ভাৰতীয়ত্ব সুৰক্ষিত কৰিবলৈ মহাৰাজ সুহেলদেৱৰ বৰঙণি উপেক্ষিত হৈয়ে আছিলঃ প্ৰধানমন্ত্ৰী
ইতিহাসৰ লেখকসকলৰদ্বাৰা ইতিহাস গঢ়োতাসকলক কৰা অন্যায়ৰ এতিয়া শুধৰণি কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
এই বসন্তই ভাৰতৰ বাবে নতুন আশা কঢ়িয়াই আনিছে, মহামাৰীটোৰ নিৰাশাক একাষৰীয়া কৰিছেঃ প্ৰধানমন্ত্ৰী
কৃষি আইনসমূহৰ সন্দৰ্ভত মিথ্যা আৰু উৰা বাতৰি প্ৰচাৰ হৈছেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!

উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উত্তৰপ্ৰদেশ চৰকাৰৰ অন্যান্য মন্ত্ৰীবৰ্গ, মোৰ সংসদীয় সহযোগী, বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

নিজৰ পৰাক্ৰমৰ জৰিয়তে মাতৃভূমিৰ সন্মান বৃদ্ধি কৰা ৰাষ্ট্ৰনায়ক মহাৰাজা সুহলদেৱৰ জন্মভূমি আৰু ঋষি মুনিয়ে য’ত তপস্যা কৰিছিল, বাহৰেইচৰ এই পবিত্ৰ ভূমিক মই সাদৰেৰে প্ৰণিপাত জনাইছো৷ বসন্ত পঞ্চমী উপলক্ষে আপোনালোক সকলোকে, সমগ্ৰ দেশবাসীৰ মংগল কামনা কৰিছো৷ মা সৰস্বতীয়ে ভাৰতৰ জ্ঞান-বিজ্ঞানক আৰু অধিক সমৃদ্ধ কৰক৷ আজিৰ দিনটো বিদ্যা আৰম্ভ আৰু আখৰ জ্ঞানৰ বাবে বহুত শুভ দিন হিচাপে পালন কৰা হয়৷ আমাৰ ইয়াত কৈছে-

सरस्वति महाभागे विद्ये कमललोचने।

विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते॥

অৰ্থাৎ, হে!মহাভাগ্যৱতী, জ্ঞানৰূপা, পদুমৰ সমান বিশাল নেত্ৰ, জ্ঞানদাত্ৰী সৰস্বতী, মোক বিদ্যা দান কৰক, মই আপোনাক প্ৰণাম জনাইছো৷ ভাৰতক মানৱতাৰ সেৱাৰ বাবে গৱেষণা আৰু উদ্ভাৱনৰ সৈতে জড়িত, ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত প্ৰতিগৰাকী ভাৰতীয়ই মা সৰস্বতীৰ আশীৰ্বাদ লাভ কৰক, তেওঁলোকে সফলতা পাওক, এয়া আমাৰ সকলোৰে প্ৰাৰ্থনা৷

ভাই-ভনীসকল,

ৰামচৰিত মানসত গোস্বামী তুলসীদাসে জীয়ে কৈছে, ঋতু বসন্ত বহু ত্ৰিবিধ বয়াৰী৷ অৰ্থাৎ বসন্ত ঋতুত শীতল, মন্দ সুগন্ধ, এনে তিনি প্ৰকাৰৰ বতাহ বয়, এই বতাহ, এই বতৰত খেতি-খোলা, বাগানৰ পৰা আদি কৰি জীৱনৰ প্ৰতিটো দিশেই আনন্দিত হৈ আছে৷ সঁচাকৈয়ে, আমি যি ফালেই চাও, সেই ফালেই ফুলেৰে জাতিষ্কাৰ হৈ থাকে, প্ৰতিটো জীৱই বসন্ত ঋতুক আদৰণি জনাইছে৷ এই বসন্তই মহামাৰীৰ নিৰাশাক নেওচি আগুৱাই যোৱা ভাৰতৰ বাবে নতুন উৎসাহ, নতুন আশা লৈ আহে৷ এই উৎসাহত ভাৰতীয়ত্ব, আমাৰ সংস্কৃতি, আমাৰ সংস্কাৰৰ বাবে ঢাল হৈ উঠিবলগীয়া মহানায়ক, মহাৰাজা সুহলদেৱ জীৰ জন্মোৎসৱ আমাৰ সুখ-সমৃদ্ধি আৰু বৃদ্ধি কৰিব৷

