জমাকৰ্তা আৰু বিনিয়োগকাৰী উভয়ৰে বাবে আস্থা আৰু স্বচ্ছতা নিশ্চিত কৰাটো আমাৰ মূল প্ৰাধান্যৰ বিষয়
অস্বচ্ছ ঋণ সংস্কৃতিৰ পৰা দেশক মুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
বিত্তীয় অন্তৰ্ভুক্তিৰ পিছত দেশে অৰ্থনৈতিক সৱলীকৰণৰ দিশে দ্ৰুত গতিৰে অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।

অনু্ষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ কিদৰে সম্প্ৰসাৰিত আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক কিদৰে শক্তিশালী কৰিব পাৰি, তাৰ বিষয়ে এইবাৰৰ কেন্দ্ৰীয় বাজেটত স্পষ্ট পথনিৰ্দেশনা আছে। দেশৰ বিত্তীয় খণ্ডৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগী অত্যন্ত স্পষ্ট। আমাৰ মুখ্য প্ৰধান্যৰ বিষয় হ’ল জমাকৰ্তা আৰু বিনিয়োগকাৰী উভয়ৰে বাবে আস্থা আৰু স্বচ্ছতা নিশ্চিত কৰা। বেংকিং আৰু নন-বেংকিং খণ্ডৰ পুৰণি পদ্ধতি সলনি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে অস্বচ্ছ ঋণ সংস্কৃতিৰ পৰা দেশক মুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে সাধাৰণ নাগৰিকৰ উপাৰ্জনৰ সুৰক্ষা প্ৰদান, চৰকাৰী সা-সুবিধাসমূহৰ ফলপ্ৰসু আৰু স্বচ্ছ বিতৰণ, আন্তঃগাথনিমূলক বিনিয়োগৰ প্ৰসাৰ আদি হৈছে চৰকাৰৰ মূল প্ৰধান্যৰ বিষয়। শেহতীয়া কেইবছৰমানত প্ৰণয়ন কৰা সকলো বিত্তীয় সংস্কাৰে এই প্ৰাধান্যৰ দিশসমূহক প্ৰতিফলিত কৰে। এইবাৰৰ কেন্দ্ৰীয় বাজেটে ভাৰতৰ বিত্তীয় খণ্ডক শক্তিশালী কৰাৰ দৃষ্টিভংগীক কঢ়িয়াই আনিছে। শেহতীয়াকৈ ঘোষণা কৰা নতুন ৰাজহুৱা খণ্ড নীতিয়ে বিত্তীয় খণ্ডকো অন্তৰ্ভুক্ত কৰিছে। আমাৰ অৰ্থনীতিত বেংকিং আৰু বীমাৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত কেৱল ডাঙৰ উদ্যোগ আৰু ডাঙৰ চহৰক লৈ নিৰ্মাণ নহয়। আত্মনিৰ্ভৰ ভাৰত সৃষ্টি হ’ব গাঁওৰ ক্ষুদ্ৰ উদ্যোগী আৰু সাধাৰণ লোকৰ কঠোৰ পৰিশ্ৰমেৰে। ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে চৰকাৰে বিভিন্ন খণ্ডত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে পিএম ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি আঁচনিৰ অধীনত প্ৰায় ১১ কোটি কৃষক পৰিয়ালে নিজৰ নিজৰ বেংক একাউণ্টত পোনপটীয়াকৈ ১লাখ ১৫ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰায় ১৫লাখ পদপথৰ ব্যৱসায়ীক ১০ হাজাৰ কোটিৰ ঋণ আগবঢ়োৱা হৈছে। ট্ৰেডছ, পিএছবি আদিৰ দৰে ডিজিটেল প্লেটফ’ৰ্মৰ মাধ্যমেৰে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীয়ে সহজতে ঋণৰ সুবিধা লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিত্তীয় অন্তৰ্ভুক্তিৰ পিছত দেশে অৰ্থনৈতিক সৱলীকৰণৰ দিশে দ্ৰুত গতিৰে অগ্ৰসৰ হৈছে। পৰৱৰ্তী ৫বছৰত ভাৰতৰ বিত্তীয় প্ৰযুক্তি(ফিনটেক)ৰ বজাৰ ৬ট্ৰিলিয়ন হোৱাৰ সম্ভাৱনা আছে আৰু আইএফএছচি জিআইএফটি চিটীত এক বিশ্বমানৰ বিত্তীয় কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। ভাৰতত আধুনিক আন্তঃগাথনি নিৰ্মাণ কৰাটো আমাৰ কেৱল আকাংক্ষা নহয়, ই আত্মনিৰ্ভৰ ভাৰতৰ বাবে আৱশ্যকো। সেয়ে এইবাৰৰ বাজেটত আন্তঃগাথনিৰ বাবে সাহসী লক্ষ্য ধাৰ্য কৰা হৈছে।

 

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
2W industry to grow high single digits despite West Asia crisis: Hero

Media Coverage

2W industry to grow high single digits despite West Asia crisis: Hero
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi