Metro will further strengthen the connectivity in Ahmedabad and Surat - what are two major business centres of the country: PM Modi
Rapid expansion of metro network in India in recent years shows the gulf between the work done by our government and the previous ones: PM Modi
Before 2014, only 225 km of metro line were operational while over 450 km became operational in the last six years: PM Modi

নমস্কাৰ, গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত মহোদয়, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী অমিত শ্বাহজী, হৰদ্বীপ সিং পুৰীজী, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীজী, গুজৰাট চৰকাৰৰ মন্ত্ৰী পৰিষদ, সাংসদ আৰু বিধায়কসকল, আহমেদাবাদ আৰু চুৰাটৰ মোৰ মৰমৰ ভাই–ভনীসকল৷

উত্তৰায়ণৰ আৰম্ভণিতে আজি আহমেদাবাদ আৰু চুৰাটে এক গুৰুত্বপূৰ্ণ উপহাৰ লাভ কৰিছে৷ দেশৰ দুখন বৃহৎ ব্যৱসায়িক কেন্দ্ৰ আহমেদাবাদ আৰু চুৰাটক মেট্ৰ’ই এই চহৰ দুখনত যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ কাম কৰিব৷ কালি কেৱড়িয়াৰ বাবে নতুন ৰে’লপথ আৰু নতুন ৰে’লৰ শুভাৰম্ভ হৈছে৷ আহমেদাবাদতকৈও আধুনিক জন শতাব্দী এক্সপ্ৰেছ এতিয়া কেৱড়িয়ালৈ যাব৷ এই শুভাৰম্ভৰ বাবে মই গুজৰাটৰ জনসাধাৰণক অশেষ শুভকামনা জনাইছো৷

ভাতৃ–ভগ্নীসকল,

আজি  ১৭ হাজাৰ কোটি টকাতকৈও অধিক টকাৰ আন্তঃগাঁথনিৰ কাম আৰম্ভ হৈছে৷ ১৭ হাজাৰ কোটি টকাই এয়া প্ৰদৰ্শিত কৰিছে যে ক’ৰোনাৰ এই সময়ছোৱাতো নতুন আন্তঃগাঁথনিৰ বাবে দেশে নিৰন্তৰে প্ৰয়াস কৰি আছে বিগত কেইটামান দিনত দেশৰ বিভিন্ন প্ৰান্তত হাজাৰ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ লোকাৰ্পণ অথবা কাম আৰম্ভ কৰা হৈছে৷

বন্ধুসকল,

আহমেদাবাদ আৰু চুৰাট, দুয়োখনেই গুজৰাট আৰু ভাৰতৰ আত্মনিৰ্ভৰতাক সশক্ত কৰিব৷ মোৰ মনত আছে, যেতিয়া আহমেদাবাদত মেট্ৰ’ৰ শুভাৰম্ভ হৈছিল, সেই ক্ষণ কেনে অপূৰ্ব আছিল৷ জনসাধাৰণ চাঁদত থিয় দিছিল৷ জনসাধাৰণৰ মুখমণ্ডলত যি হৰ্ষোল্লাস আছিল সেয়া কোনেও বোধহয় পাহৰিব নোৱাৰিব৷ মই এয়াও দেখিবলৈ পাইছো যে আহমেদাবাদৰ সপোনে, ইয়াৰ পৰিচয়ে কিদৰে নিজকে মেট্ৰ’ৰ সৈতে জড়িত কৰাইছে৷ এতিয়া আজিৰ পৰা আহমেদাবাদৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হৈছে৷ আহমেদাবাদৰ মেট্ৰ’ ৰে’লৰ প্ৰকল্পত এতিয়া মোটেৰা ষ্টেডিয়ামৰ পৰা মহাত্মা মন্দিৰলৈ এটা কৰিডৰ নিৰ্মাণ হ’ব আৰু দ্বিতীয় কৰিডৰৰ পৰা জিএনএলইউ আৰু গিফ্ট চিটী সংযোজিত হ’ব৷ ইয়াৰ দ্বাৰা চহৰৰ লক্ষাধিক লোক উপকৃত হ’ব৷

