“বিগত ১০ বছৰত আমাৰ চৰকাৰৰ দেশ সেৱাৰ প্ৰচেষ্টাক ভাৰতৰ জনসাধাৰণে আন্তৰিকতাৰে সমৰ্থন আৰু আশীৰ্বাদ দিছে”
“বাবা চাহেব আম্বেদকাৰে দিয়া সংবিধানখনেই মোৰ দৰে ৰাজনৈতিক পটভূমি শূন্য লোকক ৰাজনীতিত প্ৰৱেশ কৰি এনে পৰ্যায়ত উপনীত হ’বলৈ অনুমতি দিছে”
“আমাৰ সংবিধানে আমাক লাইটহাউচৰ দৰে পথ প্ৰদৰ্শন কৰে”
“আমি ভাৰতৰ অৰ্থনীতিক তৃতীয় বৃহত্তম হিচাপে গঢ়াৰ বাবে আত্মবিশ্বাস আৰু দৃঢ় বিশ্বাসেৰে আমাক তৃতীয়বাৰলৈ জনাদেশ দিছে”
“দেশৰ বাবে অহা ৫ বছৰ অতি গুৰুত্বপূৰ্ণ”
“আমি এই যুগটোক সুশাসনৰ সহায়ত মৌলিক প্ৰয়োজনীয়তাসমূহৰ পৰিপূৰ্ণতাৰ যুগলৈ ৰূপান্তৰিত কৰিব বিচাৰো”
“আমি ইয়াতে ক্ষান্ত থাকিব নিবিচাৰো। আগন্তুক পাঁচ বছৰলৈ আমি নতুন খণ্ডত উদ্ভৱ হোৱা সমস্যাসমূহ অধ্যয়ন কৰি সমাধান কৰিবলৈ চেষ্টা কৰি আছো”
“প্ৰতিটো পৰ্যায়তে ক্ষুদ্ৰ পৰিকল্পনাৰ জৰিয়তে বীজৰ পৰা বজাৰলৈকে কৃষকসকলক এক শক্তিশালী ব্যৱস্থা প্ৰদানৰ বাবে আমি সৰ্বোচ্চ প্ৰচেষ্টা চলাইছো”
আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।
সদনত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণাদায়ক আৰু উৎসাহজনক ভাষণৰ বাবে ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত প্ৰায় ৭০জন সদস্যই নিজৰ মতামত দাঙি ধৰে আৰু প্ৰধানমন্ত্ৰীয়ে সদস্যসকলক ধন্যবাদ জনায়।
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে ভাৰতৰ সংবিধান কেৱল প্ৰবন্ধৰ সংকলন নহয় বৰঞ্চ ইয়াৰ মনোভাৱ আৰু ছাপ অত্যন্ত মূল্যৱান।

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।

সদনত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণাদায়ক আৰু উৎসাহজনক ভাষণৰ বাবে ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত প্ৰায় ৭০জন সদস্যই নিজৰ মতামত দাঙি ধৰে আৰু প্ৰধানমন্ত্ৰীয়ে সদস্যসকলক ধন্যবাদ জনায়।

দেশৰ গণতান্ত্ৰিক যাত্ৰাৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৬০ বছৰৰ পাছত ভাৰতৰ ভোটাৰসকলে একেৰাহে তৃতীয়বাৰৰ বাবে এখন চৰকাৰক ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰি ঘূৰাই আনিছে। বিৰোধীয়ে ভোটাৰৰ সিদ্ধান্তক ভেঙুচালি কৰাৰ পদক্ষেপক গৰিহণা দি শ্ৰী মোদীয়ে কয় যে যোৱা কেইদিনমানৰ পৰা তেওঁ লক্ষ্য কৰিছে যে একাংশই নিজৰ পৰাজয় আৰু তেওঁলোকৰ জয়ক গধুৰ হৃদয়েৰে মানি লৈছে।

প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে বৰ্তমানৰ চৰকাৰখনে শাসনৰ এক তৃতীয়াংশ অৰ্থাৎ ১০ বছৰহে সম্পূৰ্ণ কৰিছে আৰু দুই তৃতীয়াংশ বা ২০ বছৰ বাকী আছে। প্ৰধানমন্ত্ৰীয়ে কয়, “বিগত ১০ বছৰত আমাৰ চৰকাৰে দেশৰ সেৱাৰ বাবে কৰা প্ৰচেষ্টাক ভাৰতৰ জনসাধাৰণে সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন আৰু আশীৰ্বাদ দিছে”। অপপ্ৰচাৰক পৰাস্ত কৰি, প্ৰদৰ্শনক অগ্ৰাধিকাৰ দিয়া, মিথ্যাচাৰী ৰাজনীতিক প্ৰত্যাখ্যান কৰা আৰু আস্থাৰ ৰাজনীতিত বিজয়ৰ মোহৰ লগোৱা নাগৰিকসকলে দেখুওৱা বিচাৰক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে।

ভাৰতে সংবিধানৰ ৭৫সংখ্যক বছৰত ভৰি দিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সংসদেও ৭৫বছৰ সম্পূৰ্ণ কৰাৰ বাবে এয়া এক বিশেষ মঞ্চ, যাৰ ফলত ই এক আনন্দদায়ক কাকতলীয়া ঘটনা। বাবা চাহেব আম্বেদকাৰে প্ৰণয়ন কৰা ভাৰতৰ সংবিধানৰ ভূয়সী প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে যিসকলৰ কেতিয়াও ভাৰতৰ ৰাজনীতিৰ সৈতে জড়িত পৰিয়ালৰ কোনো সদস্য নাছিল, তেওঁলোকে ইয়াত সন্নিৱিষ্ট অধিকাৰৰ বাবে দেশ সেৱা কৰাৰ সুযোগ পাইছে। “ বাবা চাহেব আম্বেদকাৰে দিয়া সংবিধানখনেই মোৰ দৰে ৰাজনৈতিক পটভূমি(বংশ) শূন্য লোকক ৰাজনীতিত প্ৰৱেশ কৰি এনে পৰ্যায়ত উপনীত হ’বলৈ সুবিধা দিছে”, তেওঁ কয়। তেওঁ লগতে কয় যে ৰাইজে অনুমোদনৰ মোহৰ লগোৱাৰ বাবে একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ ইয়াত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে ভাৰতৰ সংবিধান কেৱল প্ৰবন্ধৰ সংকলন নহয় বৰঞ্চ ইয়াৰ মনোভাৱ আৰু ছাপ অত্যন্ত মূল্যৱান।

