প্ৰধানমন্ত্ৰীয়ে দুৰ্য্যোগ প্ৰতিৰোধ ব্যৱস্থাক সুদৃঢ়কৰণৰ বাবে ৫ টা মূল বৈশ্বিক অগ্ৰাধিকাৰৰ ৰূপৰেখা দাঙি ধৰে
ভাৰতে ২৯ খন দেশক উপকৃতকৰণেৰে চুনামিৰ সতৰ্কবাণী ব্যৱস্থা স্থাপন কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল দেশসমূহক বৃহৎ মহাসাগৰীয় ৰাষ্ট্ৰ হিচাপে স্বীকৃতি জনাইছে আৰু ইয়াৰ দুৰ্বলতাৰ প্ৰতি বিশেষ মনোযোগৰ প্ৰয়োজনীয়তা আছেঃ প্ৰধানমন্ত্ৰী
অগ্ৰিম সতৰ্কবাণী ব্যৱস্থা আৰু সমন্বয়ক সুদৃঢ়কৰণ অতিশয় গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
দুৰ্য্যোগ অতিক্ৰমৰ অভিজ্ঞতা আৰু উত্তম পন্থাৰ এটা বৈশ্বিক ডিজিটেল ভাণ্ডাৰ সমগ্ৰ বিশ্বৰ বাবে উপকাৰী হ’বঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫ সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেত ইউৰোপত পোন-প্ৰথমবাৰৰ বাবে আয়োজিত দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰাসকলক আদৰণি জনায়। তেখেতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰন আৰু ফ্ৰান্স চৰকাৰক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

এই সন্মিলনৰ বিষয়বস্তু ‘উপকূলীয় অঞ্চলৰ বাবে এক প্ৰতিৰোধী ভৱিষ্যৎ গঢ়া’ত আলোকপাতেৰে শ্ৰী মোদীয়ে উপকূলীয় অঞ্চল আৰু দ্বীপসমূহৰ প্ৰাকৃতিক দুৰ্য্যোগ আৰু জলবায়ু পৰিৱৰ্তন সাপেক্ষে বিপদাশংকা সম্পৰ্কে কয়। ভাৰত আৰু বাংলাদেশত ঘূৰ্ণীবতাহ ৰেমাল, কেৰিবিয়ানত বেৰিল হাৰিকেন, দক্ষিণ-পূব এছিয়াত য়াগী টাইফুন, যুক্তৰাষ্ট্ৰত হেলেন হাৰিকেন, ফিলিপাইনছৰ উছাগি টাইফুন, আফ্ৰিকাৰ কিছু অংশত চিডো ঘূৰ্ণীবতাহকে প্ৰমুখ্য কৰি শেহতীয়া দুৰ্যোগৰাজিৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে এই দুৰ্য্যোগসমূহে জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন কৰিছে, ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰোধী আন্তঃগাঁথনি আৰু সক্ৰিয় দুৰ্য্যোগ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে।

 

১৯৯৯-ৰ ছুপাৰ-চাইক্ল’ন আৰু ২০০৪-ৰ চুনামিকে প্ৰমুখ্য কৰি বিধ্বংসী দুৰ্য্যোগৰ ক্ষেত্ৰত ভাৰতৰ অতীতৰ অভিজ্ঞতাক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতে কেনেদৰে ইয়াক প্ৰতিৰোধ কৰিছিল, বিপদাশংকা থকা অঞ্চলসমূহত ঘূৰ্ণীবতাহত আশ্ৰয় শিবিৰ নিৰ্মাণ কৰিছিল আৰু ২৯ খন দেশৰ উপকাৰৰ বাবে চুনামিৰ সতৰ্কবাণী ব্যৱস্থা স্থাপনত অৰিহণা যোগাইছিল, সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।

প্ৰতিৰোধী গৃহ, চিকিৎসালয়, বিদ্যালয়, শক্তি ব্যৱস্থা, জল সুৰক্ষা ব্যৱস্থা আৰু অগ্ৰিম সতৰ্কবাণী ব্যৱস্থা স্থাপনৰ অৰ্থে ২৫ খন ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল দেশৰ সৈতে ক’লিচন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ (CDRI) অব্যাহত কৰ্মৰাজিত আলোকপাতেৰে শ্ৰী মোদীয়ে পেছিফিক ভাৰত মহাসাগৰ আৰু কেৰিবিয়ান অঞ্চলৰ প্ৰতিনিধিসকলে ইয়াত ভাগ লোৱাৰ বাবে প্ৰশংসা কৰে আৰু এই মিত্ৰজোঁটত অংশগ্ৰহণৰ বাবে আফ্ৰিকান ইউনিয়নক আদৰণি জনায়।

ইয়াত বিশ্বৰ প্ৰধান অগ্ৰাধিকাৰৰাজিৰ প্ৰতি দৃষ্টি আকৰ্ষণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৫ টা মূল বিষয়ৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, ভৱিষ্যতৰ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে এক সমৃদ্ধ দক্ষ কৰ্মশক্তি গঢ়ি তুলিবলৈ উচ্চ শিক্ষাৰে দুৰ্য্যোগ প্ৰতিৰোধী পাঠ্যক্ৰম, মডিউল আৰু দক্ষতা বিকাশ কাৰ্য্যসূচীসমূহক একত্ৰিতকৰণত গুৰুত্ব আৰোপ কৰা হয়। দ্বিতীয়তে, তেখেতে দুৰ্য্যোগৰ সন্মুখীন হোৱা আৰু সমগ্ৰ ব্যৱস্থাক পুনৰ নিৰ্মাণ কৰা দেশসমূহৰ পৰা উত্তম পন্থা আৰু অভিজ্ঞতাসমূহ অন্তৰ্ভুক্ত কৰিবলৈ এটা বৈশ্বিক ডিজিটেল ভাণ্ডাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দুৰ্য্যোগ প্ৰতিৰোধৰ অৰ্থে উদ্ভাৱনীমূলক বিত্তীয় সাহায্যৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখেৰে উন্নয়নশীল ৰাষ্ট্ৰসমূহে প্ৰয়োজনীয় পুঁজিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিবলৈ কাৰ্য্যকৰী কাৰ্য্যসূচী সৃষ্টিক তৃতীয় অগ্ৰাধিকাৰ হিচাপে অভিহিত কৰে। চতুৰ্থতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল দেশসমূহক বৃহৎ মহাসাগৰীয় ৰাষ্ট্ৰ হিচাপে ভাৰতে স্বীকৃতি জনোৱাৰ কথা পুনৰ দৃঢ়তাৰে কয় আৰু ইয়াৰ বিপদাশংকাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। পঞ্চম অগ্ৰাধিকাৰৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে অগ্ৰিম সতৰ্কবাণী ব্যৱস্থা আৰু সমন্বয়ক সুদৃঢ়কৰণৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেখেতে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ আৰু ফলপ্ৰসূতাৰে অন্তিম প্ৰান্ততো যোগাযোগৰ সুবিধাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনখনিত হোৱা আলোচনাই এই অত্যাৱশ্যকীয় দিশসমূহৰে মোকাবিলা কৰিব বুলি আস্থা প্ৰকাশ কৰে।

 

উন্নয়নৰ ক্ষেত্ৰত দুৰ্য্যোগ প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সময় আৰু জোৱাৰ-ভাটাৰ বেলিকা অটল আন্তঃগাঁথনি নিৰ্মাণৰ আহ্বান জনায়। তেখেতে বিশ্বৰ বাবে এক সুদৃঢ় আৰু দুৰ্য্যোগ-প্ৰতিৰোধী ভৱিষ্যৎ গঢ়ি তোলাৰ ক্ষেত্ৰত বৈশ্বিক প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনাই তেখেতৰ ভাষণৰ সামৰণি মাৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India achieves milestone as first domestically produced C-295 aircraft is ready for flight test

Media Coverage

India achieves milestone as first domestically produced C-295 aircraft is ready for flight test
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the demise of former Uttarakhand Chief Minister Major General Bhuwan Chandra Khanduri (Retd.)
May 19, 2026

Prime Minister Shri Narendra Modi today expressed deep grief over the passing of the former Chief Minister of Uttarakhand, Major General Bhuwan Chandra Khanduri (Retd.).

The Prime Minister noted that Major General Khanduri made invaluable contributions spanning from the armed forces to the political sphere, for which he will always be remembered. Shri Modi highlighted his unwavering dedication to the development of Uttarakhand during his tenure as Chief Minister, and described his stint as a Union Minister as truly inspiring. He further lauded his tireless efforts toward significantly improving connectivity across the nation.

The Prime Minister extended his heartfelt condolences to the family and supporters of the departed leader in this hour of grief.

The Prime Minister posted on X:

"उत्तराखंड के पूर्व मुख्यमंत्री मेजर जनरल भुवन चंद्र खण्डूडी (सेवानिवृत्त) जी के निधन से अत्यंत दुख हुआ है। सशस्त्र बलों से लेकर राजनीतिक जगत में उन्होंने बहुमूल्य योगदान दिया, जिसके लिए उन्हें सदैव याद किया जाएगा। उत्तराखंड के विकास के लिए वे हमेशा समर्पित रहे, जो मुख्यमंत्री के रूप में उनके कार्यकाल में भी साफ तौर पर दिखा। केंद्रीय मंत्री के रूप में भी उनका कार्यकाल हर किसी को प्रेरित करने वाला है। देशभर में कनेक्टिविटी की बेहतरी के लिए उन्होंने निरंतर अथक प्रयास किए। शोक की इस घड़ी में मेरी संवेदनाएं उनके परिजनों और समर्थकों के साथ हैं। ओम शांति!"