বন্ধুসকল, 

আহমেদাবাদৰ পিছতেই চুৰাট হ’ল দ্বিতীয়খন বৃহৎ চহৰ যি মেট্ৰ’ৰ দৰে আধুনিক ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ দ্বাৰা সংযোজিত হ’ব৷ চুৰাটত মেট্ৰ’ নেটৱৰ্কে এক প্ৰকাৰে সমগ্ৰ চহৰৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰক নিজৰ সৈতে সংযোজিত কৰাব৷ এটা কৰিডৰে সৰথনাক ড্ৰীম চিটীলৈ আৰু দ্বিতীয়টো কৰিডৰে ভেচনক সৰোলীৰ লাইনৰ সৈতে সংযোজিত কৰাব৷ মেট্ৰ’ৰ এই প্ৰকল্পসমূহৰ সবাতোকৈ বৃহৎ ডাঙৰ কথাটো হ’ল যে আগন্তুক বৰ্ষসমূহৰ প্ৰয়োজনীয়তাসমূহ হিচাপ কৰি ইয়াক নিৰ্মাণ কৰা হৈছে৷ অৰ্থাৎ আজি যি বিনিয়োগ কৰা হৈঠছে, তাৰ দ্বাৰা আমাৰ চহৰে আগন্তুক বহু বৰ্ষলৈ উন্নত সুবিধা লাভ কৰিব৷

ভাতৃ আৰু ভগ্নীসকল,

পূৰ্বৰ চৰকাৰৰ যি ব্যৱহাৰ আছিল, আমাৰ চৰকাৰে কিদৰে কাম কৰি আছে, ইয়াতকৈ উৎকৃষ্ট উদাহৰণ, পাৰ্থক্য কি আছে সেয়া ভালদৰে চালে আমাৰ দেশ মেট্ৰ’ নেটৱৰ্কৰ প্ৰসাৰণৰ পৰা গম পোৱা যায়৷ ২০১৪ চনৰ পূৰ্বে ১০–১২ বছৰত কেৱল আঢ়ৈশ কিলোমিটাৰৰ মেট্ৰ’ লাইন কাৰ্যকৰী হৈছিল৷ বিগত ৬ বছৰত চাৰে চাৰিশ কিলোমিটাৰতকৈও অধিক মেট্ৰ’ নেটৱৰ্ক কাৰ্যকৰী হৈছে৷ এই সময়ত দেশৰ ২৭খন চহৰত ১০০০ কিলোমিটাৰতকৈও অধিক নতুন মেট্ৰ’ নেটৱৰ্কত কাম চলি আছে৷

বন্ধুসকল,

এটা সময় আছিল যেতিয়া আমাৰ দেশত মেট্ৰ’ৰ নিৰ্মাণক লৈ কোনো আধুনিক চিন্তাধাৰা নাছিল৷ দেশত কোনো মেট্ৰ’ পলিচীও নাছিল৷ ফলত বিভিন্ন চহৰত বিভিন্ন বিভিন্ন ধৰণৰ মেট্ৰ’, বিভিন্ন প্ৰযুক্তিৰ সৈতে নিৰ্মিত হ’ল৷ আনটো সমস্যা হ’ল যে চহৰৰ বাকী পৰিবহণ ব্যৱস্থাৰ মেট্ৰ’ৰ সৈতে একো সামঞ্জস্য নাছিল৷ আজি আমি চহৰৰ পৰিবহণত এক সংবদ্ধ ব্যৱস্থা হিচাপে বিকশিত কৰি আছো৷ অৰ্থাৎ বাছ, মেট্ৰ’, ৰে’ল সকলোৱে নিজৰ নিজৰ হিচাপত নহয়, বৰঞ্চ এক সামূহিক ব্যৱস্থাৰ ভিত্তিত কাম কৰি আছে৷ ইয়াত আহমেদাবাদত মেট্ৰ’ত যি নেচনেল কমন মবিলিটী কাৰ্ড, যেতিয়া মই ইয়ালৈ আহিছিলো, এয়া মুকলি হৈছিল, সেয়া ভৱিষ্যততো এই সংবদ্ধকৰণত সহায়ক হ’ব৷

