প্ৰধানমন্ত্ৰীয়ে ভূৱনেশ্বৰত ‘উৎকৰ্ষ ওড়িশা – মে’ক ইন ওড়িশা কনক্লেভ ২০২৫’ উদ্বোধন কৰিব
‘কনক্লেভ’ৰ লক্ষ্য হৈছে ‘পূৰ্বোদয় দৃষ্টিভংগী’ৰ ভৰসাৰ থলী, ভাৰতৰ বিনিয়োগ আৰু ঔদ্যোগিক কেন্দ্ৰৰ অগ্ৰণী গন্তব্য হিচাপে ওড়িশাৰ স্থান নিশ্চিত কৰা
প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ উদ্বোধন কৰিব
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বিষয়বস্তু: ‘সেউজ ক্ৰীড়া’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰীত ওড়িশা আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত তেওঁ ভূৱনেশ্বৰৰ জনতা ময়দানত ‘উৎকৰ্ষ ওড়িশা – মে’ক ইন উৰিষ্যা কনক্লেভ ২০২৫’ উদ্বোধন কৰিব। তাৰ পিছত তেওঁ উত্তৰাখণ্ডৰ ডেৰাডুন ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত তেওঁ ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ উদ্বোধন কৰিব।

ওড়িশাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ভূৱনেশ্বৰত ‘উৎকৰ্ষ ওড়িশা – মেক ইন ওড়িশা কনক্লেভ ২০২৫’ উদ্বোধন কৰিব। ওড়িশা চৰকাৰৰ দ্বাৰা আয়োজিত ধ্বজাবাহী ‘গ্লোবেল ইনভেষ্টমেণ্ট ছামিট’খনৰ লক্ষ্য হৈছে ‘পূৰ্বোদয় দৃষ্টিভংগী’ৰ ভৰসাৰ থলী আৰু ভাৰতত এক অগ্ৰণী বিনিয়োগ গন্তব্য তথা ঔদ্যোগিক কেন্দ্ৰ হিচাপে ৰাজ্যখনৰ স্থান নিশ্চিত কৰা।

প্ৰধানমন্ত্ৰীয়ে ‘মে’ক ইন ওড়িশা’ শীৰ্ষক প্ৰদৰ্শনী এখনো উদ্বোধন কৰিব, য'ত এক প্ৰাণৱন্ত ঔদ্যোগিক পৰিস্থিতিতন্ত্ৰ বিকাশৰ ক্ষেত্ৰত ৰাজ্যখনৰ সাফল্যত আলোকপাত কৰা হ'ব। দুদিনীয়া সন্মিলনখন ২৮ৰ পৰা ২৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। ই উদ্যোগৰ নেতৃবৃন্দ, বিনিয়োগকাৰী আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব আৰু ওড়িশাই আগবঢ়োৱা সুযোগসমূহক এক পছন্দৰ বিনিয়োগ গন্তব্য হিচাপে চৰ্চা কৰিব। এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়া আৰু নেতাসকলৰ ঘূৰণীয়া মেজমেল, খণ্ডগত অধিৱেশন, ‘বিটুবি’ বৈঠক আৰু নীতিগত আলোচনা অনুষ্ঠিত হ'ব, যাৰ দ্বাৰা সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ সৈতে লক্ষ্য পূৰ্ণ সম্পৰ্ক নিশ্চিত কৰা হ'ব।

উত্তৰাখণ্ডত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ উদ্বোধন কৰিব। এই ক্ৰীড়া সমাৰোহখনৰ ৰূপালী জয়ন্তী বৰ্ষত এই সমাৱেশ উত্তৰাখণ্ডত আয়োজন কৰা হৈছে আৰু ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডৰ ৮ খন জিলাৰ ১১ খন চহৰত বিভিন্ন কাৰ্যকৰ্ম অনুষ্ঠিত হ'ব।

ধাৰাবাহিকতাত গুৰুত্ব দি এই বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বিষয়বস্তু হৈছে "সেউজ ক্ৰীড়া"। অনুষ্ঠানস্থলীৰ ওচৰত ‘স্পৰ্টছ ফৰেষ্ট’ নামৰ এক বিশেষ উদ্যান বিকশিত কৰা হ'ব, য'ত খেলুৱৈ আৰু অতিথিসকলে ১০,০০০ ৰো অধিক গছপুলি ৰোপণ কৰিব। খেলুৱৈসকলৰ বাবে পদক আৰু প্ৰমাণপত্ৰসমূহ পৰিৱেশ অনুকূল আৰু জৈৱ-পচনশীল সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth