প্ৰধানমন্ত্ৰীয়ে দুৰ্য্যোগ প্ৰতিৰোধ ব্যৱস্থাক সুদৃঢ়কৰণৰ বাবে ৫ টা মূল বৈশ্বিক অগ্ৰাধিকাৰৰ ৰূপৰেখা দাঙি ধৰে
ভাৰতে ২৯ খন দেশক উপকৃতকৰণেৰে চুনামিৰ সতৰ্কবাণী ব্যৱস্থা স্থাপন কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল দেশসমূহক বৃহৎ মহাসাগৰীয় ৰাষ্ট্ৰ হিচাপে স্বীকৃতি জনাইছে আৰু ইয়াৰ দুৰ্বলতাৰ প্ৰতি বিশেষ মনোযোগৰ প্ৰয়োজনীয়তা আছেঃ প্ৰধানমন্ত্ৰী
অগ্ৰিম সতৰ্কবাণী ব্যৱস্থা আৰু সমন্বয়ক সুদৃঢ়কৰণ অতিশয় গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
দুৰ্য্যোগ অতিক্ৰমৰ অভিজ্ঞতা আৰু উত্তম পন্থাৰ এটা বৈশ্বিক ডিজিটেল ভাণ্ডাৰ সমগ্ৰ বিশ্বৰ বাবে উপকাৰী হ’বঃ প্ৰধানমন্ত্ৰী

মান্যবৰণেষু,

বিশিষ্ট প্ৰতিনিধি, প্ৰিয় বন্ধুসকল, নমস্কাৰ।

দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫-লৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। ইউৰোপত পোন-প্ৰথমবাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফ্ৰান্স চৰকাৰক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। মই আগন্তুক ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘উপকূলীয় অঞ্চলৰ বাবে এক প্ৰতিৰোধী ভৱিষ্যৎ গঢ়া’। উপকূলীয় অঞ্চল আৰু দ্বীপসমূহত প্ৰাকৃতিক দুৰ্য্যোগ আৰু জলবায়ু পৰিৱৰ্তন সাপেক্ষে বিপদাশংকা বিদ্যমান। আমি ভাৰত আৰু বাংলাদেশত ঘূৰ্ণীবতাহ ৰেমাল, কেৰিবিয়ানত বেৰিল হাৰিকেন, দক্ষিণ-পূব এছিয়াত য়াগী টাইফুন, যুক্তৰাষ্ট্ৰত হেলেন হাৰিকেন, ফিলিপাইনছৰ উছাগি টাইফুন, আফ্ৰিকাৰ কিছু অংশত চিডো ঘূৰ্ণীবতাহকে প্ৰমুখ্য কৰি শেহতীয়া দুৰ্যোগৰাজি প্ৰত্যক্ষ কৰিছোঁ। এই দুৰ্য্যোগসমূহে জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন কৰিছে।

 

বন্ধুসকল,

১৯৯৯-ৰ ছুপাৰ চাইক্ল’ন আৰু ২০০৪-ৰ চুনামিৰ সময়ত ভাৰতে এনে যন্ত্ৰণা অনুভৱ কৰিছিল। পৰৱৰ্তী সময়ত আমি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলোঁ। বিপদাশংকা থকা অঞ্চলসমূহত ঘূৰ্ণীবতাহৰ সময়ত আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হৈছিল। আমি ২৯ খন দেশৰ বাবে চুনামিৰ সতৰ্কবাণী ব্যৱস্থা গঢ়াতো সহায় কৰিছোঁ।

বন্ধুসকল,

২৫ খন ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল দেশৰ সৈতে ক’লিচন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰে (CDRI) কাম কৰি আছে। প্ৰতিৰোধী গৃহ, চিকিৎসালয়, বিদ্যালয়, শক্তি ব্যৱস্থা, জল সুৰক্ষা ব্যৱস্থা আৰু অগ্ৰিম সতৰ্কবাণী ব্যৱস্থা স্থাপন কৰা হৈছে। মই প্ৰশান্ত, ভাৰত মহাসাগৰ আৰু কেৰিবিয়ান অঞ্চলৰ প্ৰতিনিধিসকলে ইয়াত ভাগ লোৱাৰ বাবে সন্তোষ পাইছোঁ। এই মিত্ৰজোঁটত অংশগ্ৰহণৰ বাবে আফ্ৰিকান ইউনিয়নক আদৰণি জনাইছোঁ।