শ্ৰী মোদীয়ে কয় যে যেতিয়া তেওঁৰ চৰকাৰে ২৬ নৱেম্বৰক “সংবিধান দিৱস” হিচাপে স্মৰণ কৰাৰ প্ৰস্তাৱ দিছিল তেতিয়াও কঠোৰ বিৰোধিতা হৈছিল। তেওঁ লগতে কয় যে সংবিধান দিৱস উদযাপনৰ বাবে তেওঁলোকৰ সিদ্ধান্তই সংবিধানৰ মনোভাৱ আৰু অধিক প্ৰসাৰিত কৰাত সহায় কৰিছে, বিদ্যালয়-মহাবিদ্যালয়ৰ যুৱক-যুৱতীসকলৰ মাজত সংবিধানত কিছুমান বিধান কিয় আৰু কেনেকৈ অন্তৰ্ভুক্ত আৰু বাদ দিয়া হ’ল সেই সম্পৰ্কে আলোচনা কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে আশাবাদী আছিল যে সংবিধানৰ বিভিন্ন দিশৰ ওপৰত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা, বিতৰ্ক আৰু আকস্মিক বাক প্ৰতিযোগিতাৰ দৰে কাৰ্যসূচীৰ আয়োজন কৰি বিশ্বাসবোধ আৰু সংবিধানৰ প্ৰতি বিকশিত বুজাবুজি বৃদ্ধি পাব। “সংবিধান আমাৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা হৈ আহিছে”, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে কয় যে সংবিধানখনে ইয়াৰ অস্তিত্বৰ ৭৫ বছৰত প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ চৰকাৰে ইয়াক “জন উৎসৱ '' হিচাপে উদযাপন কৰাৰ পৰিকল্পনা কৰিছিল যাতে দেশজুৰি উদযাপন নিশ্চিত হয়। তেওঁ লগতে কয় যে দেশৰ প্ৰতিটো কোণত সংবিধানৰ মনোভাৱ আৰু উদ্দেশ্য সজাগ হোৱাৰ বাবেও তেওঁলোকে চেষ্টা চলাব।

ভোটাৰক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ জনসাধাৰণে ‘বিকশিত ভাৰত’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ জৰিয়তে উন্নয়ন আৰু নিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হ’বলৈ তিনিবাৰকৈ তেওঁৰ চৰকাৰক ক্ষমতালৈ ভোটদান কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে এই নিৰ্বাচনী জয়ক কেৱল বিগত ১০ বছৰত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ওপৰত নাগৰিকৰ অনুমোদনৰ মোহৰ নহয়, বৰঞ্চ তেওঁলোকৰ ভৱিষ্যতৰ সপোন আৰু আকাংক্ষা পূৰণৰ বাবে এক আদেশ হিচাপেও প্ৰশংসা কৰে। তেওঁ লগতে কয়, ‘এই দেশৰ মানুহে তেওঁলোকৰ ভৱিষ্যতৰ সংকল্পসমূহ বাস্তৱায়িত কৰাৰ সুযোগ আমাক অৰ্পণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে বৈশ্বিক অশান্তি আৰু মহামাৰীৰ দৰে প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ অৰ্থনীতি বিগত দহ বছৰত দশম স্থানৰ পৰা পঞ্চম বৃহত্তম অৰ্থনীতিলৈ উন্নীত হোৱা দেখা গৈছে। “এই জনাদেশ বৰ্তমানৰ পঞ্চম স্থানৰ পৰা অৰ্থনীতিক তৃতীয় স্থানলৈ নিয়াৰ”, এই আদেশ পূৰণৰ বাবে আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

শ্ৰী মোদীয়ে যোৱা ১০ বছৰত উন্নয়নৰ গতি আৰু পৰিসৰ বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে। পৰৱৰ্তী ৫ বছৰত প্ৰধানমন্ত্ৰীয়ে সদনক আশ্বাস দিয়ে যে চৰকাৰে জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পৰিপূৰ্ণ কৰাৰ দিশত কাম কৰিব। “আমি এই যুগটোক সুশাসনৰ সহায়ত মৌলিক প্ৰয়োজনীয়তাৰ পৰিপূৰ্ণতাৰ যুগলৈ ৰূপান্তৰিত কৰিব বিচাৰো”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেওঁ দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজৰ বাবে আগন্তুক ৫ বছৰ অতি গুৰুত্বপূৰ্ণ বুলি আলোকপাত কৰি বিগত ১০ বছৰৰ অভিজ্ঞতাৰ ভিত্তিত দৰিদ্ৰতাৰ বিৰুদ্ধে স্থিতি লোৱা আৰু ইয়াক অতিক্ৰম কৰাৰ সামূহিক সামৰ্থ্যৰ ওপৰত বিশ্বাস প্ৰকাশ কৰে।

ভাৰতক জনজীৱনৰ প্ৰতিটো দিশতে তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ প্ৰভাৱৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই পৰিস্থিতিয়ে বিশ্বৰ পৰিস্থিতিতো অভূতপূৰ্ব প্ৰভাৱ পেলাব। তেওঁ অহা পাঁচ বছৰত ভাৰতীয় ষ্টাৰ্টআপ আৰু কোম্পানীসমূহৰ বিশ্বজুৰি পুনৰুত্থান আৰু বিকাশৰ ইঞ্জিন হিচাপে উত্থান ঘটা টিয়েৰ ২ আৰু টিয়েৰ ৩ চহৰৰ উত্থানৰ বিষয়ে কয়।

বৰ্তমান শতিকাক প্ৰযুক্তি চালিত শতিকা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱা পৰিবহণৰ দৰে বহু নতুন খণ্ডত নতুন টেক ফুটপ্ৰিণ্টৰ কথা কয়। লগতে চিকিৎসা, শিক্ষা বা উদ্ভাৱনৰ দৰে ক্ষেত্ৰত সৰু চহৰসমূহে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

কৃষক, দৰিদ্ৰ, নাৰীশক্তি আৰু যুৱক-যুৱতীৰ চাৰিটা স্তম্ভক শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ উন্নয়নৰ যাত্ৰাত এই ক্ষেত্ৰসমূহৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ।

কৃষি আৰু কৃষকৰ বাবে দিয়া পৰামৰ্শৰ বাবে সদস্যসকলক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত কৃষকসকলৰ বাবে লাভজনক কৰি তোলাৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। তেওঁ ঋণ, বীজ, সুলভ মূল্যৰ সাৰ, শস্য বীমা, এম এছ পি ক্ৰয় আদিৰ কথা উল্লেখ কৰে৷ “আমি প্ৰতিটো পৰ্যায়তে ক্ষুদ্ৰ পৰিকল্পনাৰ জৰিয়তে বীজৰ পৰা বজাৰলৈকে কৃষকসকলক এক শক্তিশালী ব্যৱস্থা প্ৰদানৰ বাবে সৰ্বোচ্চ প্ৰচেষ্টা চলাইছো”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰি কয় যে ইয়াৰ দ্বাৰা ক্ষুদ্ৰ কৃষকৰ বাবে ঋণৰ সুবিধা লোৱাৰ প্ৰক্ৰিয়াটো সহজ হৈ পৰিছে। তেওঁ লগতে কয় যে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা মাছমৰীয়া আৰু পশুপালকলৈও সম্প্ৰসাৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ক্ষুদ্ৰ কৃষকৰ বাবে কল্যাণমূলক আঁচনিৰ কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ওপৰত আলোকপাত কৰে যিয়ে বিগত ৬ বছৰত প্ৰায় ৩ লাখ কোটি টকা বিতৰণ কৰি ১০ কোটি কৃষকক উপকৃত কৰিছে। প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ শাসন ব্যৱস্থাৰ ঋণ ৰেহাই আঁচনিৰ অপৰ্যাপ্ততা আৰু বিশ্বাসযোগ্যতাৰ অভাৱৰ কথাও আঙুলিয়াই দি বৰ্তমানৰ শাসন ব্যৱস্থাৰ কিষাণ কল্যাণ আঁচনিৰ ওপৰত আলোকপাত কৰে।

বিৰোধীৰ ৱাকআউটৰ পিছত ভাষণ অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে সদনৰ অধ্যক্ষৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি কয় “ৰাইজৰ সেৱক হিচাপে কাম কৰিবই লাগিব। মোৰ সময়ৰ প্ৰতিটো মিনিটৰ বাবে মই মানুহৰ আগত জবাবদিহি”। সদনৰ পৰম্পৰাক অসন্মান কৰা বুলিও বিৰোধী দলক সমালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে তেওঁৰ চৰকাৰে দৰিদ্ৰ কৃষকসকলক সাৰৰ বাবে ১২ লাখ কোটি টকাৰ ৰাজসাহায্য দিছিল, যিটো স্বাধীনতাৰ পিছত সৰ্বাধিক সংখ্যা। শ্ৰী মোদীয়ে কয় যে কৃষকসকলক সবল কৰিবলৈ তেওঁৰ চৰকাৰে কেৱল ন্যূনতম সমৰ্থিত মূল্য (MSP) অভিলেখ বৃদ্ধিৰ কথা ঘোষণা কৰাই নহয়, তেওঁলোকৰ পৰা ক্ৰয় কৰাৰ ক্ষেত্ৰতো নতুন অভিলেখ সৃষ্টি কৰিছিল। পূৰ্বৰ চৰকাৰৰ সৈতে তুলনা কৰি তেওঁ আলোকপাত কৰে যে তেওঁৰ চৰকাৰে যোৱা ১০ বছৰত ধান আৰু ঘেঁহু খেতিয়কসকলক ২.৫ গুণ অধিক ধন যোগান ধৰিছে। “আমি ইয়াতে ক্ষান্ত থাকিব নিবিচাৰো। আগন্তুক পাঁচ বছৰলৈ আমি নতুন খণ্ডত উদ্ভৱ হোৱা সমস্যাসমূহ অধ্যয়ন কৰি সমাধান কৰিবলৈ চেষ্টা কৰি আছো। বৰ্তমান আমি খাদ্য সংৰক্ষণৰ বিশ্বৰ সৰ্ববৃহৎ অভিযান হাতত লৈছো।’ কেন্দ্ৰীয় ব্যৱস্থাৰ অধীনত লাখ লাখ শস্যৰ ভঁৰাল সৃষ্টিৰ দিশত কাম আৰম্ভ হোৱা বুলিও কয়।

