সোমনাথ... এই শব্দটো শুনিলেই আমাৰ অন্তৰ আৰু মন গৌৰৱৰ ভাৱেৰে ভৰি পৰে। এয়া ভাৰতৰ আত্মাৰ চিৰন্তন আহ্বান। ভাৰতৰ পশ্চিম উপকূলৰ গুজৰাটৰ প্ৰভাস পাটনত এই মহিমামণ্ডিত মন্দিৰ অৱস্থিত। দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমত সমগ্ৰ ভাৰতৰ ১২ জ্যোতিৰ্লিংগৰ কথা উল্লেখ আছে। “सौराष्ट्रे सोमनाथं च..”-ৰে এই স্তোত্ৰম আৰম্ভ হৈছে। এয়া হৈছে প্ৰথম জ্যোতিৰ্লিংগ হিচাপে সোমনাথৰ সভ্যতাবাদী আৰু আধ্যাত্মিক গুৰুত্বৰ প্ৰতীক।

ইয়াত আৰু কৈছেঃ
सोमलिङ्गं नरो दृष्ट्वा सर्वपापैः प्रमुच्यते।
लभते फलं मनोवाञ्छितं मृतः स्वर्गं समाश्रयेत्॥
ইয়াৰ অৰ্থ হৈছে সোমনাথ শিৱ লিংগৰ দৰ্শনেৰে এজন লোক পাপৰ পৰা মুক্ত হ’ব পাৰে, তেওঁৰ সৎ মনোকামনা পূৰণ হ’ব পাৰে আৰু মৃত্যুৰ পিছত স্বৰ্গত স্থান লাভ কৰিব পাৰে।
কিন্তু পৰিতাপৰ কথা এয়ে যে লক্ষ-লক্ষ লোকৰ শ্ৰদ্ধা আৰু প্ৰাৰ্থনাৰ স্থল এই সোমনাথত বিদেশী আক্ৰমণকাৰীয়ে আক্ৰমণ চলাইছিল, যাৰ উদ্দেশ্য আছিল ধ্বংস, ভক্তি নহয়।
সোমনাথ মন্দিৰৰ বাবে ২০২৬ বৰ্ষটো উল্লেখযোগ্য। এই পবিত্ৰ মন্দিৰত কৰা প্ৰথমটো আক্ৰমণৰ এহেজাৰ বছৰ সম্পূৰ্ণ হৈছে। ১০২৬-ৰ জানুৱাৰীতেই বিশ্বাস আৰু সভ্যতাৰ এই মহান প্ৰতীকক ধ্বংস কৰিবলৈ বিচাৰি হিংসাত্মক আৰু বৰ্বৰোচিত আক্ৰমণৰ জৰিয়তে গজনিৰ মাহমুদে এই মন্দিৰত আক্ৰমণ কৰিছিল।
তথাপিও হাজাৰ বছৰৰ পাছতো সোমনাথৰ গৰিমা ঘূৰাই আনিবলৈ গ্ৰহণ কৰা একাধিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত মন্দিৰটো পূৰ্বৰ দৰেই মহিমামণ্ডিত হৈ আছে। তেনে এটা মাইলৰ খুঁটিয়েও ২০২৬-ত ৭৫ বছৰ সম্পূৰ্ণ কৰিব। ১৯৫১-ৰ ১১ মে'-ত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ উপস্থিতিত এক অনুষ্ঠানত ভক্তসকলৰ বাবে পুনৰুদ্ধাৰ কৰা মন্দিৰৰ দ্বাৰ মুকলি কৰা হৈছিল।

হাজাৰ বছৰ পূৰ্বে ১০২৬-ত প্ৰথম সোমনাথ আক্ৰমণৰ সময়ত চহৰখনৰ জনসাধাৰণৰ ওপৰত যি নিষ্ঠুৰ আক্ৰমণ কৰা হৈছিল আৰু মন্দিৰত ধ্বংসযজ্ঞ চলোৱা হৈছিল, সেই বিষয়ে ভিন্ন ঐতিহাসিক বিৱৰণীত বিশদভাৱে সন্নিৱিষ্ট হৈ আছে। সেয়া পঢ়িলে অন্তৰ কঁপি উঠে। ইয়াৰ প্ৰতিটো শাৰীয়েই শোক, নিষ্ঠুৰতা আৰু সময়ৰ লগতো ম্লান হ’বলৈ নিদিয়া এক দুখৰ বোজা কঢ়িয়াই।
