"সকলো সুবিধা শেষ ব্যক্তিজনে লাভ কৰাটো আমি নিশ্চিত কৰিম ।" মোদী কি গেৰাণ্টি" বাহনখন প্ৰতিখন গাঁৱলৈ যাব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ দ্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰা-এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাটো চিহ্নিত কৰে।

 

ৰংপুৰ গাঁৱৰ গাঁওপ্ৰধান শ্ৰীমতী বলবীৰ কৌৰ আৰু জম্মু জিলাৰ আৰ্ণিয়াৰ এগৰাকী কৃষকে প্ৰধানমন্ত্ৰীক জনায় যে তেওঁ কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি, ফাৰ্ম মেচিনাৰী বেংক আঁচনি আৰু কিষাণ সন্মান নিধি যোজনা নামৰ একাধিক চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে। মহিলাগৰাকীয়ে আৰু কয় যে তেওঁৰ গাওঁখন সীমান্তৰ ওচৰত অৱস্থিত। শ্ৰী মোদীয়ে কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ক্ৰয় কৰা ট্ৰেক্টৰৰ গৰাকী হোৱাৰ বাবে তেওঁক অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে শ্ৰীমতী বলবীৰ কৌৰৰ আঙুলিৰ টিপত তেওঁৰ এলেকাৰ তথ্য থকাৰ বাবে তেওঁক প্ৰশংসা কৰে। ইয়াৰ উত্তৰত তেওঁ কয়. 'আপ চে হি চিখা হে গ্ৰাছৰুট পৰ কাম কৰ্ণা। কাম কৰতি হুঁ আৰু ভুলতি নেহী হু।" (মই আপোনাৰ পৰা তৃণমূল পৰ্যায়ত কাম কৰিবলৈ শিকিছোঁ আৰু কামৰ কথা পাহৰি নাযাওঁ)

 

তেওঁ চৰকাৰী আঁচনিসমূহৰ সুবিধা যাতে অন্তিমজন ব্যক্তিয়েও লাভ কৰে তাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু শ্ৰীমতী কৌৰক দহখন চুবুৰীয়া গাঁৱলৈ গৈ এই বিষয়ে প্ৰচাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে সকলো সুবিধা যাতে শাৰীত থিয় হৈ থকা অন্তিম জন ব্যক্তিৰ ওচৰত উপনীত হয়। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ লক্ষ্য হৈছে বৰ্তমানৰ হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ পৰা শিকা আৰু এতিয়ালৈকে লাভ নকৰাসকলক সামৰি লোৱা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi