কেইদিনমান পূৰ্বে আমি অধ্যাপক এম.এছ. স্বামীনাথনক হেৰুৱাইছো। আমাৰ ৰাষ্ট্ৰই কৃষি বিজ্ঞানত বিপ্লৱ অনা এজন দূৰদৰ্শীক হেৰুৱালে, তেওঁ এগৰাকী শক্তিশালী ব্যক্তি যাৰ ভাৰতলৈ অৱদান সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। অধ্যাপক এম.এছ. স্বামীনাথনে ভাৰতক ভাল পাইছিল আৰু আমাৰ ৰাষ্ট্ৰ তথা বিশেষকৈ আমাৰ কৃষকসকলে সমৃদ্ধিৰ জীৱন যাপন কৰাটো বিচাৰিছিল। উজ্জ্বল শৈক্ষিক অৰ্হতাৰ স্বামীনাথনে যিকোনো কেৰিয়াৰ বাছনি কৰিব পাৰিলেহেঁতেন। কিন্তু ১৯৪৩ চনৰ বংগৰ দুৰ্ভিক্ষই তেওঁক ইমানেই প্ৰভাৱান্বিত কৰিছিল যে তেওঁ স্পষ্টকৈ কৈছিল - যদি তেওঁ কাম কৰে , তেন্তে কৃষি অধ্যয়ন কৰাটোৱেই সেই কাম হ'ব।

তুলনামূলকভাৱে কম বয়সতে স্বামীনাথনে ডাঃ নৰমান বৰলাগৰ সংস্পৰ্শলৈ আহিছিল আৰু বৰলাগ আৰু তেওঁৰ কৰ্মৰাজিক অনুসৰণ কৰিছিল। ১৯৫০-ৰ দশকত স্বামীনাথনক আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষদ(ফেকাল্টি) পদৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ ইয়াক প্ৰত্যাখ্যান কৰিছিল। কাৰণ তেওঁ ভাৰত থাকি ভাৰতৰ বাবে কাম কৰিব বিচাৰিছিল।

মই বিচাৰো যে আপোনালোক সকলোৱে তেওঁ কেনে প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজতো স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ থাকি আমাৰ দেশক আত্মনিৰ্ভৰশীলতা আৰু আত্মবিশ্বাসৰ পথ প্ৰদৰ্শন কৰিছিল সেই কথা অনুধাৱন কৰক। স্বাধীনতাৰ পিছত প্ৰথম দুটা দশকত আমি অপৰিসীম প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি আছিলো আৰু তাৰে এটা আছিল খাদ্যৰ অভাৱ। ১৯৬০-ৰ দশকৰ আৰম্ভণিতে, ভাৰতে দুৰ্ভিক্ষৰ কৰাল গ্ৰাসৰ সৈতে যুঁজি আছিল আৰু তেতিয়াই অধ্যাপক স্বামীনাথনৰ অটল বিশ্বাস আৰু দূৰদৰ্শীতাই কৃষিক্ষেত্ৰত সমৃদ্ধিৰ এক নতুন যুগৰ সূচনা কৰিছিল।

তেওঁৰ অগ্ৰণী কৰ্মৰ বাবেই কৃষি উৎপাদনৰ লগতে ঘেঁহুৰ নতুন প্ৰজাতি উদ্ভাৱন আদিৰ দৰে নিৰ্দিষ্ট খণ্ডত উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল। এনেদৰে তেওঁ ভাৰতক খাদ্যৰ অভাৱত ভুগি থকা এখন দেশৰ পৰা এখন স্বাৱলম্বী ৰাষ্ট্ৰলৈ পৰিণত কৰিছিল। এনে অভাৱনীয় সাফল্যই তেওঁক "ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ" উপাধিৰ বাবে যোগ্য কৰি তুলিছিল।

সেউজ বিপ্লৱে শত সহস্ৰ প্ৰত্যাহ্বানৰ মাজতো ভাৰতক "কৰি দেখুওৱাৰ উদ্দীপনা"ক জাগ্ৰত কৰিছিল । সেউজ বিপ্লৱ আৰম্ভ হোৱাৰ পাঁচ দশক পিছত, ভাৰতীয় কৃষি বহু বেছি আধুনিক আৰু প্ৰগতিশীল হৈ পৰিছে। কিন্তু অধ্যাপক স্বামীনাথনে স্থাপন কৰা ভেটি আমি কেতিয়াও পাহৰিব নোৱাৰিম।

বিগত বহু বছৰ ধৰি তেওঁ আলুক ক্ষতিগ্ৰস্ত কৰা কৰা পৰজীৱীৰ সৈতে যুঁজ দিয়াৰ বাবে অগ্ৰণী গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাই আলুক ঠাণ্ডা বতৰ সহ্য কৰিবলৈ সক্ষম কৰিছিল। আজি বিশ্বই মিলেটছ বা শ্ৰী অন্নক চুপাৰ ফুড বুলি কৈছে, কিন্তু অধ্যাপক স্বামীনাথনে ১৯৯০ ৰ দশকৰে পৰা মিলেটছক উৎসাহিত কৰিছিল।

অধ্যাপক স্বামীনাথনৰ সৈতে মোৰ বিস্তৃতভাবে ব্যক্তিগত বাৰ্তালাপ হৈছিল। মই ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিলো। সেই দিনবোৰত গুজৰাট কৃষি দক্ষতাৰ বাবে জনাজাত নাছিল। একাধিক খৰাং আৰু প্ৰৱল ঘূৰ্ণীবতাহ তথা ভূমিকম্পই ৰাজ্যখনৰ বিকাশৰ গতিপথত প্ৰভাৱ পেলাইছিল। আমি আৰম্ভ কৰা বহু কেইটা পদক্ষেপৰ ভিতৰত এটা আছিল মাটিৰ স্বাস্থ্য কাৰ্ড প্ৰৱৰ্তন কৰা, যিয়ে আমাক মাটিক ভালদৰে বুজিবলৈ আৰু মাটিত সমস্যাৰ উদ্ভৱ হ'লে তাৰ সমাধান কৰিবলৈ সক্ষম কৰি তুলিছিল। এই আঁচনিৰ অচিলা লৈয়েই মই অধ্যাপক স্বামীনাথনক লগ পাইছিলো। তেওঁ আঁচনিখনৰ প্ৰশংসা কৰিছিল আৰু ইয়াৰ বাবে তেওঁৰ মূল্যৱান পৰামৰ্শ আগবঢ়াইছিল। যিসকলে আঁচনিখনৰ বিষয়ে সন্দিহান আছিল তেওঁলোকক বুজাবলৈ তেওঁৰ মন্তব্যই যথেষ্ট আছিল । অৱশেষত সেই আঁচনিয়েই গুজৰাটৰ কৃষিখণ্ডৰ সফলতাৰ কাৰক হৈ পৰিছিল।

মোৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালত আৰু মই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সময়তো আমাৰ বাৰ্তালাপ অব্যাহত আছিল। মই তেওঁক ২০১৬ চনত আন্তৰ্জাতিক কৃষি-জৈৱ বৈচিত্ৰ্য কংগ্ৰেছত লগ পাইছিলো আৰু পৰৱৰ্তী বছৰ ২০১৭ চনত, মই তেওঁ লিখা দুটা খণ্ডৰ কিতাপো উন্মোচন কৰিছিলো।

কুৰালে কৃষকসকলক পৃথিৱীখনক একেলগ কৰি ধৰি ৰখাৰ "পিন" হিচাপে অভিহিত কৰিছে৷ কাৰণ কৃষকসকলেহে সকলোকে জীয়াই ৰাখে। অধ্যাপক স্বামীনাথনে এই নীতিটো ভালদৰে বুজি পাইছিল। সেইবাবেই বহুতেই তেওঁক "কৃষি বিজ্ঞানী" বুলি কয় – এগৰাকী কৃষি বিজ্ঞানী। কিন্তু, মই সদায় বিশ্বাস কৰি আহিছো যে তেওঁ তাতোকৈয়ো অধিক আছিল। তেওঁ এজন সঁচা অৰ্থত "কিষাণ বিজ্ঞানী" আছিল– এজন কৃষক বিজ্ঞানী। তেওঁৰ হৃদয়ত এজন কৃষক আছিল। তেওঁৰ কামৰ সফলতা কেৱল তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষতাতে সীমাবদ্ধ নাছিল; সেয়া পৰীক্ষাগাৰৰ বাহিৰত, পাম আৰু খেতিপথাৰত নিহিত হৈ আছে। তেওঁৰ কামে বৈজ্ঞানিক জ্ঞান আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছিল। তেওঁ নিৰন্তৰভাৱে বহনক্ষম কৃষিৰ বাবে ওকালতি কৰিছিল, মানৱৰ উন্নতি আৰু পাৰিপাৰ্শ্বিক স্থিৰতাৰ মাজত সূক্ষ্ম ভাৰসাম্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। ইয়াত মই স্বামীনাথনে ক্ষুদ্ৰ কৃষকসকলৰ জীৱনৰ মান উন্নত কৰি তেওঁলোকক উদ্ভাৱনৰ সুফল ভোগ কৰাৰ বাবে আৰোপ কৰা বিশেষ গুৰুত্বৰ কথা বিশেষভাবে মন কৰিছো । তেওঁ মহিলা কৃষকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে বিশেষভাৱে উৎসাহী আছিল।

অধ্যাপক এম.এছ. স্বামীনাথনৰ বিশেষ আন এটা দিশ আছিল যিটো সঁচাকৈয়ে লক্ষণীয় - তেওঁ উদ্ভাৱন আৰু নেতৃত্বদানৰ এক ওখ স্তম্ভ স্বৰূপ আছিল। যেতিয়া তেওঁ প্ৰথমগৰাকী ব্যক্তি হিচাবে ১৯৮৭ চনত সন্মানজনক বিশ্ব খাদ্য বঁটা লাভ কৰিছিল, তেতিয়া তেওঁ পুৰষ্কাৰৰ ধনৰাশি ব্যৱহাৰ কৰি এক অলাভজনক গৱেষণা ফাউণ্ডেচন স্থাপন কৰিছিল। আজিলৈকে সেই ফাউণ্ডেচনে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি আহিছে। তেওঁ অগণন মনক আকৃষ্ট কৰিছে, তেওঁলোকৰ মাজত শিকা আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰিছে। দ্ৰুতগতিত পৰিৱৰ্তনশীল পৃথিৱীত তেওঁৰ জীৱনে আমাক জ্ঞান, পৰামৰ্শ আৰু উদ্ভাৱনৰ স্থায়ী শক্তিৰ কথা মনত পেলাই দিয়ে। তেওঁ এজন প্ৰতিষ্ঠান গঢ়োতাও আছিল, তেওঁৰ উদ্যোগতে বহু কেন্দ্ৰত গৱেষণা পৰিচালিত হৈছিল। মেনিলাৰ আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল৷। আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ দক্ষিণ এছিয়া আঞ্চলিক কেন্দ্ৰটো ২০১৮ চনত বাৰাণসীত স্থাপন কৰা হৈছিল।

