সোমনাথ... এই শব্দটো শুনিলেই আমাৰ অন্তৰ আৰু মন গৌৰৱৰ ভাৱেৰে ভৰি পৰে। এয়া ভাৰতৰ আত্মাৰ চিৰন্তন আহ্বান। ভাৰতৰ পশ্চিম উপকূলৰ গুজৰাটৰ প্ৰভাস পাটনত এই মহিমামণ্ডিত মন্দিৰ অৱস্থিত। দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমত সমগ্ৰ ভাৰতৰ ১২ জ্যোতিৰ্লিংগৰ কথা উল্লেখ আছে। “सौराष्ट्रे सोमनाथं च..”-ৰে এই স্তোত্ৰম আৰম্ভ হৈছে। এয়া হৈছে প্ৰথম জ্যোতিৰ্লিংগ হিচাপে সোমনাথৰ সভ্যতাবাদী আৰু আধ্যাত্মিক গুৰুত্বৰ প্ৰতীক।

ইয়াত আৰু কৈছেঃ

सोमलिङ्गं नरो दृष्ट्वा सर्वपापैः प्रमुच्यते।
लभते फलं मनोवाञ्छितं मृतः स्वर्गं समाश्रयेत्॥

ইয়াৰ অৰ্থ হৈছে সোমনাথ শিৱ লিংগৰ দৰ্শনেৰে এজন লোক পাপৰ পৰা মুক্ত হ’ব পাৰে, তেওঁৰ সৎ মনোকামনা পূৰণ হ’ব পাৰে আৰু মৃত্যুৰ পিছত স্বৰ্গত স্থান লাভ কৰিব পাৰে।

কিন্তু পৰিতাপৰ কথা এয়ে যে লক্ষ-লক্ষ লোকৰ শ্ৰদ্ধা আৰু প্ৰাৰ্থনাৰ স্থল এই সোমনাথত বিদেশী আক্ৰমণকাৰীয়ে আক্ৰমণ চলাইছিল, যাৰ উদ্দেশ্য আছিল ধ্বংস, ভক্তি নহয়।

সোমনাথ মন্দিৰৰ বাবে ২০২৬ বৰ্ষটো উল্লেখযোগ্য। এই পবিত্ৰ মন্দিৰত কৰা প্ৰথমটো আক্ৰমণৰ এহেজাৰ বছৰ সম্পূৰ্ণ হৈছে। ১০২৬-ৰ জানুৱাৰীতেই বিশ্বাস আৰু সভ্যতাৰ এই মহান প্ৰতীকক ধ্বংস কৰিবলৈ বিচাৰি হিংসাত্মক আৰু বৰ্বৰোচিত আক্ৰমণৰ জৰিয়তে গজনিৰ মাহমুদে এই মন্দিৰত আক্ৰমণ কৰিছিল।

তথাপিও হাজাৰ বছৰৰ পাছতো সোমনাথৰ গৰিমা ঘূৰাই আনিবলৈ গ্ৰহণ কৰা একাধিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত মন্দিৰটো পূৰ্বৰ দৰেই মহিমামণ্ডিত হৈ আছে। তেনে এটা মাইলৰ খুঁটিয়েও ২০২৬-ত ৭৫ বছৰ সম্পূৰ্ণ কৰিব। ১৯৫১-ৰ ১১ মে'-ত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ উপস্থিতিত এক অনুষ্ঠানত ভক্তসকলৰ বাবে পুনৰুদ্ধাৰ কৰা মন্দিৰৰ দ্বাৰ মুকলি কৰা হৈছিল।

হাজাৰ বছৰ পূৰ্বে ১০২৬-ত প্ৰথম সোমনাথ আক্ৰমণৰ সময়ত চহৰখনৰ জনসাধাৰণৰ ওপৰত যি নিষ্ঠুৰ আক্ৰমণ কৰা হৈছিল আৰু মন্দিৰত ধ্বংসযজ্ঞ চলোৱা হৈছিল, সেই বিষয়ে ভিন্ন ঐতিহাসিক বিৱৰণীত বিশদভাৱে সন্নিৱিষ্ট হৈ আছে। সেয়া পঢ়িলে অন্তৰ কঁপি উঠে। ইয়াৰ প্ৰতিটো শাৰীয়েই শোক, নিষ্ঠুৰতা আৰু সময়ৰ লগতো ম্লান হ’বলৈ নিদিয়া এক দুখৰ বোজা কঢ়িয়াই।

