উদ্ভাৱনীমূলক ধাৰণা, শক্তি আৰু উদ্দেশ্যেৰে যুৱ শক্তি হৈছে ৰাষ্ট্ৰ-নিৰ্মাণৰ অগ্ৰদূতঃ প্ৰধানমন্ত্ৰী
স্বামী বিবেকানন্দৰ চিন্তাধাৰাই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
যুৱক-যুৱতীসকলক অধিক গুৰুত্ব প্ৰদানেৰে আমি একেৰাহে আঁচনি ৰূপায়ণ কৰিছো; ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱে সঁচাকৈয়ে গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
সংস্কৃতি, বিষয়বস্তু আৰু সৃষ্টিশীলতাৰে বদ্ধমূল অৰেঞ্জ অৰ্থনীতিত ভাৰতৰ উল্লেখযোগ্য বিকাশ হৈছেঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত আমি সাধন কৰা এলানি সংস্কাৰ এতিয়া ৰিফৰ্ম এক্সপ্ৰেছলৈ ৰূপান্তৰিত হৈছে; আমাৰ যুৱ শক্তি উক্ত সংস্কাৰৰাজিৰ মূলতে আছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱক-যুৱতীসকলে ৰাষ্ট্ৰখনক দাসত্বৰ মানসিকতাৰ পৰা মুক্তকৰণৰ সংকল্প গ্ৰহণ কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।

বন্ধুসকল,

২০৪৭ ত ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হ’বলগীয়াৰ পৰিপ্ৰেক্ষিতত সেই মাইলৰ খুঁটি অভিমুখে যাত্ৰা ৰাষ্ট্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। একে সময়তে আগন্তুক বছৰ কেইটা তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এয়া তোমালোকৰ বাবে এক বৃহৎ সোণালী সুযোগ। তোমালোকৰ সামৰ্থ্য ভাৰতৰ সামৰ্থ্য হৈ পৰিব আৰু তোমালোকৰ সফলতাই ভাৰতৰ সফলতাক নতুন শিখৰত উপনীত কৰিব। মই বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগত অংশগ্ৰহণ কৰাৰ বাবে তোমালোক সকলোকে অভিনন্দন জনাইছো। এই বিষয়ত মই পিছত অধিক বিশদভাৱে ক’ম, কিন্তু প্ৰথমে আজিৰ দিনটোৰ তাৎপৰ্য্য সম্পৰ্কে চিন্তা কৰো আহা।

বন্ধুসকল,

আজিৰ দিনটো হৈছে স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী। আজিও তেওঁৰ চিন্তাধাৰাই প্ৰতিজন যুৱক-যুৱতীকে অনুপ্ৰাণিত কৰি আহিছে। আমাৰ জীৱনৰ লক্ষ্য কি? আমাৰ জীৱনৰ উদ্দেশ্য কি? “ৰাষ্ট্ৰ প্ৰথম” ৰ মনোভাৱৰ সৈতে আমি কেনেকৈ জীয়াই থকা উচিত? আমাৰ প্ৰতিটো কামতে সমাজ আৰু ৰাষ্ট্ৰৰ কল্যাণ সাধন মূল কথা হ’ব লাগিব। এই ক্ষেত্ৰত স্বামী বিবেকানন্দৰ জীৱন পৰিক্ৰমাই এক মহান পথ প্ৰদৰ্শক আৰু প্ৰেৰণাৰ উৎস হিচাপে কাম কৰি আহিছে। তেওঁৰ স্মৃতিত প্ৰতি বছৰে ১২ জানুৱাৰীৰ দিনটোক ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় আৰু তেওঁৰ পৰা অনুপ্ৰাণিত হৈ এই দিনতে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ অনুষ্ঠিত কৰা হৈছে।