ড০ স্বামীনাথনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মই পুনৰ কুৰালৰ উদ্ধৃতি দিম। ইয়াত লিখা আছে, "যিসকলে পৰিকল্পনা কৰিছে তেওঁলোকৰ দৃঢ়তা থাকিলে তেওঁলোকে যি বিচাৰে সেয়া লাভ কৰিব।" তেওঁ এজন শক্তিশালী ব্যক্তি আছিল যিয়ে জীৱনৰ আৰম্ভণিতে সিদ্ধান্ত লৈছিল যে তেওঁ কৃষিক শক্তিশালী কৰিব বিচাৰে আৰু কৃষকসকলক সেৱা কৰিব বিচাৰে। আৰু তেওঁ সেয়া অভিনৱ আৰু অসাধাৰণভাৱে কৰিছিল।

ডঃ স্বামীনাথনৰ কৰ্মৰাজিয়ে আমাক কৃষি উদ্ভাৱন আৰু স্থিৰতাৰ পথ তৈয়াৰ কৰাৰ পথত অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰি আহিছে। কৃষি বিপ্লৱৰ বাবে তেওঁ গ্ৰহণ কৰা নীতিসমূহৰ প্ৰতি আমি আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিব লাগিব , কৃষকসকলৰ উদ্দেশ্যক সমৰ্থন কৰিব লাগিব আৰু বৈজ্ঞানিক উদ্ভাৱনৰ ফল আমাৰ কৃষি ক্ষেত্ৰৰ তৃণমূল পৰ্যায়ত উপনীত হোৱাটো নিশ্চিত কৰিব লাগিব৷ লগতে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি অনাগত প্ৰজন্মৰ বাবে বিকাশ, স্থিৰতা আৰু সমৃদ্ধি নিশ্চিত কৰিব লাগিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India auto sales cross 24 lakh in July, exports rise 25% as industry enters festive season

Media Coverage

India auto sales cross 24 lakh in July, exports rise 25% as industry enters festive season
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06, 2026

আজি ৬ জুলাই। আজিৰ এই দিনটো জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি কালজয়ী নিদৰ্শন হৈ পৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছো। এই দিনটোত আমি তেওঁক স্মৰণ কৰিছো। আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিৰ লেখীয়াকৈ বুদ্ধিমত্তা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ক গভীৰভাৱে মূৰ্ত কৰি তুলিব পাৰিছে ।

শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এনে এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰিছিল যিটো পৰিৱেশত তেওঁ এক সুৰক্ষিত আৰু আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। ভাগ্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্মুখত বিশেষ সুবিধাৰ পথ মুকলি কৰি দিলেও তেওঁৰ বিবেকে তেওঁক ত্যাগ আৰু জাতীয় সেৱাৰ দিশলৈহে আকৰ্ষণ কৰিছিল। তেওঁ নিশ্চিত হৈছিল যে তেওঁ আৰ্তজনৰ দুখ দেখি বোবা দৰ্শক হৈ থাকিব নোৱাৰে। সেয়া লাগিলে ঔপনিৱেশিকতাবাদ, সাম্প্ৰদায়িকতাবাদ, মানৱীয় প্ৰত্যাহ্বান আদিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। তেওঁৰ এই যাত্ৰাত তেওঁ কেইবাটাও দুখজনক ঘটনাৰ সন্মুখীন হবলগীয়া হৈছিল, প্ৰথমে তেওঁ হেৰুৱাইছিল নিজৰ কেঁচুৱা সন্তানটিক আৰু পিছলৈ হেৰুৱাইছিল পত্নীক । তথাপিও এই ঘটনাসমূহে তেওঁৰ সংকল্পক অধিক গভীৰ কৰি তুলিছিল আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক অধিক শক্তিশালী কৰিছিল ।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱনক সংজ্ঞায়িত কৰা এক বিশেষ আদৰ্শ আছিল, সেয়া আছিল ভাৰতৰ অবিভাজ্যতা। দেশ বিভাজনৰ উত্তাল পৰিস্থিতিৰ সময়ত তেওঁ দৃঢ়তাৰে থিয় দিছিল যাতে পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকে। কেইবছৰমানৰ পাছত সেই প্ৰত্যয়ৰেই তেওঁ জম্মু-কাশ্মীৰলৈ আকৰ্ষিত হৈছিল। কাৰাদণ্ডই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল আৰু অকশৰীয়া হৈ পৰা অৱস্থায়ো তেওঁক হতাশ কৰা নাছিল। তেওঁৰ জীৱনৰো হঠাৎ অন্ত পৰিছিল কাৰাবন্দিত্বৰ মাজতেই । যিসকল মানুহক তেওঁ নিজৰ কৰি লৈছিল, তেওঁলোকৰ পৰা বহু দূৰত তেওঁ অকশৰীয়া অৱস্থাতে চিৰদিনৰ বাবে চকু মুদিছিল। ইতিহাসৰ এনে কিছুমান মুহূৰ্ত আছে যেতিয়া ব্যক্তি এগৰাকীৰ চূড়ান্ত ত্যাগে ৰাজনীতিক অতিক্ৰম কৰি জাতীয় ভাবনাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলে । ডাঃ মুখাৰ্জীৰ শেষ যাত্ৰাও তেনে এক মুহূৰ্ত হৈয়েই আছে। আচাৰ্য বিনোৱা ভাৱেই কৈছিল যে ড° মুখাৰ্জীয়ে যি কামত বিশ্বাস কৰিছিল সেই কামৰ বাবে নিজকে বলিদান দিছিল। বহু বছৰৰ পিছত ২০১৯ চনত কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাটোৱেই আছিল তেওঁৰ বলিদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ড° মুখাৰ্জীয়ে ভাৰত প্ৰথম আৰু ভাৰতীয় মূল্যবোধক প্ৰথম স্থান দিছিল। এনে কৰিবলৈ যাওঁতে তেওঁ সেই সময়ৰ গতানুগতিক মানসিকতাৰে পৰিচালিত হৈ থকা বহু অনুষ্ঠান পুনৰ নতুনকৈ গঢ় দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কনিষ্ঠতম উপাচাৰ্য হিচাপে পৰিগণিত হৈছিল। অনন্য শৈলীৰে তেওঁ বিশ্ববিদ্যালয়খনলৈ দেশপ্ৰেমমূলক ভাবনাৰে আৰু ভৱিষ্যতৰ উত্তৰণৰ চিন্তাৰে ইতিবাচক পৰিৱৰ্তন আনিছিল। শিক্ষাবিদসকলৰ এখন সন্মিলনত ভাষণ দি ড০ মুখাৰ্জীয়ে কৈছিল “শিক্ষানুষ্ঠানসমূহক সম্ভাৱ্য কেৰাণী আৰু কম দৰমহা পোৱা কৰ্মচাৰী উৎপাদনৰ বাবে কাৰখানা হিচাপে চোৱাটো উচিত নহয়।আমি এনে ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব, যিয়ে আমাৰ স্ব-শাসিত প্ৰতিষ্ঠানসমূহ, যেনে পৌৰ নিগম, প্ৰাদেশিক আৰু কেন্দ্ৰীয় বিধায়িনী প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিত্ত, বাণিজ্য আৰু উদ্যোগ আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ পৰিচালনা কৰিবলৈ সক্ষম হ’ব লাগিব ।”

