উদ্ভাৱনীমূলক ধাৰণা, শক্তি আৰু উদ্দেশ্যেৰে যুৱ শক্তি হৈছে ৰাষ্ট্ৰ-নিৰ্মাণৰ অগ্ৰদূতঃ প্ৰধানমন্ত্ৰী
স্বামী বিবেকানন্দৰ চিন্তাধাৰাই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
যুৱক-যুৱতীসকলক অধিক গুৰুত্ব প্ৰদানেৰে আমি একেৰাহে আঁচনি ৰূপায়ণ কৰিছো; ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱে সঁচাকৈয়ে গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
সংস্কৃতি, বিষয়বস্তু আৰু সৃষ্টিশীলতাৰে বদ্ধমূল অৰেঞ্জ অৰ্থনীতিত ভাৰতৰ উল্লেখযোগ্য বিকাশ হৈছেঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত আমি সাধন কৰা এলানি সংস্কাৰ এতিয়া ৰিফৰ্ম এক্সপ্ৰেছলৈ ৰূপান্তৰিত হৈছে; আমাৰ যুৱ শক্তি উক্ত সংস্কাৰৰাজিৰ মূলতে আছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱক-যুৱতীসকলে ৰাষ্ট্ৰখনক দাসত্বৰ মানসিকতাৰ পৰা মুক্তকৰণৰ সংকল্প গ্ৰহণ কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। "তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০৪৭-ৰ ঠিক আগৰ সময়ছোৱা, যি সময়ত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, সেয়া ৰাষ্ট্ৰ আৰু ইয়াৰ যুৱক-যুৱতী উভয়ৰে বাবে এক নিৰ্ণায়ক পৰ্য্যায়। তেওঁ কয় যে ভাৰতীয় যুৱক-যুৱতীসকলৰ শক্তি আৰু সামৰ্থ্যই ভাৰতৰ শক্তিক গঢ় দিব তথা তেওঁলোকৰ সফলতাই দেশখনক নতুন শিখৰত উপনীত কৰিব। প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগত অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনাই এখনি উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত যুৱ নেতৃত্বৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকীৰে সংগতি ৰাখি এই কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। “স্বামী বিবেকানন্দক স্মৰণ কৰি আমি প্ৰতি বছৰে ১২ জানুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰি আহিছো। তেওঁৰ আদৰ্শৰাজিৰ পৰা অনুপ্ৰাণিত হৈ ১২ জানুৱাৰীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগৰ আয়োজন কৰা হৈছে। স্বামী বিবেকানন্দৰ জীৱন পৰিক্ৰমা আমাৰ সকলোৰে বাবে এক মহান পথ-প্ৰদৰ্শক পোহৰ”, শ্ৰী মোদীয়ে কয়।

বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগৰ দ্ৰুত সম্প্ৰসাৰণ কাৰ্য্যত সন্তোষ প্ৰকাশেৰে শ্ৰী মোদীয়ে এই কাৰ্য্যসূচীক ভাৰতৰ উন্নয়ন এজেণ্ডা গঢ়াত প্ৰত্যক্ষভাৱে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক প্ৰশস্ত কৰা এখনি শক্তিশালী মঞ্চ বুলি অভিহিত কৰে। “এই পদক্ষেপৰ সৈতে লক্ষ-লক্ষ যুৱক-যুৱতীৰ সংযোগ, ৫ নিযুতৰো অধিক পঞ্জীয়ন, ৩ নিযুতৰো অধিক যুৱক-যুৱতীৰ বিকশিত ভাৰত চেলেঞ্জত অংশগ্ৰহণ আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে নিজৰ ধাৰণাসমূহ ব্যক্ত কৰা কাৰ্য্য, যুৱ শক্তিৰ এনে বৃহৎ পৰিসৰৰ অংশগ্ৰহণ অভূতপূৰ্ব”, শ্ৰী মোদীয়ে কয়।

