প্ৰধানমন্ত্ৰীয়ে অহা ২৭ নৱেম্বৰৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতীয় মহাকাশ ষ্টাৰ্টআপ স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ স্কাইৰুটৰ প্ৰথমটো অৰবিট ৰকেট বিক্ৰম-I ও মুকলি কৰিব, যিয়ে কক্ষপথলৈ উপগ্ৰহ প্ৰেৰণ কৰিব পাৰে।
অত্যাধুনিক এই সুবিধা একাধিক উৎক্ষেপণ বাহনৰ ডিজাইন, বিকাশ, সংহতি আৰু পৰীক্ষণৰ বাবে প্ৰায় ২ লাখ বৰ্গফুট কৰ্মক্ষেত্ৰৰে সমৃদ্ধ। ইয়াত প্ৰতিমাহে এটা অৰবিট ৰকেট নিৰ্মাণ সম্ভৱ হৈ উঠিব।
স্কাইৰুট হৈছে ভাৰতৰ আগশাৰীৰ ব্যক্তিগত মহাকাশ কোম্পানী। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ আৰু ইছৰোৰ প্ৰাক্তন বিজ্ঞানী তথা উদ্যোগী পৱন চন্দনা আৰু ভাৰত ঢাকাই ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। ২০২২-ৰ নৱেম্বৰত স্কাইৰুটে নিজৰ চাব-অৰ্বিটেল ৰকেট বিক্ৰম-এছ উৎক্ষেপণ কৰি মহাকাশলৈ ৰকেট নিক্ষেপ কৰা প্ৰথমটো ভাৰতীয় ব্যক্তিগত কোম্পানী হিচাপে পৰিগণিত হয়।
ব্যক্তিগত মহাকাশ প্ৰতিষ্ঠানৰ দ্ৰুত উত্থানে যোৱা কেইবছৰমানৰ পৰা চৰকাৰে সাধন কৰা পৰিৱৰ্তনশীল সংস্কাৰৰ সফলতাৰ সাক্ষ্য বহন কৰে। এই কাৰ্য্যই ভাৰতৰ নেতৃত্বক এক আত্মবিশ্বাসী আৰু সক্ষম বিশ্ব মহাকাশ শক্তি হিচাপে সুদৃঢ় কৰি তুলিছে।


