আজি ভাৰতে নতুন আত্মবিশ্বাসেৰে আগবাঢ়িছে; এতিয়া ভাৰতে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছেঃ প্ৰধানমন্ত্ৰী
উপসাগৰৰ পৰা গ্ল’বেল ৱেষ্টলৈ আৰু গ্ল’বেল ছাউথৰ পৰা চুবুৰীয়া দেশসমূহলৈ ভাৰত সকলোৰে বাবে বিশ্বাসযোগ্য অংশীদাৰ: প্ৰধানমন্ত্ৰী
যিটো পৰিমাপ কৰা হয়, সেয়া উন্নত কৰা হয় আৰু শেষত ৰূপান্তৰিত হয়: প্ৰধানমন্ত্ৰী
এয়া হৈছে নতুন ভাৰত, ইয়াত উন্নয়নৰ বাবে কোনো ত্ৰুটি কৰা নাই: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'ভাৰত আৰু বিশ্ব' শীৰ্ষক বিষয়বস্তুৰ সন্দৰ্ভত টিভি৯ সন্মিলনত ভাষণ প্ৰদান কৰে। অভূতপূৰ্ব আৰু গুৰুতৰ বৈশ্বিক পৰিস্থিতিৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মত বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিয়াৰ বাবে টিভি৯ নেটৱৰ্কক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, "আজি সমগ্ৰ বিশ্বই এক অভূতপূৰ্ব আৰু অতিশয় ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে টিভি৯ নেটৱৰ্কে ইয়াৰ চিন্তা-চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিছে।

সংঘৰ্ষজৰ্জৰ বিশ্বত ভাৰতৰ স্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে। ২০১৪ চনৰ পূৰ্বৰ অৱস্থাক আঁতৰাই নতুন আত্মবিশ্বাসেৰে আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে ক'ৰোনা মহামাৰীৰ পাছত বৃদ্ধি পোৱা প্ৰত্যাহ্বানসমূহৰ সত্ত্বেও ১৪০ কোটি নাগৰিক একত্ৰিত হৈ আছে, যাৰ বাবে ভাৰতে সকলো ধৰণৰ দুৰ্যোগ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই ২৩ দিনত ভাৰতে সম্পৰ্ক গঢ়ি তোলাৰ ক্ষমতা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু সংকট ব্যৱস্থাপনাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে।

বহুধাবিভক্ত বিশ্ব ব্যৱস্থাৰ মাজতো ভাৰতৰ কূটনৈতিক প্ৰসাৰৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে উপসাগৰৰ পৰা গ্ল’বেল ৱেষ্ট আৰু গ্ল’বেল ছাউথৰ পৰা চুবুৰীয়া দেশলৈ অভূতপূৰ্ব সেতু নিৰ্মাণ কৰি নিজকে সকলোৰে বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতৰ সহযোগিতাৰ প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট আৰু দৃঢ়তাৰে উত্তৰ দিয়ে। শ্ৰী মোদীয়ে কয়, "আমি ভাৰতৰ পক্ষত আছো, ভাৰতৰ স্বাৰ্থৰ পক্ষত আছো, শান্তিৰ পক্ষত আছো আৰু আলোচনাৰ পক্ষত আছো"।

 

বিশ্ব যোগান শৃংখলা দুৰ্বল হৈ পৰাৰ সময়ত ভাৰতৰ বৈচিত্ৰতা আৰু সুস্থিৰতাৰ আৰ্হিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি, সাৰ বা অত্যাৱশ্যকীয় সামগ্ৰীয়েই হওক, নাগৰিকসকলৰ যাতে অসুবিধা কম হয়, তাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰা হৈছে। শ্ৰী মোদীয়ে কয়, "ভাৰতে বৈচিত্ৰতা আৰু সুস্থিৰতাৰ এক আদৰ্শ দাঙি ধৰাৰ লগতে আমাৰ নাগৰিকসকলৰ যাতে অসুবিধা যিমান পাৰি কম হয়, সেয়া নিশ্চিত কৰাত আমাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে।

পশ্চিম এছিয়াৰ সংঘৰ্ষই ভাৰতৰ ওপৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লোকসভাত প্ৰদান কৰা তেওঁৰ বক্তব্যৰ কথা উল্লেখ কৰি কয় যে যুদ্ধ ভাৰতৰ সীমান্তৰ পৰা ভৌগোলিকভাৱে দূৰৈত যদিও আজিৰ আন্তঃসংযোজিত বিশ্বত কোনো দেশেই ইয়াৰ বিৰূপ প্ৰভাৱৰ পৰা সুৰক্ষিত থাকিব নোৱাৰে। "এয়া সংযম আৰু সংবেদনশীলতাৰ সময়; যেতিয়া দেশবাসীয়ে সংকটৰ সন্মুখীন হ'বলৈ একত্ৰিত হয়, ফলাফল সদায়েই অৰ্থপূৰ্ণ হয়", শ্ৰী মোদীয়ে এইদৰে কয়।

 

বিশ্ব অস্থিৰতাৰ সত্ত্বেও ভাৰতৰ বিকাশৰ গতি অক্ষুণ্ণ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা ২৩ দিনৰ সবিশেষ তথ্য দাঙি ধৰে। তেওঁ দিল্লী মেট্ৰ' ৰেলৰ গুৰুত্বপূৰ্ণ কৰিড'ৰসমূহৰ উদ্বোধন, শিলচৰ হাই স্পীড কৰিড'ৰ আৰু নতুন কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন আৰু মাদুৰাই বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে ১০০টা প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ অনুমোদন, ১৫০০ মেগাৱাট নতুন ক্ষমতা সংযোজন কৰিবলৈ ক্ষুদ্ৰ জলবিদ্যুৎ বিকাশ আঁচনিৰ বাবে সেউজ সংকেত, ২০২৮ চনলৈ জল জীৱন অভিযানৰ সম্প্ৰসাৰণ, পিএম কিষাণ সন্মান নিধিৰ অধীনত ১৮,০০০ কোটি টকাৰ প্ৰত্যক্ষ হস্তান্তৰ আৰু এমএছএমই আৰু ৰপ্তানিকাৰীসকলৰ বাবে ৫০০ কোটি টকাৰ সাহায্য পেকেজৰ কথাও উল্লেখ কৰে। "এই সকলোবোৰ পদক্ষেপেই প্ৰমাণ কৰিছে যে দেশখনে বিকশিত ভাৰত গঢ়াৰ বাবে কিমান দ্ৰুততাৰে কাম কৰি আছে", শ্ৰী মোদীয়ে কয়।

পৰিচালনাৰ নীতিৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে 'যিটো পৰিমাপ কৰা হয়, তাক পৰিচালনাও কৰা হয়' বুলি কোৱা কথাষাৰ ব্যাখ্যা কৰি কয় যে যিটো পৰিমাপ কৰা হয়, তাক উন্নতো কৰা হয় আৰু শেষত পৰিৱৰ্তনো কৰা হয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ঘাইপথ নিৰ্মাণৰ গতিবেগ প্ৰতিদিনে ১১.১২ কিলোমিটাৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে; বন্দৰসমূহত জাহাজ চলাচলৰ সময় ৫.৬ দিনৰ পৰা ২ দিনলৈ হ্ৰাস পাইছে; পঞ্জীভুক্ত ষ্টাৰ্ট-আপৰ সংখ্যা ৪০০-৫০০ৰ পৰা ২লাখলৈ বৃদ্ধি পাইছে; এমবিবিএছ আসনৰ সংখ্যা ৫০-৫৫ হাজাৰৰ পৰা ১.২৫ লাখলৈ বৃদ্ধি পাইছে; বেংক একাউণ্টৰ সংখ্যা ২৫ কোটিৰ পৰা ৮০ কোটিলৈ বৃদ্ধি পাইছে (য'ত ৫৫ কোটি জন ধন একাউণ্ট আছে); আৰু বিমানবন্দৰৰ সংখ্যা ৭০ৰ পৰা ১৬০ৰো অধিক হৈছে। শ্ৰী মোদীয়ে কয়, "আজি ভাৰতে দ্ৰুত গতিত আগবাঢ়িছে, আজি সংকল্পসমূহ সফলতাত পৰিণত হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে বৰ্তমান চলি থকা পৰিৱৰ্তনমূলক ৰূপান্তৰসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অসম, য'ত এসময়ত গুলীৰ শব্দই গুঞ্জৰিত হৈছিল, এতিয়া এখন অৰ্ধপৰিবাহী ইউনিটৰ গৃহ হৈছে। ওড়িশাত অৰ্ধপৰিবাহী আৰু পেট্ৰ'কেমিকেলৰ দৰে খণ্ডৰ উন্নয়ন সাধন কৰা হৈছে। বিগত দশকত বিহাৰত ৫খনতকৈও অধিক নতুন দলং নিৰ্মাণ হৈছে। শ্ৰী মোদীয়ে কয়, "ভাৰতে অতীতৰ বিকাশৰ ভাৰসাম্যহীনতাক ভৱিষ্যতৰ সুযোগলৈ ৰূপান্তৰিত কৰিছে"।