ইনপুটৰ মানদণ্ডৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ মহিলা-চালিত উন্নয়ন আৰু গণতন্ত্ৰত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ দৰে মূল বিষয়বস্তু সন্দৰ্ভত উপস্থাপন কৰা চিন্তাশীল ধাৰণাসমূহক প্ৰশংসা কৰে। এই কাৰ্য্যসূচীত আগবঢ়োৱা প্ৰেজেনটেচনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ অমৃত প্ৰজন্মৰ এখনি উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাৰ দৃঢ় সংকল্প প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জেন জেড-ৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনীমূলক মনোভাৱতো আলোকপাত কৰি আলোচনাৰ সফল পৰিচালনাৰ বাবে সকলো যুৱ অংশগ্ৰহণকাৰী আৰু মেৰা যুৱ ভাৰত সংগঠনৰ সদস্যসকলক অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে ২০১৪-ৰ পূৰ্বৰ সময়ছোৱাৰ কথা স্মৰণেৰে ইয়াক নীতিগত পক্ষাঘাত, ৰঙাফিটাৰ মেৰপেচ, যুৱক-যুৱতীসকলৰ বাবে সীমিত সুযোগৰ যুগ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে তেতিয়া যুৱক-যুৱতীসকলে চাকৰি লাভ, পৰীক্ষাত অৱতীৰ্ণ হোৱা, ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত জটিল পদ্ধতিৰ সন্মুখীন হৈছিল, সেয়ে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণত পলম হৈছিল আৰু নীতিসমূহ দুৰ্বলভাৱে ৰূপায়ণ কৰা হৈছিল। কিন্তু তেওঁ কয় যে আজি যি কাৰ্য্যক অস্বাভাৱিক যেন লাগে সেয়া এটা দশকৰ পূৰ্বে সাধাৰণ ঘটনা আছিল। তেওঁ সম্প্ৰতি শাসন ব্যৱস্থাৰ সংস্কাৰ সাধনে ভাৰতৰ যুৱক-যুৱতীসকলৰ অভিজ্ঞতাক কেনেদৰে সলনি কৰিছে সেই বিষয়ে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্টআপ বাতাবৰণক এনে পৰিৱৰ্তনৰ উদাহৰণ হিচাপে অভিহিত কৰি উল্লেখ কৰে যে দশক-দশক ধৰি ষ্টাৰ্টআপ সংস্কৃতিৰ বিশ্বব্যাপী বিকাশৰ পিছতো ভাৰতে ২০১৪-ৰ আগলৈকে ষ্টাৰ্টআপৰ ক্ষেত্ৰত অতিশয় সীমিতভাৱেহে মনোনিৱেশ কৰিছিল। “২০১৪-লৈকে দেশত পঞ্জীয়নভুক্ত ষ্টাৰ্টআপৰ সংখ্যা ৫০০-ৰো কম আছিল। এক ষ্টাৰ্টআপ সংস্কৃতিৰ অবৰ্তমানত চৰকাৰী হস্তক্ষেপে প্ৰতিটো খণ্ডতে আধিপত্য বিস্তাৰ কৰিছিল। তেতিয়া আমাৰ যুৱ প্ৰতিভা, তেওঁলোকৰ সামৰ্থ্যই তেওঁলোকৰ সপোনৰাজি পৰিপূৰণৰ বাবে সুযোগ লাভ কৰা নাছিল”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰ ওপৰত তেওঁৰ আস্থাৰ মনোভাৱৰ কথা উল্লেখেৰে কয় যে এই আত্ম-বিশ্বাসৰ ফলশ্ৰুতিত যুৱ উদ্ভাৱকসকলক সবলীকৰণৰ অৰ্থে এক নতুন উন্নয়নমূলক পদ্ধতিৰ সূচনা হয়। তেওঁ ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ইজ অৱ ডুয়িং বিজনেছ তথা কৰ আৰু অনুপালন সৰলীকৰণৰ দৰে মূল সংস্কাৰ আৰু পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। ইয়াৰ ফলশ্ৰুতিত পূৰ্বতে চৰকাৰী-প্ৰধান খণ্ডসমূহ উদ্যমিতাৰ বাবে মুকলি হৈ উঠে আৰু ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱ ত্বৰান্বিত হয়।