বন্ধুসকল,

মই প্ৰায় দুবছৰৰ পূৰ্বে গাজীপুৰত মহাৰাজা সুহলদেৱৰ স্মৃতিত ডাক টিকট মুকলি কৰাৰ সুযোগ পাইছিলো৷ আজি বাহৰেইচত তেওঁৰ ভব্য স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য হৈছে৷ এই আধুনিক আৰু ভব্য স্মাৰক, ঐতিহাসিক চিট্টৌৰ হ্ৰদৰ বিকাশ, বাহৰেইচত মহাৰাজা সুহলদেৱৰ আশীৰ্বাদ বৃদ্ধি কৰিব, ভৱিষ্যৎ প্ৰজন্মক প্ৰেৰণা যোগাব৷

বন্ধুসকল,

আজি মহাৰাজা সুহলদেৱৰ নামত নিৰ্মাণ কৰা মেডিকেল কলেজে এক নতুন আৰু ভব্য ভৱন লাভ কৰিলে৷ বাহৰেইচ যিদৰে বিকাশৰ বাবে আকাংক্ষিত জিলাত স্বাস্থ্য সুবিধা বৃদ্ধি কৰা, এই লোকসকলৰ জীৱনৰ সহজ কৰিব৷ ইয়াৰ লাভ সমীপৰ শ্ৰাৱস্তি, বলৰামপুৰ, সিদ্ধাৰ্থনগৰে পাবই, নেপালৰ পৰা আহিবলগীয়া ৰোগীসকলকো সহায় কৰিব৷

ভাই-ভনীসকল,

ভাৰতৰ ইতিহাস কেৱল সেইটো নহয়, যি দেশৰ দাস বনোৱা, দাসত্বৰ মানসিকতাৰে ইতিহাস লিখাসকলে লিখিছিল৷ ভাৰতৰ ইতিহাস সেইটোও, যি ভাৰতৰ সাধাৰণ জনতাই, ভাৰতৰ লোক কাহিনীসমূহ ৰচিছিল, যি পৰৱৰ্তী প্ৰজন্মই আগবঢ়াই নিছিল৷ আজি যিসময়ত ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিত প্ৰৱেশ কৰিছে, এই মহাপুৰুষসকলৰ অৱদান, তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ তপস্যা, তেওঁলোকৰ সংঘৰ্ষ, তেওঁলোকৰ বীৰত্ব, তেওঁৰ শ্বহীদ, এই সকলো কথা স্মৰণ কৰা, তেওঁক সন্মানজনক প্ৰণিপাত কৰা, তেওঁৰ পৰা প্ৰেৰণা পোৱাৰ ইয়াতকৈ ডাঙৰ সুযোগ একো নাই৷ এয়া দুৰ্ভাগ্যৰ কথা যে ভাৰত আৰু ভাৰতীয়ত্বৰ ৰক্ষাৰ বাবে যিসকলে জীৱন সমৰ্পিত কৰিলে, এনে বহু নায়ক-নায়িকাক স্থান দিয়া নাই, যি তেওঁলোকে পোৱাৰ যোগ্য৷ ইতিহাস ৰচনা কৰাসকলৰ সৈতে, ইতিহাস লিখা সকলৰ মাত ইফাল-সিফাল কৰাসকলে যি অন্যান কৰিলে, সেইবোৰৰ পৰা এতিয়া ভাৰতে সংশোধিত হৈছে৷ শুদ্ধ কৰি আছে৷ ভুলৰ পৰা দেশক মুক্ত কৰি আছে৷ আপোনালোকে চাওক, নেতাজী সুভাষ চন্দ্ৰ বসুৱে, যি আজাদ হিন্দ ফৌজ চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল, তেওঁৰ সেই চিনাকী, আজাদ হিন্দ ফৌজত যোগদানক সেই মহত্ব দিয়া হৈছে নে, যি গুৰুত্ব নেতাজীয়ে পাব লাগিছিল৷

