“জনজাতীয় গৌৰৱ দিৱস’ৰ মাধ্যেমেৰে আদিবাসী ঐতিহ্যৰ প্ৰতি গৰ্ব প্ৰকাশ কৰিছো আৰু আদিবাসীসকলৰ উন্নয়ণৰ সংকল্প হৈছে ‘পঞ্চ পণ’ৰ শক্তিৰ অংশ”
“ভগৱান বীৰছা মুণ্ডা কেৱল আমাৰ স্বাধীনতা সংগ্ৰামৰে নায়ক নাছিল বৰং তেওঁ আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক শক্তিৰ বাহকো আছিল”
“আদিবাসীসকলৰ মহান উত্তৰাধিকাৰিত্বৰ পৰা শিকনী লৈ ভাৰতে ইয়াৰ ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিব লাগিব। ইয়াৰ বাবে ‘জনজাতীয় গৌৰৱ দিৱস; এক সুযোগ আৰু মাধ্যম হৈ উঠিব বুলি মই নিশ্চিত”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰই আজি ‘পঞ্চ পণ’ৰ শক্তি লৈ ভগৱান বীৰছা মুণ্ডা  আৰু কোটি কোটি জনজাতীয় বীৰৰ সপোন সাকাৰ কৰাৰ বাবে অগ্ৰসৰ হৈছে। ‘‘জনজাতীয় গৌৰৱ দিৱস’ৰ মাধ্যমৰে আদিবাসী ঐতিহ্যক লৈ গৰ্ব প্ৰকাশ কৰাৰ লগতে আদিবাসীসকলৰ উন্নয়ণৰ সংকল্প হৈছে পঞ্চ পণৰ শক্তিৰ অংশ”। ‘জনজাতীয় গৌৰৱ দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক শুভকামনাও জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘ভগৱান’ বীৰছা মুণ্ডাৰ প্ৰতি শ্ৰৰ্দ্ধাৰ্ঘ্য নিৱেদন কৰাৰ লগতে কয় আদিবাসী পৰম্পৰাৰ দিন হিচাপে ১৫ নৱেম্বৰৰ দিনটো উদযাপন কৰা হয়, “ভগৱান’ বীৰছা মুণ্ডা কেৱল আমাৰ স্বাধীনতা সংগ্ৰামৰে নায়ক নাছিল, বৰং আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক শক্তিৰো এগাৰাকী বাহক আছিল”।

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামত আদিবাসী সম্প্ৰদায়ে আগবঢ়োৱা অনবদ্য অৱদানৰ কথা স্মৰণ কৰাৰ লগতে স্বাধীনতাৰ বাবে জনজাতীয়সকলে কৰা প্ৰধান আন্দোলন তথা যুঁজসমূহৰ কথাও উল্লেখ কৰে। তেওঁ তিলক মাঁঝিৰ নেতৃত্বত হোৱা ‘দমিন সংগ্ৰাম’, বুধু ভগতৰ নেতৃত্বত হোৱা ‘লৰ্কা আন্দোলন’, ‘সিধু-কান্হা ক্ৰান্তী’, ‘তানা ভগত আন্দোলন’, ‘ভেগা ভীল আন্দোলন’,  ‘নাইকডা আন্দোলন’, সন্ত জৰিয়া পৰমেশ্বৰ আৰু ৰূপ সিং নায়ক, লিমিডি দাহোদ যুঁজ, মানগড়ৰ গোবিন্দ গুৰু জী আৰু আল্লুৰী সীতাৰাম ৰাজু নেতৃত্ব চলা ‘ৰাম্পা আন্দোলন’ আদিৰ কথাও তেওঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

তেওঁ আদিবাসীসকলৰ অৱদান স্বীকাৰ কৰাৰ লগতে সেয়া কেনে  ভাবে উদযাপন কৰাৰ প্ৰয়োজন তাৰো এক তালিকা দাঙি ধৰে। দেশৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা জনজাতীয় সংগ্ৰহালয়ৰ লগতে ‘জন ধন’, ‘গোবৰ্ধন’, ‘বন ধন’, ‘আত্ম সহায়ক গোট’, ‘স্বচ্ছ ভাৰত’, ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’, ‘মাতৃ বন্দনা যোজনা’, ‘গ্ৰামীণ চড়ক যোজনা’, ‘মোবাইল যোগাযোগ’, ‘একলব্য বিদ্যালয়’, ‘৯০ শতাংশ পৰ্যন্ত বনজ সামগ্ৰীৰ বাবে এমএছপি’ৰ দিহা, ‘চিকল-চেল এনিমিয়া’, ‘জনজাতীয় গৱেষণা প্ৰতিষ্ঠান’, ‘ক’ৰোনাৰ বিনামূলীয়া প্ৰতিষেধক’, আৰু ‘মিছন ইন্দ্ৰধনুষ’ আদি আঁচনিয়ে জনজাতীয় লোকসকলকো বাৰুকৈয়ে উপকৃত কৰাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে আদিবাসীসকলৰ বীৰত্ব, সমূহিক জীৱন আৰু আদিবাসীসকলৰ সমাজিক অন্তৰ্ভূক্তিৰ প্ৰসংগসমূহো বিশেষ ভাবে আঙুলীয়াই দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, “আদিবাসীসকলৰ মহান উত্তৰাধিকাৰিত্বৰ পৰা শিকনী লৈ ভাৰতে ইয়াৰ ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিব লাগিব। ইয়াৰ বাবে ‘জনজাতীয় গৌৰৱ দিৱস’ এক সুযোগ আৰু মাধ্যম হৈ উঠিব বুলি মই নিশ্চিত।”

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ডিচেম্বৰ 2025
December 08, 2025

Viksit Bharat in Action: Celebrating PM Modi's Reforms in Economy, Infra, and Culture