ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক তথা আন্তৰ্জাতিকভাৱে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মত বিনিময় কৰিব দুয়োগৰাকী নেতাই
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰ’ৱে উদ্বোধন কৰিব ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীত মুম্বাই ভ্ৰমণ কৰি ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক সাক্ষাৎ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ২০২৬ চনৰ ১৭ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰি ভাৰতে আয়োজন কৰা কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে মুম্বাইত প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এয়া হ'ব ৰাষ্ট্ৰপতি মেক্ৰ’ৰ চতুৰ্থ ভাৰত ভ্ৰমণ তথা প্ৰথম মুম্বাই ভ্ৰমণ।

১৭ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰায় ৩.১৫ বজাত দুয়োগৰাকী নেতাই মুম্বাইৰ লোকভৱনত দ্বিপাক্ষিক আলোচনাত ভাগ ল’ব। এই বৈঠকত তেওঁলোকে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। আলোচনাকালত কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ লগতে এই মিত্ৰতাক নতুন তথা শেহতীয়া ক্ষেত্ৰসমূহলৈ উন্নীত কৰি অধিক বৈচিত্ৰ্যময় কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰ’ৱে আঞ্চলিক আৰু আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দৰ্ভতো মত বিনিময় কৰিব।

সন্ধিয়া প্ৰায় ৫বাজি ১৫মিনিটত দুয়োগৰাকী নেতাই ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬  উদ্বোধন কৰাৰ লগতে দুয়োখন দেশৰ ব্যৱসায়িক নেতা, ষ্টাৰ্ট-আপ, গৱেষক তথা অন্যান্য উদ্ভাৱকসকলক সম্বোধন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future