দেশত পোৱাটো অসম্ভৱ৷  আমাৰ বেদতো কোৱা হৈছে- জনঃ বিভ্ৰতি বহুধা বিবাচংস নানাধৰ্মণঃ পৃথিৱী যথোকসম৷ সহস্ত্ৰঃ ধাৰা দ্ৰাৱিণস্য মে দুহাঃ ধ্ৰুবেত ধেনুৰন-পস্ফুৰন্তি৷ অৰ্থাৎ আমাৰ এই মাতৃভূমি ভিন্ন ভিন্ন ভাষা, ভিন্ন চিন্তাধাৰা, ভিন্ন বিচাৰ, ব্যৱহাৰৰ ভূমি৷ সেয়ে আমাৰ এই বৈচিত্ৰতাই হ’ল আমাৰ অস্তিত্ব৷ এই বৈচিত্ৰতাত একতাক জীয়াই ৰখাটোৱেই হ’ল আমাৰ কৰ্তব্য৷ আমি মনত ৰাখিব লাগিব যে আমি সকলো এক হৈ থাকিলে অপৰাজেয় হৈ থাকিম৷ আমি এক থাকিলে অসাধাৰণত পৰিণত হ’ম৷ আমি এক হৈ থাকিলে অদ্বিতীয় হৈ থাকিম৷ কিন্তু ভাৰতৰ এই ঐক্যতা আনৰ বাবে অসহনীয়ও হৈ পৰিছে৷ তেওঁলোকে আমাক দুৰ্বল কৰি তুলিব বিচাৰিছে৷ এনে শক্তিসমূহক চিনাক্ত কৰাটো আৱশ্যক৷ এনে শক্তিৰ পৰা ভাৰতীয়সকল অধিক সতৰ্ক হৈ থাকিব লাগিব৷

বন্ধুসকল, আজি ইয়াত যেতিয়া মই অৰ্ধ-সামৰিক বাহিনীৰ পেৰেড দেখিলো, আপোনালোকৰ অদ্ভুত কৌশল দেখিলো তেতিয়া মোৰ মনত এখনেই ছবি ভাঁহি আহিছিল৷ সেয়া হ’ল পুলৱামাৰ আক্ৰমণৰ৷ সেই আক্ৰমণত আমাৰ আৰক্ষীৰ যি বীৰসকল শ্বহীদ হৈছিল তেওঁলোক আছিল অৰ্ধ সামৰিক বাহিনীৰ৷ যেতিয়া সমগ্ৰ দেশ তেওঁলোকক লৈ শোক সাগৰত নিমজ্জিত হৈ আছিল তেতিয়া কিছুমান লোকে তাত নিজৰ ৰাজনৈতিক স্বাৰ্থ সন্ধান কৰি আছিল৷ দেশে নাপাহৰে তেতিয়া কেনেকুৱা কথা কোৱা হৈছিল, কেনে বক্তব্য দিয়া হৈছিল৷ সেই সময়ত মই সেই বীৰসকলৰ মুখলৈ চাই বিবাদৰ পৰা আঁতৰত থাকি আৰোপসমূহ সহ্য কৰি থাকিলো, সেই কথাবোৰ শুনি থাকিলো৷ কিন্তু যোৱা কেইদিনমানত চুবুৰীয়া দেশৰ পৰা যি খবৰ আহিছে তাৰে পৰা সেইসকল লোকৰ প্ৰকৃত চেহেৰা সন্মুখলৈ আহিছে৷ তেওঁলোকে নিজৰ নিহিত স্বাৰ্থৰ বাবে, ৰাজনৈতিক স্বাৰ্থৰ বাবে কিমান তললৈ নামিব পাৰে, পুলৱামা আক্ৰমণৰ পিছত হোৱা ৰাজনীতিয়েই হ’ল ইয়াৰ এক বৃহৎ উদাহৰণ৷ মই এনে ৰাজনৈতিক দলক, এনে লোকক আহ্বান জনাইছো যে চৰ্দাৰ চাহাবৰ প্ৰতি যদি আপোনালোকৰ সামান্যতমো শ্ৰদ্ধা আছে, তেন্তে এই মহাপুৰুষৰ এই বিৰাট প্ৰতিমাৰ সন্মুখত আপোনালোকক আহ্বান জনাম যে দেশৰ সুৰক্ষাৰ হিতৰ বাবে, আমাৰ সুৰক্ষাৰ মনোবলৰ বাবে, কৃপা কৰি এনে ৰাজনীতি যেন নকৰে৷ ইয়াৰ দ্বাৰা নিজৰো হিত নহয়, নিজৰ দেশৰো হিত নহয়৷

বন্ধুসকল, আমি সদায়েই এয়া মনত ৰাখিব লাগিব যে যদি সৰ্বোচ্চ কিবা আছে তেন্তে সেয়া হ’ল দেশৰ হিত৷ আমি সকলোৰে হিতৰ বিষয়ে চিন্তা কৰিলেহে আমাৰ প্ৰগতি হ’ব, আমাৰ উন্নতি হ’ব৷ ভাতৃ আৰু ভগ্নীসকল, আজি এই উপলক্ষে এই বিৰাট, ভব্য ব্যক্তিত্বৰ চৰণত আমি সেই ভাৰত নিৰ্মাণৰ সংকল্প দোহাৰো যাৰ সপোন চৰ্দাৰ বল্লভভাই পেটেলে দেখিছিল৷ এক এনে ভাৰত যি সশক্ত হ’ব, সমৃদ্ধ হ’ব আৰু আত্মনিৰ্ভৰ হ’ব৷ আহক, এই পবিত্ৰ ক্ষণত আমি পুনৰবাৰ ৰাষ্ট্ৰৰ প্ৰতি নিজৰ সমৰ্পণ ভাৱ দোহাৰো৷ আহক, চৰ্দাৰ পেটেলৰ চৰণত শিৰনত কৰি আমি এই প্ৰতিজ্ঞা লও যে দেশৰ গৌৰৱ আৰু মান বৃদ্ধি কৰিম, এই দেশক উচ্চতাৰ নতুন পৰ্যায়ত উপনীত কৰিম৷

এই সংকল্পৰ সৈতে, সকলো দেশবাসীক একতা পৰ্বৰ বাবে পুনৰ অভিনন্দন জনাইছো৷ আদৰপূৰ্বক চৰ্দাৰ চাহাবক প্ৰণাম জনাই, শ্ৰদ্ধাপূৰ্বক চৰ্দাৰ চাহাবক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশবাসীক বাল্মিকী জয়ন্তীৰো শুভকামনা যাঁচি মই মোৰ ভাষণ সামৰিছো৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"