প্ৰতিৰক্ষা খণ্ডৰ আত্মনিৰ্ভৰতাক আগুৱাই নিবলৈ বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণ সুবিধাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
ই হ’ব দেশৰ ভিতৰতে ব্যক্তিগত খণ্ডৰ প্ৰথমটো বিমান নিৰ্মাণৰ সুবিধা
বানাস্কান্তৰ থাৰাড অঞ্চলটোত পানী যোগান বৃদ্ধিৰ বাবে ৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ দিশত কাম আৰম্ভ হ’ব
পঞ্চমহলৰ জাম্বুঘোডাত উন্নয়নমূলক প্ৰকল্পৰ উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
আহমেদাবাদৰ আছাৰভাত ২,৯০০ কোটি টকাৰো অধিক মূল্যৰ ৰে’ল প্ৰকল্প উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
কেৱাদিয়াত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
আৰম্ভ ৪.০ৰ লগত সংগতি ৰাখিত ৯৭সংখ্যক কমন ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
কেৱাদিয়াত দুটা নতুন পৰ্যটনস্থলী-মেজ গাৰ্ডেন আৰু মিয়াৱাকি বনাঞ্চল উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰাজস্থানত অখ্যাত জনজাতীয় বীৰ আৰু স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ বলিদানক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজহুৱা অনুষ্ঠান ‘মংগৰ ধাম কী গৌৰৱ গাথা’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰ, ২০২২লৈ গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব৷

৩০ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণ সুবিধাৰ আধাৰশিলা স্থাপন কৰিব।

৩১ অক্টোবৰত কেৱাদিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পাছতে তেওঁ ষ্টেছু অফ ইউনিটীত চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। আৰম্ভ ৪.০ৰ লগত সংগতি ৰাখি ৯৭সংখ্যক কমন ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে বনাছকাণ্ঠ জিলালৈ যাব, য’ত তেওঁ থাৰাডত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আহমেদাবাদৰ মূল ৰে’ল প্ৰকল্পসমূহো তেওঁ দেশবাসীৰ নামত উচৰ্গা কৰিব।

১ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বানশ্বৰ জিলালৈ যাব, য’ত তেওঁ ‘মংগড় ধাম কী গৌৰৱ গাথা’ শীৰ্ষক এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ গুজৰাটৰ পঞ্চমহল জিলাৰ জাম্বুঘোডাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব।

বদোদৰাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে দেশৰ ব্যক্তিগত খণ্ডত প্ৰথমটো বিমান নিৰ্মাণৰ সুবিধা চি-২৯৫ বিমান নিৰ্মাণ সুবিধাৰ আধাৰশিলা স্থাপন কৰিব৷ টাটা এডভান্সড ছিষ্টেমছ লিমিটেড আৰু এয়াৰবাছ ডিফেন্স এণ্ড স্পেচ, স্পেইনৰ সহযোগিতাত এই সুবিধা ভাৰতীয় বায়ুসেনাৰ বাবে ৪০খন চি-২৯৫ বিমান নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই সুবিধা প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰতা লাভৰ দিশত এক মূল পদক্ষেপ হ’ব আৰু এই খণ্ডৰ ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ সম্ভাৱনাক মুকলি কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত এৰোস্পেচৰ উদ্যোগত প্ৰযুক্তিগত আৰু নিৰ্মাণৰ অগ্ৰগতি প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব।

কেৱাদিয়াত প্ৰধানন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ২০১৪ চনত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল যাতে দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তা ৰক্ষা আৰু সুদৃঢ় কৰাৰ বাবে আমাৰ সমৰ্পণক শক্তিশালী কৰিব পৰা যায়৷ প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াত ষ্টেছু অৱ ইউনিটিত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেডৰ সাক্ষী হ’ব, য’ত বিএছএফ আৰু পাঁচটা ৰাজ্যিক আৰক্ষী বাহিনীৰ দল, উত্তৰ মণ্ডল (হাৰিয়ানা), পশ্চিম মণ্ডল (মধ্যপ্ৰদেশ), দক্ষিণ মণ্ডল (তেলেংগানা), পূব মণ্ডল (ওড়িশা) আৰু উত্তৰ-পূব মণ্ডল (ত্ৰিপুৰা)। অংশগ্ৰহণকাৰীৰ উপৰিও কমনৱেলথ গেমছ ২০২২ৰ ৬জন আৰক্ষী ক্ৰীড়া পদক বিজয়ী খেলুৱৈয়েও পেৰেডত অংশগ্ৰহণ কৰিব।

অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ হ’ব আম্বাজীৰ জনজাতীয় শিশুৰ মিউজিকেল বেণ্ড। বেণ্ডৰ সদস্যসকলে এসময়ত আম্বাজী মন্দিৰত ভিক্ষা খুজিছিল। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও এই শিশুসকলে যোৱা মাহত আম্বাজী ভ্ৰমণৰ সময়ত তেওঁৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত উৎসাহিত কৰিছিল। অনুষ্ঠানৰ আন মূল আকৰ্ষণসমূহৰ ভিতৰত “হম এক হ্যে, হম শ্ৰেষ্ঠ হ্যে” শীৰ্ষক বিষয়বস্তুৰ ওপৰত এনচিচিৰ বিশেষ অনুষ্ঠান আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সন্দৰ্ভত সাংস্কৃতিক অনুষ্ঠান, যিটোৱে ৰাজ্যসমূহক একেলগে অনুষ্ঠান পৰিৱেশন কৰাৰ জৰিয়তে আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আৰম্ভ ৪.০ৰ লগত সংগতি ৰাখি ৯৭সংখ্যক কমন ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰত বিষয়াসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব। প্ৰশিক্ষণৰত বিষয়াসকলক লোকসেৱা প্ৰদান শক্তিশালী কৰাৰ বাবে প্ৰযুক্তিগত সমাধানসমূহৰ লাভ উঠাবলৈ সহায় কৰাৰ উদ্দেশ্যে আৰু অন্তিমজন ব্যক্তিক স্বচ্ছ, ফলপ্ৰসূ আৰু দক্ষ কৰি তোলা হৈছে৷ এই বেচত ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩টা সেৱাৰ ৪৫৫গৰাকী প্ৰশিক্ষণৰত বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াত দুটা নতুন পৰ্যটনস্থলী মেজ গাৰ্ডেন আৰু মিয়াৱাকি বনাঞ্চল দেশবাসীৰ নামত উচৰ্গা কৰিব। ৩একৰ ভূমিত বিস্তৃত এই মেজ গাৰ্ডেনখন দেশৰ আটাইতকৈ ডাঙৰ মেজ গাৰ্ডেন। ই মুঠ প্ৰায় ২.১ কিলোমিটাৰ পথৰে বিস্তৃত। ইয়াক ‘শ্ৰীয়ন্ত্ৰ’ৰ আকৃতিত ডিজাইন কৰা হৈছে, যিয়ে ঠাইখনলৈ ইতিবাচক শক্তি আনিব বুলি আশা কৰা হৈছে। বাগিচাখনত মুঠ প্ৰায় ১.৮ লাখ উদ্ভিদ ৰোপণ কৰা হৈছে, যিয়ে প্ৰাকৃতিক দৃশ্যৰ নান্দনিক সৌন্দৰ্য্য বৃদ্ধি কৰিছে। প্ৰায় ২ একৰ ভূমিত মিয়াৱাকি বনাঞ্চল উন্নয়ন কৰা হৈছে। ইয়াত থলুৱা ফুলৰ বাগিচা, কাঠৰ বাগিচা, ফলৰ বাগিচা, ঔষধি বাগিচা, মিশ্ৰিত প্ৰজাতিৰ মিয়াৱাকি অংশ, ঔষধি বাগিচা আৰু ডিজিটেল অৰিয়েণ্টেচন চেণ্টাৰ আছে। জাপানী উদ্ভিদবিজ্ঞানী আকিৰা মিয়াৱাকিয়ে আৰম্ভ কৰা কৌশল ব্যৱহাৰ কৰি ইয়াক বিকশিত কৰা হৈছে, যিয়ে কম সময়ৰ ভিতৰতে ঘন, থলুৱা অৰণ্য গঢ়ি তোলাত সহায় কৰে।