আজি লালকিল্লাৰ পৰা আদি কৰি আন্দামান-নিকোবৰলৈকে তেওঁৰ এই পৰিচয়ক আমি দেশ আৰু বিশ্বৰ সন্মুখত শক্তিশালী কৰিছো৷ দেশৰ পাঁচশতকৈ অধিক ৰাজপুত্ৰক একত্ৰিত কৰাৰ কঠিন কাম কৰা চৰ্দাৰ পেটেল জীৰ সৈতে কি কৰিলে, দেশৰ সকলো সন্তানে এই কথা ভালদৰে জানে৷ আজি বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিমা ষ্টেছ্যু অৱ ইউনিটী চৰ্দাৰ পেটেলৰে, যি আমাক প্ৰেৰণা দি আহিছে৷ দেশৰ সংবিধান প্ৰণয়নৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বঞ্চিত, পীড়িত, শোষিতৰ কণ্ঠ, বাবা চাহেব আম্বেদকাৰকো কেৱল ৰাজনীতিক চশমাৰে চোৱা হৈছে৷ আজি ভাৰতৰ পৰা আৰম্ভ কৰি ইংলেণ্ডলৈকে ড০ বাবা চাহেব আম্বেদকাৰৰ সৈতে জড়িত স্থানসমূহক পঞ্চতীৰ্থৰ ৰূপত বিকশিত কৰা হৈছে৷

বন্ধুসকল,

ভাৰতৰ এনে বহু সেনানী আছে, যাৰ অৱদানক বিভিন্ন কাৰণত সন্মান কৰা হোৱা নাই, পৰিচয় দিয়া হোৱা নাই৷ চৌৰা-চৌৰাৰ বীৰসন্তানসকলৰ ক্ষেত্ৰত যি হ’ল, সেয়া আমি পাহৰিব পাৰিম নে? মহাৰাজা সুহলদেৱ আৰু ভাৰতীয়ত্বৰ ৰক্ষাৰ বাবে তেওঁৰ প্ৰয়াসৰ ক্ষেত্ৰত এই ব্যৱহাৰ কৰিলে৷

ইতিহাসৰ পাতত মহাৰাজা সুহলদেৱৰ শৌৰ্য, পৰাক্ৰম, তেওঁৰ বীৰত্বক সেই স্থান দিয়া নাই, কিন্তু অৱধ আৰু তৰাইনৰ পৰা আদি কৰি পূৰ্বাঞ্চলৰ লোককাহিনীত জনতাৰ হৃদয়ত সেয়া সদায় থিতাপি লৈছে৷ কেৱল বীৰত্বই নহয়, এক সংবেদনশীল আৰু বিকাশশীল শাসক হিচাপে তেওঁৰ চাপ অবিস্মৰণীয়৷ নিজৰ শাসনকালত যিদৰে তেওঁ উন্নত ৰাস্তা, কুঁৱা-পুখুৰী, বাগিচা আৰু শিক্ষাৰ ক্ষেত্ৰত কাম কৰিছিল, সেয়া অভূতপূৰ্ব আছিল৷ তেওঁৰ এই চিন্তাধাৰা, এই স্মাৰকস্থলীটো পৰিলক্ষিত হ’ব৷

 

বন্ধুসকল

পর্যটকসলকলে যাতে মহাৰাজ সুহেলদেৱৰ জীৱনৰ পৰা প্রেৰণা ল’ব পাৰে সেইবাবে ইয়াত তেওঁৰ ৪০ ফুট উচ্চতাৰ ব্রঞ্জৰ মূর্তি স্থাপন কৰা হ’ব। ইয়াত নির্মীয়মান সংগ্রহালয়ত মহাৰাজা সুহেলদেৱৰ সৈতে সংশ্লিষ্ট ঐতিহাসিক তথ্যাদি থাকিব৷ ইয়াৰ ভিতৰৰ লগতে চৌপাশৰ পথসমূহ প্রশস্ত কৰি তোলা হ’ব। শিশুসকলৰ বাবে পার্ক নিৰ্মাণ কৰা হ’ব। পর্যটকসকলৰ বাবে থকাৰ সুবিধা, সভাঘৰ, পার্কিং, কাফেটেৰিয়াকে ধৰি বিভিন্ন সেৱা গঢ়ি তোলা হ’ব৷ ইয়াৰ সমান্তৰালভাৱে স্থানীয় শিল্পী আৰু হস্তশিল্পীসকলে যাতে সহজে ইয়াত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰে সেইবাবে দোকান নিৰ্মাণ কৰা হ’ব। এইদৰে চিট্টৌৰা হ্ৰদৰ ঘাট আৰু খটখটি নির্মাণ আৰু সৌন্দৰ্যবৰ্ধনৰ জৰিয়তে এই ঐতিহাসিক হ্ৰদৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাব৷ এই সকলো প্রচেষ্টাই কেৱল যে বাহৰেইচৰ সৌন্দর্য বৃদ্ধি কৰিব সেয়া নহয়, ইয়াত পর্যটকৰ সংখ্যাও বৃদ্ধি পাব৷ ‘মৰী মাইয়া’ৰ কৃপাত এই কাম দ্রুতগতিত সম্পাদন কৰা হ’ব৷

ভাই-ভনীসকল,

বিগত কেইবা বছৰ ধৰি সমগ্ৰ দেশত ইতিহাস, আস্থা, আধ্যাত্মিক আৰু সংস্কৃতিৰ সৈতে জড়িত যিমানবোৰ স্মাৰক নির্মাণ কৰা হৈছে সেইবোৰতকৈ ডাঙৰ লক্ষ্য পর্যটনক উৎসাহ যোগোৱা। উত্তৰপ্রদেশত পর্যটন আৰু তীর্থ-উভয় ক্ষেত্রতে সমৃদ্ধ আৰ ইয়াৰ ক্ষমতাও অসীম। ভগৱান ৰামৰ জন্মস্থানৰ পৰা আৰম্ভ কৰি কৃষ্ণৰ বৃন্দাবন, ভগৱান বুদ্ধৰ সাৰনাথ অথবা কাশী বিশ্বনাথ, সন্ত কবীৰৰ মগহৰধামৰ পৰা আদি কৰি বাৰাণসীত সন্ত ৰবিদাসৰ জন্মস্থানৰ আধুনিকীকৰণ, সমগ্ৰ ৰাজ্যত বৃহৎ পৰ্যায়ত কাম চলি আছে। এই প্রকল্পসমূহ উন্নয়নৰ বাবে ভগৱান ৰাম, কৃষ্ণ আৰু ভগৱান বুদ্ধৰ জীৱন সম্পৰ্কীয় অঞ্চলসমূহ যিমানেই অযোধ্যা, চিত্রকূট, মথুৰা, বৃন্দাবন, গোবৰধন, কুশীনগৰ, শ্রাৱস্তী ইত্যাদি তীর্থস্থানসমূহ ক্রমে ৰামায়ণ চার্কিট, আধ্যাত্মিক চার্কিট আৰু বৌদ্ধ চার্কিট হিচাপে উন্নয়ন সাধন কৰা হৈছে।

ভাই-ভনীসকল,

বিগত বছৰসমূহত যিমান চেষ্টা কৰা হৈছে সেইবোৰৰ প্রভাৱো পৰিলক্ষিত হ’বলৈ আৰম্ভ কৰিছে। যি ৰাজ্যত অন্য সকলো ৰাজ্যতকৈ অধিক পর্যটক আহে, সেই ৰাজ্যৰ নামেই হ’ল উত্তৰপ্রদেশ। বিদেশী পর্যটকক আকর্ষিত কৰাৰ ক্ষেত্রতো উত্তৰপ্রদেশ দেশৰ শ্ৰেষ্ঠ তিনিখন ৰাজ্যৰ অন্যতম হিচাপে পৰিগণিত হ’বলৈ আৰম্ভ কৰিছে। উত্তৰপ্রদেশত পর্যটকৰ বাবে প্রয়োজনীয় সেৱাৰ লগে লগে আধুনিক যোগাযোগ ব্যৱস্থাৰ ওপৰত জোৰ দিয়া হৈছে। ভৱিষ্যতে অযোধ্যাৰ বিমানবন্দৰ আৰু কুশীনগৰত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেশী-বিদেশী পর্যটকৰ বাবে অতি সুবিধাজনক হৈ উঠিব। উত্তৰপ্রদেশত সৰু-বৰ প্রায় এক ডজন বিমানবন্দৰ নিৰ্মাণৰ কাম চলিছে, যিবোৰৰ ভিতৰত কেইবাটাও এই পূর্বাঞ্চলতে নিৰ্মাণ হৈছে। ‘উড়ান’ যোজনাৰ জৰিয়তে উত্তৰপ্রদেশৰ বহু চহৰক সুলভ বিমান সেৱাৰে যুক্ত কৰাৰ অভিযান চলি আছে।

