প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন উদ্বোধন কৰে। দ্বি-বাৰ্ষিক সন্মিলনখন হৈছে সশস্ত্ৰ বাহিনীৰ শীৰ্ষ-পৰ্য্যায়ৰ চিন্তা-চৰ্চাৰ এখনি মঞ্চ। ইয়াত দেশৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্ব একত্ৰিত হৈ মত-বিনিময় আৰু ভাৰতৰ সামৰিক প্ৰস্তুতিৰ আগন্তুক অগ্ৰগতি-সাধনৰ ৰূপৰেখা অংকন কৰে। সশস্ত্ৰ বাহিনীৰ অব্যাহত আধুনিকীকৰণ আৰু ৰূপান্তৰৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বৰ্ষ – ভৱিষ্যতৰ বাবে ৰূপান্তৰ’।

 

প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দূৰৰ সফলতাৰ লগতে ৰাষ্ট্ৰ-নিৰ্মাণ, এন্টি-পাইৰেচি, সংঘাতময় অঞ্চলৰ পৰা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন তথা বন্ধুত্বপূৰ্ণ দেশসমূহক মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (HADR) প্ৰদানৰ ক্ষেত্ৰত পালন কৰা সংহত ভূমিকাৰ বাবে সশস্ত্ৰ বাহিনীক অভিনন্দন জনায়। ২০২৫ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ‘সংস্কাৰৰ বৰ্ষ’ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰাজি আৰু যিকোনো পৰিস্থিতিৰে মোকাবিলাকৰণৰ অৰ্থে অধিক সহযোগিতা, আত্ম-নিৰ্ভৰতা আৰু উদ্ভাৱনৰ বাবে ক্ষীপ্ৰতাৰে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

 

প্ৰধানমন্ত্ৰীক অপাৰেচন সিন্দূৰে সৃষ্টি কৰা নতুন স্বাভাৱিক অৱস্থাৰ প্ৰেক্ষাপটত বাহিনীসমূহৰ কাৰ্য্যকৰী প্ৰস্তুতি, উদীয়মান প্ৰযুক্তি আৰু কৌশলৰ প্ৰেক্ষাপটত যুদ্ধভূমিৰ ভৱিষ্যৎ সম্পৰ্কে অৱগত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে যোৱা দুবছৰত সাধন কৰা সংস্কাৰৰাজি আৰু আগন্তুক দুটা বছৰৰ পৰিকল্পনা সম্পৰ্কেও পৰ্য্যালোচনা কৰে।

 

সন্মিলনৰ অহা দুদিনত সমগ্ৰ বাহিনীসমূহৰ পৰা লাভ কৰা মতামতৰ ভিত্তিত ভিন্ন গাঁথনিগত, প্ৰশাসনিক আৰু কাৰ্য্যকৰী বিষয়সমূহৰ সামগ্ৰিক পৰ্য্যালোচনা, ক্ৰম-বৰ্ধমান বৈশ্বিক অনিশ্চয়তাৰ প্ৰেক্ষাপটত সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতিৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগী কাৰ্য্যকৰীকৰণৰ বাবে ৰূপৰেখা যুগুত সন্দৰ্ভত আলোচনা কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 এপ্ৰিল 2026
April 20, 2026

Honouring Saints, Powering Futures: PM Modi’s Leadership That Blends Heritage, Highways and High Growth