বনাছকাণ্ঠত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বনাছকাণ্ঠৰ থাৰাড ভ্ৰমণ কৰিব৷ এক ৰাজহুৱা কাৰ্যসূচীত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে মূল নৰ্মদা খালৰ পৰা কাছাৰাৰ পৰা দন্তৱাড়ালৈ পাইপলাইনকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ ব্যয় ১,৫৬০ কোটি টকাৰো অধিক হ’ব। এই প্ৰকল্পই পানী যোগান বৃদ্ধি কৰিব আৰু অঞ্চলটোৰ কৃষকসকলৰ বাবেও উপযোগী হিচাপে প্ৰমাণিত হ’ব। কাৰ্যসূচীৰ সময়ছোৱাত সুজলাম সুফলাম খাল শক্তিশালী কৰা, মুক্তেশ্বৰ বান্ধ-কৰ্মাৱত হ্ৰদলৈ মোধেৰা-মতি দৌ পাইপলাইন সম্প্ৰসাৰণ, শান্তলপুৰ তালুকৰ ১১খন গাঁৱৰ বাবে জলসিঞ্চন উত্তোলন আঁচনি আদি কেইবাটাও প্ৰকল্প ঘোষণা কৰিব।

আহমেদাবাদত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ আছাৰভাত ২৯০০ কোটি টকাৰো অধিক মূল্যৰ দুটা ৰে’ল প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে আহমেদাবাদ (আছৰ্ব)–হিম্মতনগৰ–উদয়পুৰ গজ পৰিৱৰ্তন লাইন আৰু লুনিধৰ-জেতালছাৰ গজ পৰিৱৰ্তন লাইন। প্ৰধানমন্ত্ৰীয়ে ভাৱনগৰ-জেতালছাৰৰ মাজত আৰু আছাৰভা- উদয়পুৰৰ মাজত নতুন ৰে'লৰো ফ্লেগ অফ কৰিব।

সমগ্ৰ দেশতে ইউনি-গজ ৰে’ল ব্যৱস্থা থকাৰ লক্ষ্যৰে ৰে’লৱেই বৰ্তমানৰ অনা ব্ৰড গজ ৰে’ল লাইনসমূহক ব্ৰড গজলৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰা প্ৰকল্পসমূহ এই দিশত আন এক পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। আহমেদাবাদ (আছাৰভা)–হিম্মতনগৰ– উদয়পুৰ গজ পৰিৱৰ্তন লাইন প্ৰায় ৩০০ কিলোমিটাৰ দীঘল। এইটোৱে যোগাযোগ ব্যৱস্থা উন্নত কৰিব আৰু অঞ্চলটোৰ পৰ্যটক, ব্যৱসায়ী, উৎপাদন ইউনিট আৰু উদ্যোগসমূহৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব, যিয়ে পাছলৈ নিয়োগ বৃদ্ধি আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব। ৫৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ লুনিধৰ-জেচালছাৰ গজ পৰিৱৰ্তন লাইনে ভেৰাভাল আৰু পোৰবন্দৰৰ পৰা পিপাৱৱ বন্দৰ আৰু ভাৱনগৰৰ বাবে এটা চুটি পথ প্ৰদান কৰিব। এই প্ৰকল্পই এই অংশত মাল কঢ়িয়াই নিয়াৰ ক্ষমতা বৃদ্ধি কৰিব, যাৰ ফলত ব্যস্ত কানালুছ-ৰাজকোট-বিৰামগাম পথত যান-জঁট হ্ৰাস পাব৷ এই পথে এতিয়া গিৰ অভয়াৰণ্য, সোমনাথ মন্দিৰ, দিউ আৰু গিৰ্নাৰ পাহাৰৰ সৈতেও নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত অঞ্চলটোৰ পৰ্যটন বৃদ্ধি পাব।

পঞ্চমহলত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে পঞ্চমহলৰ জম্বুঘোদাত ৮৬০ কোটি টকা মূল্যৰ প্ৰকল্পৰ দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তেওঁ শ্ৰী গোবিন্দ গুৰু বিশ্ববিদ্যালয়, গোধৰাৰ নতুন চৌহদ দেশবাসীৰ নামত উচৰ্গা কৰিব। লগতে ৱাডেক গাঁৱত অৱস্থিত সন্ত যোৰীয়া পৰমেশ্বৰ প্ৰাথমিক বিদ্যালয় আৰু স্মাৰক আৰু দণ্ডিয়াপুৰা গাঁৱত অৱস্থিত ৰাজা ৰূপ সিং নায়ক প্ৰাথমিক বিদ্যালয় আৰু স্মাৰক উচৰ্গা কৰিব।