এই আক্ৰমণৰ পৰিণতিত ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ মনোবলৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল, সেয়া এবাৰ কল্পনা কৰকচোন। কাৰণ, সোমনাথৰ আধ্যাত্মিক তাৎপৰ্য্য আছিল গভীৰ। ইয়াৰ উপৰিও ই উপকূলত অৱস্থিত, যিয়ে অতিশয় অৰ্থনৈতিক দক্ষতা সম্পন্ন সমাজ এখনক শক্তি প্ৰদান কৰিছিল। সামুদ্ৰিক ব্যৱসায়ী আৰু নাৱিকসকলে ইয়াৰ বৈভৱৰ কাহিনী দূৰ দূৰণিলৈ কঢ়িয়াই নিছিল।
তথাপিও মই গৌৰৱেৰে নিঃসংকোচে কওঁ যে প্ৰথম আক্ৰমণৰ হাজাৰ বছৰৰ পাছত সোমনাথৰ কাহিনী ধ্বংসৰ দ্বাৰা সংজ্ঞায়িত নহয়। বৰঞ্চ ভাৰত মাতাৰ কোটি-কোটি সন্তানৰ দৃঢ় সাহসে ইয়াৰ সংজ্ঞা নিৰূপণ কৰিছে।
হাজাৰ বছৰ পূৰ্বে ১০২৬-ত আৰম্ভ হোৱা মধ্যযুগৰ বৰ্বৰতাই আনকো সোমনাথক বাৰে-বাৰে আক্ৰমণ কৰিবলৈ ‘প্ৰেৰণা’ যোগাইছিল। সেয়া আছিল আমাৰ জনসাধাৰণ আৰু সংস্কৃতিক দাসত্বত বন্দী কৰাৰ অপপ্ৰয়াসৰ আৰম্ভণি। কিন্তু মন্দিৰত প্ৰতিবাৰ আক্ৰমণৰ সময়তেই আমাৰ পুৰুষ-মহিলাসকলে ইয়াক ৰক্ষা কৰিবলৈ থিয় দিছিল আৰু আনকি তেওঁলোকে চূড়ান্ত ত্যাগো কৰিছিল। আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিবাৰেই আমাৰ মহান সভ্যতাৰ জনসাধাৰণে এই আক্ৰমণক প্ৰতিহত কৰিছিল, মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু ইয়াক সজীৱ কৰি তুলিছিল। সোমনাথত ভক্তসকলে প্ৰাৰ্থনা কৰিব পৰাকৈ এক উদাৰ প্ৰয়াস গ্ৰহণ কৰা অহল্যাবাই হোলকাৰৰ দৰে মহান ব্যক্তিক লালন-পালন কৰা এই ভূমিয়ে আমাকো লালন-পালন কৰাটো আমাৰ বাবে সৌভাগ্যৰ কথা।

১৮৯০-ৰ দশকত স্বামী বিবেকানন্দই সোমনাথ দৰ্শন কৰিছিল আৰু সেই অভিজ্ঞতাই তেওঁক আপ্লুত কৰিছিল। ১৮৯৭-ত চেন্নাইত প্ৰদান কৰা এক বক্তৃতাত তেওঁ নিজৰ অনুভৱ ব্যক্ত কৰি কৈছিল, “দক্ষিণ ভাৰতৰ কেতবোৰ পুৰণি মন্দিৰ আৰু গুজৰাটৰ সোমনাথৰ দৰে মন্দিৰসমূহে আপোনাসৱক জ্ঞানৰ পাঠ দিব, যিকোনো পৰিমাণৰ কিতাপতকৈ জাতিৰ ইতিহাস সম্পৰ্কে অধিক গভীৰ আভাস প্ৰদান কৰিব। এই মন্দিৰসমূহে এশটা আক্ৰমণ সহ্য কৰা আৰু এশবাৰ পুনৰুত্থানৰ সাক্ষ্য বহন কৰিছে। নিৰন্তৰ ধ্বংস আৰু ধ্বংসাৱশেষৰ মাজৰপৰা অহৰহভাৱে ওলাই আহি পূৰ্বৰ দৰেই সজীৱ আৰু শক্তিশালী ৰূপ ধাৰণ কৰি আহিছে! এয়াই হৈছে ৰাষ্ট্ৰীয় মানসিকতা, এয়াই ৰাষ্ট্ৰীয় জীৱন-প্ৰবাহ। ইয়াক অনুসৰণ কৰিলে হৃদয় গৌৰৱেৰে ভৰি পৰে। ইয়াক পৰিত্যাগ কৰাৰ অৰ্থ হ’ল মৃত্যু। ইয়াৰ পৰা আঁতৰি গ’লে কেৱল ধ্বংসহে হ’ব।"
