নমস্কাৰ!

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীমান ভগত সিং কোশিয়াৰী জী, মুখ্যমন্ত্ৰী শ্ৰীমান উদ্ধৱ থাকৰে জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, ৰাওচাহেব দানৱে জী, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পৱাৰ জী, মহাৰাষ্ট্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশ জী, সাংসদ আৰু বিধায়কসকল তথা প্ৰিয় ভাই-ভনীসকল!

কাইলৈ ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম জয়ন্তী। সকলোৰে আগতে মই ভাৰতৰ গৌৰৱ, ভাৰতৰ পৰিচিতি আৰু সংস্কৃতিৰ ৰক্ষক দেশৰ মহান মহানায়কৰ চৰণত আদৰপূৰ্বক প্ৰণাম জনাইছো। শিৱাজী মহাৰাজৰ জয়ন্তীৰ এদিন আগতে থানে-দিৱাৰ মাজত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা পঞ্চম আৰু ষষ্ঠ ৰে’লপথছোৱাৰ শুভাৰম্ভত মুম্বাইবাসীক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।

এই নতুন ৰে’লপথছোৱাই মুম্বাইবাসীৰ জীৱনলৈ বহুত ডাঙৰ পৰিৱৰ্তন আনিব, তেওঁলোকৰ জীৱনৰ স্বাচ্ছন্দ্য বহু পৰিমাণে বাঢ়িব। এইছোৱা নতুন ৰে’লপথে মুম্বাইৰ কেতিয়াও থমকি নোৰোৱা জীৱনধাৰাটোক আৰু অধিক গতি প্ৰদান কৰিব। এই দুয়োটা পথৰে চলাচল আৰম্ভ হ’লেই মুম্বাইৰ ৰাইজৰ পোণপতীয়াভাবে চাৰিটা লাভ হ’ব।

প্ৰথম- এতিয়াৰ পৰা লোকেল আৰু এক্সপ্ৰেছ ৰে’লৰ বাবে বেলেগ বেলেগ ৰে’লপথ উপলব্ধ হ’ব।

দ্বিতীয়- আন ৰাজ্যসমূহৰ পৰা মুম্বাইলৈ অহা-যোৱা কৰা ৰে’লসমূহে এতিয়াৰে পৰা লোকেল ট্ৰে’নক বাট এৰি দিয়াৰ বাবে অপেক্ষা কৰি থাকিব নালাগিব।

তৃতীয়- কল্যাণৰ পৰা কুৰ্লা ছেকশ্যনত মেই-এক্সপ্ৰেছ ৰে’লগাড়ীসমূহ এতিয়াৰে পৰা কোনো ধৰণৰ বাধা নোপোৱাকৈ চলাব পৰা যাব।

আৰু চতুৰ্থ- প্ৰতি দেওবাৰে হ’বলগীয়া ‘ব্লক’ৰ কাৰণে কলাৱা আৰু মুম্ব্ৰাৰ বন্ধুসকলে পাই অহা অসুবিধাও এতিয়াৰে পৰা আঁতৰ হ’ব।

 

বন্ধুসকল,

আজিৰ পৰা মধ্য ৰে’লৰ পথসমূহত ৩৬খন নতুন লোকেল ট্ৰে’নে চলাচল কৰিব। ইয়াৰো অধিক সংখ্যক ‘এ-চি’ ৰে’লগাড়ী হ’ব। এয়া স্থানীয় ৰে’লগাড়ীৰ সা-সুবিধাসমূহ বিস্তাৰিত কৰা, স্থানীয় ৰে’লক আধুনিক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দি অহা প্ৰতিশ্ৰুতিৰে অংশ। বিগত ৭টা বছৰত মুম্বাইত ‘মেট্ৰো ৰে’ল’ৰো সম্প্ৰসাৰণ কৰা হৈছে। মুম্বাইৰ পৰা কেবাটাও উপ-নগৰীয়া কেন্দ্ৰলৈ ‘মেট্ৰো ৰে’ল’ৰ নেটৱৰ্ক দ্ৰুতগতিৰে সম্প্ৰসাৰণ কাম চলি আছে।

