PM to launch expansion of health coverage to all senior citizens aged 70 years and above under Ayushman Bharat PM-JAY
In a major boost to healthcare infrastructure, PM to inaugurate and lay foundation stone of multiple healthcare institutions
PM to inaugurate Phase-II of India’s First All India Institute of Ayurveda
Enhancing the innovative usage of technology in healthcare sector, PM to launch drone services at 11 Tertiary Healthcare Institutions
In a boost to digital initiatives to further improve healthcare facilities, PM to launch U-WIN portal that digitalises vaccination process benefiting pregnant women and infants
In line with the vision of Make in India, PM to inaugurate five projects under the PLI scheme for medical devices and bulk drugs
PM to also launch multiple initiatives to strengthen the R&D and testing infrastructure in healthcare sector

ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ অক্টোবৰতদিনৰ প্ৰায় ১২:৩০ বজাত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (এআইআইএ)ত প্ৰায় ১২,৮৫০ কোটি টকাৰ বিভিন্ন স্বাস্থ্য খণ্ডৰে জড়িত প্ৰকল্প আৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।

সমগ্ৰ দেশতে গুণগত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ এয়ানিৰন্তৰ প্ৰয়াস। স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে কেইবাখনো স্বাস্থ্য প্ৰতিষ্ঠানৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথমসৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ দ্বিতীয় পৰ্যায়ৰউদ্বোধন কৰিব। ইয়াৰ ভিতৰত আছে পঞ্চকৰ্ম চিকিৎসালয়, ঔষধ নিৰ্মাণৰ বাবে আয়ুৰ্বেদিক ফাৰ্মাচী, ক্ৰীড়া চিকিৎসা গোট, কেন্দ্ৰীয় পুথিভঁৰাল, আই টি আৰু ষ্টাৰ্ট-আপ ইনকিউবেচন চেণ্টাৰ আৰু ৫০০ আসনৰ প্ৰেক্ষাগৃহ। লগতে মধ্যপ্ৰদেশৰ মণ্ডসৌৰ, নীমুচ আৰু ছিওনীত তিনিখন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব। তদুপৰি হিমাচল প্ৰদেশৰ বিলাসপুৰ, পশ্চিম বংগৰ কল্যাণী, বিহাৰৰ পাটনা, উত্তৰ প্ৰদেশৰ গোৰখপুৰ, মধ্যপ্ৰদেশৰ ভূপাল, অসমৰ গুৱাহাটী আৰু নতুন দিল্লীৰ বিভিন্ন এইমছত সুবিধা আৰু সেৱা সম্প্ৰসাৰণৰ শুভাৰম্ভ কৰিব, য’ত জন ঔষধি কেন্দ্ৰও অন্তৰ্ভুক্ত হ’ব। প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ বিলাসপুৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এটা ছুপাৰ স্পেচিয়েলিটি ব্লক আৰু ওড়িশাৰ বৰগড়ত এটা ক্রিটিকেল কেয়াৰ ব্লক উদ্বোধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান (পি এম-এ বি এইচ আই এম)ৰ অধীনত মধ্যপ্ৰদেশৰ শিৱপুৰী, ৰাতলাম, খাণ্ডৱা, ৰাজগড় আৰু মণ্ডসৌৰত পাঁচখন নাৰ্চিং মহাবিদ্যালয় আৰুহিমাচল প্ৰদেশ, কৰ্ণাটক, মণিপুৰ, তামিলনাডু আৰু ৰাজস্থানৰ ২১টা ক্ৰিটিকেল কেয়াৰ ব্লকৰআধাৰশিলা স্থাপন কৰিব। লগতে নতুন দিল্লীৰ এইমছআৰু হিমাচল প্ৰদেশৰ বিলাসপুৰত আন বহুতো সুবিধা আৰু সেৱাৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ইন্দোৰত এখন ই এছ আই চি চিকিৎসালয় উদ্বোধন কৰাৰ লগতে হাৰিয়ানাৰ ফৰিদাবাদ, কৰ্ণাটকৰ বোম্মাচন্দ্ৰ আৰু নৰছাপুৰ, মধ্যপ্ৰদেশৰ ইন্দোৰ, উত্তৰ প্ৰদেশৰ মীৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ অটচুটাপুৰমত ই এছ আই চি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ পৰা প্ৰায় ৫৫ লাখ ই এছ আই হিতাধিকাৰীয়ে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন খণ্ডত সেৱা প্ৰদান বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক শক্তিশালী প্ৰবক্তা হৈ আহিছে। স্বাস্থ্যসেৱা অধিক সুলভ কৰি তুলিবলৈ সেৱা প্ৰদান বৃদ্ধিৰ বাবে ড্ৰোন প্ৰযুক্তিৰ এক অভিনৱ ব্যৱহাৰত প্ৰধানমন্ত্ৰীয়ে ১১টা তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানত ড্ৰোন সেৱা আৰম্ভ কৰিব। এইবোৰ হৈছে উত্তৰাখণ্ডৰ এইমছ ঋষিকেশ, তেলেংগানাৰ এইমছ বিবিনগৰ,অসমৰ এইমছ গুৱাহাটী, মধ্যপ্ৰদেশৰ এইমছ ভূপাল, ৰাজস্থানৰ এইমছ যোধপুৰ, বিহাৰৰ এইমছ পাটনা, হিমাচল প্ৰদেশৰ এইমছ বিলাসপুৰ, উত্তৰ প্ৰদেশৰ এইমছ ৰায়বৰেলী, ছত্তীশগড়ৰ এইমছ ৰায়পুৰ, অন্ধ্ৰপ্ৰদেশৰ এইমছ মঙ্গলাগিৰি আৰু মণিপুৰৰ ৰিমছ ইম্ফল। তেওঁলগতে এইমছ ঋষিকেশৰ পৰা হেলিকপ্টাৰ জৰুৰীকালীন চিকিৎসা সেৱাও মুকলি কৰিব, যি দ্ৰুত চিকিৎসা সেৱা প্ৰদানত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ইউ-উইন পৰ্টেল মুকলি কৰিব। ই টিকাকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ডিজিটেল কৰি গৰ্ভৱতী মহিলা আৰু নৱজাতকসকলক উপকৃত কৰিব। ই ১২ টা ভেকচিন-প্ৰতিৰোধযোগ্য ৰোগৰ বিৰুদ্ধে গৰ্ভৱতী মহিলা আৰু শিশুক (জন্মৰ পৰা ১৬ বছৰলৈ) জীৱন ৰক্ষাকাৰী ভেকচিনবোৰ সময়মতে প্ৰদান কৰাটো নিশ্চিত কৰিব। তদুপৰিপ্ৰধানমন্ত্ৰীয়ে সহযোগী তথা স্বাস্থ্যসেৱাৰ পেছাদাৰী লোক আৰু প্ৰতিষ্ঠানসমূহৰ বাবেও এটা পৰ্টেল মুকলি কৰিব। ই বৰ্তমানৰ স্বাস্থ্যসেৱাৰ পেছাদাৰী লোক আৰু প্ৰতিষ্ঠানসমূহৰ কেন্দ্ৰীভূত তথ্যকোষ হিচাপে কাম কৰিব।