বন্ধুসকল,

আমাৰ চহৰৰ আজিৰ প্ৰয়োজন কি আৰু আগন্তুক ১০–২০ বছৰত কি আৱশ্যক হ’ব, এই বীক্ষণক লৈ আমি কাম আৰম্ভ কৰিছো৷ এতিয়া যিদৰে চুৰাট আৰু গান্ধীনগৰৰ উদাহৰণকেই লওক৷ দুই দশক পূৰ্বে চুৰাটৰ চৰ্চা এই বিকাশতকৈও অধিক প্লেগৰ দৰে মহামাৰীৰ বাবে হৈছিল৷ কিন্তু চুৰাটবাসীৰ সকলোকে আদৰি লোৱাৰ যি স্বাভাৱিক গুণ আছে, সেয়াই স্থিতিসমূহত পৰিৱৰ্তিত কৰা আৰম্ভ কৰিলে৷ আমি এই উদ্যমক আঁকোৱালি লোৱাৰ চুৰাট সত্বাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলো৷ আজি চুৰাট আবাদীৰ ফালৰ পৰা দেশৰ অষ্টম বৃহৎ চহৰ, কিন্তু বিশ্বৰ চতুৰ্থ সবাতোকৈ বিকশিত চহৰ হিচাপে বিবেচিত হৈছে৷ বিশ্বৰ প্ৰতিটো ১০টা হীৰাৰ ৯টা চুৰাটৰ থাকে৷ আজি দেশ মুঠ মেন মেড ফেব্ৰিকৰ ৪০ শতাংশ আৰু মেন–মেড ফাইবাৰৰ প্ৰায় ৩০ শতাংশ উৎপাদন আমাৰ চুৰাটত হয়৷ আজি চুৰাট দেশ সবাতোকৈ স্বচ্ছ চহৰ হিচাপে পৰিগণিত হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

এই সকলোবোৰ এক উন্নত পৰিকল্পনা আৰু সম্পূৰ্ণতাৰ চিন্তাৰ সৈতে সম্ভৱ হৈছে৷ প্ৰথমে চুৰাটত প্ৰায় ২০ শতাংশ আবাদী জুপুৰী ঘৰত বাস কৰিছিল, এতিয়া দুখীয়াসকলে পকী ঘৰ লাভ কৰাৰ ফলত এয়া হ্ৰাস হৈ ৬ শতাংশ হৈছে৷ চহৰত ভীৰৰ পৰা মুক্ত কৰিবলৈ উন্নত ট্ৰেফিক ব্যৱস্থাপনাৰ পৰা আৰম্ভ কৰি দ্বিতীয়টো পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ আজি চুৰাটত ১০০তকৈও অধিক দলং আছে য’ত ৮০তকৈ অধিক বিগত  ২০ বছৰত নিৰ্মাণ কৰা হৈছে আৰু ৮খন দলঙৰ নিৰ্মাণৰ কাম চলি আছে৷ এইদৰে নৰ্দমা ব্যৱস্থাপনা প্ৰকল্পৰো সামৰ্থ বৃদ্ধি কৰা হৈছে৷ আজি চুৰাটত প্ৰায় এক ডজন নদৰ্মা ব্যৱস্থাপনা প্ৰকল্প নিৰ্মাণ কৰা হৈছে৷ নৰ্দমা ব্যৱস্থাপনাৰ দ্বাৰা চুৰাটে আজি প্ৰায় ১০০ কোটি টকাৰ আয় লাভ কৰিছে৷ বিগত বৰ্ষসমূহত চুৰাটত উন্নত আধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ল৷ এই সকলো প্ৰয়াসৰ দ্বাৰা চুৰাটত ইজ অব্ লিভিং উন্নত হ’ল৷ আজি আমি দেখা পাইছো যে চুৰাট এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ কেনে এক উৎকৃষ্ট উদাহৰণ হৈ উঠিছে৷ ইয়াত আমি পূৰ্বাঞ্চল, ওড়িশা, ঝাৰখণ্ড, পশ্চিমবংগ, উত্তৰ পূৰ্বাঞ্চল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিজৰ ভাগ্য উদয় কৰিবলৈ অহা লোক, আমাৰ উদ্যমী লোক, শিষ্ট আকু সমৰ্পণৰ সৈতে অহা লোক, এক প্ৰকাৰে জীৱন্ত সপোনেৰে ভৰা লঘূ ভাৰত চুৰাটৰ ভূমিত উদ্ভাসিত হৈছে৷ এই সকলো সতীৰ্থই একত্ৰিত হৈ চুৰাটৰ বিকাশৰ নতুন শিখৰলৈ লৈ গৈছে৷