ভাই-ভনীসককল,

বহু দশক ধৰি মুম্বাইৰ সেৱা কৰি অহা লোকেল ট্ৰে’নৰ সম্প্ৰসাৰণ কৰা, ইয়াক আধুনিক কৰি তোলাৰ দাবী বহুতেই পুৰণি। ২০০৮চনত এই পঞ্চম আৰু ষষ্ঠ ৰে’লপথ দুটাৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ৰে’লপথ দুটাৰ নিৰ্মাণ কাৰ্য ২০১৫ চনত সম্পূৰ্ণ হোৱাৰ কথা আছিল, পিচে, দুৰ্ভাগ্যৰ কথা এই যে ২০১৪ চন পৰ্যন্ত এইটো প্ৰকল্পৰ কাম বিভিন্ন কাৰণত ওলমি থাকিবলগীয়া হৈছিল। ইয়াৰ পিচত আমি ইয়াৰ কাম দ্ৰুতগতিৰে কৰিবলৈ ল’লো, এই ক্ষেত্ৰত থকা সমস্যাসমূহো সমাধানৰ দিহা কৰিলো।

মোক জনোৱা হৈছে যে ৩৪টা স্থানতো এনে আছিল য’ত নতুন ৰে’লপথক পুৰণি ৰে’লপথৰ সৈতে সংযুক্ত কৰাৰ কথা আছিল। বিভিন্ন প্ৰত্যাহ্বানৰ পিচতো আমাৰ শ্ৰমিকসকলে, আমাৰ অভিযন্তাসকলে এই প্ৰকল্পৰ কাম কৰি উলিয়াইছে। বহু সংখ্যক দলং, উৰণীয়া সেঁতু নিৰ্মাণ কৰিছে, সুৰংগ নিৰ্মাণ কৰিছে। ৰাষ্ট্ৰ-নিৰ্মাণৰ বাবে এনে প্ৰতিশ্ৰুতিবদ্ধতাক মই হৃদয়ৰে প্ৰণিপাত জনাইছো, অভিনন্দনো জনাইছো।

ভাই-ভনীসকল,

মুম্বাই মহানগৰে স্বাধীন ভাৰতৰ প্ৰগতিত নিজৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। এতিয়া আমাৰ প্ৰয়াস এয়ে হ’ব যে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ নিৰ্মাণতো মুম্বাইৰ সামৰ্থ্যও বহু গুণে বৃদ্ধি পাওক। সেয়ে, মুম্বাইত ২১শতিকাৰ আন্তঃগাঁথনি নিৰ্মাণত আমি বিশেষ গুৰুত্ব আৰোপ কৰিছো। কেৱল ৰে’ল-সংযোগৰে যদি কথা কোৱা হয় ইয়াত হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। মুম্বাই ‘ছাব-আৰ্বান ৰে’ল ব্যৱস্থা’ৰ আধুনিকীকৰণ আৰু শ্ৰেষ্ঠ প্ৰযুক্তিৰে সুসজ্জিত কৰা হৈছে। ‘মুম্বাই ছাব-আৰ্বান’ৰ বৰ্তমানৰ ক্ষমতাৰ সৈতে অতিৰিক্ত প্ৰায় ৪০০কিলোমিটাৰ বৃদ্ধি কৰাৰ বাবে আমি প্ৰয়াস অব্যাহত ৰাখিছো। ‘চিবিটিচি’-ৰ দৰে আধুনিক ‘ছিংগনেল-ব্যৱস্থা’ৰ লগতে ১৯টা ষ্টেশ্যনৰ আধুনিকীকৰণৰো আঁচনি লোৱা হৈছে।