দেশৰ স্বাস্থ্যসেৱাৰ পৰিৱেশ তন্ত্ৰৰ উন্নতিৰ বাবে অনুসন্ধান আৰু বিকাশ তথা পৰীক্ষণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ভুৱনেশ্বৰৰ গোঠাপটনাত এটা কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰ উদ্বোধন কৰিব।

তেওঁ ওড়িশাৰ খোৰ্ধা আৰু ছত্তীশগড়ৰ ৰায়পুৰত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ দুটা কেন্দ্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে চিকিৎসা সঁজুলিৰ বাবে গুজৰাটৰ এনআইপিইআৰআহমেদাবাদ, বৃহৎ পৰিমাণৰ ঔষধৰ বাবে তেলেংগানাৰ এনআইপিইআৰহায়দৰাবাদ, ভেষজ ঔষধৰ বাবে অসমৰ এনআইপিইআৰগুৱাহাটী আৰু বেক্টেৰিয়া-প্ৰতিৰোধী এণ্টি-ভাইৰেল ঔষধ আৱিষ্কাৰ আৰু বিকাশৰ বাবে পঞ্জাৱত এনআইপিইআৰ মোহালিত চাৰিটা উৎকৰ্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত চাৰিটা আয়ুষ উৎকৰ্ষ কেন্দ্ৰ, যেনে ডায়েবেটিচ আৰু বিপাকীয় বিকাৰৰ উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰিব; উন্নত প্ৰযুক্তিগত ষ্টাৰ্ট-আপ আৰু আইআইটি দিল্লীত ৰসৌষধিৰ বহনক্ষম সমাধানৰ বাবে আয়ুষ উৎকৰ্ষ কেন্দ্ৰ; লক্ষ্ণৌৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠানত আয়ুৰ্বেদৰ মৌলিক আৰু অনুবাদমূলক গৱেষণাৰ বাবে উৎকৰ্ষ কেন্দ্ৰ; আৰু নতুন দিল্লীৰ জেএনইউত আয়ুৰ্বেদ আৰু প্ৰণালীবদ্ধ ঔষধৰ উৎকৰ্ষ কেন্দ্ৰ।

স্বাস্থ্যসেৱা খণ্ডত মেক ইন ইণ্ডিয়াৰ পদক্ষেপ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৱাপী, তেলেংগানাৰ হায়দৰাবাদ, কৰ্ণাটকৰ বেংগালুৰু, অন্ধ্ৰপ্ৰদেশৰ কাকিনাডা আৰু হিমাচল প্ৰদেশৰ নালাগড়ত চিকিৎসা সঁজুলি আৰু বৃহৎ পৰিমাণৰ ঔষধৰ বাবে প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই)আঁচনিৰ অধীনত ৫টা প্ৰকল্প উদ্বোধন কৰিব। এই গোটসমূহেবহু পৰিমাণৰগুৰুত্বপূৰ্ণ ঔষধৰ লগতেউচ্চমানৰ চিকিৎসা সঁজুলি, যেনে শৰীৰ সংৰোপণ আৰু ক্ৰিটিকেল কেয়াৰ সঁজুলিনিৰ্মাণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধিৰ লক্ষ্যৰে “দেশ কা প্ৰকৃতি পৰীক্ষণ অভিযান” নামৰ এক দেশজোৰা অভিযান আৰম্ভ কৰিব। তদুপৰি তেওঁ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্যৰ ওপৰত ৰাজ্যভিত্তিক কাৰ্য্য পৰিকল্পনা আৰম্ভ কৰিব, যিয়েজলবায়ু পৰিৱৰ্তনৰ অনুকূল স্বাস্থ্য সেৱা বিকাশৰ বাবে ৰূপান্তৰ কৌশল প্ৰস্তুত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Semiconductor companies under ISM to invest ₹31,299 crore by FY27

Media Coverage

Semiconductor companies under ISM to invest ₹31,299 crore by FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.