এই আক্ৰমণৰ পৰিণতিত ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ মনোবলৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল, সেয়া এবাৰ কল্পনা কৰকচোন। কাৰণ, সোমনাথৰ আধ্যাত্মিক তাৎপৰ্য্য আছিল গভীৰ। ইয়াৰ উপৰিও ই উপকূলত অৱস্থিত, যিয়ে অতিশয় অৰ্থনৈতিক দক্ষতা সম্পন্ন সমাজ এখনক শক্তি প্ৰদান কৰিছিল। সামুদ্ৰিক ব্যৱসায়ী আৰু নাৱিকসকলে ইয়াৰ বৈভৱৰ কাহিনী দূৰ দূৰণিলৈ কঢ়িয়াই নিছিল।

তথাপিও মই গৌৰৱেৰে নিঃসংকোচে কওঁ যে প্ৰথম আক্ৰমণৰ হাজাৰ বছৰৰ পাছত সোমনাথৰ কাহিনী ধ্বংসৰ দ্বাৰা সংজ্ঞায়িত নহয়। বৰঞ্চ ভাৰত মাতাৰ কোটি-কোটি সন্তানৰ দৃঢ় সাহসে ইয়াৰ সংজ্ঞা নিৰূপণ কৰিছে।

হাজাৰ বছৰ পূৰ্বে ১০২৬-ত আৰম্ভ হোৱা মধ্যযুগৰ বৰ্বৰতাই আনকো সোমনাথক বাৰে-বাৰে আক্ৰমণ কৰিবলৈ ‘প্ৰেৰণা’ যোগাইছিল। সেয়া আছিল আমাৰ জনসাধাৰণ আৰু সংস্কৃতিক দাসত্বত বন্দী কৰাৰ অপপ্ৰয়াসৰ আৰম্ভণি। কিন্তু মন্দিৰত প্ৰতিবাৰ আক্ৰমণৰ সময়তেই আমাৰ পুৰুষ-মহিলাসকলে ইয়াক ৰক্ষা কৰিবলৈ থিয় দিছিল আৰু আনকি তেওঁলোকে চূড়ান্ত ত্যাগো কৰিছিল। আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিবাৰেই আমাৰ মহান সভ্যতাৰ জনসাধাৰণে এই আক্ৰমণক প্ৰতিহত কৰিছিল, মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু ইয়াক সজীৱ কৰি তুলিছিল। সোমনাথত ভক্তসকলে প্ৰাৰ্থনা কৰিব পৰাকৈ এক উদাৰ প্ৰয়াস গ্ৰহণ কৰা অহল্যাবাই হোলকাৰৰ দৰে মহান ব্যক্তিক লালন-পালন কৰা এই ভূমিয়ে আমাকো লালন-পালন কৰাটো আমাৰ বাবে সৌভাগ্যৰ কথা।

