ঝাৰখণ্ডৰ পাত্ৰাটুত বিশুদ্ধ পানী যোগান ধৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
ঝাৰখণ্ডৰ পাত্ৰাটুত ৫০ কোটি টকা ব্যয়সাপেক্ষে পানী পৰিষ্কৰণ প্ৰকল্প আৰু পানীৰ ‘টাৱাৰ’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা সন্দৰ্ভত হাজাৰীবাগৰ সংসদ সদস্য শ্ৰী জয়ন্ত সিনহাই কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ যোগে কয়:
"অতিকে প্ৰশংসনীয় প্ৰচেষ্টা! পৰিষ্কাৰ পানীৰ এই সুবিধাই ঝাৰখণ্ডৰ পাত্ৰাটুৰ আমাৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱন বহুত সহজ কৰি তুলিব। "
बहुत ही सराहनीय प्रयास! स्वच्छ पानी की यह सुविधा झारखंड में पतरातू की हमारी माताओं और बहनों के जीवन को बहुत आसान बनाने वाली है। https://t.co/NKZw7Inymi
— Narendra Modi (@narendramodi) May 17, 2023