বন্ধুসকল,

এই দৰে গান্ধীনগৰ, ইয়াৰ পূৰ্বে পৰিচয় কি আছিল? এই চহৰ চৰকাৰী চাকৰি কৰা, অৱসৰপ্ৰাপ্ত লোকৰ এক প্ৰকাৰে এলেহুৱা চহৰ হৈ উঠিছিল, চহৰৰ কোনো মৰ্যাদাই নাছিল৷ কিন্তু বিগত কেইটামান বৰ্ষত আমি গান্ধীনগৰৰ এই ছবি দ্ৰুত গতি পৰিৱৰ্তিত হোৱা দেখা পাইছো৷ এতিয়া য’তেই যাও, গান্ধীনগৰত যুৱক–যুৱতী দেখা পাম, সপোনাৰ প্ৰসাদ দেখা পাম৷ আজি গান্ধীনগৰৰ পৰিচয়– আইআইটি গান্ধীনগৰ, গুজৰাট নেচনেল আইন বিশ্ববিদ্যালয়, নেচনেল ফৰেনচিক ছায়েন্স বিশ্ববিদ্যালয়, ৰক্ষা শক্তি বিশ্ববিদ্যালয়, এনআইএফটি৷ আজি গান্ধীনগৰৰ পৰিচয়– পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়, ইণ্ডিয়ান ইনষ্টিটিউট অব্ টীচাৰ  এডুকেচন, ধীৰুভাই আম্বানী ইনষ্টিটিউট অব্ ইনফৰ্মেচন এণ্ড কমিউনিকেচন টেকনল’জী, নেচনেল ইনষ্টিটিউট অব্ ডিজাইন (এনআইডি), বাইছেগ৷ অসংখ্য, অসংখ্য মই ক’ব পাৰো৷ এনে কম সময়ত ভাৰতৰ ভাগ্য গঢ়া লোকৰ নিৰ্মাণ কাৰ্য গান্ধীনগৰৰ ভূমিত হ’বলৈ ধৰিছে৷ এই সংস্থাসমূহৰ পৰা কেৱল শিক্ষা ক্ষেত্ৰতেই পৰিৱৰ্তন অহা নাই বৰঞ্চ এই সংস্থাসমূহৰ সৈতে উদ্যোগসমূহৰ কেম্পাছো ইয়ালৈ অহা আৰম্ভ হৈছে, গান্ধীনগৰৰ যুৱচামৰ বাবে অৱকাশ বৃদ্ধি হৈছে৷ এইদৰে গান্ধীনগৰত মহাত্মা মন্দিৰ, কনফাৰেন্স টুৰিজিমো বৃদ্ধি হৈছে৷ এতিয়া পেছাগত, কূটনৈতিক, থিংকাৰ আৰু নেতাসমূহ ইয়ালৈ আহি সন্মিলন কৰে৷ ইয়াৰ দ্বাৰা চহৰখনে এক নতুন পৰিচয় লাভ কৰিছে আৰু এক নতুন দিশ লাভ কৰিছে৷ আজি গান্ধীনগৰৰ শিক্ষা সংস্থা, আধুনিক ৰে’লৱে ষ্টেচন, গিফ্ট চিটী, এনেকুৱা প্ৰকল্প, আন্তঃগাঁথনিয়ে গান্ধীনগৰক জীৱন্ত কৰি তুলিছে৷ এক প্ৰকাৰে স্বপ্নৰ চহৰ কৰি তুলিছে৷