ভাই-ভনীসকল,

মুম্বাইৰ ভিতৰৰেই নহয়, বৰং দেশৰ অন্য ৰাজ্যৰ পৰা মুম্বাইৰ ৰে’ল-যোগাযোগৰ ক্ষেত্ৰতো গতিবেগ বঢ়োৱাৰ প্ৰয়োজন আছে, আধুনিকীকৰণৰ প্ৰয়োজন আছে। সেয়ে আহমেদাবাদ-মুম্বাই হাই-স্পীড ৰেলগাড়ী এতিয়া মুম্বাই তথা দেশৰ বাবে আৱশ্যক বুলি চিহ্নিত হৈছে। ইয়ে মুম্বাইৰ ক্ষমতাক, সপোনৰ চহৰৰ ৰূপত মুম্বাইৰ পৰিচিতিক আৰু অধিক শক্তিশালী কৰি তুলিব। এই প্ৰকল্পৰ কাম যাতে দ্ৰুতগতিৰে সম্পূৰ্ণ কৰিব পৰা যায়, এয়া আমাৰ  সকলোৰেই প্ৰাথমিকতা হ’ব। এইদৰেই ‘ৱেষ্টাৰ্ন ডেডিকেটেড ফ্ৰেইট কৰিডৰ’টোও নতুন শক্তি প্ৰদানকাৰী হৈ উঠিব।

 

বন্ধুসকল,

আমি সকলোৱে জানো যে ভাৰতীয় ৰে’লত যিমান সংখ্যক লোকে এটা দিনত যাতায়াত কৰে, সিমানখিনিতো বহুবোৰ দেশৰ মুঠ জনসংখ্যাই নহয়। ভাৰতীয় ৰে’লক সুৰক্ষিত, সুবিধাযুক্ত আৰু আধুনিক কৰি তোলাটো  আমাৰ চৰকাৰৰ সৰ্বোচ্চ প্ৰথমিকতাসমূহৰ অন্যতম। আমাৰ এই প্ৰতিশ্ৰুতিবদ্ধতাক ক’ৰোনাৰ দৰে বিশ্ব মহামাৰীয়েও বাধা দি ৰাখিব পৰা নাই। বিগত ২টা বছৰত ৰে’ল বিভাগে মাল-বস্তু সৰবৰাহৰ ক্ষেত্ৰত নতুন অভিলেখ ৰচনা কৰিছে। ইয়াৰ লগতে ৮ হাজাৰ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকীকৰণো সম্পূৰ্ণ কৰা হৈছে। প্ৰায় চাৰে ৪ হাজাৰ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণ কৰা অথবা ইয়াক দ্বি-পথযুক্ত কৰাৰো কাম সম্পূৰ্ণ হৈছে। ক’ৰোনা কালতে আমি ‘কিষাণ ৰে’ল’ৰ মাধ্যমেৰে দেশৰ খেতিয়কসকলক দেশৰ ভিন্ন প্ৰান্তৰ বাজাৰসমূহৰে সংযুক্ত কৰাৰ দিহা কৰিছো।

বন্দুসকল,

আমি সকলোৱে এই কথাও জানো যে ৰে’ল বিভাগৰ সংস্কাৰে দেশৰ ‘লজিষ্টিক খণ্ড’লৈ ক্ৰান্তিকাৰী পৰিৱৰ্তন আনিব পাৰে। সেয়ে বিগত ৭টা বছৰত কেন্দ্ৰীয় চৰকাৰে ৰে’ল বিভাগত সকলো ধৰণৰ সংস্কাৰসাধন প্ৰক্ৰিয়াক উত্সাহিত কৰি আহিছে। অতীত আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ এইবাবেই চলি থাকিছিল কিয়নো পৰিকল্পনাৰ পৰা কাৰ্যকৰীকৰণ পৰ্যন্ত সামঞ্জস্যৰ অভাৱ আছিল। এইধৰণৰ মানসিকতাৰে ২১শতিকাৰ ভাৰতৰ আ্ন্তঃগাঁথনিৰ নিৰ্মাণ সম্ভৱ নহয়। সেয়ে আমি ‘পি-এম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লান’ যুগুতাই উলিয়াইছো। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগ, ৰাজ্য চৰকাৰ, স্থানীয় নিকায় আৰু ব্যক্তিগতখণ্ডৰ সকলোকে এখন ‘ডিজিটেল মঞ্চ’ত একত্ৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। আন্তঃগাঁথনিমূলক যিকোনো প্ৰকল্পৰ প্ৰতিটো তথ্য, সংশ্লিষ্ট প্ৰতিটো পক্ষই যাতে আগতীয়াকৈ লাভ কৰিব পাৰে তাৰে প্ৰয়াস কৰা হৈছে। তেতিয়াহে সকলো পক্ষই নিজৰ নিজৰ ভাগৰ কাম, তাৰ পৰিকল্পনা, শুদ্ধ ভাবে সম্পন্ন কৰিব পাৰিব। মুম্বাই আৰু দেশৰ অ্ন্য ৰে’ল-প্ৰকল্পসমূহৰ বাবে আমি গতিশক্তিৰ মনোভাৱৰেই কাম কৰিব বিচাৰিছো।