 

তদুপৰি, পূর্বাঞ্চল এক্সপ্রেছৱে, বুন্দেলখণ্ড এক্সপ্ৰেছৱে, গঙ্গা এক্সপ্ৰেছৱে, গোৰক্ষপুৰ লিংক এক্সপ্ৰেছৱে, বালিয়া লিংক এক্সপ্ৰেছৱেৰ দৰে আধুনিক আৰু উন্নত পথ সমগ্র উত্তৰপ্রদেশত নিৰ্মাণ কৰা হৈছে। এয়া এক প্রকাৰ আধুনিক উত্তৰপ্রদেশৰ আধুনিক পৰিকাঠামোৰ সূত্রপাত। বিমান আৰু পথ যোগাযোগ ব্যৱস্থাৰ উপৰি উত্তৰপ্রদেশত ৰে’ল যোগাযোগ ব্যৱস্থা এতিয়া অত্যাধুনিক হৈ উঠিছে। উত্তৰপ্রদেশত দুটা ডাঙৰ ডেডিকেটেড ফ্রেট কৰিড’ৰৰ জংচন আছে। বৰ্তমান উত্তৰপ্রদেশতে ইষ্টার্ন ডেডিকেটেড ফ্রেট কৰিড’ৰৰ এক বৃহৎ অংশ উদ্বোধন কৰা হৈছে। উত্তৰপ্রদেশত যিদৰে আজি আধুনিক পৰিকাঠামো নির্মাণৰ কাম চলিছে তাত উত্তৰপ্রদেশত উদ্যোগ স্থাপনৰ বাবে দেশৰ বিভিন্ন প্রান্তৰ লগতে বিশ্বৰ বহু বিনিয়োগকাৰী উৎসাহিত হৈছে৷ ইয়াৰ ফলত ইয়াত নতুন উদ্যোগৰ বাবে যিমান উন্নত সুযোগ গঢ়ি উঠিছে, সিমানেই এই অঞ্চলৰ নতুন প্রজন্মৰ ল’ৰা-ছোৱালীৰ কর্মসংস্থাপনৰ নতুন নতুন সুযোগ গঢ় লৈ উঠিছে।

বন্ধুসকল,

ক’ৰোনাৰ সংকটকালত যিদৰে উত্তৰপ্রদেশত কাম হৈছে সেয়া অতি গুৰুত্বপূর্ণ। কল্পনা কৰক, উত্তৰপ্রদেশৰ পৰিস্থিতি অৱনতি ঘটিলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায় কি ধৰণৰ সমালোচনা হৈছিল। কিন্তু যোগী জীৰ এই চৰকাৰ, যোগী জীৰ নেতৃত্বাধীন সমগ্ৰ টীমে ইমান ভালদৰে এই পৰিস্থিতি নিয়ন্ত্রণ কৰি দেখুৱাইছে যি উত্তৰপ্রদেশে কেৱল অধিকাংশ মানুহৰ জীৱন ৰক্ষা কৰিবলৈ সফল হৈ ক্ষান্ত নহয়, বাহিৰৰ পৰা ঘূৰি অহা শ্রমিকসকলৰ কর্মসংস্থাপনৰ সুযোগ গঢ়ি তোলাৰ ক্ষেত্ৰতো উত্তৰপ্রদেশ প্রশংসনীয় কাম কৰিছে।

 