বন্ধুসকল,

গান্ধীনগৰৰ সৈতে আহমেদাবাদতো এনেকুৱা অনেক প্ৰকল্প আছে যি আছি চহৰখনৰ পৰিচয় হৈ উঠিছে৷ সবৰমতী ৰিভাৰ ফ্ৰণ্ট, কাংকৰিয়া লেক–ফ্ৰণ্ট, ৱাটাৰ এৰ’ড্ৰম, বাছ ৰেপিড ট্ৰেনজিট ছিষ্টেম, মোটেৰাত বিশ্বৰ সবাতোকৈ বৃহৎ ষ্টেডিয়াম, সৰখেজৰ ছয়টা লেন– গান্ধীনগৰ হাইৱে’, এনে অনেক প্ৰকল্প বিগত বৰ্ষত নিৰ্মাণ কৰা হৈছে৷ এক প্ৰকাৰে আহমেদাবাদৰ পৌৰাণিকতাৰ ধাৰা অব্যাহত ৰাখি চহৰখনক আধুনিকতাৰ আৱৰণ পিন্ধোৱা হৈছে৷ আহমেদাবাদক ভাৰতৰ প্ৰথম ‘বিশ্ব ঐতিহ্য চহৰ’ বুলি ঘোষণা কৰা হৈছে৷ এতিয়া আহমেদাবাদৰ ওচৰত ধোলেৰাত নতুন বিমানবন্দৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ এই বিমানবন্দৰক আহমেদাবাদৰ সৈতে সংযোজিত কৰিবলৈ আহমেদাবাদ–ধোলেৰা মন’ৰে’লক অলপতে স্বীকৃতি প্ৰদান কৰা হৈছে৷ এইদৰে আহমেদাবাদ আৰু চুৰাটক দেশ আৰ্থিক ৰাজধানী মুম্বাইৰ সৈতে জড়িত কৰা বুলেট ট্ৰেনৰ কামো চলি আছে৷

বন্ধুসকল,

গুজৰাটৰ চহৰৰ সৈতে গ্ৰামীণ বিকাশত বিগত বৰ্ষসমূহত অভুতপূৰ্ব বিকাশ হৈছে৷ বিশেষ ৰূপত গাঁৱত পথ, বিদ্যুৎ, পানীৰ স্থিতিত কিদৰে বিগত দুটা দশকত সংশোধন হৈছে, সেয়া গুজৰাটৰ বিকাশ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে বিবেচিত হৈছে৷ আজি গুজৰাটৰ প্ৰতিখন গাঁৱত অল ৱেডাৰ কানেক্টিভিটী আছে, জনজাতীয় ক্ষেত্ৰসমূহৰ গাঁৱতো উন্নত পথ আছে৷

বন্ধুসকল,

আমাৰ অধিকাংশই গুজৰাটৰ পানীবিহীন অৱস্থা দেখা পাইছে৷ আজি গুজৰাটৰ প্ৰতিখন গাঁৱতে পানীৰ ব্যৱস্থা আছে৷ এয়াই নহয়, এতিয়া প্ৰায় ৮০ শতাংশ ঘৰত নলৰে পানীৰ যোগান ধৰা হৈছে৷

বন্ধুসকল,

কেৱল খোৱা পানীয়েই নহয়, বৰঞ্চ জলসিঞ্চনৰ ক্ষেত্ৰতো আজি গুজৰাটত বিভিন্ন প্ৰান্তত পানীৰ যোগান ধৰা হৈছে য’ত সিঞ্চনৰ সুবিধা অসম্ভৱ বুলি ভবা হৈছিল৷