বন্ধুসকল,

ইমান কম সময়ৰ ভিতৰতে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ এখনি ইমান বৃহৎ মঞ্চত পৰিণত হোৱা তথা এয়া ৰাষ্ট্ৰৰ উন্নয়নৰ দিশ গঢ় দিয়াত যুৱক-যুৱতীসকলে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা মঞ্চত পৰিণত হোৱা দেখি মই আনন্দিত হৈছো। পাঁচ নিযুতৰো অধিক যুৱক-যুৱতীৰ পঞ্জীয়ন, তিনি নিযুতৰো অধিক যুৱক-যুৱতীৰ বিকশিত ভাৰত চেলেঞ্জত সক্ৰিয়ভাৱে অংশগ্ৰহণ আৰু তেওঁলোকে ভাৰতৰ ভৱিষ্যতৰ বাবে তেওঁলোকৰ ধাৰণা সমূহ ব্যক্ত কৰিছে। ইমান বৃহৎ পৰিসৰত যুৱক-যুৱতীৰ সংযোগ অভূতপূৰ্ব। সমগ্ৰ বিশ্বতে “থিংক টেংক” শব্দটো সাধাৰণতে ব্যৱহাৰ কৰা হয়। থিংক টেংকে আলোচনা কৰে আৰু মতামত গঠনত প্ৰভাৱ পেলায়। কিন্তু আজিৰ প্ৰেজেনটেচন আৰু তোমালোকে প্ৰত্যাহ্বানমূলক ধাৰণা উত্থাপন কৰাৰ ধৰণটো চোৱাৰ পিছত মোৰ অনুভৱ হৈছে যে এই মঞ্চখন নিজেই এক প্ৰতিষ্ঠানত পৰিণত হৈছে- এক অনন্য বিশ্বব্যাপী থিংক টেংক। যেতিয়া লক্ষ লক্ষ মনে এটা স্পষ্ট লক্ষ্যৰে নিৰ্দিষ্ট বিষয়ৰ ওপৰত একেলগে চিন্তা চৰ্চা কৰে, তেতিয়া ইয়াতকৈ ডাঙৰ চিন্তাৰ অনুশীলন কি হ’ব পাৰে? আচলতে “থিংক টেংক” শব্দটো পৰ্য্যাপ্ত নহয়। এটা “টেংক” সৰু হ’ব পাৰে, কিন্তু এই পদক্ষেপ সাগৰতকৈয়ো বহু পৰিমাণে বহল আৰু ধাৰণাত ইয়াতকৈ গভীৰ। আজি তোমালোকে আলোচনা কৰা বিষয়সমূহ- বিশেষকৈ মহিলা নেতৃত্বাধীন উন্নয়ন আৰু গণতন্ত্ৰত যুৱক-যুৱতী সকলৰ অংশগ্ৰহণ- উল্লেখযোগ্য পৰিপক্কতাৰে সম্বোধন কৰা হৈছে। তোমালোকৰ উপস্থাপন সমূহে আমাৰ অমৃত প্ৰজন্ম এখন উন্নত ভাৰত গঢ়িবলৈ কিমান দৃঢ় প্ৰতিজ্ঞ সেই কথাকে প্ৰমাণিত কৰিছে। ভাৰতৰ জেন-জেডৰ স্বভাৱো উন্মোচিত হৈছেঃ সৃষ্টিশীল, আত্ম বিশ্বাসী আৰু দায়বদ্ধ। এই অনুষ্ঠানক সফল কৰি তোলাৰ বাবে মোৰ সকলো যুৱ বন্ধু-বান্ধৱী আৰু যুৱ ভাৰত সংগঠনৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

আগতে ২০১৪-ৰ কথা কওঁতে ইয়াত সমবেত তোমালোকৰ বেছিভাগৰে বয়স মাত্ৰ আঠ-দহ বছৰ আছিল নিশ্চয়। সেই সময়ত নিশ্চয় তোমালোকৰ বাতৰিকাকত পঢ়াৰ অভ্যাস গঢ় লৈ উঠা নাছিল। তোমালোকে নীতিগত পক্ষাঘাতৰ যুগ প্ৰত্যক্ষ কৰা নাছিলা, যেতিয়া চৰকাৰ সমূহক পলমকৈ লোৱা সিদ্ধান্তৰ বাবে সমালোচনা কৰা হৈছিল আৰু সিদ্ধান্ত লোৱাৰ বেলিকাও সেই সমূহক বিসংগতিপূৰ্ণ ভাৱে কাৰ্য্যকৰী কৰা হৈছিল। নিয়ম-নীতি এনেকুৱা আছিল যে যুৱক-যুৱতীসকলে নতুন কিবা এটা কৰাৰ কথা কল্পনাও কৰিব পৰা নাছিল। যুৱক-যুৱতীসকলৰ প্ৰতিটো খোজতে নিষেধাজ্ঞাৰ বোজা জাপি দিয়া হৈছিল।

