প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৬তম স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ নেতৃবৃন্দক তেওঁলোকৰ অভিনন্দন আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ দিছে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"স্বাধীনতা দিৱসৰ শুভকামনাৰ বাবে ধন্যবাদ, প্ৰধানমন্ত্ৰী এন্থনী আলবানীজ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বন্ধুত্ব সময়ৰ পৰীক্ষাত থিয় হৈছে আৰু ইয়াৰ পৰা দুয়োখন দেশৰ জনসাধাৰণৰ বহুত লাভ হৈছে।"

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আমাৰ স্বাধীনতা দিৱসত আপোনাৰ শুভকামনাৰ বাবে অভিনন্দন, ৰাষ্ট্ৰপতি @ibusolih। ভাৰত-মালদ্বীপৰ প্ৰগাঢ় বন্ধুত্বৰ ওপৰত আপোনাৰ উষ্ম শব্দাৱলীৰ মই হৃদয়ৰ পৰা সমৰ্থন কৰিছো।"

ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আপোনাৰ স্বাধীনতা দিৱসৰ অভিনন্দনত অভিভূত, ৰাষ্ট্ৰপতি @EmmanuelMacron। ভাৰতে ফ্ৰাঞ্চৰ সৈতে নিজৰ ঘনিষ্ঠ সম্পৰ্কক বাস্তৱত বহুত সন্মান দিয়ে। আমাৰ দ্বিপাক্ষিক বুজাপৰা বিশ্বজনীন কল্যাণৰ বাবে।"

ভূটানৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত, প্ৰধানমন্ত্ৰীয়ে কয়;

"মই @PMBhutan লোটে শ্বেৰিঙক তেওঁৰ স্বাধীনতা দিৱসৰ শুভকামনাৰ বাবে ধন্যবাদ জনাইছো। সকলো ভাৰতীয়ই ভূটানৰ সৈতে আমাৰ বিশেষ সম্পৰ্কক সন্মান দিয়ে- এক নিকট চুবুৰীয়া আৰু এক অমূল্য মিত্ৰ।"

ডমিনিক অফ কমনৱেলথৰ প্ৰধানমন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰত, প্ৰধানমন্ত্ৰীয়ে কয়;

"আমাৰ স্বাধীনতা দিৱসত আপোনাৰ অভিনন্দনৰ বাবে, প্ৰধানমন্ত্ৰী ৰুজভেল্ট স্কেৰিট, আপোনাক ধন্যবাদ। অহা বছৰবিলাকত ভাৰত আৰু ডমিনিক অফ কমনৱেলথৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হৈ থাকক।"

মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগন্নাথ, স্বাধীনতা দিৱসত আপোনাৰ শুভকামনা লাভ কৰি সন্মানিত অনুভৱ কৰিছো। ভাৰত আৰু মৰিছাছৰ মাজত বহুত গভীৰ সাংস্কৃতিক সম্পৰ্ক আছে। আমাৰ নাগৰিকসকলৰ পাৰস্পৰিক লাভৰ বাবে দুয়োখন ৰাষ্ট্ৰই বিভিন্ন ক্ষেত্ৰত সহযোগ কৰি আছে।"

মেডাগাস্কাৰৰ ৰাষ্ট্ৰপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আমাৰ স্বাধীনতা দিৱসত আমাক অভিনন্দন জনোৱা বাবে ৰাষ্ট্ৰপতি এণ্ড্ৰী ৰাজোএলিনাক ধন্যবাদ। এক বিশ্বস্ত বিকাশৰ অংশীদাৰ হিচাপে, ভাৰতে সদায়েই দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে মেডাগাস্কাৰৰ সৈতে কাম কৰিব।"

নেপালৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত, প্ৰধানমন্ত্ৰীয়ে কয়;

"শুভকামনাৰ বাবে ধন্যবাদ, প্ৰধানমন্ত্ৰী @SherBDeuba। অহা বছৰবিলাকত ভাৰত-নেপালৰ বন্ধুত্ব আৰু প্ৰগাঢ় হৈ থাকক।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”