ভাই-ভনীসকল,

ক’ৰোনাৰ বিৰুদ্ধে উত্তৰপ্রদেশৰ যুঁজত বিগত ৩-৪ বছৰত কৰা কামসমূহ যথেষ্ট গুৰুত্বপূর্ণ অৱদান আছে। পূর্বাঞ্চলক দশকৰ পাছত দশক ধৰি সংকটগ্রস্ত কৰি ৰখা ‘মস্তিষ্কৰ জ্বৰ’ৰ প্রভাৱো উত্তৰপ্রদেশ কম কৰিব পাৰিছে। উত্তৰপ্রদেশত ২০১৪লৈকে ১৪খন মেডিকেল কলেজ আছিল যি এতিয়া বৃদ্ধি পাই ২৪খন হৈছে। ইয়াৰ সমান্তৰাভাৱে গোৰখপুৰ আৰু বেৰেইলীত এইমছ নিৰ্মাণ কাম চলিছে। তদুপৰি, ২২খন নতুন মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে। বাৰাণসীত নিৰ্মাণ কৰা আধুনিক কেন্সাৰ হাস্পতালৰ সেৱাই এতিয়া সমগ্ৰ পূর্বাঞ্চলক উপকৃত কৰিছে। উত্তৰপ্রদেশত জল জীৱন মিচন অর্থাৎ, প্রতিটো পৰিয়ালত নলৰ জৰিয়তে পানী যোগানৰ অভিযানো উল্লেখযোগ্য সাফল্য লাভ কৰিছে। যেতিয়া শোধিত খোৱা পানী প্রত্যেকৰ ঘৰত পাব, তেতিয়া এই ৰাজ্যত অসুখ-বিসুখ হ্ৰাস পাব৷

ভাই-ভনীসকল,

উত্তৰপ্রদেশৰ এই উন্নয়ন যাত্রাত বিদ্যুৎ, পানী সৰবৰাহ, পথ আৰু স্বাস্থ্য সেৱাৰ দ্বাৰা পোনপটীয়াকৈ গাঁও, দুখীয়া আৰু কৃষকসকল উপকৃত হৈছে৷ বিশেষকৈ যি ক্ষুদ্ৰ কৃষকৰ কম ভূমি আছে, তেওঁলোকে এই প্রকল্পৰ দ্বাৰা অধিক উপকৃত হৈছে৷ উত্তৰপ্রদেশত এনে প্রায় ২.৫ কোটি কৃষক পৰিয়ালৰ বেংক একাউণ্টত পিএম কিষাণ সন্মান নিধিৰ জৰিয়তে পোনপটীয়াকৈ ধন জমা কৰা হৈছে। এইসকল সেই কৃষক পৰিয়াল, যিসকলে কেতিয়াবা বিদ্যুতৰ বিল অথবা সাৰৰ বস্তা কিনাৰ বাবে আনৰ পৰা ঋণ ল’বলৈ বাধ্য হৈছিল৷ এই ধৰণৰ ক্ষুদ্ৰ কৃষকৰ বেংক একাউণ্টত আমাৰ চৰকাৰে পোনপটীয়াকৈ ২৭ হাজাৰ কোটিতকৈও অধিক টকা জমা কৰিছে। ইয়াৰ কৃষকসকলৰ বিদ্যুৎ যোগানৰ অভাৱত যি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল, গোটেই ৰাতি বৰিঙৰ পানীৰ বাবে সাৰ পাই থাকিব লগা হৈছিল, অপেক্ষা কৰিবলগীয়া হৈছিল যে তেওঁলোকৰ নম্বৰ কেতিয়া আহিব, এই ধৰণৰ সকলো সমস্যা এতিয়া বিদ্যুৎ সঠিক হোৱাৰ বাবে দূৰ হ’ল৷

