অন্ধ্ৰ প্ৰদেশৰ ভীমাৱৰামত কিংবদন্তি স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজুৰ বৰ্ষজোৰা ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
৩০ ফুট ওখ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে
গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া উইক, ২০২২ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
ডিজিটেল ইণ্ডিয়া সপ্তাহ, ২০২২ৰ বাবে মুল বিষয়বস্তু হৈছেঃ নিউ ইণ্ডিয়াৰ টেকেডক অনুঘটক হিচাপে কাম কৰা
‘ডিজিটেল ইণ্ডিয়া ভাষিনী’, ‘ডিজিটেল ইণ্ডিয়া জেনেছিছ’ আৰু ‘ইণ্ডিয়াষ্টেক ডট গ্ল’বেল’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে; লগতে উচৰ্গা ‘মাইস্কিম’ আৰু ‘মেৰী পেহচান’
চিপছ টু ষ্টাৰ্টআপ কাৰ্যসূচীৰ অধীনত সমৰ্থন আগবঢ়াবলগীয়া ৩০টা প্ৰতিষ্ঠানৰ প্ৰথমটো দল ঘোষণা কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ জুলাই, ২০২২ত অন্ধ্ৰপ্ৰদেশৰ ভীমাৱৰাম আৰু গুজৰাটৰ গান্ধীনগৰ ভ্ৰমণ কৰিব। প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ভীমাৱৰামত কিংবদন্তি স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজুৰ বৰ্ষজোৰা ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিব। ইয়াৰ পিছত প্ৰায় ৪:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া উইক, ২০২২ উদ্বোধন কৰিব।

ভীমাৱৰামত প্ৰধানমন্ত্ৰী

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে চৰকাৰে স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক উপযুক্ত স্বীকৃতি প্ৰদান কৰাৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণক সেই বিষয়ে সজাগ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভীমাৱৰামত কিংবদন্তি স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজুৰ বৰ্ষজোৰা ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীয়ে আল্লুৰী সীতাৰামা ৰাজুৰ ৩০ ফুট ওখ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব।

১৮৯৭ চনৰ ৪ জুলাইত জন্মগ্ৰহণ কৰা আল্লুৰী সীতাৰামা ৰাজুৱে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে, পূব ঘাট অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষাৰ বাবে সকলোৱে মন ৰাখিছে। তেওঁ ১৯২২ চনত আৰম্ভ হোৱা ৰামপা বিদ্ৰোহৰ নেতৃত্ব দিছিল।স্থানীয় লোকসকলে তেওঁক “মন্যম বীৰুদু” (জংঘলৰ নায়ক) বুলি অভিহিত কৰে।

বৰ্ষজোৰা এই উদযাপনৰ অংশ হিচাপে চৰকাৰে একাধিক পদক্ষেপৰ পৰিকল্পনা কৰিছে। আল্লুৰী সীতাৰামা ৰাজুৰ জন্মস্থান ভিজিয়ানাগৰাম জিলাৰ পাণ্ডৰাংগী আৰু চিন্তাপল্লী আৰক্ষী থানা (ৰামপা বিদ্ৰোহৰ ১০০ বছৰ উপলক্ষে - এই থানাত হোৱা আক্ৰমণে ৰামপা বিদ্ৰোহৰ আৰম্ভণি চিহ্নিত কৰিছিল) পুনৰুদ্ধাৰ কৰা হ’ব। মিউৰেল পেইন্টিং আৰু কৃত্ৰিম বুদ্ধিমত্তাসক্ষম ইণ্টাৰেক্টিভ চিষ্টেমৰ জৰিয়তে স্বাধীনতা সংগ্ৰামী গৰাকীৰ জীৱন কাহিনী চিত্ৰিত কৰি ধ্যান মুদ্ৰাত আল্লুৰী সীতাৰাম ৰাজুৰ প্ৰতিমূৰ্তিৰে মোগালুত আল্লুৰী ধ্যান মন্দিৰ নিৰ্মাণৰ বাবেও চৰকাৰে অনুমোদন জনাইছে।