ভাতৃ আৰু ভগ্নীসকল,

গুজৰাটত বিদ্যুতৰ সমস্যা আছিল৷ গাঁওসমূহতো এই সংকট অধিক আছিল৷ আজি গুজৰাটত পৰ্যাপ্ত বিদ্যুতো আছে আৰু সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰতো দেশৰ অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ কিছুদিন পূৰ্বে কচ্ছত বিশ্বৰ সবাতোকৈ বৃহৎ পুনৰ নৱীকৰণ শক্তিৰ উদ্যোগৰ বাবে কাম আৰম্ভ হৈছে৷ য’ত ছোলাৰো আছে আৰু বায়ুও আছে৷ আজি কৃষকলৈ সৰ্বোদ্য যোজনাৰ অধীনত সিঞ্চনৰ বাবে পৃথকে বিদ্যুৎ যোগান ধৰা গুজৰাট প্ৰথমখন ৰাজ্যলৈ পৰিণত হৈছে৷ আৰোগ্য ক্ষেত্ৰত গুজৰাটে স্বাস্থ্য সেৱাক নিৰন্তৰে সশক্ত কৰিছে৷ আয়ুষ্মান ভাৰত যোজনাৰ অধীনত গুজৰাটৰ ২১ লাখ লোকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে৷  গাঁৱৰ দৰিদ্ৰসকলক কম ব্যয়ৰ ঘৰ প্ৰদান কৰাৰ ক্ষেত্ৰতো গুজৰাট আগবাঢ়ি আছে৷ পিএম আৱাস যোজনা গ্ৰামীণৰ অধীনত গুজৰাটৰ গাঁওসমূহত আঢ়ৈ লাখ ঘৰ নিৰ্মাণ কৰা হৈছে৷ ঠিক সেইদৰে স্বচ্ছ ভাৰত অভিযানৰ অধীনত গুজৰাটৰ গাঁওসমূহত ৩৫ লক্ষাধিক শৌচালয় নিৰ্মাণ কৰা হৈছে৷

বন্ধুসকল,

আজি ভাৰতে আত্মবিশ্বাসৰ সৈতে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰণয়নো কৰিছে৷ আজি ভাৰতে কেৱল বৃহৎ কামেই নহয় বৰঞ্চ উন্নত কামো কৰিছে৷ আজি বিশ্বৰ সবাতোকৈ বৃহৎ প্ৰতিমা ভাৰততেই আছে৷ আজি বিশ্বৰ সবাতোকৈ বৃহৎ  Affordable Housing Program ভাৰততেই প্ৰণয়ন হৈছে৷ আজি বিশ্বৰ সবাতোকৈ বৃহৎ  Healthcare Assurance Program ও ভাৰততেই চলিব ধৰিছে৷ ৬ লাখ গাঁৱক দ্ৰুতগতিৰ ইণ্টাৰনেটৰ সৈতে জড়িত কৰাৰ কাম ভাৰততেই চলিব ধৰিছে৷ আৰু পৰহিৰ পৰা ক’ৰোনাৰ সংক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ সবাতোকৈ বৃহৎ টীকাকৰণ অভিযানো ভাৰততেই আৰম্ভ হৈছে৷

বন্ধুসকল,

যোৱা বছৰ নৱেম্বৰ মাহত অৰ্থাৎ চাৰি মাহ পূৰ্বে ঘোঘা আৰু হাজাৰাৰ মাজত ৰো–পেক্স সেৱা আৰম্ভ হোৱাৰ ফলত সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট, দুয়োটা ক্ষেত্ৰৰ জনসাধাৰণৰ মাজত বৰ্ষজোৰা অপেক্ষা সমাপ্ত হৈছে৷ মোক কোৱা হৈছে যে কেৱল দুমাহতেই ৫০ হাজাৰতকৈও অধিক লোকে এই নতুন সুবিধাৰ লাভ আদায় কৰিছে৷

বন্ধুসকল,

এই ফেৰী সেৱাৰ কিছু সপ্তাহ আগেয়ে যোৱা বছৰ অক্টোবৰ মাহত গিৰনাৰত ৰোপ ৱে’ সেৱা আৰম্ভ হৈছিল, সেয়াও প্ৰায় চাৰি পাঁচ মাহ পূৰ্বে৷ পূৰ্বে গিৰনাৰ পৰ্বত দৰ্শনৰ বাবে ৯ হাজাৰ চিৰি খোজ কাঢ়ি যাবলগীয়া হৈছিল৷ এতিয়া ৰোপ ৱে’ হোৱাৰ পিছত শ্ৰদ্ধালুসকলৰ পূৰ্বৰ ৫–৬ ঘণ্টাৰ পূৰ্বে সামান্য সময়ৰ ভিতৰতেই এই যাত্ৰা সম্পন্ন সম্ভৱ হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

