“ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাই আমাৰ সৃষ্টিকৰ্তা সম্প্ৰদায়ৰ প্ৰতিভাক স্বীকৃতি দিয়ে আৰু ইতিবাচক পৰিৱৰ্তনক আগুৱাই নিয়াৰ বাবে তেওঁলোকৰ আবেগক উদযাপন কৰে”
“ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাৰে নতুন যুগ আৰম্ভ হোৱাৰ আগতেই পৰিচয় দি আছে”
“ডিজিটেল ইণ্ডিয়া অভিযানে কণ্টেণ্ট ক্ৰিয়েটৰৰ এখন নতুন জগত গঢ় দিছে”
“আমাৰ শিৱ নটৰাজ, তেওঁৰ ডম্বৰুৱে মহেশ্বৰ সূত্ৰ উৎপন্ন কৰে, তেওঁৰ তাণ্ডৱ নৃত্যই ছন্দ আৰু সৃষ্টিৰ ভেটি স্থাপন কৰিলে”
“যুৱক-যুৱতীসকলে তেওঁলোকৰ ইতিবাচক কাৰ্য্যৰে চৰকাৰক কণ্টেণ্ট ক্ৰিয়েটৰৰ ফালে চাবলৈ আহ্বান জনাইছে”
“আপুনি এটা ধাৰণা গঢ় দিলে, উদ্ভাৱন কৰিলে আৰু স্ক্ৰিন এটা জীৱন ৰূপ দিলে। আপোনালোকেই ইণ্টাৰনেটৰ এমভিপি”
“দেশৰ বিষয়ে ভুল ধাৰণা শুধৰোৱাত কণ্টেণ্ট সৃষ্টিয়ে সহায় কৰিব পাৰে”
“আমি এনেকুৱা বিষয়বস্তু সৃষ্টি কৰিব নোৱাৰো নে যিয়ে যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগছৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা আনিব? আমি ক’ব পাৰো-ড্ৰাগছ ভাল বস্তু নহয়”
“১০০ শতাংশ গণতন্ত্ৰক লৈ গৌৰৱ কৰি ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প গ্ৰহণ কৰিছে”
‘আপোনালোক সমগ্ৰ বিশ্বতে ভাৰতৰ ডিজিটেল এম্বেছাদৰ। আপোনালোকে ভোকেল ফৰ
সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এই বঁটা প্ৰদান বাবে বাছি লোৱা ভাৰত মণ্ডপমৰ স্থানৰ কথা উল্লেখ কৰি কয় যে জি-২০ সন্মিলনত বিশ্বৰ নেতাসকলে ভৱিষ্যতৰ দিশ নিৰ্দেশনা দিয়া স্থানতে আজি ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তাসকল একত্ৰিত হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা প্ৰদান কৰে। তেওঁ বিজয়ীসকলৰ সৈতে এক চমু বাৰ্তালাপো কৰে। ইতিবাচক পৰিৱৰ্তনৰ বাবে সৃজনীশীল ক্ষমতাক ব্যৱহাৰ কৰাত উৎসাহ যোগোৱাৰ বাবে এই বঁটাটো প্ৰদান কৰা হৈছে।

 

'নিউ ইণ্ডিয়া চেম্পিয়ন' শাখাত বঁটা প্ৰদান কৰা হৈছে অভি আৰু নিউক। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ পৰা জানিব বিচাৰে যে শুকান তথ্যসমূহ কিদৰে তেওঁলোকে আকৰ্ষণীয়ভাৱে উপস্থাপন কৰে। উত্তৰত তেওঁলোকে কয় যে প্ৰধানমন্ত্ৰীৰ উপস্থাপনৰ পদ্ধতিৰ দৰে তেওঁলোকেও যদিহে তথ্যবোৰ শক্তিৰে সৈতে উপস্থাপন কৰে, তেতিয়া দৰ্শকে সেইটো গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰত্যাহ্বানমূলক কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ ক্ষেত্ৰখন বাচি লোৱাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে।

 

শ্ৰেষ্ঠ গল্পকাৰ বঁটা লাভ কৰে কীৰ্তিকা গোবিন্দস্বামীয়ে, যি কীৰ্তি ইতিহাস নামেৰে পৰিচিত। যেতিয়া তেওঁ প্ৰধানমন্ত্ৰীক প্ৰণাম কৰে, প্ৰধানমন্ত্ৰীয়েও তেওঁৰ ওচৰত শিৰনত কৰি কয় যে কলাৰ ক্ষেত্ৰত ভৰি স্পৰ্শ কৰাটো বেলেগ কিন্তু ব্যক্তিগতভাৱে তেওঁ বিচলিত হয়, বিশেষকৈ যেতিয়া এজনী ছোৱালীয়ে ভৰি স্পৰ্শ কৰে। কীৰ্তিকাই যেতিয়া  হিন্দী ভাষাত তেওঁৰ সীমাবদ্ধতাৰ বিষয়ে কয়, প্ৰধানমন্ত্ৰীয়ে তেওঁক যিকোনো পছন্দৰ ভাষাত ক'বলৈ কয়। তেওঁ কয় যে 'এইখন এখন বিশাল দেশ আৰু আপোনাৰ কথা অন্ততঃ এই মহান ভূমিৰ কোনো কোণত শুনা যাব'। কীৰ্তিকাই মহান তামিল ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে লোৱা উদ্যোগক প্ৰশংসা কৰে। তেওঁ প্ৰধানমন্ত্ৰীক ইতিহাস আৰু ৰাজনীতিৰ আন্তঃসংযোগিত প্ৰকৃতি আৰু ইয়াৰ ফলত সামাজিক মাধ্যমত মাজে মাজে হোৱা প্ৰতিক্ৰিয়াৰ বিষয়ে ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে যেতিয়া এই সন্দৰ্ভত জানিবলৈ বিচাৰে, তেওঁ কয় যে আজিৰ কিশোৰ দৰ্শকে ভাৰতৰ মহত্ত্বৰ বিষয়ে শিকিবলৈ পছন্দ কৰে।

 

ডিচৰাপ্টাৰ অব দ্য ইয়াৰ শিতানত ৰণবীৰ আল্লাহবাদিয়াক বঁটা প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ৰণবীৰক টোপনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে আৰু যোৱা কেইবাবছৰধৰি কেৱল কেইঘণ্টামানৰ বাবে শোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে যোগ নিদ্ৰাৰ উপকাৰিতাৰ বিষয়েও উল্লেখ কৰে। তেওঁ ৰণবীৰক তেওঁৰ সফলতাৰ বাবে অভিনন্দন জনায়।

 

 

ইছৰোৰ প্ৰাক্তন বিজ্ঞানী, আহমেদাবাদৰ শ্ৰীমতী পংক্তি পাণ্ডেয়ে মিছন লাইফৰ বাৰ্তা প্ৰচাৰ কৰাৰ বাবে গ্ৰীণ চেম্পিয়ন বঁটা লাভ কৰে। বাৰ্তালাপৰ পিছত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ জনসাধাৰণৰ মাজত প্ৰচলিত এক উপাখ্যান সকলোৰে সৈতে শ্বেয়াৰ কৰে আৰু জনতাৰ পৰা প্ৰচুৰ প্ৰশংসা লাভ কৰে। শ্ৰীমতী পংক্তিয়ে লোকসকলক তেওঁলোকৰ আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ পদ্ধতি উদ্ভাৱনৰ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে তেওঁক মিছন লাইফ সম্পৰ্কে এক বিতং অধ্যয়ন কৰিবলৈ কয় আৰু নিজৰ জীৱনক পৰিৱেশ অনুকূল কৰি তুলিবলৈ তেওঁৰ আহ্বানৰ কথা স্মৰণ কৰে।

 

সামাজিক পৰিৱৰ্তনৰ বাবে শ্ৰেষ্ঠ সৃষ্টিশীল বঁটা আধুনিক সময়ৰ মীৰা হিচাপে জনাজাত জয়া কিশোৰীক প্ৰদান কৰা হয়। তেওঁ ভগৱদ গীতা আৰু ৰামায়ণৰ কাহিনীবোৰ অন্তৰ্দৃষ্টিৰে প্ৰচাৰ কৰে। অনুষ্ঠানত 'কথাকাৰ' হিচাপে তেওঁৰ ভূমিকাৰ কথা উল্লেখ কৰি জয়াই কয়, আমাৰ সংস্কৃতিৰ মহাকাব্যসমূহৰ মহান অন্তৰ্দৃষ্টি উপস্থাপন কৰি তেওঁ যুৱপ্ৰজন্মৰ মাজত আকৰ্ষণ সৃষ্টি কৰিছে। তেওঁ নিজৰ বস্তুবাদী দায়িত্ব পালন কৰাৰ সময়ত এক অৰ্থপূৰ্ণ জীৱন যাপন কৰাৰ সম্ভাৱনাৰ বিষয়েও ব্যক্ত কৰে।

 

আটাইতকৈ প্ৰভাৱশালী কৃষি সৃষ্টিকৰ্তাৰ সন্মান প্ৰদান কৰা হয় লক্ষ্য ডাবাছক। উদ্ভাৱন আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ সৈতে কৃষি পদ্ধতি উন্নত কৰাৰ কামৰ বাবে লাভ তেওঁ এই বঁটা লাভ কৰিছিল। তেওঁৰ ভাতৃয়ে তেওঁৰ হৈ এই বঁটা গ্ৰহণ কৰিছিল আৰু দেশত প্ৰাকৃতিক কৃষিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ ৩০,০০০ তকৈও অধিক কৃষকক প্ৰাকৃতিক কৃষিৰ উপায়ৰ বিষয়ে প্ৰশিক্ষণ দিয়া আৰু জীৱাণু আৰু কীট-পতংগৰ পৰা শস্য সুৰক্ষিত কৰাৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বৰ্তমান যুগত তেওঁৰ চিন্তা প্ৰক্ৰিয়াৰ প্ৰশংসা কৰে আৰু তেওঁক গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰতজীক সাক্ষাৎ কৰি প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায় য'ত তেওঁ ৩ লাখতকৈও অধিক কৃষকক প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিছে। তেওঁ শ্ৰী লক্ষ্যক শ্ৰী দেৱব্ৰতৰ ইউটিউব ভিডিঅ' শুনিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিক লৈ আমাৰ মাজত থকা পৌৰাণিক কাহিনীসমূহ নাইকিয়া কৰাৰ ক্ষেত্ৰতো তেওঁৰ সহায় বিচাৰে।

 

কালচাৰেল এম্বেচেডৰ অব দ্য ইয়াৰ বঁটা মৈথিলী ঠাকুৰক প্ৰদান কৰা হয়, যিয়ে একাধিক ভাৰতীয় ভাষাত গীত, আৰু পৰম্পৰাগত লোক সংগীত পৰিৱেশন কৰিছে। প্ৰধানমন্ত্ৰীৰ অনুৰোধত তেওঁ মহাশিৱৰাত্ৰি উপলক্ষে ভগৱান শিৱৰ বাবে এটা ভক্তিমূলক গীত পৰিৱেশন কৰে। প্ৰধানমন্ত্ৰীয়ে কেচন্দ্ৰা মায় স্পিটমেনক স্মৰণ কৰে, যাৰ চৰ্চা প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাত অনুষ্ঠানত উল্লেখ কৰিছিল। তেওঁ গান গায়, বিশেষকৈ বহুতো ভাৰতীয় ভাষাত ভক্তিমূলক গান। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত অচ্যুতম কেশৱম আৰু এটা তামিল গান গাইছিল।

 

শ্ৰেষ্ঠ আন্তৰ্জাতিক সৃষ্টিকৰ্তা বঁটা তিনিজনে লাভ কৰে। তেওঁলোক হৈছে তাঞ্জানিয়াৰ কিৰি পল, আমেৰিকাৰ ড্ৰু হিক্স, জাৰ্মানীৰ কেচান্দ্ৰা মায় স্পিটমেন। ড্ৰু হিক্সে প্ৰধানমন্ত্ৰীৰ পৰা এই বঁটা লাভ কৰে। তেওঁ সাবলীল হিন্দী আৰু বিহাৰী উচ্চাৰণেৰে ভাৰতত ভাষিক প্ৰতিভাৰ বাবে সামাজিক মাধ্যমত জনপ্ৰিয়তা আৰু খ্যাতি অৰ্জন কৰিছে। এই বঁটাৰ বাবে আনন্দ প্ৰকাশ কৰি ড্ৰুৱে কয় যে তেওঁ লোকসকলক সুখী কৰি ভাৰতৰ নাম আগুৱাই নিব বিচাৰে। তেওঁ কয় যে বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু পাটনাৰ সৈতে তেওঁৰ দেউতাকৰ সম্পৰ্কৰ বাবে ভাৰতীয় সংস্কৃতিৰ প্ৰতি তেওঁৰ আগ্ৰহ বৃদ্ধি পাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক শুভেচ্ছা জনাই কয় যে তেওঁৰ প্ৰতিটো বাক্যই দেশৰ যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব।

 

কৰ্লী টেলছৰ কামিয়া জানিক বেষ্ট ট্ৰেভেল ক্ৰিয়েটৰৰ বঁটা প্ৰদান কৰা হয়। তেওঁ খাদ্য, ভ্ৰমণ আৰু জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়ে আৰু তেওঁৰ ভিডিঅ'বোৰত ভাৰতৰ সৌন্দৰ্য আৰু বিভিন্নতা প্ৰদৰ্শন কৰে। তেওঁ ভাৰতৰ সৌন্দৰ্যৰ বিষয়ে ব্যক্ত কৰে আৰু কয় যে উদ্দেশ্যটো হ'ল যে ভাৰত বিশ্বৰ মানচিত্ৰত ১ নম্বৰ হ'ব লাগে। যেতিয়া তেওঁ কয় যে তেওঁ লক্ষদ্বীপ বা দ্বাৰকা ভ্ৰমণৰ বিষয়ে বিভ্ৰান্ত, প্ৰধানমন্ত্ৰীয়ে কয় যে দ্বাৰকাৰ বাবে তেওঁ দৰ্শকৰ মাজত হাঁহি-স্ফূৰ্তিৰ বাবে বহু গভীৰতালৈ যাব লাগিব।  প্ৰধানমন্ত্ৰী মোদীয়ে জলমগ্ন দ্বাৰকা চহৰৰ দৰ্শনৰ বাবে অনুভৱ কৰা আনন্দৰ কথা স্মৰণ কৰে। আদি কৈলাশলৈ যোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ উচ্চতা আৰু গভীৰতাৰ স্থান দুয়োটা অনুভৱ কৰিছে। তেওঁ ক্ৰিয়েটৰসকলক দৰ্শন অংশৰ বাহিৰে ভক্তসকলক সম্পূৰ্ণৰূপে পবিত্ৰ স্থানবোৰ অনুভৱ কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে পুনৰ কয় যে মুঠ ভ্ৰমণ বাজেটৰ ৫-১০ শতাংশ স্থানীয় সামগ্ৰীৰ বাবে ব্যয় কৰিব লাগে। স্থানীয় অৰ্থনীতিক সহায় কৰাৰ উপৰিও ই এক ভাৰত শ্ৰেষ্ঠ ভাৰত ভাৱনাকো বিকশিত কৰাত সহায় কৰে, তেওঁ কয়। কামিয়াই দেশৰ বিশ্বাসৰ স্থানসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়।

 

টেক ক্ৰিয়েটাৰ বঁটা লাভ কৰে কাৰিকৰী গুৰুজী'ৰূপে পৰিচিত গৌৰৱ চৌধুৰীয়ে। তেওঁ ডিজিটেল ইণ্ডিয়াক তেওঁৰ চেনেলত এক গুৰুত্বপূৰ্ণ প্ৰকাৰে অৱদান আগবঢ়োৱাৰ বাবে কৃতিত্ব দিছিল। প্ৰধানমন্ত্ৰীয়ে কয়, "এক উজ্জ্বল ভৱিষ্যতৰ বাবে আমি প্ৰযুক্তিক গণতান্ত্ৰিক কৰিব লাগিব। ইউপিআই ইয়াৰ এটা ডাঙৰ উদাহৰণ, কিয়নো ই সকলোৰে। যেতিয়া এনে গণতান্ত্ৰিককৰণ হ'ব তেতিয়াহে পৃথিৱীৰ উন্নতি হ'ব"। গৌৰৱে পেৰিছত ইউপিআই ব্যৱহাৰ কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰে আৰু কয় যে ভাৰতীয় কাৰিকৰীসমাধানে বিশ্বক সহায় কৰিব পাৰে।

 

মালহাৰ কালাম্বে ২০১৭ চনৰ পৰা ক্লিন আপ ড্ৰাইভৰ নেতৃত্ব দিয়াৰ বাবে স্বচ্ছতা এম্বেচেডৰ বঁটা লাভ কৰিছিল। তেওঁ প্লাষ্টিক প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰতো সজাগতা বৃদ্ধি কৰে। তেওঁ 'বীচ প্লিজ'ৰ প্ৰতিষ্ঠাপক। প্ৰধানমন্ত্ৰীয়ে ক্ষীণকায় মালহাৰৰ সৈতে কৌতুক কৰি তেওঁক কয় যে ইয়াত বহুতো সৃষ্টিকৰ্তাই খাদ্য আৰু পুষ্টিৰ বিষয়ে কয়। তেওঁ তেওঁৰ যাত্ৰা আৰু অভিযানৰ বিষয়ে বৰ্ণনা কৰে আৰু কয় যে আৱৰ্জনা আঁতৰোৱাৰ প্ৰতি মনোভাৱ সলনি হ'ব লাগিব। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰচেষ্টাৰ ধাৰাবাহিকতাৰ প্ৰশংসা কৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাৰ বাবে তেওঁক প্ৰশংসা কৰে।

 

