প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ইছৰোৱে ‘Mission of Self-landing Reusable Launch Vehicle’ সফলতাৰে পৰিচালনা কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে।
ইছৰোৱে ডি আৰ ডি অ' আৰু ভাৰতীয় বায়ুসেনাৰ সহযোগত ২০২৩ চনৰ ২ এপ্ৰিলৰ পুৱাৰ ভাগত কৰ্ণাটকৰ চিত্ৰদুৰ্গা এৰ'নটিকেল টেষ্ট ৰেঞ্জ (এ টি আৰ)ত 'পুনঃব্যৱহাৰযোগ্য লঞ্চ ভেহিকেল ছেল্ফ-লেণ্ডিং মিছন (আৰ এল ভি এল ই এক্স)' সফলতাৰে সম্পন্ন কৰে।
ইছৰোৰ কেইবাটাও টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"বৃহৎ দলীয় প্ৰচেষ্টা।" এই কৃতিত্বই আমাক "এটা পুনৰ ব্যৱহাৰযোগ্য ভাৰতীয় উৎক্ষেপণ বাহন বাস্তৱায়িত কৰাৰ এখোজ ওচৰ চপাই নিছে"।
A great team effort. This achievement takes us one step closer to realising an Indian Reusable Launch Vehicle. https://t.co/GvBs2THWwK
— Narendra Modi (@narendramodi) April 2, 2023