বন্ধুসকল,

মই কেতবোৰ গুৰুত্বপূৰ্ণ বৈশ্বিক অগ্ৰাধিকাৰৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।

 

প্ৰথমঃ ভৱিষ্যতৰ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে এক সমৃদ্ধ দক্ষ কৰ্মশক্তি গঢ়ি তুলিবলৈ উচ্চ শিক্ষাৰে দুৰ্য্যোগ প্ৰতিৰোধী পাঠ্যক্ৰম, মডিউল আৰু দক্ষতা বিকাশ কাৰ্য্যসূচীসমূহক একত্ৰিতকৰণৰ প্ৰয়োজন আছে।

দ্বিতীয়ঃ দুৰ্য্যোগৰ সন্মুখীন হোৱা আৰু সমগ্ৰ ব্যৱস্থাক পুনৰ নিৰ্মাণ কৰা দেশসমূহৰ পৰা উত্তম পন্থা আৰু অভিজ্ঞতাসমূহ অন্তৰ্ভুক্ত কৰিবলৈ এটা বৈশ্বিক ডিজিটেল ভাণ্ডাৰৰ প্ৰয়োজনীয়তা আছে।

তৃতীয়ঃ দুৰ্য্যোগ প্ৰতিৰোধৰ অৰ্থে উদ্ভাৱনীমূলক বিত্তীয় সাহায্যৰ প্ৰয়োজন আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল ৰাষ্ট্ৰসমূহে প্ৰয়োজনীয় পুঁজিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিবলৈ কাৰ্য্যকৰী কাৰ্য্যসূচী হাতত লোৱাটো আৱশ্যকীয়।

চতুৰ্থঃ আমি ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল দেশসমূহক বৃহৎ মহাসাগৰীয় ৰাষ্ট্ৰ হিচাপে স্বীকৃতি জনাইছোঁ আৰু ইয়াৰ বিপদাশংকাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপৰ প্ৰয়োজনীয়তা আছে।

পঞ্চমঃ অগ্ৰিম সতৰ্কবাণী ব্যৱস্থা আৰু সমন্বয়ক সুদৃঢ়কৰণ অতিশয় গুৰুত্বপূৰ্ণ। সময়োপযোগী সিদ্ধান্ত গ্ৰহণ আৰু ফলপ্ৰসূতাৰে অন্তিম প্ৰান্ততো যোগাযোগৰ সুবিধাৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই সন্মিলনখনিত হোৱা আলোচনাই এই অত্যাৱশ্যকীয় দিশসমূহৰে মোকাবিলা কৰিব বুলি বিশ্বাসী।

বন্ধুসকল,

আমি সময় আৰু জোৱাৰ-ভাটাৰ বেলিকা অটল আন্তঃগাঁথনি নিৰ্মাণ কৰোঁ আহক। আমি বিশ্বৰ বাবে এক সুদৃঢ় আৰু দুৰ্য্যোগ-প্ৰতিৰোধী ভৱিষ্যৎ গঢ়ি তোলো আহক।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India solar capacity to quadruple, wind to triple over decade: Power ministry adviser

Media Coverage

India solar capacity to quadruple, wind to triple over decade: Power ministry adviser
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends Eid-ul-Fitr greetings to everyone
March 21, 2026

Prime Minister Shri Narendra Modi today extended his heartiest greetings to the nation on the auspicious occasion of Eid-ul-Fitr.

The Prime Minister wrote on X:

"Best wishes on Eid-ul-Fitr. May this day further brotherhood and kindness all around. May everyone be happy and healthy.
Eid Mubarak!"