গোধৰাৰ কেন্দ্ৰীয় বিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। তদুপৰি গোধৰা চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়ন আৰু দক্ষতা-দ্য স্কিল বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণৰ বাবে আধাৰশিলা স্থাপন কৰিব, যাৰবাবে ৬৮০ কোটি টকা ব্যয় হ’ব।

বানশ্বৰত প্ৰধানমন্ত্ৰী

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে চৰকাৰে স্বাধীনতা সংগ্ৰামৰ অখ্যাত জনজাতীয় বীৰসকলক উদযাপনৰ বাবে কেইবাটাও পদক্ষেপৰ সূচনা কৰিছে। ইয়াৰ ভিতৰত ১৫ নৱেম্বৰ (জনজাতি স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী)ক ‘জনজাতীয় গৌৰৱ দিৱস’ হিচাপে ঘোষণা কৰা, সমগ্ৰ দেশতে জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা আদি জনজাতীয় লোকসকলে সমাজলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি দিয়াৰ লগতে স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ ত্যাগ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা ইত্যাদি উল্লেখযোগ্য। এই দিশত আৰু এটা পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বানশ্বৰৰ মংগড় পাহাৰত অনুষ্ঠিত হ’বলগীয়া ‘মংগড় ধাম কী গৌৰৱ গাথা’ শীৰ্ষক এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখ্যাত জনজাতীয় বীৰ আৰু স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভীল স্বাধীনতা সংগ্ৰামী শ্ৰী গোবিন্দ গুৰুলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভীল আদিবাসী আৰু অঞ্চলটোৰ অন্যান্য জনজাতীয় লোকৰ সমাৱেশত ভাষণ প্ৰদান কৰিব।

ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশৰ ভীল জনগোষ্ঠী আৰু অন্যান্য জনজাতিৰ বাবে মংগড় পাহাৰে বিশেষ গুৰুত্ব প্ৰদান কৰে। যি স্বাধীনতা সংগ্ৰামৰ সময়ত ভীল আৰু অন্যান্য জনগোষ্ঠীয়ে ব্ৰিটিছৰ সৈতে দীঘলীয়া যুঁজত লিপ্ত হৈছিল, সেই সময়ত ১৯১৩ চনৰ ১৭ নৱেম্বৰত শ্ৰী গোবিন্দ গুৰুৰ নেতৃত্বত ১.৫ লাখতকৈ অধিক ভীলে মংগড় পাহাৰত সমবেত হৈছিল। এই সমাৱেশত ব্ৰিটিছসকলে গুলীচালনা কৰে, যাৰ ফলত মংগড় হত্যাকাণ্ড হয়, য’ত প্ৰায় ১৫০০ জনজাতীয় লোক শ্বহীদ হৈছিল।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged

Media Coverage

Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights 12 years of the government dedicated to trust, development, and public welfare
June 09, 2026

Prime Minister Shri Narendra Modi today stated that the past 12 years of the government have been dedicated to trust, development, and public welfare. The Prime Minister noted that with the blessings of 140 crore countrymen and the spirit of Nation First, no stone has been left unturned in empowering the youth, women, and farmer brothers and sisters.

Shri Modi observed that it is the result of relentless efforts that today the country has gained a new identity across the world, from infrastructure to the digital revolution. To realize the resolution of a Viksit Bharat, the Prime Minister affirmed that the government will continue to move forward on this path of service, good governance, and prosperity.

The Prime Minister posted on X:

"हमारी सरकार के बीते 12 वर्ष विश्वास, विकास और जनकल्याण को समर्पित रहे हैं। 140 करोड़ देशवासियों के आशीर्वाद और राष्ट्र प्रथम की भावना से हमने युवाओं, महिलाओं और अपने किसान भाई-बहनों को सशक्त बनाने में कोई कोर-कसर नहीं छोड़ी है। यह हमारे अथक प्रयासों का ही परिणाम है कि इंफ्रास्ट्रक्चर से लेकर डिजिटल क्रांति तक आज देश को दुनियाभर में एक नई पहचान मिली है। विकसित भारत के संकल्प को साकार करने के लिए हम सेवा, सुशासन और समृद्धि के इसी पथ पर निरंतर आगे बढ़ते रहेंगे।

#12YearsOfSeva"