গান্ধীনগৰত প্ৰধানমন্ত্ৰী

‘নিউ ইণ্ডিয়াৰ টেকেডক অনুঘটক হিচাপে কাম কৰা’ শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰিবলগীয়া ডিজিটেল ইণ্ডিয়া উইক, ২০২২ উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ সুলভতা বৃদ্ধি, সহজ জীৱন-যাপন নিশ্চিত কৰাৰ বাবে সেৱা প্ৰদান সুশৃংখলিত কৰাৰ লক্ষ্যৰে একাধিক ডিজিটেল পদক্ষেপ আৰম্ভ কৰিব আৰু ষ্টাৰ্টআপসমূহক এক উদ্গনি যোগাব।

প্ৰধানমন্ত্ৰীয়ে ‘ডিজিটেল ইণ্ডিয়া ভাষিনী’ মুকলি কৰিব, যিয়ে কণ্ঠভিত্তিক প্ৰৱেশকে ধৰি ভাৰতীয় ভাষাত ইণ্টাৰনেট আৰু ডিজিটেল সেৱা সহজে লাভ কৰিব পাৰিব, আৰু ভাৰতীয় ভাষাত কণ্টেণ্ট সৃষ্টি কৰাত সহায় কৰিব। ভাৰতীয় ভাষাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক ভাষা প্ৰযুক্তি সমাধান গঢ়ি তোলাৰ মূল মধ্যস্থতা হ’ব বহুভাষিক ডাটাছেট সৃষ্টি। ডিজিটেল ইণ্ডিয়া ভাষিনীয়ে ভাষাদান নামৰ ক্ৰাউডছ’ৰ্চিং পদক্ষেপৰ জৰিয়তে এই ডাটাছেটসমূহ নিৰ্মাণৰ বাবে ব্যাপক নাগৰিকসকলক সক্ষম কৰিব।

ভাৰতৰ টায়াৰ-II আৰু টায়াৰ-III চহৰসমূহত আৱিষ্কাৰ, সমৰ্থন, বৃদ্ধি আৰু সফল ষ্টাৰ্টআপ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘ডিজিটেল ইণ্ডিয়া জেনেছিছ’ (জেন-নেক্সট ছাপ’ৰ্ট ফৰ ইনোভেটিভ ষ্টাৰ্টআপ) - এটা ৰাষ্ট্ৰীয় ডিপ-টেক ষ্টাৰ্টআপ প্লেটফৰ্ম মুকলি কৰিব। এই আঁচনিৰ বাবে মুঠ ৭৫০ কোটি টকা ধাৰ্য কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়াষ্টেক.গ্ল’বেল’ও মুকলি কৰিব - ইণ্ডিয়া ষ্টেকৰ অধীনত ৰূপায়িত মূল প্ৰকল্প যেনে আধাৰ, ইউপিআই, ডিজিলকাৰ, ক’ৱিন ভেকচিনেচন প্লেটফৰ্ম, গৱৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচ (জিইএম), দীক্ষা মঞ্চ আৰু আয়ুস্মান ভাৰত ডিজিটেল হেল্থ মিছন আদিৰ এক বিশ্বজোৰা ভঁৰাল। গ্ল’বেল পাব্লিক ডিজিটেল গুডছ ভঁৰাললৈ ভাৰতৰ এই প্ৰস্তাৱে জনসংখ্যাৰ পৰিসৰত ডিজিটেল ৰূপান্তৰ প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক শীৰ্ষ স্থান দিয়াত সহায় কৰিব আৰু এনে প্ৰযুক্তি সমাধান বিচৰা আন দেশসমূহৰ বাবে ই অপৰিসীম সহায়ক হিচাপে প্ৰমাণিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ‘মাইস্কিম’- চৰকাৰী আঁচনিসমূহৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা সেৱা আৱিষ্কাৰ মঞ্চ উৎসৰ্গা কৰিব। ইয়াৰ লক্ষ্য হৈছে একক অনুসন্ধান আৰু আৱিষ্কাৰ প’ৰ্টেল প্ৰদান কৰা য’ত ব্যৱহাৰকাৰীসকলে তেওঁলোকে যোগ্য আঁচনিসমূহৰ সন্ধান কৰিব পাৰে। তেওঁ দেশবাসীৰ নামত ‘মেৰী পেহচান’-নেচনেল ছিংগল ছাইন ফৰ ৱান চিটিজেন লগইন-ও উৎসৰ্গা কৰিব। ৰাষ্ট্ৰীয় একক চাইন-অন (এনএছএছঅ’) হৈছে এটা ব্যৱহাৰকাৰী প্ৰমাণীকৰণ সেৱা য'ত প্ৰমাণপত্ৰৰ এটা গোটে একাধিক অনলাইন এপ্লিকেচন বা সেৱাসমূহৰ বিশ্বাসযোগ্যতা প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে চিপছ টু ষ্টাৰ্টআপ (চি২এছ) কাৰ্যসূচীৰ অধীনত সহায়ক হোৱা ৩০টা প্ৰতিষ্ঠানৰ প্ৰথমটো গোটৰ নামো ঘোষণা কৰিব। চি২এছ কাৰ্যসূচীৰ লক্ষ্য হৈছে স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণা পৰ্যায়ত অৰ্ধপৰিবাহী চিপৰ ডিজাইনৰ ক্ষেত্ৰত বিশেষ জনশক্তিক প্ৰশিক্ষণ দিয়া আৰু দেশত অৰ্ধপৰিবাহী ডিজাইনৰ সৈতে জড়িত ষ্টাৰ্ট-আপসমূহৰ বৃদ্ধিৰ বাবে অনুঘটক হিচাপে কাম কৰা। ই সাংগঠনিক পৰ্যায়ত নিৰীক্ষণ প্ৰদান কৰে আৰু প্ৰতিষ্ঠানসমূহক ডিজাইনৰ বাবে অত্যাধুনিক সুবিধাসমূহ উপলব্ধ কৰে। এয়া অৰ্ধপৰিবাহীত এক শক্তিশালী ডিজাইন ইক’চিষ্টেম গঢ়ি তোলাৰ বাবে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ অংশ।