বন্ধুসকল,

সেই সময়ত পৰীক্ষা বা চাকৰিৰ বাবে আবেদন কৰাৰ সময়ত কেৱল নথি-পত্ৰ প্ৰমাণিত কৰিবলৈকে অফিচৰ পৰা অফিচলৈ যাবলগীয়া হৈছিল। মাচুল দিয়াৰ অৰ্থ আছিল বেংক আৰু ডাকঘৰলৈ গৈ ডিমাণ্ড ড্ৰাফ্ট লোৱা। ব্যৱসায় আৰম্ভ কৰিবলৈ সৰু ঋণৰ বাবেও একাধিক নিশ্চয়তাৰ প্ৰয়োজন হৈছিল। আজি এইসমূহ কথা বিশ্বাস কৰিব নোৱাৰা যেন লাগে, কিন্তু মাত্ৰ এটা দশকৰ আগতে এয়াই আছিল বাস্তৱ।

বন্ধুসকল,

তোমালোকে ইয়াত ষ্টাৰ্টআপ সম্পৰ্কে আলোচনা কৰিছা। ষ্টাৰ্টআপ বাতাবৰণ হৈছে এনে পৰিৱৰ্তনৰ উদাহৰণ। দশক দশক ধৰি ষ্টাৰ্টআপ সংস্কৃতিৰ বিশ্বব্যাপী বিকাশৰ পিছতো ভাৰতে ২০১৪-ৰ আগলৈকে ষ্টাৰ্টআপৰ ক্ষেত্ৰত অতিশয় সীমিতভাৱেহে মনোনিৱেশ কৰিছিল। ২০১৪ লৈকে দেশত পঞ্জীয়নভুক্ত ষ্টাৰ্টআপৰ সংখ্যা ৫০০ ৰো কম আছিল। এক ষ্টাৰ্টআপ সংস্কৃতিৰ অ বৰ্তমানত চৰকাৰী হস্তক্ষেপে প্ৰতিটো খণ্ডতে আধিপত্য বিস্তাৰ কৰিছিল। তেতিয়া আমাৰ যুৱ প্ৰতিভা, তেওঁলোকৰ সামৰ্থ্যই তেওঁলোকৰ সপোনৰাজি পৰিপূৰণৰ বাবে সুযোগ লাভ কৰা নাছিল।

বন্ধুসকল,

মোৰ ভাৰতৰ যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰ ওপৰত আস্থা আছিল আৰু এই আত্ম-বিশ্বাসৰ ফলশ্ৰুতিত যুৱ উদ্ভাৱকসকলক সবলীকৰণৰ অৰ্থে এক নতুন উন্নয়নমূলক পদ্ধতিৰ সূচনা কৰা হৈছিল। ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ইজ অৱ ডুয়িং বিজনেছ তথা কৰ আৰু অনুপালন সৰলীকৰণৰ দৰে মূল সংস্কাৰ সাধন আৰু পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিত পূৰ্বতে চৰকাৰী-প্ৰধান খণ্ডসমূহ উদ্যমিতাৰ বাবে মুকলি হৈ উঠে আৰু ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱ ত্বৰান্বিত হয়।

বন্ধুসকল,

এইবাৰ মই মহাকাশ খণ্ডৰ উদাহৰণ প্ৰদান কৰিব খুজিছো। ৫–৬ বছৰ আগলৈকে মহাকাশ খণ্ডক আগুৱাই নিয়াৰ দায়িত্ব কেৱল ইছৰোৰ ওপৰত আছিল। কিন্তু আমি মহাকাশ খণ্ডটোক ব্যক্তিগত উদ্যোগৰ বাবে মুকলি কৰিছিলো, সহায়ক কাঠামো আৰু প্ৰতিষ্ঠানৰ সৃষ্টি কৰিছিলো। ইয়াক ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰাৰ ফলশ্ৰুতিত ৩০০-ৰো অধিক ষ্টাৰ্টআপৰ উত্থান ঘটিছে। স্কাইৰুট এৰ’স্পেচ আৰু অগ্নিকুল কচমছৰ সাফল্য হৈছে যুৱ-নেতৃত্বাধীন উদ্ভাৱনে ভাৰতক উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশলৈ ৰূপান্তৰিত কৰাৰ প্ৰমাণ।