 

মহাকাশ খণ্ডক এক বিৰল উদাহৰণ হিচাপে অভিহিত কৰি শ্ৰী মোদীয়ে কয়, “৫–৬ বছৰ আগলৈকে মহাকাশ খণ্ডক আগুৱাই নিয়াৰ দায়িত্ব কেৱল ইছৰোৰ ওপৰত আছিল। কিন্তু আমি মহাকাশ খণ্ডটোক ব্যক্তিগত উদ্যোগৰ বাবে মুকলি কৰিছিলো, সহায়ক কাঠামো আৰু প্ৰতিষ্ঠানৰ সৃষ্টি কৰিছিলো।” শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াক ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰাৰ ফলশ্ৰুতিত ৩০০-ৰো অধিক ষ্টাৰ্টআপৰ উত্থান ঘটিছে। তেওঁ স্কাইৰুট এৰ’স্পেচ আৰু অগ্নিকুল কচমছৰ সাফল্যক যুৱ-নেতৃত্বাধীন উদ্ভাৱনে ভাৰতক কেনেকৈ উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশলৈ ৰূপান্তৰিত কৰিছে, তাৰ প্ৰমাণ হিচাপে অভিহিত কৰে।

প্রধানমন্ত্রীয়ে কয় যে নিষেধাজ্ঞামূলক নিয়মসমূহ শিথিল কৰা কাৰ্য্যই ড্ৰোন খণ্ডটোক ৰূপান্তৰিত কৰিলে। পূৰ্বে এই খণ্ডটো জটিল আইন আৰু অনুজ্ঞাপত্ৰৰ বোজাৰে ভৰপূৰ আছিল। “সৰলীকৃত নিয়মে যুৱক-যুৱতীসকলৰ নেতৃত্বত ড্ৰোন প্ৰযুক্তিৰ বিকাশক প্ৰশস্ত কৰিলে, মেড-ইন-ইণ্ডিয়া ড্ৰোন আৰু নামো ড্ৰোন ডিডিৰ দৰে পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বৰ্ধন ঘটিছে আৰু কৃষি খণ্ডটো উপকৃত হৈছে”, তেওঁ লগতে কয়।

তেওঁ প্ৰতিৰক্ষা খণ্ডৰ বৃহৎ সংস্কাৰ সাধনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে এই খণ্ডটোত এসময়ত ৰাজহুৱা উদ্যোগসমূহে আধিপত্য বিস্তাৰ কৰিছিল। শ্ৰী মোদীয়ে কয়, “আজি ভাৰতত ১,০০০-ৰো অধিক প্ৰতিৰক্ষা ষ্টাৰ্টআপে কাম কৰি আছে। এজন যুৱকে ড্ৰোন নিৰ্মাণ কৰি আছে, আন এজনে এন্টি ড্ৰোন ব্যৱস্থা বিকশিত কৰি আছে। কোনোৱে এআই-চালিত কেমেৰা নিৰ্মাণ কৰিছে, আন কোনোৱে ৰবটিক্সৰ ক্ষেত্ৰত কাম কৰি আছে।“

প্ৰধানমন্ত্ৰীয়ে সংস্কৃতি, বিষয়বস্তু আৰু সৃষ্টিশীলতাক কেন্দ্ৰ কৰি নতুন প্ৰজন্মৰ ক্ৰিয়েটৰসকলক লালন-পালন কৰা আৰু ভাৰতৰ অৰেঞ্জ অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰে। “ভাৰত ‘অৰেঞ্জ অৰ্থনীতি’ অৰ্থাৎ সংস্কৃতি, বিষয়বস্তু আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত অভূতপূৰ্ব বিকাশৰ সাক্ষী হৈছে। ভাৰতে মিডিয়া, চলচ্চিত্ৰ, গেমিং, সংগীত, ডিজিটেল কন্টেন্ট আৰু ভিআৰ-এক্সআৰৰ দৰে ক্ষেত্ৰত এক প্ৰধান বিশ্বব্যাপী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে”, শ্ৰী মোদীয়ে কয়। শ্ৰী মোদীয়ে লগতে কয়, ‘‘’বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন’ (WAVES) যুৱ ক্ৰিয়েটৰসকলৰ বাবে এক বিশাল লঞ্চ পেডত পৰিণত হৈছে। অৰ্থাৎ যি খণ্ডই নহওক কিয়, ভাৰতত আজি সীমাহীন সুযোগৰ দুৱাৰ মুকলি হৈছে।” তেওঁ চৰকাৰৰ অবিৰত সমৰ্থনৰ আশ্বাস প্ৰদান কৰি যুৱক-যুৱতীসকলক সাহসেৰে নিজৰ ধাৰণা অনুসৰণ কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা দশকত আৰম্ভ কৰা সংস্কাৰৰ কাৰ্য্যসূচী এতিয়া ত্বৰান্বিত হৈছে। যুৱক-যুৱতীসকল ইয়াৰ মূলতে আছে। তেওঁ পৰৱৰ্তী-প্ৰজন্মৰ জিএছটি সংস্কাৰ আৰু ১২ লাখ টকা পৰ্য্যন্ত আয়ৰ ক্ষেত্ৰত কৰ ৰেহাইক প্ৰক্ৰিয়াসমূহৰ সৰলীকৰণ আৰু যুৱ পেছাদাৰী তথা উদ্যোগীসকলৰ বাবে সঞ্চয় বৃদ্ধি কৰা ব্যৱস্থা হিচাপে অভিহিত কৰে। এআই আৰু উন্নত উৎপাদনৰ দ্বাৰা পৰিচালিত শক্তিৰ ক্ৰমবৰ্ধমান চাহিদাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ উল্লেখ কৰে যে অসামৰিক পাৰমাণৱিক শক্তিৰ সংস্কাৰ সাধন, শান্তি (SHANTI) আইনৰ লক্ষ্য হৈছে নিশ্চিত বিদ্যুৎ যোগান নিশ্চিত কৰা, বৃহৎ পৰিসৰৰ নিয়োগ সৃষ্টি কৰা আৰু সমগ্ৰ অৰ্থনীতিতে ধনাত্মক প্ৰভাৱ সৃষ্টি কৰা।