১৮৯০-ৰ দশকত স্বামী বিবেকানন্দই সোমনাথ দৰ্শন কৰিছিল আৰু সেই অভিজ্ঞতাই তেওঁক আপ্লুত কৰিছিল। ১৮৯৭-ত চেন্নাইত প্ৰদান কৰা এক বক্তৃতাত তেওঁ নিজৰ অনুভৱ ব্যক্ত কৰি কৈছিল, “দক্ষিণ ভাৰতৰ কেতবোৰ পুৰণি মন্দিৰ আৰু গুজৰাটৰ সোমনাথৰ দৰে মন্দিৰসমূহে আপোনাসৱক জ্ঞানৰ পাঠ দিব, যিকোনো পৰিমাণৰ কিতাপতকৈ জাতিৰ ইতিহাস সম্পৰ্কে অধিক গভীৰ আভাস প্ৰদান কৰিব। এই মন্দিৰসমূহে এশটা আক্ৰমণ সহ্য কৰা আৰু এশবাৰ পুনৰুত্থানৰ সাক্ষ্য বহন কৰিছে। নিৰন্তৰ ধ্বংস আৰু ধ্বংসাৱশেষৰ মাজৰপৰা অহৰহভাৱে ওলাই আহি পূৰ্বৰ দৰেই সজীৱ আৰু শক্তিশালী ৰূপ ধাৰণ কৰি আহিছে! এয়াই হৈছে ৰাষ্ট্ৰীয় মানসিকতা, এয়াই ৰাষ্ট্ৰীয় জীৱন-প্ৰবাহ। ইয়াক অনুসৰণ কৰিলে হৃদয় গৌৰৱেৰে ভৰি পৰে। ইয়াক পৰিত্যাগ কৰাৰ অৰ্থ হ’ল মৃত্যু। ইয়াৰ পৰা আঁতৰি গ’লে কেৱল ধ্বংসহে হ’ব।"

স্বাধীনতাৰ পিছত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ পবিত্ৰ কৰ্তব্য চৰ্দাৰ বল্লভভাই পেটেলৰ সক্ষম হাতলৈ আহিছিল। ১৯৪৭-ত দীপাৱলীৰ সময়ত কৰা দৰ্শনে তেওঁক ইমানেই আৱেগিক কৰি তুলিছিল যে তেওঁ তাত মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। অৱশেষত ১৯৫১-ৰ ১১ মে’-ত ভক্তসকলৰ বাবে সোমনাথ মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিল আৰু এই অনুষ্ঠানত ডঃ ৰাজেন্দ্ৰ প্ৰসাদে অংশগ্ৰহণ কৰিছিল। এই ঐতিহাসিক দিনটো প্ৰত্যক্ষ কৰিবলৈ মহান চৰ্দাৰ চাহাব জীয়াই নাছিল যদিও তেওঁৰ সপোনৰ পূৰ্ণতাই ৰাষ্ট্ৰৰ সন্মুখত ওখকৈ থিয় দিছিল। তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু এই কাৰ্য্যৰ প্ৰতি বিশেষ উৎসাহী নাছিল। তেওঁ মাননীয় ৰাষ্ট্ৰপতিৰ লগতে মন্ত্ৰীসকলে এই বিশেষ কাৰ্য্যসূচীত জড়িত হোৱাটো নিবিচাৰিছিল। তেওঁ কৈছিল যে এই কাৰ্য্যসূচীয়ে ভাৰতৰ ওপৰত এক অশুভ চাপ পেলাইছে। কিন্তু ড: ৰাজেন্দ্ৰ প্ৰসাদে দৃঢ়তাৰে থিয় দিছিল আৰু বাকীখিনি ইতিহাস। চৰ্দাৰ পেটেলক ব্যাপক সমৰ্থন কৰা কে এম মুন্সীৰ প্ৰচেষ্টাক স্মৰণ নকৰাকৈ সোমনাথৰ কোনো উল্লেখ সম্পূৰ্ণ নহয়। ‘সোমনাথ : দ্য শ্ৰাইন এটাৰ্নেল’ শীৰ্ষক গ্ৰন্থকে প্ৰমুখ্য কৰি সোমনাথ বিষয়ক তেওঁৰ ৰচনাসমূহ অত্যন্ত তথ্যসমৃদ্ধ আৰু শিক্ষামূলক।