হেৰিটেজ ফেশ্বন আইকন বঁটা ২০ বছৰীয়া কণ্টেণ্ট ক্ৰিয়েটৰ জাহ্নৱী সিঙক প্ৰদান কৰা হয় যি ইনষ্টাগ্ৰামত ভাৰতীয় ফেশ্বনৰ বিষয়ে কয় আৰু ভাৰতীয় শাৰীবোৰৰ প্ৰচাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বস্ত্ৰৰ বজাৰ ফেশ্বনৰ সৈতে চলে আৰু ভাৰতীয় বস্ত্ৰৰ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাৰ বাবে সৃষ্টিকৰ্তাগৰাকীক প্ৰশংসা কৰে। তেওঁ সংস্কৃতি, শাস্ত্ৰ আৰু শাৰীৰ সৈতে ভাৰতীয় বিষয়বস্তুক আগুৱাই নিয়াৰ মূলমন্ত্ৰ পুনৰাবৃত্তি কৰে। প্ৰধানমন্ত্ৰীয়ে ৰেডিমেড পাগুৰি, ধুতি আৰু এনে ধৰণৰ পোছাকৰ প্ৰৱণতাৰ ফালে আঙুলিয়াই দিয়ে, তেওঁ এনে ধৰণৰ বিষয়ৰ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ মতামত জানিব বিচাৰে। তেওঁ ভাৰতীয় বস্ত্ৰৰ সৌন্দৰ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত সদায় ফেশ্বনৰ ক্ষেত্ৰত অগ্ৰণী হৈ আহিছে।

 

শ্ৰেষ্ঠ সৃষ্টিশীল সৃষ্টিকৰ্তা- মহিলা বঁটা শ্ৰদ্ধাক তেওঁৰ বহুভাষিক কমেডি ছেটৰ বাবে প্ৰদান কৰা হৈছিল। তেওঁ সকলো প্ৰজন্মৰ বাবে আকৰ্ষণীয় আৰু প্ৰাসংগিক সমল সৃষ্টি কৰে। তেওঁক তেওঁৰ ট্ৰেডমাৰ্ক 'আইয়ো'ৰ সৈতে স্বাগতম জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰদ্ধাক তেওঁ এইবাৰ দ্বিতীয়বাৰৰ বাবে লগ পাইছে। শ্ৰদ্ধাই কৈছিল যে এই বঁটা তেওঁলোকৰ বাবে স্বীকৃতি যিসকলে তেওঁলোকৰ ঘৰৰ পৰা সমল সৃষ্টি কৰি আছে আৰু তেওঁ গুৰুত্বপূৰ্ণ বিষয়বস্তুত পাতল হাস্যৰস বিচাৰিবলৈ তেওঁৰ দৃষ্টিভংগীৰ বিষয়েও আঙুলিয়াই দিয়ে। শ্ৰদ্ধাই সৃষ্টিকৰ্তাসকলৰ সৈতে কৰা বাৰ্তালাপত তেওঁৰ স্বতঃস্ফূৰ্ততাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে।

 

আৰ জে ৰৌনকে শ্ৰেষ্ঠ সৃষ্টিশীল সৃষ্টিকৰ্তা-পুৰুষৰ বঁটা লাভ কৰিছিল। ৰৌনকে কয় যে মন কি বাতৰ সৈতে প্ৰধানমন্ত্ৰী ৰেডিঅ' উদ্যোগৰ এক গুৰুত্বপূৰ্ণ, অভিলেখ ভংগকাৰী ব্যক্তিত্ব। তেওঁ ৰেডিঅ' উদ্যোগৰ হৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। ৰৌউনকে তেওঁৰ ট্ৰেডমাৰ্ক 'বৌআ' ষ্টাইলতো কথা পাতিছিল।

 

খাদ্য শাখাত শ্ৰেষ্ঠ সৃষ্টিকৰ্তাৰ বঁটা ‘কবিতাজ কিটচেন’লৈ গৈছিল, এগৰাকী গৃহিনী যি তেওঁৰ ৰেচিপি আৰু টিউট’ৰিয়েলৰ সৈতে ডিজিটেল উদ্যোগী হৈছিল। মালহাৰৰ ক্ষীণ শৰীৰৰ প্ৰতি তেওঁৰ চিন্তা অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে কবিতাক তেওঁৰ যত্ন ল'বলৈ কয়। তেওঁ এক মুখ্য জীৱন দক্ষতা হিচাপে ৰন্ধনৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ এইটোও কৈছিল যে বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক কৃষিৰ বিষয়ে সংবেদনশীল কৰা উচিত যাতে তেওঁলোকে খাদ্যৰ গুৰুত্ব আৰু অপচয় উপলব্ধি কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভ্ৰমণৰ সময়ত মানুহে স্থানীয় ৰন্ধনপ্ৰণালী চেষ্টা কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে খাদ্য সম্পৰ্কীয় সৃষ্টিকৰ্তাসকলক বাজৰা-শ্ৰী অন্নৰ প্ৰচাৰ আৰু পুষ্টিগত মূল্যবোধৰ সজাগতা বৃদ্ধি কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে টাইৱান ভ্ৰমণৰ কথা স্মৰণ কৰে য'ত তেওঁক নিৰামিষ আহাৰৰ বাবে বৌদ্ধ ৰেষ্টুৰেণ্টৰ পৰামৰ্শ দিয়া হৈছিল। যেতিয়া তেওঁ তাত আৰু আমিষ যেন লগা ব্যঞ্জন দেখিছিল, আৰু সোধ-পোচ কৰিছিল, তেতিয়া তেওঁক জনোৱা হৈছিল যে নিৰামিষ ব্যঞ্জনবোৰ চিকেন মটন আৰু একে ধৰণৰ ব্যঞ্জনৰ দৰে আকৃতিৰ আছিল যাতে স্থানীয় লোকসকল এনে খাদ্যৰ প্ৰতি আকৰ্ষিত হয়।

 

নমন দেশমুখে শিক্ষা শিতানত শ্ৰেষ্ঠ সৃষ্টিকৰ্তাৰ লাভ কৰিছিল। তেওঁ প্ৰযুক্তি আৰু গেজেট ক্ষেত্ৰত এজন ইনষ্টাগ্ৰাম প্ৰভাৱশালী আৰু সমল সৃষ্টিকৰ্তা। তেওঁ প্ৰযুক্তি, গেজেট, বিত্ত, সামাজিক মাধ্যম বিপণন সামৰি লয় আৰু দৰ্শকসকলক এআই আৰু কোডিঙৰ দৰে প্ৰযুক্তি সম্পৰ্কীয় বিষয়ত শিক্ষিত কৰে। তেওঁ প্ৰধানমন্ত্ৰীক বিভিন্ন অনলাইন কেলেংকাৰীৰ বিষয়ে লোকসকলক শিক্ষিত কৰাৰ বিষয়ে তেওঁৰ সমল আৰু চৰকাৰী আঁচনিসমূহৰ পৰা সুবিধা লাভৰ উপায়ৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে সুৰক্ষিত চাৰ্ফিং আৰু সামাজিক মাধ্যমৰ অনুশীলনৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে তেওঁক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে সৃষ্টিকৰ্তাসকলক অটল টিংকাৰিং লেবৰ ওপৰত সমল সৃষ্টি কৰিবলৈ কয়। তেওঁ লগতে কয় যে শিশুসকলক বিজ্ঞান শিক্ষাৰ প্ৰতি উৎসাহিত কৰিব লাগে, কিয়নো চন্দ্ৰযানৰ দৰে সফলতাই শিশুসকলৰ মাজত এক নতুন বৈজ্ঞানিক মেজাজ সৃষ্টি কৰিছে।

অংকিত বৈয়ানপুৰীয়াক প্ৰধানমন্ত্ৰীয়ে শ্ৰেষ্ঠ স্বাস্থ্য আৰু ফিটনেছ সৃষ্টিকৰ্তাৰ বঁটা প্ৰদান কৰে। অংকিত এজন ফিটনেছ প্ৰভাৱশালী আৰু তেওঁৰ ৭৫ টা কঠিন প্ৰত্যাহ্বান সম্পূৰ্ণ কৰাৰ বাবে বিখ্যাত। তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে লগ লাগি কাম কৰিছিল। অংকিতে দৰ্শকসকলক নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ আৰু এক সন্তুলিত জীৱনশৈলী যাপন কৰিবলৈ দিহা দিয়ে।

 

ট্ৰিগাৰ্ড ইনচান' নিশ্চয়ক গেমিং সৃষ্টিকৰ্তাৰ বঁটা প্ৰদান কৰা হৈছিল। তেওঁ দিল্লীস্থিত ইউটিউবাৰ, লাইভ-ষ্ট্ৰীমাৰ আৰু গেমাৰ। তেওঁ গেমিং শ্ৰেণীক স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

 

আৰিদমনক শ্ৰেষ্ঠ মাইক্ৰ' সৃষ্টিকৰ্তাৰ বঁটা দিয়া হয়। তেওঁ বৈদিক জ্যোতিৰ্বিজ্ঞান আৰু প্ৰাচীন ভাৰতীয় জ্ঞানৰ বিশেষজ্ঞ। তেওঁ জ্যোতিষ, আধ্যাত্মিকতা আৰু ব্যক্তিগত বিকাশৰ অন্বেষণ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰে'লৰ অসংৰক্ষিত কম্পাৰ্টমেণ্টত জ্যোতিষী বুলি ভাও লোৱা এক ধেমেলীয়া কাহিনী বৰ্ণনা কৰে, কেনেকৈ তেওঁক প্ৰতিবাৰেই আসন দিয়া হয়। অৰিদমনে কয় যে তেওঁ ধৰ্মশাস্ত্ৰৰ ওপৰত সমল প্ৰস্তুত কৰে আৰু কয় যে ট্ৰফীটোত ধৰ্ম চক্ৰ, বৃষভ আৰু সিংহৰ সৈতে শাস্ত্ৰৰ বহুতো উপাদান আছে। তেওঁ কয় যে আমি ধৰ্ম চক্ৰৰ আদৰ্শ অনুসৰণ কৰিব লাগিব। অৰিদমনে ভাৰতীয় পোছাক আকোৱালি লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো জোৰ দিয়ে।

 

চামোলি উত্তৰাখণ্ডৰ পীয়ুষ পুৰোহিতক শ্ৰেষ্ঠ নেনো সৃষ্টিকৰ্তাৰ বঁটা প্ৰদান কৰা হৈছিল, যিয়ে কম পৰিচিত স্থান, মানুহ আৰু আঞ্চলিক উৎসৱৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে মন কী বাতত তেওঁৰ এটা অনুৰোধৰ কথা স্মৰণ কৰে য'ত কেৰালাৰ ছোৱালীসকলে চামোলীৰ এটি গীত গাইছিল।

 

বোট-ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰু চাৰ্ক টেংক ইণ্ডিয়াত জড়িত থকাৰ বাবে প্ৰখ্যাত অমন গুপ্তাক শ্ৰেষ্ঠ চেলিব্ৰেটি সৃষ্টিকৰ্তাৰ বঁটা প্ৰদান কৰা হয়। তেওঁ প্ৰধানমন্ত্ৰীক কয় যে ২০১৬ চনত ষ্টাৰ্ট আপ আৰু ষ্টেণ্ড-আপ ইণ্ডিয়া আৰম্ভ হোৱাৰ সময়ত তেওঁ তেওঁৰ কোম্পানী আৰম্ভ কৰিছিল। আৰু কম সময়ৰ ভিতৰতে, ই বিশ্বৰ অন্যতম বৃহৎ অডিঅ' ব্ৰেণ্ড হৈ পৰিছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India records highest-ever startup surge with 55,200 recognised in FY26

Media Coverage

India records highest-ever startup surge with 55,200 recognised in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address to the Nation
April 18, 2026