প্ৰধানমন্ত্ৰীয়ে উদ্যান শস্য কৃষিৰ এক গুৰুত্বপূৰ্ণ খণ্ড বুলি দৃঢ়তাৰে কয় আৰু তেওঁৰ চৰকাৰে ইয়াৰ নিৰাপদ মজুত, পৰিবহণ আৰু বিক্ৰীৰ বাবে আন্তঃগাঁথনি বৃদ্ধিৰ বাবে অক্লান্তভাৱে কাম কৰি আছে।

“চৰকাৰে সবকা সাথ সবকা বিকাশৰ মূল মন্ত্ৰৰে ভাৰতৰ উন্নয়ন যাত্ৰাৰ পৰিসৰ নিৰন্তৰ সম্প্ৰসাৰণ কৰি আহিছে”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। তেওঁ আঙুলিয়াই দিয়ে যে নাগৰিকসকলৰ বাবে মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে। স্বাধীনতাৰ পিছত দশক দশক ধৰি অৱহেলিত হৈ থকাসকলক আজি কেৱল যত্ন লোৱাই নহয়, পূজাও কৰা হয় বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে ‘দিব্যাংগ’ ভাই-ভনীসকলৰ সমস্যাসমূহ মিছন মোডত আৰু মাইক্ৰ’ লেভেলত সম্বোধন কৰাৰ কথা উল্লেখ কৰে যাতে তেওঁলোকে জীৱন যাপন কৰিব পাৰে আনৰ ওপৰত ন্যূনতম নিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তা থকাটো মৰ্যাদাপূৰ্ণ। তেওঁৰ চৰকাৰৰ সৰ্বাংগীন স্বৰূপৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে সমাজৰ অৱহেলিত শ্ৰেণী কিন্নৰসকলৰ বাবে এখন আইন ৰূপায়ণৰ কাম কৰিছে। তেওঁ লগতে কয় যে আজিৰ পশ্চিমীয়া দেশসমূহেও ভাৰতৰ প্ৰগতিশীল স্বৰূপক গৌৰৱেৰে চায়। তেওঁ আলোকপাত কৰে যে তেওঁৰ চৰকাৰে এতিয়া কিন্নৰসকলকো সন্মানীয় পদ্ম বঁটা প্ৰদান কৰিছে।

একেদৰে যাযাবৰী আৰু অৰ্ধ যাযাবৰী সম্প্ৰদায়ৰ বাবেও এখন কল্যাণ ব’ৰ্ড গঠন কৰা হৈছে। জন মান আঁচনিৰ অধীনত ২৪ হাজাৰ কোটি টকা আবণ্টন দিয়াৰ বাবে বিশেষভাৱে দুৰ্বল জনজাতি গোট (পিভিটিজি)ৰ বাবে লোৱা পদক্ষেপৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াৰ দ্বাৰা চৰকাৰে ভোটৰ ৰাজনীতিতকৈ উন্নয়নৰ ৰাজনীতিত লিপ্ত হোৱাৰ ইংগিত দিয়ে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

ভাৰতৰ উন্নয়ন যাত্ৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা ভাৰতৰ বিশ্বকৰ্মাসকলৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে স্পৰ্শ কৰে আৰু প্ৰায় ১৩ হাজাৰ কোটি টকাৰ সহায়ত চৰকাৰে পেছাদাৰিত্বৰ বীজ সিঁচি আৰু দক্ষতা বিকাশৰ বাবে সম্পদ যোগান ধৰি তেওঁলোকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা বুলিও অৱগত কৰে। তেওঁ প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ কথাও উল্লেখ কৰে, যাৰ ফলত পদপথৰ দোকানীসকলে বেংকৰ ঋণৰ সুবিধা ল’ব পাৰিলে আৰু তেওঁলোকৰ আয় আৰু অধিক বৃদ্ধি পালে। “দৰিদ্ৰই হওক, দলিতই হওক, পিছপৰা সম্প্ৰদায়েই হওক, জনজাতীয়ই হওক বা মহিলাই হওক, তেওঁলোকে আমাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে মহিলা নেতৃত্বাধীন উন্নয়নৰ ভাৰতীয় দৃষ্টিভংগীক আলোকপাত কৰি কয় যে ই কেৱল শ্লোগান হিচাপেই নহয়, অটল দায়বদ্ধতাৰে দেশ আগবাঢ়িছে। মহিলাৰ স্বাস্থ্য সন্দৰ্ভত শ্ৰীমতী সুধা মূৰ্তিৰ হস্তক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পৰিয়ালত মাতৃৰ গুৰুত্বৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে মহিলাৰ স্বাস্থ্য, অনাময় আৰু সুস্থতাৰ ওপৰত অগ্ৰাধিকাৰ গুৰুত্ব দিয়াৰ কথা কয়। সেই দিশৰ মূল ব্যৱস্থা হিচাপে তেওঁ শৌচাগাৰ, চেনিটেৰী পেড, টিকাকৰণ, ৰন্ধন গেছৰ কথা উল্লেখ কৰে। তেওঁ আলোকপাত কৰে যে দৰিদ্ৰ লোকৰ হাতত যিবোৰ ৪ কোটি ঘৰ গতাই দিয়া হৈছে, তাৰ অধিকাংশই মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে। তেওঁ মুদ্ৰা আৰু সুকন্যা সমৃদ্ধি যোজনাৰ দৰে আঁচনিৰ কথাও উল্লেখ কৰে যিয়ে মহিলাসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তেওঁলোকক স্বাধীন কৰি তুলিছে আৰু সিদ্ধান্ত গ্ৰহণৰ অংশ হ’বলৈ মাত মাতিছে। শ্ৰী মোদীয়ে জনায় যে এতিয়ালৈকে সৰু সৰু গাঁৱত আত্মসহায়ক গোটত কাম কৰা ১ কোটি মহিলা আজি লাখপতি দিদী হৈ পৰিছে আনহাতে চৰকাৰে বৰ্তমানৰ কাৰ্যকালত তেওঁলোকৰ সংখ্যা ৩ কোটি বৃদ্ধিৰ বাবে কাম কৰি আছে।