পশ্চিমবংগৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে পশ্চিমবংগ হৈছে সংস্কৃতি, শিক্ষা, উদ্যোগ আৰু বাণিজ্যৰ কেন্দ্ৰস্থল আৰু ৰাজ্যখনৰ উন্নয়নৰ বাবে বিগত ১১ বছৰত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট বিনিয়োগ কৰিছে। "ৰাষ্ট্ৰীয় স্বাৰ্থক দলীয় স্বাৰ্থৰ ঊৰ্ধ্বত ৰখা অতি আৱশ্যক, কাৰণ ৰাজনীতিৰ ঊৰ্ধ্বত দেশ আৰু ইয়াৰ উন্নয়ন আছে", শ্ৰী মোদীয়ে এইদৰে কয়।

 

শ্বহীদ দিৱসৰ ঐতিহাসিক উপলক্ষে শ্বহীদ ভগত সিং, শ্বহীদ ৰাজগুৰু আৰু শ্বহীদ সুখদেৱে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰাৰ দিনটোৰ লগতে ড০ ৰাম মনোহৰ লোহিয়াৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণিত কয় যে শ্বহীদ দিৱসৰ সৈতে জড়িত সকলো বিষয়ৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাম মনোহৰ লোহিয়াৰ দৰে বিশিষ্ট ব্যক্তিৰ পৰা প্ৰেৰণা লাভ কৰিছিল, যিসকলে সদায় ৰাষ্ট্ৰক নিজতকৈ ঊৰ্ধ্ব্ত ৰাখিছিল। টিভি৯ সন্মিলনে ভাৰতৰ আত্মবিশ্বাস আৰু ভাৰতীয়সকলৰ প্ৰতি বিশ্বৰ আস্থা শক্তিশালী কৰিব বুলি সম্পূৰ্ণ বিশ্বাস ব্যক্ত কৰি তেওঁ কয়, "ৰাষ্ট্ৰীয় স্বাৰ্থক সকলোতকৈ ওপৰত ৰখা প্ৰেৰণাই ভাৰতক বিকশিত আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব"।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Assam logs 1.02 Cr saplings plantation in eight hours on World Environment Day

Media Coverage

Assam logs 1.02 Cr saplings plantation in eight hours on World Environment Day
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates people of Assam on commendable environmental feat
June 05, 2026

Prime Minister Shri Narendra Modi today extended his heartiest congratulations to the people of Assam, especially the state’s Nari Shakti, for achieving a commendable feat in environmental conservation. The Prime Minister remarked that the state's Nari Shakti has taken a lead in this significant effort, which is aimed at building a sustainable planet.

The Prime Minister posted on X:

"Commendable feat. Congratulations to the people of Assam, especially the state’s Nari Shakti for taking the lead in this effort aimed at building a sustainable planet"