সঁচাকৈয়ে মুন্সী জীৰ কিতাপখনৰ শিৰোনামৰ দৰেই আমি এনে এক সভ্যতা যিয়ে আত্মা আৰু ধাৰণাসমূহৰ অমৰত্ব সম্পৰ্কে এক প্ৰত্যয়ৰ ভাৱ কঢ়িয়াই লৈ ফুৰো। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে যি চিৰন্তন সেয়াই অবিনাশী। গীতাৰ বিখ্যাত বাণী “नैनं छिन्दन्ति शस्त्राणि…”-এ এই কথাকেই কৈছে। সোমনাথতকৈ আমাৰ সভ্যতাৰ অদম্য মনোভাৱৰ উত্তম উদাহৰণ আন একো হ’ব নোৱাৰে, যিয়ে অশুভ শক্তি আৰু সংগ্ৰামক অতিক্ৰমেৰে সগৌৰৱেৰে থিয় দি আছে।

শতিকাজুৰি অব্যাহত আক্ৰমণ আৰু ঔপনিৱেশিক লুণ্ঠনক অতিক্ৰম কৰি বিশ্বৰ বিকাশৰ অন্যতম উজ্জ্বল কেন্দ্ৰ আমাৰ ৰাষ্ট্ৰতো এই একেই মনোভাৱ দৃশ্যমান হৈছে। আমাৰ মূল্যবোধৰ ব্যৱস্থা আৰু আমাৰ জনসাধাৰণৰ দৃঢ়তাই ভাৰতক আজি বিশ্বৰ দৃষ্টিৰ কেন্দ্ৰবিন্দু কৰি তুলিছে। ভাৰতলৈ বিশ্বই আশাৰে চাইছে। তেওঁলোকে আমাৰ উদ্ভাৱনী যুৱক-যুৱতীসকলৰ ওপৰত বিনিয়োগ কৰিব বিচাৰিছে। আমাৰ শিল্প, সংস্কৃতি, সংগীত আৰু একাধিক উৎসৱ বিশ্বজনীন হৈ পৰিছে। যোগ আৰু আয়ুৰ্বেদে বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰি সুস্থ জীৱন-যাপনত সহায় কৰিছে। ভাৰতে বিশ্বৰ কেতবোৰ অতিশয় জৰুৰী প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ আগবঢ়াইছে।

অনাদি কালৰে পৰাই সোমনাথে ভিন্ন শ্ৰেণীৰ লোকসকলক একত্ৰিত কৰি আহিছে। যুগ-যুগ পূৰ্বে সোমনাথলৈ এগৰাকী সন্মানীয় জৈন সন্ন্যাসী কলিকাল সৰ্বজ্ঞান হেমচন্দ্ৰচাৰ্য্যৰ আগমন ঘটিছিল। কথিত আছে যে তাত প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ এটি শ্লোক গাইছিল “भवबीजाङ्कुरजनना रागाद्याः क्षयमुपगता यस्य।” ইয়াৰ অৰ্থ হৈছে – যাৰ মাজত সাংসাৰিক বন্ধনৰ বীজ ধ্বংস হৈছে, যাৰ মাজত আবেগ আৰু সকলো কু-কৰ্ম শান্ত হৈছে, সেই পৰম সত্তাক মই প্ৰণাম কৰো।।” আজিও সোমনাথে মন আৰু আত্মাত গভীৰ অনুভূতি জাগ্ৰত কৰাৰ একে সামৰ্থ্যকে ধাৰণ কৰি আছে।

১০২৬-ত প্ৰথম আক্ৰমণৰ হাজাৰ বছৰৰ পাছতো সোমনাথৰ সাগৰখনে তেতিয়াৰ দৰেই তীব্ৰতাৰে গৰ্জন কৰি আছে। সোমনাথৰ পাৰ ধুই পেলোৱা ঢৌৱে এই কাহিনীকেই কয়। যিয়েই নহওক, ঠিক ঢৌৰ দৰেই এয়া বাৰে-বাৰে বাঢ়ি গৈ থাকিল।