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে তেওঁৰ চৰকাৰৰ প্ৰচেষ্টা হৈছে প্ৰতিটো নতুন খণ্ডত মহিলাসকলক নেতৃত্ব দিয়া আৰু প্ৰতিটো নতুন প্ৰযুক্তিয়ে প্ৰথমে মহিলাসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা। “আজি নমো ড্ৰোন দিদি অভিযান মহিলাসকলক আগস্থান দি গাঁওসমূহত সফলতাৰে ৰূপায়ণ কৰা হৈছে”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ড্ৰোন চলোৱা মহিলাসকলক ‘পাইলট দিদি’ বুলি কোৱা হৈছিল আৰু এনেধৰণৰ স্বীকৃতি মহিলাৰ বাবে এক চালিকা শক্তি।

মহিলাৰ বিষয়ক ৰাজনীতিকৰণ কৰাৰ প্ৰৱণতা আৰু নিৰ্বাচিত মনোভাৱক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ মহিলাৰ ওপৰত হোৱা হিংসাক লৈ উদ্বেগ প্ৰকাশ কৰে৷

দেশৰ নতুন বৈশ্বিক ভাবমূৰ্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিদেশী বিনিয়োগক আদৰণি জনাইছে যিয়ে নিজৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগৰ পথ প্ৰশস্ত কৰাৰ লগতে তেওঁলোকৰ সম্ভাৱনা আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিভাক স্বীকৃতি দিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ আজিৰ বিজয়ে বিশ্ব অৰ্থনীতিত ভাৰসাম্য ৰক্ষাৰ বাবে আগ্ৰহী সেইসকল বিনিয়োগকাৰীৰ বাবে আশাৰ সঞ্চাৰ কৰিছে। শ্ৰী মোদীয়ে কয় যে স্বচ্ছতাৰ ক্ষেত্ৰত আজি ভাৰত এখন আশাব্যঞ্জক ভূমি হিচাপে আত্মপ্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ সময়ৰ কথা মনত পেলাইছিল যেতিয়া প্ৰেছ আৰু ৰেডিঅ’ কৰ্তন কৰা হৈছিল আৰু মানুহৰ কণ্ঠ ৰূদ্ধ হৈ পৰিছিল। তেওঁ আলোকপাত কৰি কয় যে নিৰ্বাচকসকলে ভাৰতৰ সংবিধান ৰক্ষা আৰু গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ ভোটদান কৰিছিল, আনহাতে আজি সংবিধান ৰক্ষাৰ এই যুঁজত ভাৰতৰ জনসাধাৰণৰ প্ৰথম পছন্দ হৈছে বৰ্তমানৰ চৰকাৰ। শ্ৰী মোদীয়ে জৰুৰীকালীন সময়ত দেশবাসীৰ ওপৰত কৰা অত্যাচাৰৰ কথাও স্পৰ্শ কৰে। তেওঁ ৩৮, ৩৯ আৰু ৪২নং সাংবিধানিক সংশোধনীৰ লগতে জৰুৰীকালীন সময়ত সংশোধন কৰা আন এক ডজন অনুচ্ছেদৰ কথাও উল্লেখ কৰে, যাৰ ফলত সংবিধানৰ মনোভাৱৰ লগত খেলা কৰা হয়। শ্ৰী মোদীয়ে কেবিনেটে লোৱা সিদ্ধান্তসমূহক অগ্ৰাহ্য কৰাৰ ক্ষমতা থকা ৰাষ্ট্ৰীয় পৰামৰ্শদাতা পৰিষদ (এন এ চি) নিযুক্তিৰ ওপৰতো বক্তব্য আগবঢ়ায় আৰু প্ৰতিষ্ঠিত প্ৰট’কল নিৰ্বিশেষে একক পৰিয়ালৰ প্ৰতি কৰা অগ্ৰাধিকাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো কয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে জৰুৰীকালীন যুগৰ আলোচনাৰ পৰা হাত সাৰিবলৈ বিৰোধীয়ে ব্যৱহাৰ কৰা ফাঁকিৰ পদ্ধতিকো সমালোচনা কৰে।

“জৰুৰীকালীন সময়ছোৱা কেৱল ৰাজনৈতিক বিষয় নাছিল বৰঞ্চ ই ভাৰতৰ গণতন্ত্ৰ, সংবিধান আৰু মানৱতাক চিন্তিত কৰিছিল”, প্ৰধানমন্ত্ৰীয়ে কয়৷ কাৰাগাৰৰ আঁৰত ৰখা তেতিয়াৰ বিৰোধী নেতাসকলৰ ওপৰত কৰা অত্যাচাৰৰ কথা আঙুলিয়াই দি শ্ৰী মোদীয়ে মুক্তিৰ পিছত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাব নোৱাৰা প্ৰয়াত শ্ৰী জয় প্ৰকাশ নাৰায়ণ জীৰ কথা উল্লেখ কৰে। “ঘৰ এৰি যোৱা বহুতেই জৰুৰীকালীন অৱস্থাৰ পিছত কেতিয়াও উভতি নাহিল'', জৰুৰীকালীন অৱস্থাৰ সময়ত মুজাফ্ফৰনগৰ আৰু তুৰ্কমান গেটৰ সংখ্যালঘুৰ অৱস্থাৰ কথা মনত পেলাই আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰীয়ে।

 