বন্ধুসকল,

বছৰ বছৰ ধৰি আমাৰ দেশত এনে এটা মনোভাৱে গা-কৰি উঠিছিল যে যিবোৰ সাধন-সংসাধন দুখীয়া ৰাইজে ব্যৱহাৰ কৰে, মধ্যবিত্তসকলে ব্যৱহাৰ কৰে সেইসমূহত বিনিয়োগ কৰাৰ প্ৰয়োজন নাই। এনে মনোভাৱৰ পৰিণতিতে ভাৰতৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ চমক সদায়ে অনুজ্জ্বল হৈয়ে ৰৈছিল। কিন্তু এতিয়া ভাৰতে সেই পুৰণি মনোভাৱৰ পিচতে এৰি থৈ আগুৱাই যাব খুজিছে। আজি গান্ধীনগৰ আৰু ভূপালৰ আধুনিক ৰে’লষ্টেশ্যন ভাৰতীয় ৰে’লৰ নতুন পৰিচিতি হৈ উঠিছে। আজি ৬ হাজাৰৰো অধিক ৰে’লষ্টেশ্যনত ‘ৱাই-ফাই’ সুবিধা যুক্ত হৈছে। ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল’গাড়ীয়ে ৰে’লৰ গতি আৰু আধুনিক সা-সুবিধাৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিছে। আগন্তুক বছৰত ৪০০খন নতুন ‘বন্দে ভাৰত ৰে’লগাড়ী’য়ে দেশবাসীসৈ সেৱা আগবঢ়াব।

 

ভাই-ভনীসকল,

আৰু এটা পুৰণি মানসিকতাও আমাৰ চৰকাৰে সলনি কৰিছে, সেয়া হৈছে ৰে’লৰ নিজৰ সামৰ্থ্যৰ ওপৰত থকা ভৰসা। ৭-৮ বছৰৰ আগতে দেশত থকা ৰে’লৰ ডবা নিৰ্মাণ কাৰখানাসমূহৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰা হৈছিল। এইসমূহ কাৰখানৰ যি অৱস্থা আছিল তাক দেখি কোনেও কল্পনাও কৰিব পৰা নাছিল যে এইসমূহ কাৰখানাত আধুনিক ৰে’ল নিৰ্মাণ কৰিব পৰা যাব। কিন্তু আজি ‘বন্দে ভাৰত ৰে’ল’গাড়ী আৰু ‘স্বদেশী ৱিষ্টাডোম ডবা’ এইসমূহ কাৰখানাতে নিৰ্মাণ কৰি থকা হৈছে। আজি আমি আমাৰ ‘ছিগনেলিং ব্যৱস্থা’ক স্বদেশী সমাধানৰে আধুনিক কৰি তোলাৰ বাবেও নিৰন্তৰ কাম কৰি আছো। আমাক স্বদেশী সমাধান লাগে, আমাক বিদেশী নিৰ্ভৰতাৰ পৰা মুক্তি লাগে।

বন্ধুসকল,

নতুন সা-সুবিধা বিকশিত কৰাৰ এই প্ৰয়াসৰ বহুত ডাঙৰ সুফল মুম্বাই আৰু আশ-পাশৰ চহৰসমূহে লাভ কৰিব। দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহে নতুন নতুন সা-সুবিধাসমূহৰে স্বাচ্ছন্দ্যও লাভ কৰিব আৰু জীৱিকা অৰ্জনৰ সাধানো উপলব্ধ হ’ব। মুম্বাইৰ নিৰন্তৰ বিকাশ সাধনৰ প্ৰতিশ্ৰুতিৰে পুনৰবাৰ সকলো মুম্বাইবাসীলৈ বহুত বহুত অভিনন্দন জনালো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”