বন্ধুসকল,

দেশৰ জনসংখ্যা বৃদ্ধিৰ লগতে কৃষিৰ বাবে ভূমি ক্রমান্বয়ে হ্ৰাস পাইছে। সেইবাবে দেশত কিষাণ উৎপাদক সংঘ গঢ়ি তোলাৰ বহু প্রয়োজনীয়তা আছে। আজি চৰকাৰে ক্ষুদ্ৰ কৃষকৰ বাবে কেইবা হাজাৰ কিষাণ উৎপাদক সংঘ বা এফপিঅ’ গঠন কৰিছে। এক-দুই বিঘা ভূমিৰ মালিকে ৫০০টা কৃষক পৰিয়াল যেতিয়া সংগঠিত হৈ বজাৰত নামিব তেতিয়া তেওঁলোকে ৫০০-১,০০০ বিঘা ভূমিৰ মালিকানাধীন কৃষকসকলতকৈও অধিক শক্তিশালী হ’ব৷ সেইদৰে কিষাণ ৰে’লৰ জৰিয়তে চব্জি, ফল, গাখীৰ, মাছ আৰু এই ধৰণৰ বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত ক্ষুদ্ৰ কৃষকসকলে এতিয়া ডাঙৰ ডাঙৰ বজাৰৰ সৈতে জড়িত হ’ব পাৰিছে৷ যি নতুন কৃষি সংস্কাৰ কৰা হৈছে তাৰ দ্বাৰা ক্ষুদ্ৰ আৰু প্রান্তীয় কৃষকসকল আটাইতকৈ বেছি লাভবান হ’ব৷ উত্তৰপ্রদেশত এই নতুন আইন ৰূপায়ণৰ পাছত বিভিন্ন স্থানৰ পৰা কৃষকসকলৰ ভাল অভিজ্ঞতাৰ কথা শুনা গৈছে৷ এই কৃষি আইনসমূহক লৈ বিভিন্ন ধৰণৰ অপপ্রচাৰৰ চেষ্টা কৰা হৈছে। এয়া সমগ্ৰ দেশে দেখিছে যে যিসকলে দেশৰ কৃষি বজাৰত বিদেশী কোম্পানীসমূহ মতাৰ বাবে আইন প্ৰস্তুত কৰিছিল, তেওঁলোকেই আজি দেশীয় কোম্পানীৰ নামত কৃষকসকলক ভয় দেখুৱাইছে৷

বন্ধুসকল,

ৰাজনীতিৰ বাবে মিথ্যা আৰু অপপ্রচাৰৰ এই ষড়যন্ত্র এতিয়া সকলোৱে বুজি পাইছে৷ নতুন আইন কাৰ্যকৰী হোৱা সত্ত্বেও উত্তৰপ্রদেশত এইবাৰ বিগত বৰ্ষৰ তুলনাত কৃষকসকলৰ পৰা দুগুণ ধান কিনা হৈছে।

এইবাৰ প্রায় ৬৫ লাখ মেট্রিক টন ধান উত্তৰপ্রদেশৰ পৰা ক্ৰয় কৰা হৈছে যি বিগত বৰ্ষৰ তুলনাত প্রায় দুগুণ। কেৱল ইমানেই নহয়, যোগী জীৰ চৰকাৰে কুঁহিয়াৰ খেতিয়কৰ পৰাও বিগত বছৰৰ তুলনাত ১ লাখ কোটি টকাতকৈও অধিক কুঁহিয়াৰ ক্ৰয় কৰিছে। ক’ৰোনাৰ সময়ত যাতে কুঁহিয়াৰ কৃষকৰ কোনো অসুবিধা নহয় সেইবাবে যথাসম্ভৱ সহায় কৰা হৈছে। চেনি কাৰখানাসমূহত যাতে কৃষকৰ প্রাপ্য ধন সঠিকমতে পুৰণ কৰিব পাৰে, সেইবাবে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক ১,০০০ কোটি টকা প্ৰদান কৰিছে। কুঁহিয়াৰ খেতিয়কে যাতে সঠিক সময়ত নিজৰ প্রাপ্য ধন পায়, সেইবাবে যোগী জীৰ চৰকাৰৰ প্রচেষ্টা এতিয়াও অব্যাহত আছে।

