নমস্কাৰ,

কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংক মহোদয়, শ্ৰী সঞ্জয় ধোত্ৰে মহোদয়, আইআইটি খড়গপুৰৰ অধ্যক্ষ শ্ৰী সঞ্জীৱ গোৱেংকা মহোদয়, অধ্যক্ষ শ্ৰী বি.কে তিৱাৰী মহোদয়, অন্যান্য ফেকাল্টী মেম্বাৰসকল, সকলো কৰ্মচাৰী বন্ধুসকল, অভিভাৱক আৰু মোৰ যুৱ সতীৰ্থসকল। আজিৰ দিনটো আইআইটি খড়গপুৰৰ কেৱল সেইসকল শিক্ষাৰ্থীৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, যিয়ে ডিগ্ৰী লাভ কৰিব। আজিৰ দিনটো ভাৰতৰ নিৰ্মাণৰ বাবেও সিমানেই গুৰুত্বপূৰ্ণ। আপোনালোকৰ পৰা কেৱল আপোনালোকৰ অভিভাৱক আৰু অধ্যাপকসকলৰ প্ৰত্যাশা জড়িত হৈ আছে, এনে নহয়। বৰং ১৩০কোটি ভাৰতীয়ৰ আকাংক্ষাকো আপোনালোকে প্ৰতিনিধিত্ব কৰিছে। সেইবাবে, এই প্ৰতিষ্ঠানৰ পৰা দেশে ২১ শতিকাৰ আত্মনিৰ্ভৰ ভাৰতত তৈয়াৰ হোৱা নতুন পৰিৱেশতন্ত্ৰৰ বাবে নতুন নেতৃত্বৰ আশা কৰিছে।

সতীৰ্থসকল, অভিযন্তা হোৱা সূত্ৰে এটা সক্ষমতা আপোনালোকৰ মাজত সহজে বিকশিত হয় আৰু সেয়া হ’ল সামগ্ৰীসমূহক Pattern ৰ পৰা Patent লৈ নিয়াৰ সক্ষমতা। অৰ্থাৎ বিষয় এটাক অধিক বিস্তাৰিত ৰূপত চোৱাৰ, এক নতুন দৃষ্টিভংগীৰে চোৱাৰ ক্ষমতা আছে। সেইবাবে আজি আমাৰ আশা-পাশে যি তথ্য ভাণ্ডাৰ আছে, তাৰ মাজৰ পৰা সমস্যা আৰু তাৰ পেটাৰ্ণক আপোনালোকে বিস্তৃতভাৱে প্ৰত্যক্ষ কৰিব পাৰে। প্ৰতিটো সমস্যাৰ সৈতে পেটাৰ্ণ জড়িত হৈ আছে। সমস্যাসমূহৰ পেটাৰ্ণক বুজি লৈ আমি তাৰ দীৰ্ঘকালীন সমাধানৰ দিশে যাও। আপোনালোকে চিন্তা কৰক, আপোনালোকে কিমানৰ জীৱন সলনি কৰিব পাৰে, কিমানৰ জীৱন বচাব পাৰে, দেশৰ সম্পদক বচাব পাৰে, যদি আপোনালোকে পেটাৰ্ণক ভালকৈ বুজে আৰু ইয়াক বুজি সমাধান সূত্ৰ উলিয়ায়। ভৱিষ্যতলৈ ইয়ে আপোনাক ব্যৱসায়িক সফলতাও দিব পাৰে।

সতীৰ্থসকল,

জীৱনত যি পথেৰে আপোনালোকে আগবাঢ়ি আছে, তাত নিশ্চিতভাৱে আপোনালোকৰ সন্মুখলৈ বহুতো প্ৰশ্নও আহিব। এই পথ সঠিক হয় নে ভুল, লোকচান হ’ব নেকি, সময় অপচয় হৈ যাব নেকি? এই সকলো প্ৰশ্নৰ উত্তৰ হ’ল-আত্মসচেতনতা, আত্মবিশ্বাস আৰু নিস্বাৰ্থতা। আপোনালোকে নিজৰ সক্ষমতা চিনাক্ত কৰি আগুৱাই যাওক, সম্পূৰ্ণ আত্মবিশ্বাসেৰে আগুৱাই যাওক আৰু নিঃস্বাৰ্থভাৱে আগবাঢ়ক।

সতীৰ্থসকল,

২১ শতিকাত ভাৰতৰ স্থিতি সলনি হৈছে, প্ৰয়োজনীয়তা আৰু আশা-আকাংক্ষাসমূহো সলনি হৈছে। আমাৰ আইআইটিসমূহে যিমানে দেশৰ প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ গৱেষণা কৰিব, সিমানে ভাৰতে সমাধান সূত্ৰ লাভ কৰিব। আমাৰ বৃহৎ জনসংখ্যাৰ মাজত আপোনালোকে যি পৰীক্ষা-নিৰীক্ষা সফলতাৰে সম্পন্ন কৰিব, সেয়া বিশ্বৰ কোনো স্থানত বিফল হ’ব নোৱাৰে।

সতীৰ্থসকল,

আপোনালোকে এই কথা জানে যে এইখিনি সময়ত যেতিয়া বিশ্বই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছে, ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ ধাৰণা সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰে আৰু ইয়াক বাস্তৱ ৰূপ দিয়ে। আজি বিশ্বৰ বহুতো দেশে ভাৰতৰ এই অভিযানৰ সৈতে জড়িত হৈ পৰিছে। এতিয়া আমাৰ দায়িত্ব হ’ল এই অভিযানক আৰু আগুৱাই লৈ যোৱা। আমি বিশ্বক সুলভ মূল্যত পৰিৱেশ অনুকূল প্ৰযুক্তি দিব পাৰো আৰু ইয়াৰ ফলত ভাৰতৰ পৰিচয় আৰু অধিক মজবুত হ’ব। আজি ভাৰত এনেকুৱা দেশৰ ভিতৰত স্থান লাভ কৰিছে, য’ত সৌৰ শক্তিৰ মূল্য প্ৰতি ইউনিটত যথেষ্ঠ কম। কিন্তু ঘৰে ঘৰে সৌৰ শক্তি পাবলৈ এতিয়াও বহু প্ৰত্যাহ্বান আছে। আপোনালোকে এইক্ষেত্ৰত কাম কৰিবলৈ আগুৱাই আহক।