তেওঁৰ নেতৃত্বতে কলিকতা বিশ্ববিদ্যালয়ে পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নত কৰা, বিজ্ঞানৰ গৱেষণাক উন্নীত কৰা, শিল্পকৰ্মৰ অধ্যয়নক উৎসাহিত কৰা আৰু কৃষিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দৰে অনন্য প্ৰচেষ্টা হাতত লৈছিল। ইয়াত মাত্ৰ কেইটামানৰ কথাহে উল্লেখ কৰিলো। তেওঁ ক্ৰীড়া, শিক্ষক প্ৰশিক্ষণ আৰু ছাত্ৰ কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত মিলা-প্ৰীতি তথা সমন্বয়ৰ ভাব জগাই তুলিবলৈ তেওঁ ২৪ জানুৱাৰীৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰ এক প্ৰথা আৰম্ভ কৰিছিল। তেওঁ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ববিদ্যালয়খনৰ বাবে এটা গীত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁৰ উদ্যমী মনোভাবৰ আন এক উদাহৰণ তেওঁৰ জীৱনৰ পিছৰ অংশত দেখা যায়, যেতিয়া তেওঁ ভাৰতীয় জনসংঘ গঠনৰ সিদ্ধান্ত লৈছিল। যিটো সময়ত কংগ্ৰেছ পাৰ্টি সৰ্বব্যাপী আছিল, সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আমাৰ সাংস্কৃতিক শিপাৰ লগত সংলগ্ন হৈ থাকি ভাৰতৰ প্ৰগতিৰ বাবে মাত মাতিবলৈ বিকল্প কণ্ঠৰ প্ৰয়োজন আছে। জনসংঘৰ প্ৰতীক আছিল এটা চাকি , মাটিৰ চাকিক প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো নিঃসন্দেহে উপযুক্ত আছিল। এগচি মাটিৰ চাকি দেখিবলৈ সামান্য যেন লাগিব পাৰে, তথাপিও ইয়াৰ নিজৰ পৰা বহু দূৰৈৰ আন্ধাৰ নাশ কৰাৰ শক্তি থাকে । জনসংঘই সক্ৰিয় হৈ থকা বছৰবোৰত আৰু তাৰ পাছৰ বছৰবোৰতো ঠিক তেনে কামেই কৰিছিল।

ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰ্যকালত দেশে এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতাক আৱিষ্কাৰ কৰিছিল। যিগৰাকী ব্যক্তিৰ উন্নয়নৰ ধাৰণা উল্লেখযোগ্যভাৱে ব্যাপক আৰু মানৱীয় আছিল। নতুনকৈ স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে তেওঁ উদ্যোগক মৰ্যাদা, সুযোগ আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ সম্পদ সৃষ্টি আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। দামোদৰ উপত্যকা নিগম, সিন্দ্ৰি সাৰ উদ্যোগ আৰু এক শক্তিশালী ঔদ্যোগিক নীতিৰ দৰে অগ্ৰণী পদক্ষেপৰ জৰিয়তে তেওঁ আধুনিক ভাৰতৰ ঔদ্যোগিক ভেটি স্থাপন কৰিছিল। তেওঁ একেসময়তে ভাৰতৰ পৰম্পৰাগত শক্তিসমূহ অৱহেলিত হৈ নাথাকে সেয়াও নিশ্চিত কৰিছিল। হস্ততাঁত, কুটিৰ উদ্যোগ, শিল্প আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলে তেওঁৰ মাজত সকলোৰে বাবে সমানে দায়বদ্ধ এগৰাকী ব্যক্তিক বিচাৰি পাইছিল।

ইয়াত মই ব্যক্তিগত অভিজ্ঞতাৰ এটাৰ বিষয়ে ক’ব বিচাৰিছো। ড° মুখাৰ্জীয়ে স্বাৱলম্বীতাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা সিন্দ্ৰি উদ্যোগটোক কেইবা দশক ধৰি দেশ পৰিচালনা কৰাসকলে অৱহেলা কৰিছিল। আমাৰ চৰকাৰে ইয়াৰ পুনৰুজ্জীৱনত অৰিহণা যোগোৱাৰ সুযোগ পোৱাত মই সন্মানিত অনুভৱ কৰিছো। সেই অনুষ্ঠানৰ বাবে তাত উপস্থিত হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল।