প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলৰ কিছুসংখ্যকে দুৰ্নীতিগ্ৰস্তসকলক সুৰক্ষা দিয়াৰ প্ৰৱণতাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে। বিৰোধী দলসমূহৰ দ্বাৰা পৰিচালিত বিভিন্ন চৰকাৰৰ দ্বাৰা সংঘটিত বিভিন্ন কেলেংকাৰীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ নাকচ কৰে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত দুটা মানৰো সমালোচনা কৰিছিল আৰু তেওঁ পূৰ্বৰ চৰকাৰসমূহত অনুসন্ধানকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ উদাহৰণো বৰ্ণনা কৰিছিল। "দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ মোৰ বাবে নিৰ্বাচনী বিষয় নহয় কিন্তু ই মোৰ বাবে এক অভিযান", প্ৰধানমন্ত্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত নতুন চৰকাৰৰ আগমনৰ সময়ত দৰিদ্ৰ লোকৰ প্ৰতি সমৰ্পণ আৰু দুৰ্নীতিৰ ওপৰত শক্তিশালী ধৰ্মঘটৰ দ্বৈত প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰে। এইটো বিশ্বৰ আটাইতকৈ বৃহৎ কল্যাণমূলক আঁচনি আৰু দুৰ্নীতিৰ বিৰুদ্ধে নতুন আইন, যেনে- ক'লা ধনৰ বিৰুদ্ধে আইন, বেনামি আৰু প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ ব্যৱস্থা আৰু প্ৰতিজন যোগ্য হিতাধিকাৰীলৈ লাভালাভ স্থানান্তৰ নিশ্চিত কৰাত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়, "দুৰ্নীতিগ্ৰস্তসকলৰ বিৰুদ্ধে কাম কৰিবলৈ মই অনুসন্ধানকাৰী সংস্থাসমূহক সম্পূৰ্ণ কৰ্তৃত্ব দিছো"। 

শেহতীয়াকৈ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ উদ্বেগৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে যুৱসকলক আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে আমাৰ দেশৰ ভৱিষ্যতৰ সৈতে খেলি থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু তেওঁলোকক শাস্তি দিয়া হ’ব। তেওঁ লগতে কয়, "আমাৰ যুৱক-যুৱতীসকলে যাতে কোনোধৰণৰ সন্দেহৰ অধীনত জীয়াই থাকিব নালাগে আৰু তেওঁলোকৰ সম্ভাৱনা আত্মবিশ্বাসেৰে প্ৰদৰ্শন কৰিব নালাগে তাৰ বাবে আমি সমগ্ৰ ব্যৱস্থাটো শক্তিশালী কৰি আছো।"

জম্মু-কাশ্মীৰৰ শেহতীয়া লোকসভা নিৰ্বাচনৰ ভোটদানৰ পৰিসংখ্যা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয়শাসিত অঞ্চলৰ জনসাধাৰণে বিগত চাৰি দশকৰ অভিলেখ ভংগ কৰি ভোটদানৰ বাবে বৃহৎ সংখ্যাত ওলাই আহিছে। "জম্মু-কাশ্মীৰৰ মানুহে ভাৰতৰ সংবিধান, ইয়াৰ গণতন্ত্ৰ আৰু নিৰ্বাচন আয়োগক অনুমোদন জনাইছে,"। শ্ৰী মোদীয়ে ইয়াক এই দেশৰ নাগৰিকসকলৰ বাবে এক বহু প্ৰতীক্ষিত মুহূৰ্ত বুলি অভিহিত কৰে। কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভোটাৰসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইটামান দশকত জম্মু-কাশ্মীৰৰ গণতন্ত্ৰ একাধিক বন্ধ, প্ৰতিবাদ, বিস্ফোৰণ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপে গ্ৰহন কৰিছে। অৱশ্যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে সংবিধানৰ ওপৰত তেওঁলোকৰ অটল বিশ্বাস প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছে।"একপ্ৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজ অন্তিম পৰ্যায়ত আছো। আমি বাকী থকা সন্ত্ৰাসবাদী নেটৱৰ্কসমূহ ধ্বংস কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছো," তেওঁ কয় যে কেন্দ্ৰীয়শাসিত অঞ্চলৰ লোকসকলে এই যুঁজত তেওঁলোকক সহায় আৰু পথ প্ৰদৰ্শন কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব দ্ৰুতগতিত দেশৰ প্ৰগতিৰ প্ৰৱেশদ্বাৰ হৈ উঠিছে। তেওঁ যোৱা কেইবছৰমানত এই দিশত লোৱা পদক্ষেপবোৰ বৰ্ণনা কৰে। তেওঁ উত্তৰ-পূবৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশৰ কথা উল্লেখ কৰে। তেওঁ লগতে অঞ্চলটোত স্থায়ী শান্তি নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ আশা ব্যক্ত কৰে, কিয়নো ৰাজ্যসমূহৰ মাজত সীমা বিবাদক সহমতৰ সৈতে অৰ্থপূৰ্ণভাৱে সমাধান কৰা হৈছে।