বন্ধুসকল,

নিষেধাজ্ঞামূলক নিয়মসমূহ শিথিল কৰা কাৰ্য্যই ড্ৰোন খণ্ডটোক ৰূপান্তৰিত কৰিলে। পূৰ্বে এই খণ্ডটো জটিল আইন আৰু অনুজ্ঞাপত্ৰৰ বোজাৰে ভৰপূৰ আছিল। কিন্তু সৰলীকৃত নিয়মে যুৱক-যুৱতীসকলৰ নেতৃত্বত ড্ৰোন প্ৰযুক্তিৰ বিকাশক প্ৰশস্ত কৰিলে, মেড-ইন-ইণ্ডিয়া ড্ৰোন আৰু নামো ড্ৰোন ডিডিৰ দৰে পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বৰ্ধন ঘটিছে আৰু কৃষি খণ্ডটো উপকৃত হৈছে।

বন্ধুসকল,

প্ৰতিৰক্ষা খণ্ডতো বৃহৎ সংস্কাৰ সাধন কৰা হৈছে। এই খণ্ডটোত এসময়ত ৰাজহুৱা উদ্যোগসমূহে আধিপত্য বিস্তাৰ কৰিছিল। আজি ভাৰতত ১,০০০-ৰো অধিক প্ৰতিৰক্ষা ষ্টাৰ্টআপে কাম কৰি আছে। এজন যুৱকে ড্ৰোন নিৰ্মাণ কৰি আছে, আন এজনে এন্টি ড্ৰোন ব্যৱস্থা বিকশিত কৰি আছে। কোনোৱে এআই-চালিত কেমেৰা নিৰ্মাণ কৰিছে, আন কোনোৱে ৰবটিক্সৰ ক্ষেত্ৰত কাম কৰি আছে।

বন্ধুসকল,

সংস্কৃতি, বিষয়বস্তু আৰু সৃষ্টিশীলতাক কেন্দ্ৰ কৰি নতুন প্ৰজন্মৰ ক্ৰিয়েটৰসকলক লালন-পালন কৰা আৰু ভাৰতৰ অৰেঞ্জ অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত ডিজিটেল ইণ্ডিয়া পদক্ষেপে প্ৰভাৱ বিস্তাৰ কৰিছে। ভাৰত ‘অৰেঞ্জ অৰ্থনীতি’ অৰ্থাৎ সংস্কৃতি, বিষয়বস্তু আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত অভূতপূৰ্ব বিকাশৰ সাক্ষী হৈছে। ভাৰতে মিডিয়া, চলচ্চিত্ৰ, গেমিং, সংগীত, ডিজিটেল কন্টেন্ট আৰু ভিআৰ-এক্সআৰৰ দৰে ক্ষেত্ৰত এক প্ৰধান বিশ্বব্যাপী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ’বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন’ (WAVES) যুৱ ক্ৰিয়েটৰসকলৰ বাবে এক বিশাল লঞ্চ পেডত পৰিণত হৈছে। অৰ্থাৎ যি খণ্ডই নহওক কিয়, ভাৰতত আজি সীমাহীন সুযোগৰ দুৱাৰ মুকলি হৈছে। মই তোমালোকক সাহসেৰে নিজৰ ধাৰণা অনুসৰণ কৰিবলৈ আহ্বান জনাইছো আৰু এই ক্ষেত্ৰত চৰকাৰৰ অবিৰত সমৰ্থনৰ আশ্বাস প্ৰদান কৰিলো।