ডিজিটেল ইণ্ডিয়া উইক, ২০২২ত ৪ জুলাইৰ পৰা ৬ জুলাইলৈ গান্ধীনগৰত ব্যৱহাৰিক অনুষ্ঠান অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীত ডিজিটেল ইণ্ডিয়াৰ বাৰ্ষিকী উদযাপন কৰা হ’ব আৰু আধাৰ, ইউ পি আই, ক’ৱিন, ডিজিলকাৰ আদি ৰাজহুৱা ডিজিটেল প্লেটফৰ্মে কিদৰে নাগৰিকসকলৰ বাবে সহজ-সৰল জীৱন-যাপন সক্ষম কৰিছে সেই দিশবোৰ প্ৰদৰ্শন কৰা হ’ব। ই বিশ্বজুৰি দৰ্শকৰ সন্মুখত ভাৰতৰ প্ৰযুক্তিগত দক্ষতা প্ৰদৰ্শন কৰিব, বহুতো অংশীদাৰৰ সৈতে সহযোগিতা আৰু ব্যৱসায়িক সুযোগসমূহ অন্বেষণ কৰিব আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে সুযোগসমূহৰ টেকেড উপস্থাপন কৰিব। ইয়াত ষ্টাৰ্টআপ আৰু চৰকাৰ, উদ্যোগ আৰু একাডেমীৰ নেতাসকলৰ অংশগ্ৰহণৰ সাক্ষী হ’ব। ইয়াৰ লগত সংগতি ৰাখি দুই শতাধিক বিপনীৰে এখন ডিজিটেল মেলাৰ আয়োজন কৰা হৈছে, য’ত সহজ জীৱন-যাপনৰ সক্ষম কৰি তোলা ডিজিটেল সমাধানৰ লগতে ভাৰতীয় ইউনিকৰ্ণ আৰু ষ্টাৰ্টআপে প্ৰস্তুত কৰা সমাধানসমূহো প্ৰদৰ্শন কৰিব। ডিজিটেল ইণ্ডিয়া উইকত অহা ৭ জুলাইৰ পৰা ৯ জুলাইলৈ ভাৰ্চুৱেল ম’ডত ইণ্ডিয়া ষ্টেক ন’লেজ এক্সচেঞ্জো অনুষ্ঠিত হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian youth are at the forefront of tech-led growth, innovation: PM Modi

Media Coverage

Indian youth are at the forefront of tech-led growth, innovation: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Slovakia
June 15, 2026

PM Modi arrived in Bratislava, Slovakia, marking an important milestone in India-Slovakia relations. He was warmly welcomed upon arrival..

The visit provides an opportunity to further deepen bilateral ties between India and Slovakia and explore new avenues of cooperation across key sectors. It also reflects the growing engagement between the two countries and their shared commitment to strengthening the partnership for mutual growth and development.

During the visit, PM Modi will hold meetings with President Peter Pellegrini and PM Robert Fico to review and discuss ways to further expand collaborations.