ৰাজ্যসভাৰ পূৰ্বৱৰ্তী অধিৱেশনত মণিপুৰ সন্দৰ্ভত তেওঁৰ বিস্তৃত ভাষণৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পুনৰ কয় যে মণিপুৰৰ পৰিস্থিতি সুস্থিৰ কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। তেওঁ লগতে কয় যে মণিপুৰত হোৱা অস্থিৰতাৰ সময়ত আৰু পাছত ১১,০০০ তকৈও অধিক এজাহাৰ দাখিল কৰা হৈছিল আৰু ৫০০ তকৈও অধিক দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাসমূহ নিৰন্তৰ নিম্নমুখী গতিত চলি থকাৰ কথা আমি স্বীকাৰ কৰিব লাগিব। তেওঁ লগতে কয় যে ইয়াৰ অৰ্থ হৈছে মণিপুৰত শান্তিৰ আশা কৰা হৈছে। শ্ৰী মোদীয়ে সদনক জনায় যে আজি মণিপুৰত বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানসমূহে স্বাভাৱিকভাৱে কাম কৰি আছে। তেওঁ লগতে কয় যে আনকি শিশুসকলৰ বিকাশৰ যাত্ৰাও কোনোধৰণে বাধাগ্ৰস্ত হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মণিপুৰত শান্তি আৰু সৌহাৰ্দ্য সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি আছে। তেওঁ উল্লেখ কৰে যে গৃহমন্ত্ৰীয়ে নিজেই মণিপুৰত থাকি সন্মুখৰ পৰা শান্তিৰ প্ৰচেষ্টাৰ নেতৃত্ব দিছিল। তেওঁ আৰু কয় যে আনকি জ্যেষ্ঠ বিষয়াসকলকো সমস্যাবোৰৰ সমাধান বিচাৰি উলিওৱা আৰু শান্তি নিশ্চিত কৰাৰ কামত হেঁচা দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে বৰ্তমান মণিপুৰৰ কঠিন বান পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। বান সাহায্যৰ কামৰ বাবে এন ডি আৰ এফৰ ২টা কোম্পানী মোতায়েন কৰা হৈছে বুলি সদনক অৱগত কৰি শ্ৰী মোদীয়ে জোৰ দি কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সাহায্য প্ৰচেষ্টাত কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে ভিন্ন মতাদৰ্শৰ লোকসকলক মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিক উত্তেজিত কৰা আৰু অধিক বিপদাপন্ন কৰা বন্ধ কৰিবলৈও অনুৰোধ জনায়। তেওঁ সদনক সোঁৱৰাই দিয়ে যে মণিপুৰৰ সামাজিক সংঘাত এক দীঘলীয়া ইতিহাসৰ সৈতে গভীৰভাৱে নিহিত হৈ আছে, যাৰ ফলত স্বাধীনতাৰ পাছত ১০ বাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। ১৯৯৩ চনৰ পৰা মণিপুৰত ৫ বছৰ ধৰি চলি থকা সামাজিক সংঘাতৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী মোদীয়ে কয় যে এই পৰিস্থিতি ধৈৰ্য্যৰে মোকাবিলা কৰাৰ প্ৰয়োজন আছে। তেওঁ মণিপুৰত স্বাভাৱিকতা আৰু শান্তি নিশ্চিত কৰাৰ প্ৰচেষ্টাত তেওঁক সহায় কৰিবলৈ সকলো লোকক আমন্ত্ৰণ জনায়।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে লোকসভাত ভৰি দিয়াৰ পূৰ্বে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ অভিজ্ঞতাৰ পৰা ৰাষ্ট্ৰীয়তাবাদৰ গুৰুত্ব শিকিছে। শ্ৰী মোদীয়ে সহযোগিতামূলক আৰু প্ৰতিযোগিতামূলক ৰাষ্ট্ৰীয়তাবাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিশ্বৰ মঞ্চত ৰাজ্য আৰু ইয়াৰ সামৰ্থ্যৰ প্ৰচাৰৰ বাবে দেশৰ প্ৰতিখন ৰাজ্যতে গুৰুত্বপূৰ্ণ জি-২০ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে জনায় যে কোভিড মহামাৰীৰ সময়ত ৰাজ্য আৰু কেন্দ্ৰৰ ভিতৰত অভিলেখসংখ্যক আলোচনা হৈছিল।

ৰাজ্যসভাক ৰাজ্যসমূহৰ সদন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভাৰতে অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিক্স উৎপাদনৰ ক্ষেত্ৰত পৰৱৰ্তী বিপ্লৱৰ পথ প্ৰদৰ্শন কৰি আছে আৰু ভাৰতৰ ৰাজ্যসমূহক উন্নয়ন, সুশাসন, নীতি গঠন, নিযুক্তি সৃষ্টি আৰু বিদেশী বিনিয়োগ আকৰ্ষিত কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিবলৈ উৎসাহিত কৰে। তেওঁ সকলো ৰাজ্যক ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা যোগাবলৈ আৰু ইয়াৰ মুনাফা লাভ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাজ্যসমূহৰ মাজৰ প্ৰতিযোগিতাই যুৱসকলক যথেষ্ট সহায় কৰিব, কিয়নো ইয়াৰ দ্বাৰা নতুন সুযোগৰ সৃষ্টি হ'ব আৰু উত্তৰ-পূবত অসমৰ উদাহৰণ প্ৰদান কৰিব য'ত অৰ্ধপৰিবাহী সম্পৰ্কীয় কাম দ্ৰুতগতিত চলি আছে।

২০২৩ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা 'বাজৰাৰ বছৰ' হিচাপে ঘোষণা কৰা সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ভাৰতৰ ক্ষুদ্ৰ কৃষকসকলৰ শক্তিক সূচায়। তেওঁ ৰাজ্যসমূহক বাজৰা উৎপাদনৰ প্ৰচাৰৰ বাবে নীতি প্ৰস্তুত কৰিবলৈ আৰু ইয়াক বিশ্ববজাৰত স্থাপন কৰিবলৈ এক ৰোডমেপ সৃষ্টি কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে বাজৰাবোৰে পৃথিৱীৰ পুষ্টি বজাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু অপুষ্টিগ্ৰস্ত জনসংখ্যা থকা অঞ্চলবোৰত এবিধ মুখ্য খাদ্য হৈ পৰিব পাৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক নীতি গঠন আৰু নাগৰিকসকলৰ মাজত 'জীৱন ধাৰণৰ সহজতা' বৃদ্ধি কৰা আইন প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। তেওঁ পঞ্চায়ত, নগৰ পালিকা, মহানগৰ পালিকা, তহচিল বা জিলা পৰিষদেই হওঁক সকলো স্তৰত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ উত্থাপন কৰাৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে আৰু ৰাজ্যসমূহক একত্ৰিত হৈ যোগদান কৰিবলৈ আহ্বান জনায়।