आज मैं एक बेहद महत्वपूर्ण विषय पर विशेष कर देश की माता बहनों और बेटियों से बात करने के लिए आया हूं! आज भारत का हर नागरिक देख रहा है कि कैसे भारत की नारी शक्ति की उड़ान को रोक दिया गया। उनके सपनों को बेरहमी से कुचल दिया गया है। हमारे भरसक प्रयास के बावजूद हम सफल नहीं हो पाए, नारी शक्ति वंदन अधिनियम में संशोधन नहीं हो पाया! और मैं इसके लिए सभी माताओं-बहनों, उनसे मैं क्षमा प्रार्थी हूं।

साथियों,

हमारे लिए देश हित सर्वोपरि है, लेकिन जब कुछ लोगों के लिए दल हित सब कुछ हो जाता है, दल हित, देश हित से बड़ा हो जाता है, तो नारी शक्ति को, देश हित को, इसका खामियाजा उठना पड़ता है। इस बार भी यही हुआ है। कांग्रेस, डीएमके, टीएमसी और समाजवादी पार्टी जैसे दलों की स्वार्थी राजनीति का नुकसान देश के नारी शक्ति को उठाना पड़ा है।

साथियों,

कल देश की करोड़ों महिलाओं की नजर संसद पर थी, देश की नारी शक्ति देख रही थी, मुझे भी यह देखकर बहुत दुख हुआ, कि जब ये नारी हित का प्रस्ताव गिरा, तो कांग्रेस, डीएमके, टीएमसी, सपा, जैसी परिवारवादी पार्टियां, खुशी से तालियां बजा रही थीं। महिलाओं से उनके अधिकार छिनकर ये लोग मेजें थपथपा रहे थे। उन्होंने जो किया वो केवल टेबल पर थाप नहीं थी, वो नारी के स्वाभिमान पर उसके आत्मसम्मान पर चोट थी और नारी सब भूल जाती है, अपना अपमान कभी नहीं भूलती, इसलिए संसद में कांग्रेस और उसके सहयोग के उन सबके व्यवहार की कसक हर नारी के मन में हमेशा रहेगी। देश की नारी जब भी अपने क्षेत्र में इन नेताओं को देखेगी, तो वो याद करेगी कि इन्हीं लोगों ने, इन्हीं लोगों ने, संसद में महिला आरक्षण को रोकने का जश्न मनाया था, खुशियां मनाई थीं। कल संसद में नारी शक्ति वंदन संशोधन का जिन दलों ने विरोध किया है, उनसे मैं दो टूक कहूंगा, ये लोग नारी शक्ति को फॉर ग्रांटेड ले रहे हैं, वो ये भूल रहे हैं, कि 21वीं सदी की नारी देश की हर घटना पर नजर रख रही है, वो उनकी की मंशा भाप रही है और सच्चाई भी भली भांति जान चुकी है। इसलिए महिला आरक्षण विरोध करके जो पाप विपक्ष ने किया है, इसकी उन्हें सजा जरूर मिलेगी। इन दलों ने संविधान निर्माताओं की भावनाओं का भी अपमान किया है और जनता द्वारा इसकी सजा से भी वो बच नहीं पाएंगे।

साथियों,

सदन में नारी शक्ति वंदन संशोधन किसी से भी कुछ छिनने का नहीं था। नारी शक्ति वंदन संशोधन हर किसी को कुछ ना कुछ देने का था, देने के लिए संशोधन का था। ये 40 साल से लटके हुए नारी के हक को, 2029 के अगले लोकसभा चुनाव से उसका हक देने का संशोधन था।

नारी शक्ति वंदन संशोधन 21वीं सदी के भारत की नारी को नए अवसर देने, नई उड़ान देने, उसके सामने से बाधाएं हटाने का महायज्ञन था। देश की 50% यानी आधी आबादी को उसका अधिकार देने का साफ नियत के साथ, ईमानदारी के साथ किया गया एक पवित्र प्रयास था। नारी को भारत की विकास यात्रा में सहयात्री बनाने और सबको जोड़ने का प्रयास था। नारी शक्ति वंदन संशोधन समय की मांग है। नारी शक्ति वंदन संशोधन उत्तर, दक्षिण, पूर्व, पश्चिम, सभी राज्यों की हर राज्य की शक्ति में समान वृद्धि का प्रयास था। ये संसद में सभी राज्यों की आवाज को अधिक शक्ति देने का प्रयास था। राज्य छोटा हो, राज्य बड़ा हो, राज्य की आबादी कम हो या राज्य की आबादी ज्यादा हो। सब की समान अनुपात में शक्ति बढ़ाने की कोशिश थी। लेकिन इस ईमानदार प्रयास की कांग्रेस और उसके सहयोगियों ने सदन में पूरे देश के सामने भ्रूण हत्या कर दी है, भ्रूण हत्या कर दी है। ये कांग्रेस, टीएमसी, समाजवादी पार्टी, टीएमके जैसे दल, इस भ्रूण हत्या के गुनहगार हैं। ये देश के संविधान के अपराधी हैं, ये देश की नारी शक्ति के अपराधी हैं।

साथियों,

कांग्रेस महिला आरक्षण के विषय से ही नफरत करती है, उसने हमेशा से ही महिला आरक्षण को रोकने के लिए षड्यंत्र किए हैं। इस दिशा में पहले जितनी बार भी प्रयास हुए, हर बार कांग्रेस ने इसमें रो़ड़े अटकाए हैं। इस बार भी कांग्रेस और उसके साथियों ने महिला आरक्षण को रोकने के लिए एक के बाद एक नए झूठ का सहारा लिया। कभी संख्या को लेकर, कभी किसी और तरीके से, कांग्रेस और उसके साथियों ने देश को गुमराह करने की कोशिश की। ऐसा करके इन दलों ने भारत के नारी शक्ति के सामने अपना असली चेहरा सामने ला दिया है। अपना मुखौटा उतर दिया है।