ভাই-ভনীসকল,

সকলোৰে প্রচেষ্টাই গাঁও আৰু কৃষকৰ জীৱন উন্নততৰ হৈ উঠিছে। কৃষক আৰু গাঁৱত বসবাসকাৰী দুখীয়া লোকসকলে যাতে সমস্যাত নপৰে, তেওঁলোকৰ ঘৰ যাতে অবৈধভাবে দখল কৰিব নোৱাৰে, সেই আশংকাৰ পৰা মুক্তি দিবলৈ তেওঁলোকক ‘স্বামীত্ব’ যোজনাই আজি সমগ্ৰ উত্তৰপ্রদেশত সাফল্যৰ মুখ দেখিছে। এই প্রকল্পৰ জৰিয়তে আজিকালি উত্তৰপ্রদেশৰ প্রায় ৫০খন জিলাত ড্রোনৰ জৰিয়তে জৰীপৰ কাম চলিছে। প্রায় ১২ হাজাৰ গাঁৱত ড্রোন জৰীপৰ কাম সম্পূর্ণ হৈছে আৰু ইতিমধ্যে ২ লাখতকৈও অধিক পৰিয়ালক ‘প্রপার্টি কার্ড’ বা পট্টা দিয়া হৈছে। অর্থাৎ এই পৰিয়ালসমূহ এতিয়া সকলো ধৰণৰ আশংকাৰ পৰা মুক্ত হৈছে৷

বন্ধুসকল,

আজি গাঁৱৰ দুখীয়া আৰু কৃষকসকলে দেখিবলৈ পাইছে, তেওঁলোকৰ ক্ষুদ্ৰ ঘৰটো ৰক্ষা কৰাৰ বাবে, তেওঁলোকৰ ভূমি ৰক্ষা কৰাৰ বাবে প্রথমবাৰ চৰকাৰে ইমান ডাঙৰ প্রকল্প ৰূপায়ণ কৰিছে। ইমান ডাঙৰ ৰক্ষাকবচ প্রত্যেক দুখীয়া, প্রত্যেক কৃষক আৰু প্রত্যেক গাঁওবাসীকে দিয়া হৈছে। সেইবাবে যেতিয়াই কোনো কৃষি সংস্কাৰৰ জৰিয়তে কৃষকসকলৰ ভূমি কাঢ়ি লোৱাৰ গুজৱ ৰচা হয়, তেতিয়া কোনোৱাই এই গুজৱক বিশ্বাস কৰিব পাৰে নে? আমাৰ লক্ষ্য দেশৰ প্রতিগৰাকী নাগৰিকক সামর্থ্যবান কৰি তোলা। আমাৰ সংকল্প হৈ দেশক আত্মনির্ভৰ কৰে তোলা। এই সংকল্পক সিদ্ধি কৰিবলৈ আমি সমৰ্পিত মনোভাৱেৰে কাম কৰিব যাম৷ মই ৰামচৰিত মানসৰ এক চৌপাই উচ্চাৰণ কৰি মোৰ বক্তব্য সামৰিম-

प्रबिसि नगर कीजे सब काजा।

हृदयँ राखि कोसलपुर राजा॥

অর্থাৎ, হৃদয়ত ভগৱান ৰামৰ নাম ধাৰণ কৰি আমি যি কামেই নকৰো কিয় তাত সাফল্য সুনিশ্চিত।

পুনৰবাৰ মহাৰাজা সুহেলদেৱ জীক প্রণাম জনাইছো৷ আপোনালোক সকলোকে এই নতুন সেৱাৰ বাবে বহু বহুত শুভকামনা জনাই যোগী জী আৰু তেওঁৰ সমগ্ৰ টিমক অভিনন্দন জনালো৷

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto sector reports strong sales momentum; SUVs and exports drive growth across industry

Media Coverage

Auto sector reports strong sales momentum; SUVs and exports drive growth across industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
First Deputy PM of Russia Denis Manturov calls on PM Modi
April 02, 2026
First Deputy PM Manturov briefs PM on progress in trade, fertilizers, connectivity and people-to-people ties
PM recalls the successful visit of President Putin to India in December 2025
PM expresses satisfaction at the sustained efforts towards implementation of the Summit outcomes
PM extends warm greetings to President Putin

The First Deputy Prime Minister of the Russian Federation, H.E. Denis Manturov, called on Prime Minister Shri Narendra Modi today.

First Deputy PM Manturov briefed PM on the progress in various areas of mutually beneficial cooperation, including trade and economic partnership, fertilizers, connectivity and people-to-people ties.

PM recalled the successful visit of President Putin to India in December 2025 for the 23rd India-Russia Annual Summit.

He expressed satisfaction at the sustained efforts being made by both sides towards implementation of the outcomes from the Annual Summit, aimed at further strengthening the India- Russia Special and Privileged Strategic Partnership.

PM extended warm greetings to President Putin and said that he looked forward to their continued exchanges.