সতীৰ্থসকল,

কৰোনাৰ পিছত উদ্ভৱ হোৱা বৈশ্বিক পৰিস্থিতিৰ সময়ত ভাৰতে বিজ্ঞান, প্ৰযুক্তি আৰু নতুন উদ্ভাৱনৰ ক্ষেত্ৰত এক বৃহৎ গোলকীয় ভূমিকা পালন কৰিব পাৰে। এই চিন্তা-চৰ্চা আগত ৰাখি এই বৰ্ষত বিজ্ঞান আৰু গৱেষণাৰ বাবে বাজেটত উল্লেখনীয় বৃদ্ধি ঘটোৱা হৈছে। পিএম ৰিচাৰ্ছ ফেল’ আঁচনিৰ মাধ্যমেৰেও আপোনালোকৰ দৰে প্ৰতিভাৱান সতীৰ্থই গৱেষণাৰ নতুন মাধ্যম গ্ৰহণ কৰিব পাৰে। আপোনালোকৰ আইডিয়াৰ Incubation ৰ বাবে ষ্টাৰ্ট-আপ ইণ্ডিয়া মিছনৰ পৰাও সহায় লাভ কৰিব। কিছু দিন পূৰ্বে আন এটা গুৰুত্বপূৰ্ণ নীতি সংস্কাৰ কৰা হৈছে, যাৰ বিষয়ে মই আপোনালোকক বিশেষভাৱে ক’ব বিচাৰো। চৰকাৰে মানচিত্ৰ আৰু Geospatial Data ক নিয়ন্ত্ৰণ মুক্ত কৰি দিছে। এই পদক্ষেপৰ ফলত Tech Startup Ecosystem যথেষ্ট শক্তিশালী হ’ব। আত্মনিৰ্ভৰ ভাৰত অভিযানেও ক্ষিপ্ৰতা লাভ কৰিব। এই পদক্ষেপৰ ফলত দেশৰ যুৱ ষ্টাৰ্ট-আপ আৰু উদ্ভাৱকসকলে নতুন স্বাধীনতা লাভ কৰিব।

 

সতীৰ্থসকল,

মোক কোৱা হৈছে যে জিমখানাত আপোনালোকে বিভিন্ন সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আৰু অন্যান্য কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এয়া অত্যন্ত জৰুৰী। আমাৰ ধ্যান কেৱল নিজৰ বিশেষত্বৰ মাজতে সীমাবদ্ধতা হৈ থাকিব নালাগে। আমাৰ জ্ঞান আৰু দৃষ্টিভংগীৰ ব্যাপক বিস্তাৰ হোৱা উচিত। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। মই সুখী যে আইআইটি খড়গপুৰে এইক্ষেত্ৰত প্ৰথমৰে পৰা সুন্দৰ কাম কৰি আছে। মই আইআইটি খড়গপুৰক আৰু এটা কথাৰ বাবে অভিনন্দন জ্ঞাপন কৰিব বিচাৰো। আপোনালোকে নিজৰ অতীত, নিজৰ প্ৰাচীন জ্ঞান-বিজ্ঞানক যিধৰণে ভৱিষ্যতৰ ইন’ভেচনৰ শক্তিৰ ৰূপত ব্যৱহাৰ কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।

সতীৰ্থসকল,

এই বছৰ ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত প্ৰৱেশ কৰিব। আইআইটি খড়গপুৰৰ বাবে এই বৰ্ষটো এইবাবেও বিশেষ, কিয়নো আপোনালোকে সাধনা কৰা এই স্থান স্বাধীনতা আন্দোলনৰ মহান অতীতৰ সৈতে জড়িত। আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে বিগত বছৰসমূহত আইআইটি খড়গপুৰৰ পৰা সৃষ্টি হোৱা ৭৫টা বৃহৎ উদ্ভাৱন আৰু সমাধানৰ আপোনালোকে সংকলন প্ৰস্তুত কৰক আৰু ইয়াক দেশ আৰু দুনিয়ালৈ লৈ যাওক। অতীতৰ এই প্ৰেৰণাৰ পৰা দেশে নতুন উৎসাহ লাভ কৰিব, যুৱ প্ৰজন্মই নতুন আত্মবিশ্বাস লাভ কৰিব। আপোনালোকে আত্মবিশ্বাসেৰে আগবাঢ়ি থাকক আৰু দেশে আপোনালোকৰ পৰা কি অপেক্ষা কৰে, সেয়া কেতিয়াও পাহৰি নাযাব। মই আজি এই শুভ ক্ষণত আপোনালোকক অনেক শুভকামনা যাঁচিছো। আপোনালোকৰ পিতৃ-মাতৃয়ে আপোনালোকৰ পৰা যি আশা কৰে, আপোনালোকৰ অধ্যাপকে যি পৰিশ্ৰম কৰিছে, এই সকলোৱে আপোনালোকৰ সপোন, সংকল্প আৰু যাত্ৰাৰ পৰা সন্তুষ্টি লাভ কৰিব। এই আশাৰে মই আপোনালোকক বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো। বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government