साथियों,

मुझे व्यक्तिगत तौर पर आशा थी कि कांग्रेस अपनी दशकों पुरानी गलती सुधारेंगी। कांग्रेस अपने पापों का प्रायश्चित करेगी, लेकिन कांग्रेस ने इतिहास रचने का, महिलाओं के पक्ष में खड़े होने का, अवसर खो दिया। कांग्रेस खुद देश के अधिकांश हिस्सों में अपना वजूद खो चुकी है। कांग्रेस परजीवी की तरह क्षेत्रीय दलों के पीठ पर सवार होकर खुद को जिंदा रखे हुए है। लेकिन कांग्रेस, ये भी नहीं चाहती कि क्षेत्रीय दलों की ताकत बढ़े, इसलिए कांग्रेस ने इस संशोधन का विरोध करवारकर अनेक क्षेत्रीय दलों के भविष्य को अंधकार में धकेलना का राजनीतिक षड्यंत्र किया है।

साथियों,

कांग्रेस, समाजवादी पार्टी, डीएमके, टीएमसी और दूसरी पार्टियां, इतने वर्षों से हर बार वही बहाने, वही कुतर्क गढ़ते आए हैं, बनाते आए हैं, कोई ना कोई टेक्निकल पेंच फंसाकर, ये महिलाओं के अधिकारों पर डाका डालते रहे हैं। देश राजनीति का यह भद्दा पैटर्न बराबर समझ चुका है, और उसके पीछे की वजह भी जान चुका है।

भाइयों बहनों,

नारी शक्ति वंदन अधिनियम के विरोध की एक बड़ी वजह है, इन परिवारवादी पार्टियों का डर। इन्हें डर है, अगर महिलाएं सशक्त हो गईं, तो इन परिवारवादी पार्टियों का नेतृत्व खतरे में पड़ जाएगा। ये कभी नहीं चाहेंगे कि उनके परिवार के बाहर की महिलाएं आगे बढ़ें। आज पंचायतों में, लोकल बॉडीज में, जिन हजारों लाखों महिलाओं ने अपनी क्षमता को साबित किया है, जब आगे बढ़कर लोकसभा और विधानसभाओं में आना चाहती हैं, देश की सेवा करना चाहती हैं, परिवारवादियों के भीतर उनसे असुरक्षा की भावना बैठी हुई है। परिसीमन के बाद महिलाओं के लिए कहीं ज्यादा सीटें होंगी, महिलाओं का कद बढ़ेगा, इसीलिए, इन लोगों ने नारी शक्ति वंदन संशोधन का विरोध किया है। देश की नारीशक्ति कांग्रेस और उसके सहयोगियों को इस पाप के लिए कभी माफ नहीं करेगी।

मेरे प्रिय देशवासियों,

कांग्रेस और उसके साथी दल, डिलिमिटेशन पर लगातार, लगातार झूठ बोल रहे हैं। ये इस बहाने विभाजन की आग को सुलगाना चाहते हैं। क्योंकि, बांटो और राज करो, काँग्रेस ये पॉलिटिक्स अंग्रेजों से विरासत में सीखकर आई है। और, कांग्रेस आज भी उसी के सहारे चल रही है। कांग्रेस ने हमेशा देश में दरार पैदा करने वाली भावनाओं को हवा दी है। इसलिए, ये झूठ फैलाया गया कि डिलिमिटेशन यानी परिसीमन से कुछ राज्यों को नुकसान होगा! जबकि, सरकार ने पहले दिन से स्पष्ट किया है, कि न किसी

राज्य की भागीदारी का अनुपात बदलेगा, न किसी का representation कम होगा। बल्कि,सभी राज्यों की सीटें समान अनुपात में ही बढ़ेंगी। फिर भी काँग्रेस,DMK,TMC और समाजवादी पार्टी जैसे दल इसे मानने को तैयार नहीं हुए।

साथियों,

ये संशोधन बिल सभी दलों, और सभी राज्यों के लिए एक मौका था, एक अवसर था। ये बिल पास होता तो तमिलनाडु, बंगाल, यूपी, केरलम, हर राज्य की सीटें बढ़तीं। लेकिन अपनी स्वार्थी राजनीति की वजह से इन दलों ने, अपने राज्य के लोगों को भी धोखा दे दिया। जैसे कि, DMK के पास मौका था कि वो और ज्यादा तमिल लोगों को सांसद, विधायक बना सकती थी, तमिलनाडु की आवाज़ और मजबूत कर सकती थी! लेकिन, उसने वो मौका खो दिया। TMC के पास भी बंगाल के लोगों को आगे बढ़ाने का मौका था। लेकिन TMC ने भी ये मौका गवां दिया। समाजवादी पार्टी के पास भी मौका था कि वो महिला विरोधी छवि होने के दाग को कुछ कम कर सके। लेकिन सपा भी इसमें चूक गई। समाजवादी पार्टी लोहिया जी को तो पहले ही भूल चुकी है। सपा ने नारीशक्ति वंदन संशोधन का विरोध करके, लोहिया जी के सारे सपनों को पैरों तले रौंद दिया है। सपा महिला आरक्षण विरोधी है, ये यूपी की और देश की महिलाएं कभी नहीं भूलेंगी।

साथियों,

महिलाओं के आरक्षण का विरोध करके, कांग्रेस ने फिर एक बात सिद्ध कर दी है। कांग्रेस, एक एंटी रिफॉर्म पार्टी है। 21वीं सदी के विकसित भारत के लिए, जो भी निर्णय, जो भी रिफॉर्म्स ज़रूरी हैं, जो भी निर्णय देश ले रहा है, कांग्रेस उन सबका विरोध करती है, उसे खारिज कर देती है, उस काम के अंदर खलल डालती है। यही कांग्रेस का इतिहास है और यही कांग्रेस की नेगेटिव पॉलिटिक्स है।