বন্ধুসকল,

যোৱা দশকত আৰম্ভ কৰা সংস্কাৰৰ কাৰ্য্যসূচী এতিয়া ত্বৰান্বিত হৈছে। যুৱক-যুৱতীসকল ইয়াৰ মূলতে আছে। পৰৱৰ্তী-প্ৰজন্মৰ জিএছটি সংস্কাৰ আৰু ১২ লাখ টকা পৰ্য্যন্ত আয়ৰ ক্ষেত্ৰত কৰ ৰেহাই হৈছে প্ৰক্ৰিয়াসমূহৰ সৰলীকৰণ আৰু যুৱ পেছাদাৰী তথা উদ্যোগীসকলৰ বাবে সঞ্চয় বৃদ্ধি কৰা এক ব্যৱস্থা। শক্তিৰ ক্ৰমবৰ্ধমান চাহিদাক এআই আৰু উন্নত উৎপাদনে পৰিচালিত কৰিছে। অসামৰিক পাৰমাণৱিক শক্তিৰ সংস্কাৰ সাধন, শান্তি (SHANTI) আইনৰ লক্ষ্য হৈছে নিশ্চিত বিদ্যুৎ যোগান নিশ্চিত কৰা, বৃহৎ পৰিসৰৰ নিয়োগ সৃষ্টি কৰা আৰু সমগ্ৰ অৰ্থনীতিতে ধনাত্মক প্ৰভাৱ সৃষ্টি কৰা।

বন্ধুসকল,

বিশ্বব্যাপী কৰ্মশক্তিৰ অভাৱে দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ যুৱক-যুৱতীসকলক আন্তঃৰাষ্ট্ৰীয় সুযোগৰ বাবে সাজু কৰাৰ কৌশল গ্ৰহণ কৰা হৈছে। আমি ভাৰতৰ যুৱক-যুৱতীসকলক সমগ্ৰ বিশ্বৰে উদীয়মান সুযোগসমূহ গ্ৰহণৰ বাবে সাজু কৰি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছো। সেয়েহে দক্ষতা বিকাশৰ সৈতে জড়িত খণ্ডসমূহত নিৰন্তৰ সংস্কাৰ সাধন কাৰ্য্য অব্যাহত আছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পিছত এতিয়া উচ্চ শিক্ষাৰ সৈতে জড়িত নিয়মাৱলীৰ সংস্কাৰ সাধন কৰা হৈছে। বিদেশৰ বিশ্ববিদ্যালয়সমূহেও ভাৰতত নিজৰ চৌহদ মুকলি কৰিছে। শেহতীয়াকৈ কেইবা হাজাৰ কোটি টকা বিনিয়োগেৰে পিএম সেতু প্ৰগ্ৰেম আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত হাজাৰ-হাজাৰ আইটিআই-ক উন্নীত কৰা হ'ব। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ আগবঢ়োৱা হ’ব।

বন্ধুসকল,

কোনো এখন ৰাষ্ট্ৰ আত্ম বিশ্বাস অবিহনে আত্ম নিৰ্ভৰ বা বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব নোৱাৰে। আমাৰ সামৰ্থ্য, আমাৰ ঐতিহ্য আৰু আমাৰ আহিলাৰ প্ৰতি গৌৰৱৰ মনোভাৱৰ অভাৱে আমাক দুৰ্বল কৰি তোলে। আমাক দায়বদ্ধতা আৰু গৌৰৱবোধৰ প্ৰয়োজন। আমি শক্তি আৰু আত্ম বিশ্বাসেৰে আগবাঢ়িব লাগিব। তোমালোকে ব্ৰিটিছ ৰাজনীতিবিদ মাকাউলেৰ কথা নিশ্চয় পঢ়িছিলা। তেওঁ ঔপনিৱেশিক কালত শিক্ষা ব্যৱস্থাৰ জৰিয়তে কাম কৰি মানসিকভাৱে দাসত্বত পৰিণত হোৱা ভাৰতীয়ৰ এটা প্ৰজন্ম সৃষ্টি কৰিছিল। ইয়াৰ ফলত থলুৱা পৰম্পৰা, সামগ্ৰী আৰু সামৰ্থ্যৰ প্ৰতি এক হীনমন্যতা গঢ় লৈ উঠিছিল। বিদেশী বা আমদানিকৃত হোৱাটোক শ্ৰেষ্ঠত্বৰ নিশ্চয়তা হিচাপে দেখা গৈছিল। সেই মানসিকতা আজি গ্ৰহণযোগ্য নে? আমি একেলগে এই দাসত্বৰ মানসিকতাৰ অন্ত পেলাব লাগিব। দহ বছৰৰ পাছত মাকাউলেৰ এই কাৰ্য্যৰ দুশ বছৰ পূৰ্ণ হ’ব আৰু সেই দুটা শতিকাৰ অন্যায়ক ধুই পেলোৱাটো এই প্ৰজন্মৰেই দায়িত্ব। আমাৰ হাতত এতিয়াও দহ বছৰ আছে আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই নৱ প্ৰজন্মই এই কামটো সম্পন্ন কৰিব। প্ৰতিজন যুৱ নাগৰিকে এই মানসিকতাৰ পৰা দেশক মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিব লাগিব।