নতুন ভাৰতৰ লক্ষ্য, জনসাধাৰণৰ আৱশ্যকতাসমূহ বুজি, আকাংক্ষাসমূহ বুজি দ্ৰুত গতিত কাম কৰি প্ৰাপ্ত কৰিব পাৰি৷ এই দিশত আন এক প্ৰয়াস হ’ল কেন্দ্ৰীয় স্তৰত ‘প্ৰগতি’ শীৰ্ষক এক ব্যৱস্থা৷ মই যেতিয়া গুজৰাটত আছিলো তেতিয়া স্বাগত কাৰ্যসূচীৰ চৰ্চা খুব বেছিকৈ হৈছিল৷ কিন্তু দেশৰ ভিতৰত প্ৰগতি কাৰ্যসূচী যি চলি আছে, দেশৰ ভিন্ন ভিন্ন যোজনাত, আন্তঃগাঁথনি প্ৰকল্পত ক্ষীপ্ৰতা আনিবলৈ এই প্ৰগতি প্লেটফ’ৰ্মৰ ভূমিকা সৰ্বাধিক হৈছে৷ ইয়াত চৰকাৰৰ সৈতে জড়িত লোকে জানে যে প্ৰগতি বৈঠকত মই নিজে ঘণ্টাজুৰি ৰাজ্যসমূহৰ অধিকাৰীসকলৰ সৈতে এটা এটা প্ৰকল্পৰ বিষয়ে বিশদভাৱে আলোচনা কৰো৷

বন্ধুসকল,

বৰ্ষজুৰি ওলমি ৰোৱা যোজনাসমূহক গতি প্ৰদান কৰাত চুৰাটৰ দৰে চহৰ প্ৰাণৱন্ত হৈ উঠিছে৷ আমাৰ উদ্যোগসমূহ, বিশেষকৈ ক্ষুদ্ৰ উদ্যোগে, এমএছএমইয়ে এই আত্মবিশ্বাস লাভ কৰিছে যি বিশ্বৰ বজাৰৰ প্ৰতিদ্বন্ধী হ’ব পৰাকৈ আন্তঃগাঁথনি আমাৰ দেশতো আছে৷ আত্মনিৰ্ভৰ ভাৰতৰ অধীনত এই ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ক্ষুদ্ৰ উদ্যোগসমূহক সংকটৰ পৰা বাহিৰলৈ উলিয়াবলৈ হাজাৰ কোটি টকাৰ ঋণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ 

বন্ধুসকল,

এই সমগ্ৰ প্ৰয়াসৰ অন্তৰালত একবিংশ শতিকাৰ যুৱচাম, ভাৰতৰ যুৱচামৰ অসংখ্য আকাংক্ষা লুকাই আছে৷ সেই আকাংক্ষা বুনিয়াদী সুবিধা আৰু সুৰক্ষাৰ অভাৱত সম্পূৰ্ণ হোৱাটো কঠিন হ’ব৷ মোৰ বিশ্বাস যে সেই কঠিনতাসমূহ দূৰ কৰিব লাগিব, সপোনক সামৰ্থ প্ৰদান কৰিব লাগিব আৰু সংকল্প সিদ্ধ কৰিব লাগিব৷ মোৰ বিশ্বাস যে আহমেদাবাদ আৰু চুৰাটৰ এই মেট্ৰ’ প্ৰকল্পই এই চহৰসমূহৰ প্ৰতিজন সতীৰ্থৰ আকাংক্ষা আৰু অপেক্ষা পূৰণ কৰিব৷

এই বিশ্বাসৰ সৈতে গুজৰাটৰ সকলো ভাতৃ–ভগ্নীসকলক, বিশেষতৈ আহমেদাবাদ আৰু চুৰাটৰ নাগৰিক ভাতৃ–ভগ্নীসকলক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছো৷

অশেষ অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi To Interact With Viksit Vibrant Village Programme 2026 Participants On July 26

Media Coverage

PM Modi To Interact With Viksit Vibrant Village Programme 2026 Participants On July 26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"