साथियों,

ये वही कांग्रेस है, जिसने जनधन-आधार-मोबाइल की त्रिशक्ति का विरोध किया। कांग्रेस ने, डिजिटल पेमेंट्स का विरोध किया, कांग्रेस ने, GST का विरोध किया, कांग्रेस ने, सामान्य वर्ग के गरीबों को आरक्षण का विरोध किया, कांग्रेस ने, ट्रिपल तलाक के विरुद्ध कानून का विरोध किया। कांग्रेस ने, आर्टिकल 370 हटाने का विरोध किया। हमारा संविधान, हमारे कोर्ट, जिस यूनिफॉर्म सिविल कोड, समान नागरिक आचार संहिता को, यूसीसी को ज़रूरी बताते हैं, कांग्रेस उसका भी विरोध करती है। Reform का नाम सुनते ही कांग्रेस, विरोध की तख्ती लेकर दौड़ पड़ती है। ऐसा कोई भी काम जिससे देश मजबूत होता है, कांग्रेस उसमें बाधाएं खड़ी करने के लिए पूरी शक्ति लगा देती है। कांग्रेस, वन नेशन वन इलेक्शन का विरोध करती है, कांग्रेस, देश से घुसपैठियों को भगाने का विरोध करती है, कांग्रेस, मतदाता सूची के शुद्धिकरण, SIR का विरोध करती है, कांग्रेस, वक्फ बोर्ड में Reform का विरोध करती है।

साथियों,

कांग्रेस ने, शरणार्थियों को सुरक्षा देने वाले CAA कानून तक का विरोध किया। इस पर झूठ बोलकर-अफवाहें फैलाकर देश में बवंडर खड़ा कर दिया। कांग्रेस, माओवादी-नक्सली हिंसा को समाप्त करने के देश के प्रयासों में भी रुकावटें डालती है। कांग्रेस का एक ही पैटर्न रहा है, कोई भी Reform आए तो झूठ बोलो, भ्रम फैलाओ। इतिहास साक्षी है, कांग्रेस ने हमेशा यही नेगेटिव रास्ता चुना है।

साथियों,

जो भी कार्य देश के लिए जरूरी फैसला होता है, कांग्रेस इसको कार्पेट के नीचे डाल देती है। कांग्रेस के इसी रवैये की वजह से भारत विकास की उस ऊंचाई पर नहीं पहुंच पाया, जिसका भारत हकदार है। आजादी के समय, उस दौर में हमारे साथ और भी कई देश आजाद हुए थे। ज्यादातर देश हमसे बहुत आगे निकल गए, और इसकी वजह थी, कि कांग्रेस हर Reform को रोककर बैठी रही। लटकाना-भटकाना- अटकाना यही कांग्रेस का सिद्धांत रहा है, यही कांग्रेस का वर्क कल्चर रहा है। कांग्रेस ने पड़ोसी देशों के साथ सीमा-विवादों को लटकाया, कांग्रेस ने पाकिस्तान के साथ पानी के बंटवारे से जुड़े विवादों को लटकाया, कांग्रेस ने ओबीसी आरक्षण के निर्णय को 40 साल तक लटकाए रखा। कांग्रेस ने सैनिकों के लिए वन रैंक वन पेंशन को 40 साल तक रोके रखा।

साथियों,

कांग्रेस के इस रवैये ने हमेशा देश का बहुत बड़ा नुकसान किया है। कांग्रेस के हर विरोध, हर अनिर्णय, हर छल-प्रपंच का खामियाजा देश ने भुगता है, देश की पीढ़ियों ने भुगता है। आज देश के सामने जितनी भी बड़ी चुनौतियां हैं, वो कांग्रेस के इसी रवैये से उपजी हुई हैं। इसलिए, ये लड़ाई सिर्फ एक कानून की नहीं है, ये लड़ाई, कांग्रेस की उस एंटी-रिफॉर्म मानसिकता के साथ है, जिसमें सिर्फ नेगेटिविटी है, नकारात्मकता है। और मुझे इसमें कोई संदेह नहीं है, कि देश की सभी बहनें-बेटियां, कांग्रेस की इस मानसकिता को करारा जवाब देकर रहेगी।

साथियों,

कुछ लोग देश की महिलाओं के सपने टूटने को सरकार की नाकामी बता रहे हैं। लेकिन, ये विषय कामयाबी या नाकामयाबी क्रेडिट का था ही नहीं। मैंने संसद में भी कहा था, आधी आबादी को उनका हक मिल जाने दीजिये, मैं इसका क्रेडिट, विज्ञापन छपवाकर विपक्ष के सभी लोगों को दे दूँगा। लेकिन, महिलाओं को दक़ियानूसी सोच से देखने वाले फिर भी अपने झूठ पर अड़े रहे, कायम रहे!

साथियों,

नारीशक्ति को भागीदारी दिलाने की लड़ाई दशकों से चल रही है। वर्षों से मैं भी इसके लिए प्रयास करने वालों में से एक हूं। कितनी ही महिलाएं ये विषय मेरे सामने उठाती रही हैं। कितनी ही बहनों ने पत्र के द्वारा मुझे सारी बातें बताई हैं। मेरे देश की माताएं-बहनें-बेटियां, मैं जानता हूं, आज आप सब दुखी हैं। मैं भी आपके इस दुःख में दुःखी हूँ। आज भले ही, बिल पास कराने के लिए जरूरी 66 परसेंट वोट हमें नहीं मिला हो, लेकिन मैं जानता हूं, देश की 100 परसेंट नारीशक्ति का आशीर्वाद हमारे साथ है। मैं देश की हर नारी को विश्वास दिलाता हूं, हम महिला आरक्षण के रास्ते में आने वाले हर रुकावट को खत्म करके रहेंगे, हटाकर के रहेंगे। हमारा हौसला भी बुलंद है, हमारी हिम्मत भी अटूट है और हमारा इरादा भी अडिग है। महिला आरक्षण का विरोध करने वाली पार्टियां, ये देश की नारी शक्ति को संसद और विधानसभाओं में उनकी भागीदारी बढ़ाने से कभी भी रोक नहीं पाएंगे, सिर्फ वक्त का इंतजार है। नारी शक्ति के सशक्तीकरण का बीजेपी-एनडीए का संकल्प अक्षुण्ण है। कल हमारे पास संख्याबल नहीं था, लेकिन इसका मतलब ये नहीं है कि हम हार गए। हमारा आत्मबल अजेय है। हमारा प्रयास रुकेगा नहीं, हमारा प्रयास थमेगा नहीं। हमारे पास आगे अभी और मौके आएंगे, हमें आधी आबादी के सपनों के लिए, देश के भविष्य के लिए, इस संकल्प को पूरा करना ही है। आप सबका बहुत-बहुत धन्यवाद।