স্বাধীনতাৰ পিছত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ পবিত্ৰ কৰ্তব্য চৰ্দাৰ বল্লভভাই পেটেলৰ সক্ষম হাতলৈ আহিছিল। ১৯৪৭-ত দীপাৱলীৰ সময়ত কৰা দৰ্শনে তেওঁক ইমানেই আৱেগিক কৰি তুলিছিল যে তেওঁ তাত মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। অৱশেষত ১৯৫১-ৰ ১১ মে’-ত ভক্তসকলৰ বাবে সোমনাথ মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিল আৰু এই অনুষ্ঠানত ডঃ ৰাজেন্দ্ৰ প্ৰসাদে অংশগ্ৰহণ কৰিছিল। এই ঐতিহাসিক দিনটো প্ৰত্যক্ষ কৰিবলৈ মহান চৰ্দাৰ চাহাব জীয়াই নাছিল যদিও তেওঁৰ সপোনৰ পূৰ্ণতাই ৰাষ্ট্ৰৰ সন্মুখত ওখকৈ থিয় দিছিল। তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু এই কাৰ্য্যৰ প্ৰতি বিশেষ উৎসাহী নাছিল। তেওঁ মাননীয় ৰাষ্ট্ৰপতিৰ লগতে মন্ত্ৰীসকলে এই বিশেষ কাৰ্য্যসূচীত জড়িত হোৱাটো নিবিচাৰিছিল। তেওঁ কৈছিল যে এই কাৰ্য্যসূচীয়ে ভাৰতৰ ওপৰত এক অশুভ চাপ পেলাইছে। কিন্তু ড: ৰাজেন্দ্ৰ প্ৰসাদে দৃঢ়তাৰে থিয় দিছিল আৰু বাকীখিনি ইতিহাস। চৰ্দাৰ পেটেলক ব্যাপক সমৰ্থন কৰা কে এম মুন্সীৰ প্ৰচেষ্টাক স্মৰণ নকৰাকৈ সোমনাথৰ কোনো উল্লেখ সম্পূৰ্ণ নহয়। ‘সোমনাথ : দ্য শ্ৰাইন এটাৰ্নেল’ শীৰ্ষক গ্ৰন্থকে প্ৰমুখ্য কৰি সোমনাথ বিষয়ক তেওঁৰ ৰচনাসমূহ অত্যন্ত তথ্যসমৃদ্ধ আৰু শিক্ষামূলক।
সঁচাকৈয়ে মুন্সী জীৰ কিতাপখনৰ শিৰোনামৰ দৰেই আমি এনে এক সভ্যতা যিয়ে আত্মা আৰু ধাৰণাসমূহৰ অমৰত্ব সম্পৰ্কে এক প্ৰত্যয়ৰ ভাৱ কঢ়িয়াই লৈ ফুৰো। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে যি চিৰন্তন সেয়াই অবিনাশী। গীতাৰ বিখ্যাত বাণী “नैनं छिन्दन्ति शस्त्राणि…”-এ এই কথাকেই কৈছে। সোমনাথতকৈ আমাৰ সভ্যতাৰ অদম্য মনোভাৱৰ উত্তম উদাহৰণ আন একো হ’ব নোৱাৰে, যিয়ে অশুভ শক্তি আৰু সংগ্ৰামক অতিক্ৰমেৰে সগৌৰৱেৰে থিয় দি আছে।

শতিকাজুৰি অব্যাহত আক্ৰমণ আৰু ঔপনিৱেশিক লুণ্ঠনক অতিক্ৰম কৰি বিশ্বৰ বিকাশৰ অন্যতম উজ্জ্বল কেন্দ্ৰ আমাৰ ৰাষ্ট্ৰতো এই একেই মনোভাৱ দৃশ্যমান হৈছে। আমাৰ মূল্যবোধৰ ব্যৱস্থা আৰু আমাৰ জনসাধাৰণৰ দৃঢ়তাই ভাৰতক আজি বিশ্বৰ দৃষ্টিৰ কেন্দ্ৰবিন্দু কৰি তুলিছে। ভাৰতলৈ বিশ্বই আশাৰে চাইছে। তেওঁলোকে আমাৰ উদ্ভাৱনী যুৱক-যুৱতীসকলৰ ওপৰত