প্ৰধানমন্ত্ৰীয়ে বিশ্বব্যাপী কৰ্মশক্তিৰ অভাৱৰ ওপৰত আলোকপাত কৰি ভাৰতৰ যুৱক-যুৱতীসকলক আন্তঃৰাষ্ট্ৰীয় সুযোগৰ বাবে সাজু কৰাৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “আমি ভাৰতৰ যুৱক-যুৱতীসকলক সমগ্ৰ বিশ্বৰে উদীয়মান সুযোগসমূহ গ্ৰহণৰ বাবে সাজু কৰি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছো। সেয়েহে দক্ষতা বিকাশৰ সৈতে জড়িত খণ্ডসমূহত নিৰন্তৰ সংস্কাৰ সাধন কাৰ্য্য অব্যাহত আছে”, শ্ৰী মোদীয়ে কয়। তেওঁ পুনৰ কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পিছত এতিয়া উচ্চ শিক্ষাৰ সৈতে জড়িত নিয়মাৱলীৰ সংস্কাৰ সাধন কৰা হৈছে। "বিদেশৰ বিশ্ববিদ্যালয়সমূহেও ভাৰতত নিজৰ চৌহদ মুকলি কৰিছে। শেহতীয়াকৈ কেইবা হাজাৰ কোটি টকা বিনিয়োগেৰে পিএম সেতু প্ৰগ্ৰেম আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত হাজাৰ-হাজাৰ আইটিআই-ক উন্নীত কৰা হ'ব। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ আগবঢ়োৱা হ’ব", শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এখন দেশ আত্ম-নিৰ্ভৰ আৰু উন্নত হ’বলৈ আত্ম-বিশ্বাস অতিশয় প্ৰয়োজনীয়। মাকাউলেৰ ঔপনিৱেশিক যুগৰ শিক্ষা নীতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা ভাৰতীয়সকলৰ মাজত স্বকীয় ঐতিহ্য, উৎপাদন আৰু সামৰ্থ্যৰ প্ৰতি হীনমন্যতাৰ ভাৱ জগাই তোলা হৈছিল। এই মানসিকতাক অতিক্ৰম কৰিবলৈ ভাৰতৰ যুৱক-যুৱতীসকলক সামূহিকভাৱে সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনাই শ্ৰী মোদীয়ে কয়, “দহ বছৰৰ পাছত মাকাউলেৰ এনে হঠকাৰী নীতিৰ ২০০ বছৰ সম্পূৰ্ণ হ’ব আৰু সেয়েহে দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়ে এনে মানসিকতাৰ পৰা ভাৰতক মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিব লাগিব।”

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বকীয় ঐতিহ্যক অক্ষুণ্ণ ৰাখি বিশ্বব্যাপী জ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ গুৰুত্বত আলোকপাত কৰে। বৈদিক বাক্যাংশ “আনো ভদ্ৰঃ ক্ৰতভো যন্তু বিশ্বতঃ”-ৰ উদ্ধৃতি দাঙি ধৰি তেওঁ কয় যে সকলো দিশৰ পৰা আমাৰ ওচৰলৈ শুভ, উপকাৰী আৰু উৎকৃষ্ট চিন্তাৰ সঞ্চাৰ ঘটিব। “তোমালোকে বিশ্বৰ উত্তম পদ্ধতিসমূহৰ পৰা শিকিব লাগিব, কিন্তু নিজৰ ঐতিহ্য আৰু ধাৰণাক অক্ষুণ্ণ ৰাখিব লাগিব”, শ্ৰী মোদীয়ে কয়।

শ্ৰী মোদীয়ে স্বামী বিবেকানন্দৰ উদ্ধৃতি দি কয় যে তেওঁ বিশ্বজনীন ধাৰণাক আকোৱালি লৈছিল যদিও ভাৰত সম্পৰ্কীয় ভুল ধাৰণাক প্ৰত্যাহ্বান জনাইছিল, যিয়ে এখনি উন্নত ৰাষ্ট্ৰৰ দৃষ্টিভংগীক প্ৰেৰণা যোগাইছিল। তেওঁ যুৱক-যুৱতীসকলক সাহসেৰে আগবাঢ়ি যাবলৈ, ফিটনেছ অক্ষুণ্ণ ৰাখিবলৈ আৰু আনন্দক আকোৱালি ল’বলৈ উৎসাহিত কৰি তেওঁলোকৰ সম্ভাৱনাৰ ওপৰত অটল বিশ্বাসৰ মনোভাৱ প্ৰদৰ্শন কৰে। “তোমালোক সকলোৰে ওপৰত, তোমালোকৰ সামৰ্থ্য আৰু শক্তিৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে। এই আস্থাৰেই পুনৰবাৰ তোমালোক সকলোকে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ শুভেচ্ছা জনালোঁ” বুলি কৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FIIs pour over $1 billion into Indian stocks, biggest weekly buying since June 2025

Media Coverage

FIIs pour over $1 billion into Indian stocks, biggest weekly buying since June 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives due to boat capsizing in South 24 Parganas district of West Bengal
July 13, 2026
Prime Minister announces ex-gratia

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal is deeply painful. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”