অতীতৰ আগ্ৰাসীবোৰ এতিয়া বতাহৰ ধূলি হৈ পৰিল, সিহঁতৰ নাম ধ্বংসৰ সমাৰ্থক। ইতিহাসৰ পাদটীকাতে তেওঁলোক আৱদ্ধ হৈ পৰাৰ বিপৰীতে দিগন্তৰ বহু ওপৰেৰে বিকিৰণ কৰি সোমনাথ উজ্জ্বল হৈ থিয় হৈ আছে। যিয়ে ১০২৬-ৰ আক্ৰমণত অক্ষত হৈ থকা চিৰন্তন আত্মাৰ কথাকেই আমাক সোঁৱৰাই দিয়ে। সোমনাথ এটি আশাৰ গীত যিয়ে আমাক কয় যে ঘৃণা আৰু ধৰ্মান্ধতাৰ ক্ষন্তেক সময়ৰ বাবে ধ্বংস কৰাৰ শক্তি থাকিব পাৰে যদিও বিশ্বাস আৰু দৃঢ়তাৰ অনন্তকালৰ বাবে সৃষ্টি কৰাৰ শক্তি আছে।

হাজাৰ বছৰৰ পূৰ্বে আক্ৰমণ কৰা আৰু তাৰ ওপৰত অবিৰত আক্ৰমণৰ সন্মুখীন হোৱা সোমনাথ মন্দিৰ যদি বাৰে-বাৰে থিয় দিব পাৰে, তেন্তে আমি নিশ্চয়কৈ আমাৰ মহান ৰাষ্ট্ৰখনক হাজাৰ বছৰৰ পূৰ্বৰ মূৰ্ত মহিমালৈ ঘূৰাই নিব পাৰিম। শ্ৰী সোমনাথ মহাদেৱৰ আশীৰ্বাদত আমি এখন বিকশিত ভাৰত গঢ়াৰ এক নতুন সংকল্পৰে অগ্ৰসৰ হৈছো, য’ত সভ্যতাবাদী প্ৰজ্ঞাই আমাক সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে কাম কৰিবলৈ পথ প্ৰদৰ্শন কৰিছে।

জয় সোমনাথ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Smartphone PLI plan exceeds targets, value addition quadruples': Industry informs govt

Media Coverage

'Smartphone PLI plan exceeds targets, value addition quadruples': Industry informs govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06, 2026

আজি ৬ জুলাই। আজিৰ এই দিনটো জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি কালজয়ী নিদৰ্শন হৈ পৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছো। এই দিনটোত আমি তেওঁক স্মৰণ কৰিছো। আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিৰ লেখীয়াকৈ বুদ্ধিমত্তা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ক গভীৰভাৱে মূৰ্ত কৰি তুলিব পাৰিছে ।

শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এনে এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰিছিল যিটো পৰিৱেশত তেওঁ এক সুৰক্ষিত আৰু আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। ভাগ্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্মুখত বিশেষ সুবিধাৰ পথ মুকলি কৰি দিলেও তেওঁৰ বিবেকে তেওঁক ত্যাগ আৰু জাতীয় সেৱাৰ দিশলৈহে আকৰ্ষণ কৰিছিল। তেওঁ নিশ্চিত হৈছিল যে তেওঁ আৰ্তজনৰ দুখ দেখি বোবা দৰ্শক হৈ থাকিব নোৱাৰে। সেয়া লাগিলে ঔপনিৱেশিকতাবাদ, সাম্প্ৰদায়িকতাবাদ, মানৱীয় প্ৰত্যাহ্বান আদিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। তেওঁৰ এই যাত্ৰাত তেওঁ কেইবাটাও দুখজনক ঘটনাৰ সন্মুখীন হবলগীয়া হৈছিল, প্ৰথমে তেওঁ হেৰুৱাইছিল নিজৰ কেঁচুৱা সন্তানটিক আৰু পিছলৈ হেৰুৱাইছিল পত্নীক । তথাপিও এই ঘটনাসমূহে তেওঁৰ সংকল্পক অধিক গভীৰ কৰি তুলিছিল আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক অধিক শক্তিশালী কৰিছিল ।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱনক সংজ্ঞায়িত কৰা এক বিশেষ আদৰ্শ আছিল, সেয়া আছিল ভাৰতৰ অবিভাজ্যতা। দেশ বিভাজনৰ উত্তাল পৰিস্থিতিৰ সময়ত তেওঁ দৃঢ়তাৰে থিয় দিছিল যাতে পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকে। কেইবছৰমানৰ পাছত সেই প্ৰত্যয়ৰেই তেওঁ জম্মু-কাশ্মীৰলৈ আকৰ্ষিত হৈছিল। কাৰাদণ্ডই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল আৰু অকশৰীয়া হৈ পৰা অৱস্থায়ো তেওঁক হতাশ কৰা নাছিল। তেওঁৰ জীৱনৰো হঠাৎ অন্ত পৰিছিল কাৰাবন্দিত্বৰ মাজতেই । যিসকল মানুহক তেওঁ নিজৰ কৰি লৈছিল, তেওঁলোকৰ পৰা বহু দূৰত তেওঁ অকশৰীয়া অৱস্থাতে চিৰদিনৰ বাবে চকু মুদিছিল। ইতিহাসৰ এনে কিছুমান মুহূৰ্ত আছে যেতিয়া ব্যক্তি এগৰাকীৰ চূড়ান্ত ত্যাগে ৰাজনীতিক অতিক্ৰম কৰি জাতীয় ভাবনাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলে । ডাঃ মুখাৰ্জীৰ শেষ যাত্ৰাও তেনে এক মুহূৰ্ত হৈয়েই আছে। আচাৰ্য বিনোৱা ভাৱেই কৈছিল যে ড° মুখাৰ্জীয়ে যি কামত বিশ্বাস কৰিছিল সেই কামৰ বাবে নিজকে বলিদান দিছিল। বহু বছৰৰ পিছত ২০১৯ চনত কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাটোৱেই আছিল তেওঁৰ বলিদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ড° মুখাৰ্জীয়ে ভাৰত প্ৰথম আৰু ভাৰতীয় মূল্যবোধক প্ৰথম স্থান দিছিল। এনে কৰিবলৈ যাওঁতে তেওঁ সেই সময়ৰ গতানুগতিক মানসিকতাৰে পৰিচালিত হৈ থকা বহু অনুষ্ঠান পুনৰ নতুনকৈ গঢ় দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কনিষ্ঠতম উপাচাৰ্য হিচাপে পৰিগণিত হৈছিল। অনন্য শৈলীৰে তেওঁ বিশ্ববিদ্যালয়খনলৈ দেশপ্ৰেমমূলক ভাবনাৰে আৰু ভৱিষ্যতৰ উত্তৰণৰ চিন্তাৰে ইতিবাচক পৰিৱৰ্তন আনিছিল। শিক্ষাবিদসকলৰ এখন সন্মিলনত ভাষণ দি ড০ মুখাৰ্জীয়ে কৈছিল “শিক্ষানুষ্ঠানসমূহক সম্ভাৱ্য কেৰাণী আৰু কম দৰমহা পোৱা কৰ্মচাৰী উৎপাদনৰ বাবে কাৰখানা হিচাপে চোৱাটো উচিত নহয়।আমি এনে ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব, যিয়ে আমাৰ স্ব-শাসিত প্ৰতিষ্ঠানসমূহ, যেনে পৌৰ নিগম, প্ৰাদেশিক আৰু কেন্দ্ৰীয় বিধায়িনী প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিত্ত, বাণিজ্য আৰু উদ্যোগ আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ পৰিচালনা কৰিবলৈ সক্ষম হ’ব লাগিব ।”

তেওঁৰ নেতৃত্বতে কলিকতা বিশ্ববিদ্যালয়ে পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নত কৰা, বিজ্ঞানৰ গৱেষণাক উন্নীত কৰা, শিল্পকৰ্মৰ অধ্যয়নক উৎসাহিত কৰা আৰু কৃষিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দৰে অনন্য প্ৰচেষ্টা হাতত লৈছিল। ইয়াত মাত্ৰ কেইটামানৰ কথাহে উল্লেখ কৰিলো। তেওঁ ক্ৰীড়া, শিক্ষক প্ৰশিক্ষণ আৰু ছাত্ৰ কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত মিলা-প্ৰীতি তথা সমন্বয়ৰ ভাব জগাই তুলিবলৈ তেওঁ ২৪ জানুৱাৰীৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰ এক প্ৰথা আৰম্ভ কৰিছিল। তেওঁ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ববিদ্যালয়খনৰ বাবে এটা গীত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁৰ উদ্যমী মনোভাবৰ আন এক উদাহৰণ তেওঁৰ জীৱনৰ পিছৰ অংশত দেখা যায়, যেতিয়া তেওঁ ভাৰতীয় জনসংঘ গঠনৰ সিদ্ধান্ত লৈছিল। যিটো সময়ত কংগ্ৰেছ পাৰ্টি সৰ্বব্যাপী আছিল, সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আমাৰ সাংস্কৃতিক শিপাৰ লগত সংলগ্ন হৈ থাকি ভাৰতৰ প্ৰগতিৰ বাবে মাত মাতিবলৈ বিকল্প কণ্ঠৰ প্ৰয়োজন আছে। জনসংঘৰ প্ৰতীক আছিল এটা চাকি , মাটিৰ চাকিক প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো নিঃসন্দেহে উপযুক্ত আছিল। এগচি মাটিৰ চাকি দেখিবলৈ সামান্য যেন লাগিব পাৰে, তথাপিও ইয়াৰ নিজৰ পৰা বহু দূৰৈৰ আন্ধাৰ নাশ কৰাৰ শক্তি থাকে । জনসংঘই সক্ৰিয় হৈ থকা বছৰবোৰত আৰু তাৰ পাছৰ বছৰবোৰতো ঠিক তেনে কামেই কৰিছিল।

ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰ্যকালত দেশে এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতাক আৱিষ্কাৰ কৰিছিল। যিগৰাকী ব্যক্তিৰ উন্নয়নৰ ধাৰণা উল্লেখযোগ্যভাৱে ব্যাপক আৰু মানৱীয় আছিল। নতুনকৈ স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে তেওঁ উদ্যোগক মৰ্যাদা, সুযোগ আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ সম্পদ সৃষ্টি আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। দামোদৰ উপত্যকা নিগম, সিন্দ্ৰি সাৰ উদ্যোগ আৰু এক শক্তিশালী ঔদ্যোগিক নীতিৰ দৰে অগ্ৰণী পদক্ষেপৰ জৰিয়তে তেওঁ আধুনিক ভাৰতৰ ঔদ্যোগিক ভেটি স্থাপন কৰিছিল। তেওঁ একেসময়তে ভাৰতৰ পৰম্পৰাগত শক্তিসমূহ অৱহেলিত হৈ নাথাকে সেয়াও নিশ্চিত কৰিছিল। হস্ততাঁত, কুটিৰ উদ্যোগ, শিল্প আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলে তেওঁৰ মাজত সকলোৰে বাবে সমানে দায়বদ্ধ এগৰাকী ব্যক্তিক বিচাৰি পাইছিল।

ইয়াত মই ব্যক্তিগত অভিজ্ঞতাৰ এটাৰ বিষয়ে ক’ব বিচাৰিছো। ড° মুখাৰ্জীয়ে স্বাৱলম্বীতাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা সিন্দ্ৰি উদ্যোগটোক কেইবা দশক ধৰি দেশ পৰিচালনা কৰাসকলে অৱহেলা কৰিছিল। আমাৰ চৰকাৰে ইয়াৰ পুনৰুজ্জীৱনত অৰিহণা যোগোৱাৰ সুযোগ পোৱাত মই সন্মানিত অনুভৱ কৰিছো। সেই অনুষ্ঠানৰ বাবে তাত উপস্থিত হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল।