বিনিয়োগ কৰিব বিচাৰিছে। আমাৰ শিল্প, সংস্কৃতি, সংগীত আৰু একাধিক উৎসৱ বিশ্বজনীন হৈ পৰিছে। যোগ আৰু আয়ুৰ্বেদে বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰি সুস্থ জীৱন-যাপনত সহায় কৰিছে। ভাৰতে বিশ্বৰ কেতবোৰ অতিশয় জৰুৰী প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ আগবঢ়াইছে।
অনাদি কালৰে পৰাই সোমনাথে ভিন্ন শ্ৰেণীৰ লোকসকলক একত্ৰিত কৰি আহিছে। যুগ-যুগ পূৰ্বে সোমনাথলৈ এগৰাকী সন্মানীয় জৈন সন্ন্যাসী কলিকাল সৰ্বজ্ঞান হেমচন্দ্ৰচাৰ্য্যৰ আগমন ঘটিছিল। কথিত আছে যে তাত প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ এটি শ্লোক গাইছিল “भवबीजाङ्कुरजनना रागाद्याः क्षयमुपगता यस्य।” ইয়াৰ অৰ্থ হৈছে – যাৰ মাজত সাংসাৰিক বন্ধনৰ বীজ ধ্বংস হৈছে, যাৰ মাজত আবেগ আৰু সকলো কু-কৰ্ম শান্ত হৈছে, সেই পৰম সত্তাক মই প্ৰণাম কৰো।।” আজিও সোমনাথে মন আৰু আত্মাত গভীৰ অনুভূতি জাগ্ৰত কৰাৰ একে সামৰ্থ্যকে ধাৰণ কৰি আছে।
১০২৬-ত প্ৰথম আক্ৰমণৰ হাজাৰ বছৰৰ পাছতো সোমনাথৰ সাগৰখনে তেতিয়াৰ দৰেই তীব্ৰতাৰে গৰ্জন কৰি আছে। সোমনাথৰ পাৰ ধুই পেলোৱা ঢৌৱে এই কাহিনীকেই কয়। যিয়েই নহওক, ঠিক ঢৌৰ দৰেই এয়া বাৰে-বাৰে বাঢ়ি গৈ থাকিল।
অতীতৰ আগ্ৰাসীবোৰ এতিয়া বতাহৰ ধূলি হৈ পৰিল, সিহঁতৰ নাম ধ্বংসৰ সমাৰ্থক। ইতিহাসৰ পাদটীকাতে তেওঁলোক আৱদ্ধ হৈ পৰাৰ বিপৰীতে দিগন্তৰ বহু ওপৰেৰে বিকিৰণ কৰি সোমনাথ উজ্জ্বল হৈ থিয় হৈ আছে। যিয়ে ১০২৬-ৰ আক্ৰমণত অক্ষত হৈ থকা চিৰন্তন আত্মাৰ কথাকেই আমাক সোঁৱৰাই দিয়ে। সোমনাথ এটি আশাৰ গীত যিয়ে আমাক কয় যে ঘৃণা আৰু ধৰ্মান্ধতাৰ ক্ষন্তেক সময়ৰ বাবে ধ্বংস কৰাৰ শক্তি থাকিব পাৰে যদিও বিশ্বাস আৰু দৃঢ়তাৰ অনন্তকালৰ বাবে সৃষ্টি কৰাৰ শক্তি আছে।

হাজাৰ বছৰৰ পূৰ্বে আক্ৰমণ কৰা আৰু তাৰ ওপৰত অবিৰত আক্ৰমণৰ সন্মুখীন হোৱা সোমনাথ মন্দিৰ যদি বাৰে-বাৰে থিয় দিব পাৰে, তেন্তে আমি নিশ্চয়কৈ আমাৰ মহান ৰাষ্ট্ৰখনক হাজাৰ বছৰৰ পূৰ্বৰ মূৰ্ত মহিমালৈ ঘূৰাই নিব পাৰিম। শ্ৰী সোমনাথ মহাদেৱৰ আশীৰ্বাদত আমি এখন বিকশিত ভাৰত গঢ়াৰ এক নতুন সংকল্পৰে অগ্ৰসৰ হৈছো, য’ত সভ্যতাবাদী প্ৰজ্ঞাই আমাক সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে কাম কৰিবলৈ পথ প্ৰদৰ্শন কৰিছে।
জয় সোমনাথ!