বন্ধুসকল,

আমাৰ শাস্ত্ৰই কৈছে আৰু এই কথা ইয়াত ষ্টাৰ্ট-আপৰ এটা প্ৰেজেনটেচনতো উল্লেখ কৰা হৈছিল- “আনো ভদ্ৰঃ ক্ৰতভো যন্তু বিশ্বতঃ”, অৰ্থাৎ সকলো দিশৰ পৰা উচ্চ, শুভ আৰু উপকাৰী চিন্তা আমাৰ ওচৰলৈ আহক। তোমালোকে বিশ্বৰ উত্তম পদ্ধতিৰ পৰা শিকিব লাগিব, কিন্তু নিজৰ ঐতিহ্য আৰু ধাৰণাক কম মূল্য দিয়াৰ প্ৰৱণতাক কেতিয়াও আধিপত্য বিস্তাৰ কৰিবলৈ নিদিবা। স্বামী বিবেকানন্দৰ জীৱনে ঠিক এই কথাই আমাক শিকাইছে। তেওঁ বিশ্ব ভ্ৰমণ কৰিছিল, ইয়াৰ শক্তিৰ শলাগ লৈছিল, তথাপিও ভাৰতৰ সভ্যতাৰ বিষয়ে বিয়পি পৰা ভুল ধাৰণাক অহৰহ প্ৰত্যাহ্বান জনাইছিল। তেওঁ ধাৰণা সমূহ কেৱল জনপ্ৰিয় হোৱাৰ বাবেই গ্ৰহণ কৰা নাছিল আৰু এখনি উন্নত ভাৰত গঢ়িবলৈ চেষ্টা কৰিছিল। একে মনোভাৱেৰে আমাৰ যুৱ শক্তি এতিয়া আগবাঢ়িব লাগিব। আৰু একে সময়তে তোমালোকৰ ফিটনেছৰ যত্ন ল’বা- খেলিবা, হাঁহিবা আৰু সম্পূৰ্ণৰূপে জীয়াই থাকিবা।

তোমালোক সকলোৰে ওপৰত, তোমালোকৰ সামৰ্থ্য আৰু শক্তিৰ ওপৰত মোৰ অটল বিশ্বাস আছে। এই কথাখিনিৰে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে তোমালোক সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এটা শেষ পৰামৰ্শ মই তোমালোকক প্ৰদান কৰিব বিচাৰিছোঃ ৰাজ্যসমূহত উন্নয়নৰ বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যিক পৰ্য্যায়তো এই আলোচনা কাৰ্য্যসূচীৰ আয়োজন কৰা উচিত। ইয়াৰ পিছত আমি জিলা পৰ্য্যায়ৰ আলোচনাৰ দিশত আগবাঢ়িব লাগে। এইদৰে আমি যাক থিংক টেংক বুলি কওঁ, সেই ব্যৱস্থা থিংক ৱেবলৈ বিকশিত হ’ব পাৰে। তোমালোকলৈ মোৰ শুভেচ্ছা সদায় থাকিব।

অশেষ ধন্যবাদ জনালো বন্ধুসকল।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”