ভাৰতৰ সভ্যতাৰ পৰম্পৰাই দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয়টোত গুৰুত্ব দি আহিছে। ড° মুখাৰ্জীয়ে এই গণতান্ত্ৰিক মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁ পণ্ডিত নেহৰুৰ কেবিনেটত যোগদান কৰিছিল, প্ৰথম বছৰবোৰত দেশ গঠনৰ কামত ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ আন্তৰিকতা আৰু গঠনমূলক মনোভাৱেৰে সেৱা আগবঢ়াইছিল। কিন্তু যেতিয়া তেওঁ অনুভৱ কৰিছিল যে জাতীয় স্বাৰ্থ জড়িত হৈ থকা প্ৰশ্নবোৰে এক বেলেগ পথ দাবী কৰে, তেতিয়া তেওঁ মৰ্যাদাৰে পদত্যাগ কৰি দেশৰ বাবে প্ৰয়োজন বুলি বিশ্বাস কৰা ৰাজনৈতিক কাম-কাজত নিজকে উৎসৰ্গা কৰিছিল।

৭৫ বছৰ পূৰ্বে পণ্ডিত নেহৰুৱে এনে এক প্ৰথম সংশোধনী আনিছিল, যি আছিল বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। নেহৰুৰ এনে পদক্ষেপৰ কঠোৰ সমালোচকৰ ভিতৰত ড° মুখাৰ্জী অন্যতম আছিল। কংগ্ৰেছে কি কৰিবলৈ সক্ষম সেই কথা তেওঁ সম্পূৰ্ণৰূপে বুজি পাইছিল। সময়ত তেওঁ কৰা ধৰাণাই সত্য বুলি প্ৰমাণিত হ’ল। ৭৫ বছৰ আগতে প্ৰথম সংশোধনী অনাসকলে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দিছিল আৰু ৫০ বছৰ আগতে ৪২ সংখ্যক সংশোধনী আইন আনিছিল, যিয়ে পুনৰ উদাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল।

ড° মুখাৰ্জীয়ে মানৱীয় প্ৰচেষ্টা গ্ৰহণৰ পক্ষত বিশেষভাৱে থিয় দিছিল। ১৯৪৩ চনত যেতিয়া বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া ডাঃ মুখাৰ্জীয়ে ক্ষতিগ্ৰস্তসকলৰ সেৱাত নিজকে বিলীন কৰি দিছিল। তেওঁ কেইবাখনো কেণ্টিন আৰু সাহায্য কেন্দ্ৰ মুকলি কৰি মানুহক খাদ্য যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰিছিল । এফালে জনসাধাৰণৰ দুৰ্দশাই তেওঁক গভীৰভাৱে জোকাৰি গৈছিল, আনফালে ঔপনিৱেশিক শাসকসকলৰ সংবেদনহীনতাই তেওঁক মনোকষ্ট দিছিল। তেওঁ পঞ্চাশেৰ মন্বন্তৰ নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ নিজৰ ক্ষোভ উজাৰি দিছিল। ১৯৪২ চনত যেতিয়া মেদিনীপুৰত ছুপাৰ চাইক্ল’ন হৈছিল , তেতিয়া তেওঁ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে দিনে-ৰাতিয়ে দেহে কেহে খাটি প্ৰশংসিত হৈছিল।

কলকাতাৰ এখন মহাবিদ্যালয়ত ভাষণ দি ড০ মুখাৰ্জীয়ে যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, “ তোমালোকে যি কামেই হাতত নোলোৱা কিয়, সেই কামটো গুৰুত্বসহকাৰে, পুংখানুপুংখভাৱে আৰু ভালদৰে কৰিবা”। ভাৰতবৰ্ষই বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি তেওঁক দিব পৰা আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলি হ’ল- তেওঁ গভীৰভাৱে বিশ্বাস কৰা শক্তিশালী, সংহত, আত্মবিশ্বাসী আৰু উদাৰ ভাৰত গঢ়িবলৈ প্ৰতিদিনে চেষ্টা কৰি যোৱা। আজিৰ যুৱক-যুৱতীসকলক লৈ মই নিশ্চিত যে তেওঁলোকে সেয়া সঠিকভাবেই কৰিব।