ভাৰতক একবিংশ শতিকাৰ ব্লুপ্ৰিণ্টলৈ ৰূপান্তৰ কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ, বিতৰণ আৰু শাসন আৰ্হিত দক্ষতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে এই খণ্ডসমূহত কৰা কামৰ গতি বৃদ্ধি পাব। তেওঁ লগতে উল্লেখ কৰে যে দক্ষতাই ব্যৱস্থাটোত স্বচ্ছতা আনিছে, যাৰ ফলত নাগৰিকসকলৰ অধিকাৰ সুৰক্ষিত হ'ব, জীৱন যাপনৰ সহজতা বৃদ্ধি হ'ব আৰু আঁসোৱাহসমূহ দূৰ হ'ব।

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু প্ৰয়োজন হোৱা লোকসকলৰ প্ৰতি চৰকাৰৰ সমৰ্থন বজাই ৰাখিব বুলি আশ্বাস প্ৰদান কৰে।

জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে। তেওঁ সকলো ৰাজ্যক আগবাঢ়ি আহি ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান কৰে। শ্ৰী মোদীয়ে কয় যে সকলোৱে খোৱাপানী যোগান আৰু স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে একেলগে কাম কৰিব লাগিব। তেওঁ বিশ্বাস ব্যক্ত কৰি কয় যে এই মৌলিক লক্ষ্যসমূহ ৰাজনৈতিক ইচ্ছাৰ জৰিয়তে প্ৰাপ্ত কৰিব পাৰি আৰু ইয়াৰ বাবে প্ৰতিখন ৰাজ্যই আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সহযোগিতা আগবঢ়াব।

চলিত শতিকা ভাৰতৰ শতিকা হ'ব বুলি দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া আমি এই সুযোগ হেৰুৱাব নোৱাৰো। তেওঁ উল্লেখ কৰে যে ভাৰতে বহুতো সুযোগ হেৰুৱাই দিয়াৰ বাবে একেধৰণৰ আন বহুতো দেশ বিকশিত হৈছে। তেওঁ জোৰ দি কয় যে সংস্কাৰ পৰিহাৰ কৰাৰ কোনো প্ৰয়োজন নাই আৰু নাগৰিকসকলৰ প্ৰগতি আৰু বিকাশৰ বাবে অধিক সিদ্ধান্ত লোৱাৰ ক্ষমতা হস্তক্ষেপ কৰাৰ সৈতে অনুসৰণ কৰিব লাগিব। 

"বিকশিত ভাৰত হৈছে ১৪০ কোটি নাগৰিকৰ লক্ষ্য", প্ৰধানমন্ত্ৰীয়ে এই লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে ঐক্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে সমগ্ৰ বিশ্বই ভাৰতৰ সম্ভাৱনাত বিনিয়োগ কৰিবলৈ সাজু হৈ আছে। তেওঁ লগতে কয়, "ভাৰত হৈছে বিশ্বৰ প্ৰথম পছন্দ।" তেওঁ ৰাজ্যসমূহক এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক তেওঁৰ নিৰ্দেশনা আৰু তেওঁৰ ভাষণত উত্থাপিত বিষয়সমূহৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সামৰণি মাৰে। 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A big deal: The India-EU partnership will open up new opportunities

Media Coverage

A big deal: The India-EU partnership will open up new opportunities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi interacts with Energy Sector CEOs
January 28, 2026
CEOs express strong confidence in India’s growth trajectory
CEOs express keen interest in expanding their business presence in India
PM says India will play decisive role in the global energy demand-supply balance
PM highlights investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government
PM calls for innovation, collaboration, and deeper partnerships, across the entire energy value chain

Prime Minister Shri Narendra Modi interacted with CEOs of the global energy sector as part of the ongoing India Energy Week (IEW) 2026, at his residence at Lok Kalyan Marg earlier today.

During the interaction, the CEOs expressed strong confidence in India’s growth trajectory. They conveyed their keen interest in expanding and deepening their business presence in India, citing policy stability, reform momentum, and long-term demand visibility.

Welcoming the CEOs, Prime Minister said that these roundtables have emerged as a key platform for industry-government alignment. He emphasized that direct feedback from global industry leaders helps refine policy frameworks, address sectoral challenges more effectively, and strengthen India’s position as an attractive investment destination.

Highlighting India’s robust economic momentum, Prime Minister stated that India is advancing rapidly towards becoming the world’s third-largest economy and will play a decisive role in the global energy demand-supply balance.

Prime Minister drew attention to significant investment opportunities in India’s energy sector. He highlighted an investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government. He also underscored the USD 30 billion opportunity in Compressed Bio-Gas (CBG). In addition, he outlined large-scale opportunities across the broader energy value chain, including gas-based economy, refinery–petrochemical integration, and maritime and shipbuilding.

Prime Minister observed that while the global energy landscape is marked by uncertainty, it also presents immense opportunity. He called for innovation, collaboration, and deeper partnerships, reiterating that India stands ready as a reliable and trusted partner across the entire energy value chain.

The high-level roundtable saw participation from 27 CEOs and senior corporate dignitaries representing leading global and Indian energy companies and institutions, including TotalEnergies, BP, Vitol, HD Hyundai, HD KSOE, Aker, LanzaTech, Vedanta, International Energy Forum (IEF), Excelerate, Wood Mackenzie, Trafigura, Staatsolie, Praj, ReNew, and MOL, among others. The interaction was also attended by Union Minister for Petroleum and Natural Gas, Shri Hardeep Singh Puri and the Minister of State for Petroleum and Natural Gas, Shri Suresh Gopi and senior officials of the Ministry.