ভাৰতৰ সভ্যতাৰ পৰম্পৰাই দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয়টোত গুৰুত্ব দি আহিছে। ড° মুখাৰ্জীয়ে এই গণতান্ত্ৰিক মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁ পণ্ডিত নেহৰুৰ কেবিনেটত যোগদান কৰিছিল, প্ৰথম বছৰবোৰত দেশ গঠনৰ কামত ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ আন্তৰিকতা আৰু গঠনমূলক মনোভাৱেৰে সেৱা আগবঢ়াইছিল। কিন্তু যেতিয়া তেওঁ অনুভৱ কৰিছিল যে জাতীয় স্বাৰ্থ জড়িত হৈ থকা প্ৰশ্নবোৰে এক বেলেগ পথ দাবী কৰে, তেতিয়া তেওঁ মৰ্যাদাৰে পদত্যাগ কৰি দেশৰ বাবে প্ৰয়োজন বুলি বিশ্বাস কৰা ৰাজনৈতিক কাম-কাজত নিজকে উৎসৰ্গা কৰিছিল।

৭৫ বছৰ পূৰ্বে পণ্ডিত নেহৰুৱে এনে এক প্ৰথম সংশোধনী আনিছিল, যি আছিল বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। নেহৰুৰ এনে পদক্ষেপৰ কঠোৰ সমালোচকৰ ভিতৰত ড° মুখাৰ্জী অন্যতম আছিল। কংগ্ৰেছে কি কৰিবলৈ সক্ষম সেই কথা তেওঁ সম্পূৰ্ণৰূপে বুজি পাইছিল। সময়ত তেওঁ কৰা ধৰাণাই সত্য বুলি প্ৰমাণিত হ’ল। ৭৫ বছৰ আগতে প্ৰথম সংশোধনী অনাসকলে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দিছিল আৰু ৫০ বছৰ আগতে ৪২ সংখ্যক সংশোধনী আইন আনিছিল, যিয়ে পুনৰ উদাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল।

ড° মুখাৰ্জীয়ে মানৱীয় প্ৰচেষ্টা গ্ৰহণৰ পক্ষত বিশেষভাৱে থিয় দিছিল। ১৯৪৩ চনত যেতিয়া বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া ডাঃ মুখাৰ্জীয়ে ক্ষতিগ্ৰস্তসকলৰ সেৱাত নিজকে বিলীন কৰি দিছিল। তেওঁ কেইবাখনো কেণ্টিন আৰু সাহায্য কেন্দ্ৰ মুকলি কৰি মানুহক খাদ্য যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰিছিল । এফালে জনসাধাৰণৰ দুৰ্দশাই তেওঁক গভীৰভাৱে জোকাৰি গৈছিল, আনফালে ঔপনিৱেশিক শাসকসকলৰ সংবেদনহীনতাই তেওঁক মনোকষ্ট দিছিল। তেওঁ পঞ্চাশেৰ মন্বন্তৰ নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ নিজৰ ক্ষোভ উজাৰি দিছিল। ১৯৪২ চনত যেতিয়া মেদিনীপুৰত ছুপাৰ চাইক্ল’ন হৈছিল , তেতিয়া তেওঁ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে দিনে-ৰাতিয়ে দেহে কেহে খাটি প্ৰশংসিত হৈছিল।

কলকাতাৰ এখন মহাবিদ্যালয়ত ভাষণ দি ড০ মুখাৰ্জীয়ে যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, “ তোমালোকে যি কামেই হাতত নোলোৱা কিয়, সেই কামটো গুৰুত্বসহকাৰে, পুংখানুপুংখভাৱে আৰু ভালদৰে কৰিবা”। ভাৰতবৰ্ষই বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি তেওঁক দিব পৰা আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলি হ’ল- তেওঁ গভীৰভাৱে বিশ্বাস কৰা শক্তিশালী, সংহত, আত্মবিশ্বাসী আৰু উদাৰ ভাৰত গঢ়িবলৈ প্ৰতিদিনে চেষ্টা কৰি যোৱা। আজিৰ যুৱক-যুৱতীসকলক লৈ মই নিশ্চিত যে তেওঁলোকে সেয়া সঠিকভাবেই কৰিব।